Friday, 22 January 2016

স্নেপশ্বটৰ ক'লাজ

বহুদিন হ'ল একো নিলিখা ৷ আচলতে সময়খিনি মই ধৰিব নোৱাৰোঁ নে মোক সময়ে ধৰা দিব নোখোজে নাজানোঁ ৷ বহুদিন হ'ল, সেই বিশেষ শিলটোৰ স'তে কথা নপতা ৷ বহুদিন হ'ল, উজাগৰী নিশাবোৰ হেৰুওৱা ৷ নিসংগতাৰ চাঁদৰেৰে নিজকেনো কিমান মেৰিয়াই থওঁ হ'ল বুলিনো! বুকুত বাৰিষাৰ বান অহাদি দুুখবোৰ মোৰ সংগী ৷ বেলেগৰ দুখত দুখী হ'বলৈ মই সদায় ভাল পাইছিলোঁ ৷ কিন্তু মোৰ এটাই বেয়া স্বভাৱ সলনি কৰিব নোৱাৰিলোঁ ৷ সেয়া হ'ল মই কেতিয়াও কাৰো সুখৰ সময়ত সংগ দিব নোৱাৰাটো ৷ বেছিভাগত সময়ে মোৰ ওচৰত প্ৰাচীৰ হৈ থিয় দিয়ে ৷ যেতিয়া সকলো সুবিধা থাকে তেতিয়া আকৌ মোৰে কিবা এটা অসুবিধা আহে ৷ তথাপিও চেষ্টা কৰোঁ প্ৰতিজন মানুহক বুজিবলৈ ৷ মন যায় যেন প্ৰত্যেকৰে বুকুত থকা সেই দুখৰ পেৰাটো বন্ধ কৰি পেলাম ৷ কিছু ন-পুৰণি স্মৃতিৰ স্নেপশ্বট আগবঢ়ালোঁ ৷

স্নেপশ্বট ১

নিশা চিলমিল টোপনি ৷ কল্লোল দাৰ ফ'ন পালোঁ ৷ ঘপহকৈ ৰিচিভ কৰি কথা বতৰা পাতিলোঁ ৷ ক'লে, পৰহিলৈ আমাৰ ঘৰলৈ আহিবাচোন ৷ মই বোলো পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু চেষ্টা এটা কৰিম ৷ যাব নোৱাৰিলে বেয়া নাপাব কিন্তু ৷ চাগে কল্লোলদাৰ বিশ্বাস আছিল নিজৰ ওপৰত (মই ভাবিছোঁহে কেৱল দেই) মই যাব পাৰিলোঁ সিদিনা ৷ মোৰ চাগে যোৱা ছমাহত এয়াই প্ৰথম, য'ত মই সময়ত গৈ পাইছোঁ ৷

স্নেপশ্বট ২

মোৰ ভাড়াঘৰৰ সমুখতেই এৰি অহা হোষ্টেলটো ৷ তাৰেই চেকেণ্ড ফ্ল'ৰত মোৰ সেই চিংগল ৰূমটো ৷ আস্ কি সুন্দৰ অাছিল দিনবোৰ-ৰাতিবোৰ ৷ নিশা ডেৰ বজাত অকলে ওলাই আহিছিলোঁ ফুটপাথলৈ ৷ হাতত জুইশলাৰ বাকচ অাৰু এটা ডায়েৰী ৷ স্মৃতিৰ অটল গৰ্ভত লুকাই থকা কথাবোৰ জ্বলাই দিছিলোঁ ৷ অাখৰবোৰ ছাই হৈ পৰিছিল এটা এটাকৈ ৷ মনটোৱে উচুপিছিল ৷ ছাইবোৰ চুই চাইছিলোঁ ৷ চেচাঁ হৈ পৰিছিল ৷ কবিতা লিখিবলৈ এৰি দিছিলোঁ ৷ এৰা কবিতা লিখা মানুহবোৰ পাগল বুলি কেতিয়াবা বিশ্বাসো কৰিছিলোঁ ৷

স্নেপশ্বট ৩

'ফুডভিলা'ত কিবা এটা খাই লৈ সন্দিকৈ কলেজৰ সমুখেদি গৈ আছোঁ ৷ সময় নিশা ৮ বাজি গৈছে ৷ কোনোবাই এদিন কৈছিল,হেণ্ডিকৰ সমুখৰ গছবোৰ হেনো ভূত থাকে ৷ মোৰ বৰ হেপাঁহ ভূত চাবলৈ ৷ সুবিধা পালেই মই বিচাৰি যাওঁ ৷ কিন্তু নাই দেখা (মনত বৈদ্য দুখ জানে) ৷ যা হওঁক আহি আছোঁ বিন্দাচ ৷ ঠিক হেণ্ডিকৰ গেটৰ অলপ আগলৈ গৈয়ে পোৱা ডাঙৰ গছডালৰ কাষত কাৰোবাৰ শ্বাস প্ৰশ্বাসৰ শব্দ ৷ মই পাৰ হৈ গ'লোঁ যদিও মন কৰিলোঁ কিবা বগা ৰঙৰ বস্তু এটা নাচি আছে ৷ অলপ পৰ ৰৈ লাহেকৈ কিনো বস্তু ভালকৈ চাওঁ বুলি গছডালৰ ফালে চালোঁ ৷ দেখিয়েই মোৰ 'ফাটমেলা বসুমতী পাতালে লুকাও' অৱস্থা ৷ এহাল যৌৱনপ্ৰাপ্ত ডেকা-গাভৰু ৷ ফিল কৰিলোঁ ভূত নাথাকি কি থাকিব বাৰু দীঘলীপুখুৰী পাৰত ৷

স্নেপশ্বট ৪

মোক এখন খিৰিকী লাগে ৷ য'ৰ কাষত ৰৈ গোটেই জীৱন মই তেওঁক চাব পাৰোঁ ৷ বৰষুণবোৰ উপলব্ধি কৰিব পাৰোঁ ৷ ৰ'দজাকৰ স'তে নিবিড়ভাৱে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ ৷ কুঁৱলীবোৰৰ স'তে দুখবোৰ বিনিময় কৰিব পাৰোঁ ৷ শীতল বতাহছাতিৰ স'তে এঘুমটি মাৰিব পাৰোঁ ৷ পিতাইৰ বনিয়নৰ ঘাম লগা গোন্ধ অথবা অায়ে বনোৱা পোৰা মাছৰ জুটি 'খৰিকা', 'KFC' অথবা 'পেৰেডাইজ'ত  পামনে? মোক খিৰিকীখন এইবাবেই লাগে কাৰণ মই মানুহ হ'ব খোজো, মানৱতাৰ মুখা পিন্ধা জেণ্টলমেন নহয় ৷

স্নেপশ্বট ৫

মৰমৰ তুমিজনীক ভাল লাগে ৷ চুলিৰ ষ্টাইল ৷ হাঁহিটো ৷ কথাৰ ধৰন ৷ সকলো ৷ আফটাৰ অল এভৰিথিং ৷ কিন্তু বুজাও কেনেকৈ !
"আজিও যে নুবুজো একোকে/কাৰ বাবে আছোঁহি ৰৈ/ভাবিছিলোঁ তুমি মোৰ নোহোৱা....." টাইপ গান ভাল হ'ব নে "...বছ্ ইতনা হ্যে তুমছে ক্যহেনাঁ" টাইপ গান ভাল হ'ব ৷ ফিলিং কনফিউছড ৷ উপায়হীন মই ৷ কি কৰোঁ ভাবি নাপাই ভাবিবলৈ এৰি দিছোঁ ৷ দুচকুত কাজল সানিবা তোমাক ধুনীয়া লাগে ৷ তোমাৰ দুচকুত দুচকু থৈ মই পৃথিৱীখন চাম বুলি কোৱা নাই ৷ কিন্তু ৰিয়েলি তোমাক ভালপাওঁ ৷ বৈদ্য টেনচন জানানে! লাইফটো যে প্ৰফেচনেল হৈ নোযোৱা হ'লে বহুত ষ্টাইলত প্ৰ'পজ কৰিলোঁহেতেন ৷ জানাই নহয় সময়ৰ কথা ৷ ইমানকৈ নাভাবিবা সময়ৰ ওপৰত এৰি দিয়া ৷ এদিন তোমাৰ ভালপোৱা হোৱালৈ মই বা ক'লৈ যাওঁ কি ঠিক! কিন্তু নেহেৰুৱাওঁ কেতিয়াও ৷ কথা দিলোঁ ৷ মৰমৰ তুমিজনী তোমাক ভালপাওঁ ৷