Wednesday, 16 December 2015

লেম্বৰোডৰ অনামিকা গাৰ্লচ হোষ্টেল সমীপেষু...

কেৱল সুধিব মন যায়:

লাইট পিংক কালাৰৰ সন্ধিয়াবোৰ এতিয়াও একেদৰে আছেনে? একেই আছেনে জাকৈয়া হাঁহিৰ জোঁৱাৰ? অথবা সঞ্জুদাৰ দোকানৰ গৰম কফিকাপ !

ভাবিবলৈ মন যায়:

সময়ৰ স'তে বহু কিছু চিন্তা বেলেগ বেলেগ ধৰণে সলনি হয় ৷ সকলো সলনি হ'ল ৷ আগৰ আবেলিবোৰ আজিকালিৰ সন্ধিয়া হ'ল ৷ আগৰ সন্ধিয়াবোৰ আজিকালি মাতাল হ'ল ৷ নিশাবোৰ অকলশৰীয়া, কিন্তু ভয়লগা হ'ল ৷ নিসংগতা আপোন হ'ল, কোলাহ'ল আমনি লগা হ'ল ৷ কিন্তু নৈতিকতা সলনি নহ'ল ৷ মোৰ একোঠলীয়া ভাড়াঘৰৰ দুৱাৰ খুলিলেই হেজাৰটা জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক অট্টহাস্য কৰা হ'ল ৷ চাৰিওফালে পৰি ৰোৱা চিগাৰেটৰ টুকুৰাবোৰে ভেঙুচালি কৰা হ'ল ৷ হেৰোৱা সপোনবোৰ মোৰ প্ৰিয় শিলচটাত খুন্দা খোৱাৰ সময়ত মনটো অস্থিৰ হয় ৷ বুকুৰ কোনো এটা চুকত আটোমটোকাৰিকৈ ৰখা কথাবোৰ ক'ব খুজিও ক'ব নোৱাৰাৰ বেথাত নি:শব্দে হেৰাই যায় ৷

চিঞৰিব মন যায়:

মাতাল নোহোৱাকৈও মাতাল হৈ পৰাৰ পৰা নিজকে আৰু কিমান বচাম? বেইমান মন ৷ নষ্ট প্ৰেমিক ৷ আধাভগা সপোন ৷ গুপুতে গুপুতে সকলো হেৰাই পৰে নিজৰ অজানিতে ৷

অৱশেষত,

ক'ব মন যায়:

ভালপায়ো যে ভালপাব নাজানিলোঁ তোমাক ৷ টোমত ভৰাই ৰখা কথাবোৰ এদিন খুলি দিম ৷ তপত হুমুনিয়াহ বাগৰিব কথাবোৰৰ ওপৰেদি ৷ পাৰ হৈ যাব এৰি অহা বহু উজাগৰী নিশাৰ ব্যস্ততা ৷

No comments:

Post a Comment