“সেইখিনি সময়ত সকলোৱে মোক চাগে পাগল বুলিয়েই ভাবিছিল নেকি, নাজানো ! সকলোৱে কৈছিল, ‘তাৰ ৰূমলৈ অলপ ভালকৈ যাবি দেই’|” চিগাৰেটৰ শেষৰ অংশটো মোৰ ওচৰলৈ দি তাৰ স্বগত্যোক্তি |
Saturday, 22 April 2017
হাউচ নম্বৰ:5(c)
“সেইখিনি সময়ত সকলোৱে মোক চাগে পাগল বুলিয়েই ভাবিছিল নেকি, নাজানো ! সকলোৱে কৈছিল, ‘তাৰ ৰূমলৈ অলপ ভালকৈ যাবি দেই’|” চিগাৰেটৰ শেষৰ অংশটো মোৰ ওচৰলৈ দি তাৰ স্বগত্যোক্তি |
Friday, 21 April 2017
হাউচ নম্বৰ:5(c)
স্নেপশ্বট ১:
স্থানঃ গুৱাহাটী ক্লাৱ বাছ ষ্টপ। সময়ঃ আবেলি চাৰিবজাৰ আশে পাশে। পিন্ধনত ব্লু জীন্স আৰু বগা চাৰ্ট, হাতত এখন ৰুমাল। আগন্তুকৰ স’তে মোৰ কোনো চিনা জনা নাই। লগৰজনে আগবাঢ়ি গৈ আগন্তুকক মাত লগালে। মই কিছুদূৰ আগত গৈ ৰ’লো। কিছুসময় কথা পতাৰ পাছত আগন্তুকক এৰি লগৰজন আগবাঢ়ি আহিয়েই উচ্ছাসেৰে মোক ক’লে— ‘ই পাগল অ’। কিন্তু ভাল লিখে।’
— ‘নাম?’
— ‘উদ্দীপ্ত। আমাৰ কলেজতে পঢ়ি আছে।’
সেয়াই আৰম্ভণি... এনেকৈয়ে কোনো এদিন কাৰোবাৰ স’তে চিনা পৰিচয়।
স্নেপশ্বট ২:
ষ্টুডিঅ’ৰ ভিতৰত গীটাৰখনত হাত বুলাই কিবা ভাবত বিভোৰ। সোমায়েই লক্ষ্য কৰিলো তাৰ মুখত কিবা এটা অস্বস্তিৰ ভাব পৰিলক্ষিত। কিছুসময় যোৱাৰ পিছত ক্ৰমান্বয়ে সি সহজ হ’ল। বুকুত থকা বিষাদবোৰ সুৰেৰে কথাৰে প্ৰস্ফুটিত কৰাৰ এটা অদম্য হেঁপাহ কঢ়িয়াই ফুৰা ল’ৰাজনক দেখি মনটো ভাল লাগি গ’ল। চিনাকীপৰ্ব কেনেকৈ পাৰ হ’ল গম পোৱাৰ আগতেই এটা ভাল ভাতৃসুলভ বন্ধুত্বই গঢ় লৈ উঠিল। যদিও আগতে youtube ৰ ভিডিঅ’ত দেখিছিলো মন কৰা নাছিলো ইমান ভাল গাই বুলি।
— ‘নাম?’
— ‘অংশুমান।’
স্নেপশ্বট ৩:
অনৰ্গল ফোন আহি আছে তাৰ। মেনেজ মাষ্টৰটোৱে য’তে-ত’তে মেনেজ কৰি ফুৰিছে। কাৰোবাক যদি মোৰ গা বেয়া, পাচজন ফটোগ্ৰাফাৰ পঠিয়াই দি আছো বুলি কৈছে আকৌ কাৰোবাক বেংকত টকা জমা থবলৈ পঠিয়াইছে। আকৌ বিৰক্ত হৈ আন কাৰোবাক মই দহবছৰৰ বাবে হিমালয়ৰ শৃংগত শ্বুটিং কৰিব গৈ আছো বুলি কৈ ষ্টুডিঅ’ৰ মজিয়াতে ঢেপেচকৈ বাগৰি পেটটো পিহি আছে। সিয়েই- আন কোনো নহয়। ৰূপম (ওৰফে D.O.P) ।
স্নেপশ্বট ৪:
মদো নাখায়, চিগাৰেটো নোহোপে। মানুহ নামধাৰী এই প্ৰাণীটো সঁচাকৈ বৰ ভাল। কিছু Ultimate. হঠাৎ জোচ উঠিলেই বাইকখন লৈ ঢেপেঢেপাই উপস্থিত হয় ষ্টুডিঅ’ত। ষ্টুডিঅ’ৰ বেংকৰ হিচাপ, বাকীকেইটাই কামৰ বাবদ পাবলগীয়া পইচাৰ হিচাপ, কি কি বস্তু কিনিবলগা আছে, সোমবাৰৰ পৰা শনিবাৰলৈ ষ্টুডিঅ’ত কি কি কাম হ’ব সকলো তাৰ নখদৰ্পনত। ক’বলৈ গ’লে এলাপেচা নহয় প্ৰাণীটো। জীৱন্ত গুগল নামে পৰিচিত। বনজিত।
(আগলৈ...)
Monday, 13 March 2017
অধ্যায়-১
-তুমি সুখীনে?
-কেতিয়াও নোসোধো নিজকে ৷ নাপাই হেৰুৱাতকৈ পাই হেৰুওৱাৰ বেদনা হয়তো সকলোৱে জানে ৷ তাৰ পাছতো যি অকণ সুখ থাকি যায় তাতেই মোৰ সুখ ৷
-ইমানৰ পাছতো তুমি কি বিচাৰা?
-এয়া কেৱল আৰম্ভণিহে ৷ বহুত বাকী আছে ৷ জীৱনৰ এবাট অকলেই খোজ দিবলৈ পৰি আছে ৷
-কিহক প্ৰাধান্য দিব খোজা জীৱনত?
- নিজকে ৷ মনটোক ৷ এই ধৰক ফুটপাথত অকলে খোজ কাঢ়ি থকা সময়খিনিত কাৰোবাক লগ পাই গ'লোঁ কিছুদূৰ তেওঁৰ স'তে একেলগে খোজ দিলোঁ ৷
-মানুহৰ ক্ষেত্ৰত স্থিতি?
-মানৱতাক বিশ্বাস কৰোঁ ৷ মানুহ ভাল পাওঁ ৷ বাৰে বাৰে বিশ্বাসঘাটকতা কৰাৰ পাছতো প্ৰতিজনকে বুজি চাব চেষ্টা কৰোঁ ৷ মোৰ খিৰিকীৰ সিপাৰৰ মানুহবোৰৰ মুখবোৰ ভাল লাগে ৷
-জীৱনটো কি?
- জীৱনটো এখন নৈ ৷ বৈ আছে বৈ থাকে ৷ চাকনৈয়াবোৰে শিকায় লাহে লাহে কি অনুসৰণ কৰিব লাগে-নালাগে ৷
-ভালপোৱা?
-জীৱনৰ আটাইতকৈ ডাঙৰ সাঁথৰ ৷ সম্পূৰ্ণ সুখী(!) মানুহবোৰেই উত্তৰ দিব নোৱাৰে ৷ কবিতা অনুভৱ কৰিব পৰালৈ মই ভালপাম ৷ আজন্ম প্ৰেমিক মই ৷
-প্ৰকৃতিৰ লগত সম্পৰ্ক?
-নদী,আকাশ,জোনাক,বৰষুণ ভালপাওঁ ৷ ষ্ট্ৰীটলাইটো ভালপাওঁ ৷
-পাবলৈ ইচ্ছা কৰি থকা বস্তু?
-অভিন্ন হৃদয়বোৰ ৷
-আজৰি সময়ত?
-অকলশৰীয়াকৈ থাকি ৷ সময়… আস্…!
-প্ৰেয়সী?
-ভালপাওঁ আনে নজনাকৈ ৷ হালধীয়া চুৰিদাৰযোৰেৰে তাইক ভাল লাগে ৷ খং-অভিমানবোৰে তাইৰ প্ৰতি ভাললগা বঢ়ায় ৷
-পৰিকল্পনা?
-স্বাৰ্থপৰ মই ৷ হ'ব নোখোজাকৈ হৈ গ'লোঁ হয়তোবা ৷
(এয়া এক আত্মানুসন্ধানহে)

