প্ৰেম-ভালপোৱাবোৰচোন যোৱা কিছুবছৰ আগতেই জীৱনৰ পৰা বিদায় দিছো ৷ কেৱল কাম আৰু কাম ৷ দিনৰ শেষত ৰাতি হৈছে ৷ চকুহাল মেলাৰ পৰাই দৌৰিছো আৰু দৌৰিছো ৷ সময়বোৰচোন মোতকৈও আৰু আগত দৌৰে ৷ মাজে সময়ে ভাবো পলাই যাও নেকি জীৱনৰ পৰা? কিন্তু পলাম ক'ত! এটা যেন নেটৱৰ্কত সোমাই গৈছোঁ ৷ আত্মীয়বোৰ, শুভাকাংক্ষীবোৰে লগ পালে তেওঁবিলাকৰ ঘৰলৈ কেতিয়াবা নিমন্ত্ৰণ কৰে ৷ নিমন্ত্ৰণ ৰক্ষা কৰা নহয়গৈ সময়খিনিৰ অভাৱত ৷ তেনেকৈয়ে সম্পৰ্কবোৰ মৰহি যায় কেতিয়াবা ৷ সমস্যাখিনিৰ কথা কিছুমানে বুজে, কিছুমানে নুবুজে ৷ নুবুজাবোৰক বুজাবলৈও মোৰ সময়কণৰ অভাৱ ৷ ভাবোঁ কেতিয়াবা এই যে সময়খিনি যদি এদিনত ২৪টা ঘণ্টাতকৈ অলপ বেছি হ'লহেতেন ৷
আগতেচোন সময়বোৰ নাযায় নুপুৱায় যেন আছিল ৷ আজিকালি আকৌ সময়ে নাই নিজৰ বাবে ৷ ক'ত হেৰাল সেই সোণোৱালী দিনবোৰ ৷ ভাবিলে কিবা আচৰিত লাগে !
কল লিষ্টত নাম্বাৰে নধৰা হয় তথাপিও ফ'ন এটা কৰা নহয়গৈ অদৰকাৰত ৷ মানুহবোৰে ভাবে মই অহংকাৰী হৈছো বুলি ৷ কিন্তু কাক কেনেকৈ বুজাও ভাবি নোপোৱা হৈছো ৷
এযোৰ ফৰ্মেল চাৰ্ট-পেণ্টৰ মাজত মোৰো এটা মন থাকে ৷ আকাশসম সুবিশাল মনটোৰে স'তে নিজক সজাবলৈ মোৰো মন যায় ৷ মন যায় বাবেই মই প্ৰায়ে নিজৰ মতে চলিবলৈ লওঁ ৷ যাক মানুহে অহংকাৰী ৰূপ দিয়ে ৷ মোৰ বেয়া নালাগে ৷ পুতৌ ওপজে মাত্ৰ দুটামান দিনতে মানুহবোৰে মোৰ ওপৰত কৰি লোৱা ধাৰণাবোৰ মই যেতিয়া তেওঁবিলাকৰ মুখে শুনো ৷ কিন্তু কাকো একোৱেই নকওঁ ৷ সময়ৰ ওপৰত সকলো এৰি দিওঁ ৷ এদিন হয়তো সময়ে সেই উত্তৰ দিব ৷ মই আশাবাদী মনটো লৈ খুপি খুপি খোজ দিওঁ ৷
সিদিনাই দোকানৰ পৰা আনি থোৱা কুনকুনী জহা চাউল কেইটামানেৰে হাঁহৰ ডিমৰ স'তে ৰাতিৰ সাজ খাই উগাৰ এটা মাৰি কিছু সময় উলিয়াই কথাখিনি আগবঢ়ালোঁ ৷ আপুনিও কোনোপাকতে সময় উলিয়াই পঢ়ি চাবচোন যদি পাৰে ৷