Wednesday, 30 December 2015

মনমিতা গৌতম ফেক আই ডি, ভাৰ্চন ২.৮ (৩১ ডিচেম্বৰ বিশেষ)

এটা ভুল বুজাবুজিৰে প্ৰায় ছমাহমান মনমিতাৰ স'তে সম্পৰ্ক নাছিল ৷ নথকাৰে কথা দিয়কচোন ৷ এইহেন ব্যস্ত মহানগৰীত কোনে কাৰ কথা শুনি থাকিবহে? তাতে যদি মনমিতাৰ দৰে অলপ ষ্মাৰ্ট হয় ক'বই নালাগে ৷ ফেচবুক, হোৱাটচ এপত খবৰ লোৱাই লৈ থাকে ৷ ৩৪৯ৰ আনলিমিটেড প্ৰেম চলিয়ে থাকে ৷ বাইকৰ পাছৰ চিট শুৱনি কৰি কোনো ধনীৰ দুলালৰ লগত 'দিল দিৱানা' হৈয়ে থাকে ৷ আমিবোৰটো এটা এটা মক্কেল প্ৰেমিকহে মাথোঁ ৷ দিনৰ দিনটো বচৰ গালি শুনি নিশা একোঠলীয়া ভাড়াঘৰটো পাওঁহি মানে চিন্তাবোৰ চৌকাৰ জুইলৈ ঢাপলি মেলে ৷

তেনেবোৰ দিনৰে কথা ৷ কোনো এটা ৰাতি ম'বাইলটো হঠাৎ ভাইব্ৰেট হৈ উঠিল ৷ টোপনিটো লাগিছিলহে ৷ ৰাতিটো অাচলতে মোৰ একান্তই ব্যক্তিগত ৷ নিশাৰ সময়তে মনটোৱে নিজৰ স'তে কথা পাতিব ধৰে ৷ মই কাণ উনাই শুনালৈ নিদ্ৰাদেৱী আহি মোক কোলাত লয়হি ৷ ঠিক তেনে সময়খিনিতে কোনোবাই ক'ল কৰিলে মই পৰা পক্ষত ৰিচিভ নকৰোঁৱে ৷ কিন্তু সিদিনা ম'বাইলৰ স্ক্ৰীণত ভাঁহি অহা মনমিতাৰ নামটো দেখি মই আচৰিতেই হৈছিলোঁ ৷ ৰিচিভ কৰোঁ নকৰোং বুলি ভাবি থাকোতে কাট্ খাই গ'ল ফ'নটো ৷ আকৌ ৰিং ৷ কৰিলোঁ ৰিচিভ ৷
-"হয়, কোনে কৈছে?" জানি বুজিয়েই মই সুধিলোঁ ৷
"মই ৷"-সেই একেই আবেগ জৰ্জৰিত শব্দ ৷
"কোন মই?"- যিমান পাৰোঁ ডাঠ মাতেৰে সুধিলোঁ-"কাক লাগে?"
"তোমাক কথা এটা ক'ব লাগিছিল" যথাসম্ভৱ সৰুকৈ ক'লে-"মই মনমিতা ৷"
"অহ: কোৱা"-বিৰক্তিকৰ ভংগিমাৰে মই ক'লোঁ ৷

আৰম্ভ হৈ গ'ল বকবকনি ৷ জানেইটো বেকাৰ প্ৰেমিক মই ৷ বকবকনি শুনাৰ ধৈৰ্য নাই ৷ নজনাকৈ আকৌ ভালপাবলৈ উত্ৰাৱল হৈ পৰিল মনটো ৷ নাপাতো নাপাতো বুলিও গোটেই নিশাটো কিদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ ‍৷ মই আকৌ একেটা ভুলেই কৰিলোঁ সকলো বুজিও ৷ এবাৰ শেষ হোৱা সম্পৰ্ক এটা আকৌ যেন জোৰা দিলোঁ ৷ চাল্লা, বেইমান মন ৷ নুবুজে একো ৷ তেনেদৰেই এটা নিশা কিদৰে পাৰ হ'ল ধৰিব নোৱাৰিলোঁ ৷ পুনৰ মনমিতাৰ স'তে এটা নাম নজনা সম্পৰ্কই গঢ় ল'লে ৷

কোনোমতে চলি থকা গাড়ী এখনৰ দৰে ময়ো চলি আছোঁ ৷ ভাবিবলৈ একো নাই ৷ মনটোক আগতকৈ বহুখিনি ষ্ট্ৰং কৰি চলি আছোঁ ৷ মদ নোখোৱাকৈ প্ৰেমৰ জ্বলা কলাবোৰ অকলেই হজম কৰিব শিকি গৈছোঁ অলৰেডী ৷

ডিচেম্বৰৰ শেষ নিশা ৷ শেষবাৰৰ বাবে নিজকে ষ্ট্ৰং কৰি লৈছোঁ ৷ সকলোবোৰ চকুৰ আগেদি হিন্দী চিনেমাৰ ৰিলৰ দৰে গৈ আছে ৷ মাজত মই ৷ ফুল্লি 3D ৷ নতুন বছৰটোৰ আগমনে মনটোত মোক একো নতুনত্ব অনাব পৰা নাই ৷ বুকুত কাৰোবাক চিৰদিনৰ বাবে পাহৰাৰ অহৰহ চেষ্টা,নিজৰ অন্ধকাৰ ভৱিষ্যত,মা-দেউতাৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰাৰ টেনচনে মূৰটো চোবাই পেলাইছে ৷ চিটুৱেচনটো যিমান পাৰি লাইটলি লৈ টোপনি মামাক মাতিছোঁ ৷ চাৰিওফালে ধুমধামকৈ ব'মবোৰ ফুটিছে ৷ অদৃষ্টজনৰ ওচৰত শেষবাৰৰ বাবে চাগে কিবা এটা বিচাৰিছোঁ এনে লাগিল ৷ এৰা, মনমিতাৰ বিয়া ৷ নতুন বছৰটোত মোৰ বাবে তাতকৈ ভাল গিফট্ কি হ'ব পাৰে ৷ বুজা নুবুজাৰ দোমোজাত 'তাইৰ বিয়া' শব্দটোৱে মোক হঠাৎ সকলোবোৰ খেলি মেলি কৰি দিলে বছৰৰ শেষদিনটোত ৷

আজি সম্পূৰ্ণ দহটা বছৰ হ'ল তাইৰ পৰা নিজকে আঁতৰাই ৰখা ৷ বহুত সলনি হ'ল সময় ৷ নিজৰ নিজৰ জীৱনত প্ৰত্যেকে দৌৰি আছে ৷ তাগিদাত পৰি মোৰো লাইফ ষ্টাইল সলনি হ'ল কিছু ৷ মোৰ বিষাদ চহৰৰ ফুটপাথত এতিয়া দুখৰ সৰাপাতবোৰ নসৰে ৷ বৰষুণৰ দিনত আগতে হৰ্ডিংবোৰত  মোৰ ওলমি ৰোৱা দুখবোৰ আজিকালি হেপাঁহৰ ৰ'দ এচমকাৰ সন্ধানত থাকে সদায় ৷ মনত নাই মনমিতা কোন আছিল ৷ সকলো পাহৰণিৰ অটল গৰ্ভত তলা লগাই মই এতিয়া বিন্দাচ ৷ নিবিচাৰোঁ বিশাল জনসমূদ্ৰৰ মাজত কাৰো নীলা চকুযুৰি ৷ পৰিবৰ্তে বিচাৰো মোক, মোৰ অজানিতে ৷ ডাষ্টবিনবোৰত কাৰো ভগা কলিজা নিবিচাৰোঁ ৷ পৰিবৰ্তে বিচাৰোঁ, চিগাৰেটৰ ধোঁৱাই পুৰি পেলোৱা এখন নষ্ট কলিজা ৷ নিশাবোৰত মাতাল হওঁ প্ৰায়ে দীঘলীপুখুৰীৰ পাৰৰ নৈসৰ্গিক শোভাত ৷ ভূপেনদাৰ ভাষাৰে মোৰো ক'ব মন যায় "কোনে কয় মই অকলশৰীয়া/মই আৰু মোৰ ছাঁ/দুয়ো দুয়োৰে লগৰীয়া "৷

মিচ মনমিতা গৌতম, মদ খালে হেনো বুকুৰ বৰষুণত তিতি ভাল লাগে বুজিছা! শুনিছো মই ৷ "দেবদাস" চাই চাই মোৰো ক'ব মন যায় কেতিয়াবা, "বাবুজী নে কহাঁ গাঁৱ চোড় দো,চব নে কহাঁ পাৰো কো চোড় দো,পাৰো নে কহাঁ চাৰাব চোড় দো, আজ তুমনে কেঁহ দিয়া হাৱেলি চোড় দো, এক দিন আয়েঁগা জব ওঁ কঁহেগা দুনিয়াহি চোড় দো" ৷

জানোঁ, দুনিয়াটো এৰিব লাগিবই এদিন ৷ কিন্তু দুনিয়া এৰি যোৱাৰ আগেই তোমাৰ দৰে মিঠা কথাৰে ভোল নিয়াব পৰা এগৰাকীক এৰি থাকিব লগাটোৱে লাইফৰ টাৰ্নিং পইণ্ট ৷ আচৰিত কথা কি জানানে? ভালপোৱাৰ পোৱাৰ প্ৰথম বৰষুণজাক বুকুত চতিয়াই তুমি মোক বৰ উপকাৰ কৰিলা ৷ অামিবোৰে 'ষ্টেটাচ্' কি নাজানোঁ ৷ টকা পইচাৰে মৰম বিক্ৰী কৰিবলৈও নাজানোঁ ৷ কথাৰ কোনো বেচ্ নাই ৷ উতনুৱা আমি ৷ অাৰে বাবা,আমিবোৰ উতনুৱা বাবেই তোমাৰ দৰে মানুহে সভ্যতাৰ গৰম চোলাৰে মুখ ঢাকিব পাৰে ৷ কিন্তু জানাইটো মানুহ পৰিস্থিতিৰ দাস ৷ তাগিদাত পৰিলে সকলো আয়ত্ব কৰিব পৰা গুণ এটা লৈ জন্ম হ'লোঁ যেতিয়া শিকি গৈছোঁ তোমাৰ প্ৰেম ভালপোৱাৰ কথা ৷ তোমাৰ দৰে ইকন'মিক্স নাজানিলেও বুজি উঠিছো 'প্ৰফেচনেলাইজিম'ৰ কথা ৷  ভাল লাগিল এইবাবেই যে ভালপোৱাৰ বৰষুণজাক চতিয়াই তুমি আঁতৰি নোযোৱা হ'লে মই কেতিয়াও নুবুজিলোঁহেতেঁন ভালপোৱা বৰষুণজাকৰ এই মাদকতা ৷ ধন্যবাদ মিচ মনমিতা গৌতম ৷ তুমি সুখী হোৱা বুলি ক'ব পৰাকৈ আমিবোৰৰ ওচৰত আজি একো নাই ৷ তথাপিও কওঁ, অনাগত দিনবোৰত সুখবোৰ গাত সানি লৈ তুমি বিচৰাধৰণে সুখী হোৱা ৷

Sunday, 20 December 2015

সপোন আৰু বাস্তৱৰ কিছু কথা...

মই ৰৈ থকাৰ মাদকতা কি জানোঁ,বুজোঁ ৷ তথাপিও মই ৰ'ম ৷ তোমাৰ প্ৰতিটো কথা শুনিবলৈ ৰৈ থকাৰ দৰে বাট চাম তুমি অহাৰ বাটলৈ ৷ নিসংগতাবোৰ বুকুত সাৱটি কোলাহলপূৰ্ণ ফুটপাথত ৰৈ থাকিম ৷

কুঁৱলীৰ ফেঁহুজাল ফালি বগা চাদৰ মেৰিয়াই তুমি নাহিবা ৷ নিস্তব্ধতা ভাগিও তুমি আহিব নালাগে ৷ তুমি অাহিবা এখন উকা হৃদয় লৈ ৷ চিত্ৰকৰ হ'ব নোৱাৰিলেও তোমাৰ হৃদয় কেনভাঁচত অাঁকিবলৈ চেষ্টা কৰিম সুখৰ এটা অস্পষ্ট প্ৰলেপ ৷

শীতৰ সন্ধিয়াবোৰ ক্ৰমশ: ভাললগা হৈ আহিছে, তোমাক লগ পোৱাৰ হেপাঁহত ৷ ফুটপাথৰ প্ৰতিটো খোজেই বুকুত আবতৰীয়া প্ৰেমৰ এজাক বৰষুণ সৰাইছে ৷ নিয়ৰৰ প্ৰতিটো কণাই সিচিঁ থৈ যায় এমুঠি ভাললগা ৷ অাৰু ভাললগাবোৰ বুকুত সাৱটি মই আতৰি আহোঁ ৷

জানোঁ ভালপাবলৈ বেংক বেলেঞ্চ কি, ষ্টেটাচ কি, পজ্যিচন কি মেটাৰ নকৰে ৷ কিন্তু তাৰ মানে এইটো নহয় যে আমিবোৰৰ দৰে বেকাৰ প্ৰেমিকবোৰৰ জীৱনত প্ৰেম নাহিব, ভালপোৱাৰ ষ্টেটাচ নিজৰ ৱালত আপলোড নহ'ব অথবা ৰিলেচনশ্বিপ ষ্টেটাচ সদায় কম্প্লিকেটেড হৈ থাকিব ৷ আমাৰো মন যায় ৷ মন যায় বাবেই মন গলে কৈ দিব খোজোঁ তোমাক ভালপোৱাৰ কথা ৷ কৈ দিব বিচাৰোঁ ভৱিষ্যতৰ সকলোবোৰ সপোন পূৰ কৰিব নোৱাৰিলেও আধৰুৱা কৰিবও নোখোজোঁ ৷ মই নাজানো কালিলৈটো কি হ'ব কিন্তু মই দেখিছো আজিটো কি?

তোমাক লগ পোৱাৰ কথা নাছিল কাহানিও ৷ তোমাৰ স'তে খোজ কঢ়াৰ কথাও নাছিল ৷ কথা নাছিল জালুকবাৰীৰ কৃষ্ণচূড়াৰ ফুল ফুলা বতৰত মাৰ্কেটলৈ যোৱাৰ ৷ কিন্তু কি কৰোঁ মনটো যে বেইমান ৷ কোনো এক ভালপোৱাৰ ষ্টপেজত তোমাক কিয় লগ পালোঁ! কিয় তোমাৰ কাজলসনা চকুযুৰিত বাৰে বাৰে প্ৰেমত পৰোঁ ক'ব নোৱাৰোঁ ৷ তথাপিও জানোঁ মই প্ৰেমত পৰিছোঁ ৷ অ'... মই ফিনিক্স পখীটোৰ দৰে নিজকে জ্বলাই সাজিব খোজোঁ নিজক ৷

সপোনৰ দিকচৌ বাটত এদিন লগপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাক বিদায় নিদিওঁ কাহানিও ৷ তোমাক হেৰুৱাব নোখোজোঁ কেতিয়াও ৷

(সচাঁ অনুভূতিবোৰত মিছাৰ প্ৰলেপ দিয়াৰ বৃথা চেষ্টা মাথোঁ)

Wednesday, 16 December 2015

লেম্বৰোডৰ অনামিকা গাৰ্লচ হোষ্টেল সমীপেষু...

কেৱল সুধিব মন যায়:

লাইট পিংক কালাৰৰ সন্ধিয়াবোৰ এতিয়াও একেদৰে আছেনে? একেই আছেনে জাকৈয়া হাঁহিৰ জোঁৱাৰ? অথবা সঞ্জুদাৰ দোকানৰ গৰম কফিকাপ !

ভাবিবলৈ মন যায়:

সময়ৰ স'তে বহু কিছু চিন্তা বেলেগ বেলেগ ধৰণে সলনি হয় ৷ সকলো সলনি হ'ল ৷ আগৰ আবেলিবোৰ আজিকালিৰ সন্ধিয়া হ'ল ৷ আগৰ সন্ধিয়াবোৰ আজিকালি মাতাল হ'ল ৷ নিশাবোৰ অকলশৰীয়া, কিন্তু ভয়লগা হ'ল ৷ নিসংগতা আপোন হ'ল, কোলাহ'ল আমনি লগা হ'ল ৷ কিন্তু নৈতিকতা সলনি নহ'ল ৷ মোৰ একোঠলীয়া ভাড়াঘৰৰ দুৱাৰ খুলিলেই হেজাৰটা জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক অট্টহাস্য কৰা হ'ল ৷ চাৰিওফালে পৰি ৰোৱা চিগাৰেটৰ টুকুৰাবোৰে ভেঙুচালি কৰা হ'ল ৷ হেৰোৱা সপোনবোৰ মোৰ প্ৰিয় শিলচটাত খুন্দা খোৱাৰ সময়ত মনটো অস্থিৰ হয় ৷ বুকুৰ কোনো এটা চুকত আটোমটোকাৰিকৈ ৰখা কথাবোৰ ক'ব খুজিও ক'ব নোৱাৰাৰ বেথাত নি:শব্দে হেৰাই যায় ৷

চিঞৰিব মন যায়:

মাতাল নোহোৱাকৈও মাতাল হৈ পৰাৰ পৰা নিজকে আৰু কিমান বচাম? বেইমান মন ৷ নষ্ট প্ৰেমিক ৷ আধাভগা সপোন ৷ গুপুতে গুপুতে সকলো হেৰাই পৰে নিজৰ অজানিতে ৷

অৱশেষত,

ক'ব মন যায়:

ভালপায়ো যে ভালপাব নাজানিলোঁ তোমাক ৷ টোমত ভৰাই ৰখা কথাবোৰ এদিন খুলি দিম ৷ তপত হুমুনিয়াহ বাগৰিব কথাবোৰৰ ওপৰেদি ৷ পাৰ হৈ যাব এৰি অহা বহু উজাগৰী নিশাৰ ব্যস্ততা ৷

Tuesday, 15 December 2015

ভগা কলিজাৰ এপিটাফ বিচাৰি...

ব্যস্ততাৰ মাজত সপোন খেদি
মাজে মাজে মই ৰৈ যাওঁ
কোনোবা এক অচিন ষ্টপেজত,
শোকে খুন্দিয়াই বুকুত
পিয়াহত অাতুৰ হ'ওঁ
নজনাকৈ;
পালন কৰোঁ নিজস্ব ষ্টাইলত
মোৰ প্ৰিয় বিষাদ উৎসৱ...

মূৰত নোসোমায় এট'মিক ফিজিক্স
কামোৰে মোক নিউক্লিয়াৰ ফিজিক্সে
খজুৱাই ক্লাচিকেল মেকানিকচ্  আৰু চলিডষ্টেড ফিজিক্সে ৷
ৰাতি সপোনত খেদি অাহে আইনষ্টাইন
নিউটন,ব'ৰ,মেক্সৱেলৰ আত্মাই
সাৰ পাই চমকি উঠো
সান্তনা দিওঁ নিজকে
মাথোঁ মনত থাকে
কিছু অলীক স্বপ্ন,
স্তব্ধ হয় সময়...

আবেলি মই বিচাৰি ওলাঁও
মহানগৰীৰ প্ৰতিটো ডাষ্টবিন
এক স্বপ্নৰ সন্ধানত,
ক্ৰমশ: এন্ধাৰে আৱৰি ধৰে পৃথিৱী...
হঠাৎ এজাক বৰষুণ সৰিব ধৰে
এচিড বৰষুণ;
বৰষুণৰ শেষত পুনৰ বিচাৰি যাঁও
ডাষ্টবিনবোৰলৈ
ভগা কলিজাৰ এপিটাফ বিচাৰি...!!!

(বহু পুৰণি ৷ এবাৰ চকু ফুৰাবচোন )

Wednesday, 9 December 2015

নিসংগতাৰ কোলাহল...

ভাললগাবোৰ বাঢ়ি বাঢ়ি ভালপোৱা হয়, ঠিক বৰষুণবোৰ বাঢ়ি বাঢ়ি বানপানী হোৱাৰ দৰে ৷ প্ৰায়ে ফুটপাথেৰে খোজকাঢ়ি থাকিলে বহু কিছু ভাললগাই আমনি কৰেহি ৷ এই ধৰক, অামবাৰী পালোঁ লেম্বৰোডলৈ দীঘলকৈ চাই পঠিয়াও ৷ হৈ গ'ল ভাললগা ৷ লতাশিল ষ্টপেজত ৬ নং চিটি বাছৰ পৰা জপিয়াই ঢাপলি মেলোঁ নদীখনৰ ওচৰলৈ, হৈ গ'ল ভাললগা ৷ চাল্লা, ধুৰ... কি বেইমান মন আমাৰ ৷ ভাললগাবোৰে কেতিয়া ক'ত লগ দিয়ে ধৰিবই নোৱাৰিহে ৷ নিশাৰ মহানগৰীৰ কোনো এটা এন্ধাৰ বাচ ষ্টপেজত ঠেটুৱৈ ধৰা জাৰত ৰৈ শেষৰটো গ'ল্ডফ্লেকত অগ্নিসংযোগ কৰাটোৱো অন্য এক ভাললগা ৷

কেতিয়াবা কাৰোবাক দেখিয়েই ভাল  লাগি যায় ৷  কেতিয়াবা আকৌ কাৰোবাক নেদেখাকৈও ভাল লাগে ৷ কি যে আচৰিত নহয়নে??? কিন্তু কি কৰিব ! অনুভূতিবোৰ যে এনেকুৱাই ৷

(কিছুমান অনুভৱ ক'ব নোৱাৰাকৈয়ে ভাললগা হয় ৷ কেতিয়াবা কোনোবা তেনেকৈয়ে অন্তৰত ৰৈ যায় ৷ বহু পুৰণি মানুহক কেতিয়াবা খুউৱ মি কৰোঁ ৷ ঠিক আমবাৰী লেম্বৰোডটোৰ দৰেই......)

দুখ বিচাৰি মহানগৰীত এসন্ধ্যা

দুখ ক'ত পাম বিচাৰি????
মোক অলপ দুখৰ প্ৰয়োজন,
দুখ বিচাৰি আজি ফাঁচীবজাৰলৈ গ'লো
নাপালোঁ..
কোনোবাই কৈ গ'ল, তোমাৰ প্ৰিয় ঘাটলৈ যোৱা
নৈশব্দতাত বিলীন হোৱা সময়ত মই নৈৰ ঘাটলৈ গ'লোঁ,
দুখৰ চিনমোকামেই নাপালোঁ ৷

এন্ধাৰৰ স'তে বিষাদবোৰ কঢ়িয়াই 'ফুডভিলা' পালোঁগৈ,
নাই তাতো নাই ৷
শুনিলোঁ জালুকবাৰীৰ কথা,
ঢাপলি মেলিলোঁ 'মন'টোৰ স'তে
বগা কুঁৱলীৰ চাদৰ মেৰিয়াই 'দুখ' ৰৈ অাছে
কৃষ্ণচূড়াৰ তলত ৷

এগিলাচ চেচাঁ পানী পি
মই উভটিলোঁ,
দুখবোৰ থাকি আহিল কৃষ্ণচূড়াৰ স'তে .....