Saturday, 28 July 2018

স্বগতোক্তি

প্ৰেম-ভালপোৱাবোৰচোন যোৱা কিছুবছৰ আগতেই জীৱনৰ পৰা বিদায় দিছো ৷ কেৱল কাম আৰু কাম ৷ দিনৰ শেষত ৰাতি হৈছে ৷ চকুহাল মেলাৰ পৰাই দৌৰিছো আৰু দৌৰিছো ৷ সময়বোৰচোন মোতকৈও আৰু আগত দৌৰে ৷ মাজে সময়ে ভাবো পলাই যাও নেকি জীৱনৰ পৰা? কিন্তু পলাম ক'ত! এটা যেন নেটৱৰ্কত সোমাই গৈছোঁ ৷ আত্মীয়বোৰ, শুভাকাংক্ষীবোৰে লগ পালে তেওঁবিলাকৰ ঘৰলৈ কেতিয়াবা নিমন্ত্ৰণ কৰে ৷ নিমন্ত্ৰণ ৰক্ষা কৰা নহয়গৈ সময়খিনিৰ অভাৱত ৷ তেনেকৈয়ে সম্পৰ্কবোৰ মৰহি যায় কেতিয়াবা ৷ সমস্যাখিনিৰ কথা কিছুমানে বুজে, কিছুমানে নুবুজে ৷ নুবুজাবোৰক বুজাবলৈও মোৰ সময়কণৰ অভাৱ ৷ ভাবোঁ কেতিয়াবা এই যে সময়খিনি যদি এদিনত ২৪টা ঘণ্টাতকৈ অলপ বেছি হ'লহেতেন ৷
আগতেচোন সময়বোৰ নাযায় নুপুৱায় যেন আছিল ৷ আজিকালি আকৌ সময়ে নাই নিজৰ বাবে ৷ ক'ত হেৰাল সেই সোণোৱালী দিনবোৰ ৷ ভাবিলে কিবা আচৰিত লাগে !

কল লিষ্টত নাম্বাৰে নধৰা হয় তথাপিও ফ'ন এটা কৰা নহয়গৈ অদৰকাৰত ৷ মানুহবোৰে ভাবে মই অহংকাৰী হৈছো বুলি ৷ কিন্তু কাক কেনেকৈ বুজাও ভাবি নোপোৱা হৈছো ৷

এযোৰ ফৰ্মেল চাৰ্ট-পেণ্টৰ মাজত মোৰো এটা মন থাকে ৷ আকাশসম সুবিশাল মনটোৰে স'তে নিজক সজাবলৈ মোৰো মন যায় ৷ মন যায় বাবেই মই প্ৰায়ে নিজৰ মতে চলিবলৈ লওঁ ৷ যাক মানুহে অহংকাৰী ৰূপ দিয়ে ৷ মোৰ বেয়া নালাগে ৷ পুতৌ ওপজে মাত্ৰ দুটামান দিনতে মানুহবোৰে মোৰ ওপৰত কৰি লোৱা ধাৰণাবোৰ মই যেতিয়া তেওঁবিলাকৰ মুখে শুনো ৷ কিন্তু কাকো একোৱেই নকওঁ ৷ সময়ৰ ওপৰত সকলো এৰি দিওঁ ৷ এদিন হয়তো সময়ে সেই উত্তৰ দিব ৷ মই আশাবাদী মনটো লৈ খুপি খুপি খোজ দিওঁ ৷

সিদিনাই দোকানৰ পৰা আনি থোৱা কুনকুনী জহা চাউল কেইটামানেৰে হাঁহৰ ডিমৰ স'তে ৰাতিৰ সাজ খাই উগাৰ এটা মাৰি কিছু সময় উলিয়াই কথাখিনি আগবঢ়ালোঁ ৷ আপুনিও কোনোপাকতে সময় উলিয়াই পঢ়ি চাবচোন যদি পাৰে ৷

Tuesday, 24 July 2018

প্ৰথম ম'বাইল আৰু মই -(ৰূপম নাথ) ২য়

কিবাকিবিকৈ মেনেজ কৰি ৰিচাৰ্জ এখন যোগাৰ কৰা দিনৰ কথা৷ নতুনকৈ ফোনত বাৰ্তালাপ হব পৰাকৈ নংবোৰ গোট খোৱালৰ পিছত ৰিচাৰ্জৰ সমস্যাটোই মূৰ দাঙি উঠিছিল৷ তথাপি ৭ নং হাৱাই চেণ্ডেলেৰে চাইকেলৰ পেডেলত ভৰি তুলি ৰিচাৰ্জখন যিকোনো প্ৰকাৰেই গোটাই লওৱেই৷

আন এদিনাখনৰ কথা৷ সেইদিনা আমাৰ ঘৰত কোনো নাছিল৷ ওচৰৰ বিয়া এখনত গোটেইবোৰ আছিল৷ গাৱত বিয়া বাৰু হলেই এটাই মোৰ হেভী দুখ, দুপৰীয়া সোনকালে ভাতগাল খাই ঘৰ ৰখিব লগীয়া৷ ঘণ্টা, টেমা গৰম হৈ যায়৷ একোডাল দেখিবই নাপাও পিছবেলাৰ সময়খিনি (বহু কথা, পিছত লিখিম)৷

সেইদিনা বিয়াৰ ভোজ-ভাত খাই ঘৰৰখীয়াৰ দায়িত্বত ন্যস্ত হলো৷ নতুনকৈ সংযোগ ঘটা মৰতীজনীৰ লগত কথা পতাৰ এইয়াই সুযোগ৷ নং ডায়েল কৰিলো৷ প্ৰথমবাৰ ৰিং হৈ কাট খাই গ'ল৷ ধপ্ ধপনি বাঢ়িবলৈ ধৰিলে৷ কালি পিঠি ফালি দিয়া নাইটো!!

তামোলৰ বস্তিখনত এপাক ঘূৰিলো৷ ঘৰৰখীয়াৰ দায়িত্বত থকা মানুহ৷ হেৰফেৰ হলেই কৈফিয়ৎ দিব লাগিব৷

অলপ সাহস গোটাই আকৌ এবাৰ ডায়েল কৰিলো৷ নাই ৰিচিভ নকৰিলে৷ মই চিয়ৰ,,,,, পিঠি ফলাটো খাটাং৷

ধিক্কাৰ ওপজিল৷ এদিনতেই চেলটেপ হবই লাগেনে !

মোবাইলটো একাষৰীয়া পেলাই থলো৷ কি কৰিম উৱাদিহ পোৱা নাই৷ সিহতৰ পদুলিত গৈ হুংকাৰ দি থৈ আহিম নেকি উৎপলক লৈ গৈ৷ উৎপলৰ মাতটো বৰ গলগলীয়া৷

অলপ সময় পাৰ হ'ল৷ হঠাৎ মোবাইলৰ স্ক্ৰীনখন উজলি উঠিল৷ বৰ বেছি গুৰুত্ব নিদিলো৷ তেতিয়া এনেও,এয়াৰছেলৰপৰা দিনটোত কুৰিটামান মেছেজ দিয়েই থাকে৷ এনেই টেমা গৰম হৈ আছে৷ ঘণ্টা মেছেজ চোৱাৰ মন নাই৷ মেছেজটো এফলীয়াকৈ থৈ আকৌ উৎপলৰ কথা ভাবিলো৷ তাক লগ কৰিবই লাগিছিল৷ পিছে ঘৰৰখীয়াৰ চাৰ্জটো কাক দি থৈ যাও, তাকেহে ভাবি পোৱা নাই৷ চিন্তাত দুইভুৱন দেখি আছো৷ ঘৰৰ চাৰ্জ দিব পৰা মানুহ এজন আৰু সিহতৰ পদুলিটো৷ অলপ পিছত আকৌ মেছেজৰ সংকেত শুনিলো৷  মেছেজৰ চিহ্নটো জপিয়াই আছে৷ এইবাৰ সময় বিলম্ব নকৰি মেছেজ বক্স খুলিলো৷ আৰে,,,,,,,,,,,পাগ্লীৰ মেছেজ দেখোন৷

তাইঃ osrt dta ase
(মোৰ ৰিপ্লাই পোৱা নাই)
আকৌ
beya pala neki o.....

(মই বোলো৷ হেৰেই৷ মানুহ হাৰ্টত এটেক কৰোৱা কিয়)
মইঃ free hle kba.......
তাইঃ  hbo
মইঃ thank u
(you have insufficient ballance. You can not send SMS)

ঘৰৰখীয়াৰ অপেক্ষাত দিতীয় দিনৰ সমাপ্তি...

প্ৰথম ম'বাইল আৰু মই -(ৰূপম নাথ) ১ম

একেবাৰেই বিশ্বাস নকৰিব,

হায়াৰ ছেকোণ্ডাৰী পৰীক্ষা দি ঘৰতেই আছো৷ ৰিজাল্টলৈও বহুত দিন বাকী৷ কৰিব লগীয়া বিশেষ কামো নাছিল৷ লগৰবোৰে পৰীক্ষা দি উঠিয়েই ডাঙৰ ডাঙৰ স্ক্ৰীণৰ মোবাইল লৈ ক্ৰিকেট ফিল্ডত তহল দিয়া আৰম্ভ কৰিলেই৷ মাজে মাজে ফোনত কথা পাতিও বাহাদুৰি মাৰিব পৰা হ'ল৷  ক'ৰবালৈ গলেও ফোনৰ লেঠাত বহু সময় যায়৷ ইংগিতেৰে বুজাই দিয়ে ইকনমিক্সৰ পৰীক্ষাৰ দিনা যে কথা পাতিছিলো, মৰতীজনীৰ বাপেকৰ মোবাইলত ঘিলৌ মিলৌ চলোৱাৰ৷ সেই মুহূৰ্তত নিজকে অপদাৰ্থ যেন অনুভৱ হৈছিল৷ একেলগেই পৰীক্ষা দিলো, অথচ সি চেটেল কৰিলেই মইহে নেচেটেল হৈ থাকিলো৷

নাই, নাই৷ এই কথাই কথা নহয়৷ মোবাইল এটা যোগাৰ কৰিবই লাগিব৷ (মোবাইল যোগাৰ কৰা কাহিনী আজি নকও বাৰু) কিবাকৰি মোবাইলটো যোগাৰ কৰিলো৷ প্ৰথম দুজনৰ হাত লগা মোবাইল৷ চাৰ্জাৰেৰে চাৰ্জ নলয়৷ বেটেৰী খুলি ইলাষ্টিক মেৰিয়াই ডাইৰেক্ট বেটেৰীত চাৰ্জ লগাব লাগে৷ (পিচত জনাম)৷

যি কি নহওক৷ মোবাইল যোগাৰ হ'ল৷ এতিয়া ফোন কৰিব পৰা নং লাগে৷ নংটো নাই৷ লগৰ জনক মেনেজ কৰি কৰি কিব্বাকৈ দুটা নং গোটালো৷ দিবই নোখোজো৷ যেন তাৰ কলিজাটো বিচাৰিছো৷ কিবা এটা চুক্তি কৰি (পিচত কম) নং আনিলো৷ নাম, ঠিকনা একো নকলে৷ তথাপি নিজৰ ওপৰত সাহস ৰাখি নং ডায়েল কৰিলো৷

ফোন ৰিচিভ কৰিলে৷ গলগলীয়া মাত৷ বুকু কপি গ'ল৷ লগে লগে গলৰ নেলুডালত হেচি ধৰি মাতটো গহীনাই কথা পাতিলো৷ মাজে মাজে হিংলামিছত কথা কব নোৱাৰিলে৷ বুজি নাপাই চিধাই জীয়েকক দিলে৷ জীয়েকৰ মাত শুনিয়েই মোৰ যত চব ইন্দ্ৰিয় সক্ৰিয় হৈ গ'ল৷ উৱাঃ,,, এইজনীচোন হিষ্টৰী পৰীক্ষাৰ দিনা উজুটি খাই নখৰপৰা তেজ ওলোৱাজনী দেখোন৷ যি কি নহওক৷ নখৰ কথা সুধিলো৷ ভাল পোৱা বুলি কলে৷

তাৰ পিছত ইলু মিলু দিব ধৰিলো৷ মোৰ ঠিকনাও কলো৷

মই ভী খুচ৷ তাই ভী খুচ৷ মোবাইল ভী খুচ৷
(প্ৰথম দিনৰ সমাপ্তি)