মই ৰৈ থকাৰ মাদকতা কি জানোঁ,বুজোঁ ৷ তথাপিও মই ৰ'ম ৷ তোমাৰ প্ৰতিটো কথা শুনিবলৈ ৰৈ থকাৰ দৰে বাট চাম তুমি অহাৰ বাটলৈ ৷ নিসংগতাবোৰ বুকুত সাৱটি কোলাহলপূৰ্ণ ফুটপাথত ৰৈ থাকিম ৷
কুঁৱলীৰ ফেঁহুজাল ফালি বগা চাদৰ মেৰিয়াই তুমি নাহিবা ৷ নিস্তব্ধতা ভাগিও তুমি আহিব নালাগে ৷ তুমি অাহিবা এখন উকা হৃদয় লৈ ৷ চিত্ৰকৰ হ'ব নোৱাৰিলেও তোমাৰ হৃদয় কেনভাঁচত অাঁকিবলৈ চেষ্টা কৰিম সুখৰ এটা অস্পষ্ট প্ৰলেপ ৷
শীতৰ সন্ধিয়াবোৰ ক্ৰমশ: ভাললগা হৈ আহিছে, তোমাক লগ পোৱাৰ হেপাঁহত ৷ ফুটপাথৰ প্ৰতিটো খোজেই বুকুত আবতৰীয়া প্ৰেমৰ এজাক বৰষুণ সৰাইছে ৷ নিয়ৰৰ প্ৰতিটো কণাই সিচিঁ থৈ যায় এমুঠি ভাললগা ৷ অাৰু ভাললগাবোৰ বুকুত সাৱটি মই আতৰি আহোঁ ৷
জানোঁ ভালপাবলৈ বেংক বেলেঞ্চ কি, ষ্টেটাচ কি, পজ্যিচন কি মেটাৰ নকৰে ৷ কিন্তু তাৰ মানে এইটো নহয় যে আমিবোৰৰ দৰে বেকাৰ প্ৰেমিকবোৰৰ জীৱনত প্ৰেম নাহিব, ভালপোৱাৰ ষ্টেটাচ নিজৰ ৱালত আপলোড নহ'ব অথবা ৰিলেচনশ্বিপ ষ্টেটাচ সদায় কম্প্লিকেটেড হৈ থাকিব ৷ আমাৰো মন যায় ৷ মন যায় বাবেই মন গলে কৈ দিব খোজোঁ তোমাক ভালপোৱাৰ কথা ৷ কৈ দিব বিচাৰোঁ ভৱিষ্যতৰ সকলোবোৰ সপোন পূৰ কৰিব নোৱাৰিলেও আধৰুৱা কৰিবও নোখোজোঁ ৷ মই নাজানো কালিলৈটো কি হ'ব কিন্তু মই দেখিছো আজিটো কি?
তোমাক লগ পোৱাৰ কথা নাছিল কাহানিও ৷ তোমাৰ স'তে খোজ কঢ়াৰ কথাও নাছিল ৷ কথা নাছিল জালুকবাৰীৰ কৃষ্ণচূড়াৰ ফুল ফুলা বতৰত মাৰ্কেটলৈ যোৱাৰ ৷ কিন্তু কি কৰোঁ মনটো যে বেইমান ৷ কোনো এক ভালপোৱাৰ ষ্টপেজত তোমাক কিয় লগ পালোঁ! কিয় তোমাৰ কাজলসনা চকুযুৰিত বাৰে বাৰে প্ৰেমত পৰোঁ ক'ব নোৱাৰোঁ ৷ তথাপিও জানোঁ মই প্ৰেমত পৰিছোঁ ৷ অ'... মই ফিনিক্স পখীটোৰ দৰে নিজকে জ্বলাই সাজিব খোজোঁ নিজক ৷
সপোনৰ দিকচৌ বাটত এদিন লগপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাক বিদায় নিদিওঁ কাহানিও ৷ তোমাক হেৰুৱাব নোখোজোঁ কেতিয়াও ৷
(সচাঁ অনুভূতিবোৰত মিছাৰ প্ৰলেপ দিয়াৰ বৃথা চেষ্টা মাথোঁ)
No comments:
Post a Comment