Tuesday, 12 May 2020

ডেলিভাৰী বয় আৰু কিছু কথা জীৱনৰ…

মোৰ ফেচবুক প্ৰফাইলটো চালে বোধকৰো মই বৰ্তমান কি কৰি আছোঁ আপোনালোকে হয়তো অনুধাৱন কৰিব পাৰিব ৷ কিন্তু ময়ো 'ডেলিভাৰী বয়'ৰ কাম কৰিছিলোঁ পাৰ্ট টাইম হিচাপে ৷ 

২০১৮ চন মানৰ জুন-জুলাইৰ কথা যেতিয়া "উবেৰ ইটচ্"(uber eats) গুৱাহাটীত প্ৰথম আহিছিল ৷ মই তেতিয়া বেলেগ এটা MNC ত কাম কৰি আছিলোঁ ৷ ৰাতিপুৱা ডিউটি থাকিলে গধূলিৰ সময়কণ মোৰ ৰাহি হৈছিল যদিও মোৰ কৰিবলগীয়া একো নাছিল ৷  আমাৰ ষ্টুডিঅটোও তেতিয়া ৰাজগড়লৈ স্থানান্তৰ কৰা হৈছিল আৰু মইও মোৰ পুৰণি ভাড়াঘৰটো সলাই জালুকবাৰীলৈ আহিছিলোঁ নতুনকৈ ৷ জালুকবাৰীখন গুৱাহাটী সংলগ্ন যদিও কিছুমান ক্ষেত্ৰত জালুকবাৰীখন গাওঁ যেন অনুমান হৈছিল (যিটো মোৰ ব্যক্তিগত ধাৰণা) ৷ যিহেতুকে ২০১১ৰ পৰা মই গুৱাহাটী ক্লাৱ/উজানবজাৰৰ আশে পাশে আছিলোঁ তেতিয়াৰ পৰাই গধূলি সময়কণ মোৰ বাবে বৰ ৰোমাঞ্চকৰ আছিল ৷ কলেজ এৰাৰ পৰা কৰ্মক্ষেত্ৰত যোগদান কৰালৈকে মই গধূলিটোক লৈ বৰ আবেগিক আছিলোঁ ৷ গধূলি বিহাৰীৰ দোকানৰ চাহ, সূৰ্যাস্তৰ সময়খিনিত মোৰ নদীৰ পাৰটো আৰু লতাশিলত তহল দিয়াটো মোৰ দৈনন্দিন কাম কাজৰ ভিতৰত বুলি ধৰি লৈছিলোঁ ৷ কিন্তু জালুকবাৰীলৈ গৈ মোৰ সেই সময়খিনি নাযায় নুপুৱায় ৰ দৰে হৈছিলগৈ ৷ কি কৰোঁ কি নকৰোঁ ভাবি মাজে মাজে গুৱাহাটী ক্লাৱলৈ এপাক মাৰিছিলোঁ ৷ হেন সময়তে বন্ধু উদ্দীপ্তই নতুন ষ্টুডিঅত এডিটিঙৰ ক্লাছ কৰাইছিল ৷ এদিন সুধিলোঁ, "মোকো কিবা নিশিকোৱা কিয়!"
উত্তৰত সি কি ক'লে মই পিছত কেতিয়াবা জনাম বাৰু ৷ যা হওঁক এনেকৈ কি কৰো নকৰোকৈ থাকোতে এদিন নিশা কমাৰ্চ পইণ্টৰ আড্ডাত লক্ষ্য কৰিলোঁ দুটামান ল'ৰাই পিঠিত এটা বেগ লৈ বাইকত J14 ৰ পৰা কিবা পেকিং কৰা খাদ্য উঠাই লৈ গৈ কিছু সময় পিচত আকৌ আহি ৰৈ থাকেহি ৷ ইকথাই সিকথা নহয় বুলি এজন ল'ৰাক কিছু সময় বিচাৰি সকলোখিনি কথাৰ আতিগুৰি ল'লোঁ ৷ ল'ৰাজনে মোক ক'লে 'কাইলৈ শনিবাৰ যদি আপুনি ইণ্টাৰেষ্টেড তেন্তে আপুনি ১ বজাৰ আগতেই জয়ানগৰৰ অফিচত গৈ খবৰ কৰক ৷' কথামতেই কাম ৷

পিছদিনা পুৱা দাদা এজনৰ সৈতে গৈ জয়ানগৰত থকা উবেৰৰ অফিচ ওলালোঁগৈ ৷ অফিচত গৈ সকলো গম লৈ 'ড্ৰাইভাৰ ৰেজিষ্ট্ৰেচন'ৰ বাবে যি যি লাগে দেখুৱাই মেলি ময়ো 'ডেলিভাৰী বয়' হিচাপে জইন কৰি ল'লোঁ ৷ সেইখিনি সময়ত ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ বিনামূলীয়া আছিল ৷ লগত এটা ৰেইনকোট আৰু দুটা টি-ছাৰ্ট দি পঠিয়ালে ৷ ময়ো সেইখিনি লৈ আহিলোঁ ৷ পিছদিনা দেওবাৰ ৷ পুৱা ১২ মান বজাত স্কুটীখন লৈ ওলাই আহিলোঁ জালুকবাৰীৰ ৰূমৰ পৰা ৷ লক্ষ্যস্থান লতাশিল ৷ আহি থাকোতেই শান্তিপুৰ পাৰ হোৱাৰ পিছতে এপটো খুলি অনলাইন হৈ ল'লোঁ ৷ কাছাৰী পোৱাৰ অকণমান আগতেই ম'বাইলটো ৰিং হ'ব ধৰিলে নেৰানেপেৰাকৈ ৷ স্কুটীখন ৰাস্তাৰ কাষলৈ নি ম'বাইলটো উলিয়াই দেখোঁ এটা অৰ্ডাৰ আহিছে ৷ মনটো কিবা এটা ভাল লাগি গ'ল ৷ ৰিচিভ কৰিলোঁ ৷ দীঘলী পুখুৰীৰ কাষত থকা 11th avenue ত যাব লাগিব ৷ Description ত সকলো জিলিকি উঠিছে কিহৰ অৰ্ডাৰ হয় ৷ কিন্তু তেতিয়ালৈকে ক'ত ডেলিভাৰী দিব লাগিব তাৰ একো তথ্য নাই ৷ যা হওঁক 11th avenue ত গৈ ম'বাইলটো দেখুৱালোঁ ৷ তেওঁলোকে কিছু সময়ৰ বাবে অপেক্ষা কৰিব কৈ অৰ্ডাৰটো হলত মোৰ হাতত দিলে বিলখনৰ সৈতে ৷ প্ৰথম এনেকুৱা অৰ্ডাৰ পাই ক'ত দিম কি কৰিম বুলি ম'বাইলটো খেপিয়ালোঁ ৷ তাত যেনেকৈ সুধি গৈছে তেনেকৈ উত্তৰ দিয়াৰ পিছত মই ক'লৈ যাব লাগিব মোৰ ম'বাইলত মেপখনৰে সৈতে এড্ৰেছটো লিখিত ৰূপত ওলাল ৷ এতিয়া অৰ্ডাৰটো 'পিক্' কৰি তাত ডিচপ্লে হৈ থকা ফোন নম্বৰটোত ফোন কৰি কনৰ্ফাম হৈ ল'লোঁ ৷ এইবাৰ মোৰ গন্তব্যস্থান ৰিহাবাৰী ৷ ৰাস্তা বিচাৰি বিচাৰি যানজঁট পাৰ হৈ এটা সময়ত ৰিহাবাৰীৰ সেই স্থান পালোগৈ ৷ ফোন কৰি গৃহস্থৰ হাতত অৰ্ডাৰটো দিয়াৰ পিছত তেওঁ মোক পাবলগীয়া টকা দিলে ৷ ময়ো সেইখিনি লৈ ডেলিভাৰ্ড অপচনটো দবাই দিলোঁ ৷ উবেৰৰ পৰা মেচেজ আহিল ৷ মোক টাৰ্গেট দিলে যে যদি মই সিদিনা পাঁচটা অৰ্ডাৰ দিব পাৰোঁ মোক দুশ টকা ব'নাচ দিব ৷ গধূলিটোৰ শেষত তেওঁলোকৰ হিচাপটো ফুলফিল হোৱাত মই দিবলগীয়া টকাৰ পৰা দুশ টকা কমাই যিটো পাব লাগে তাৰ মেচেজ আহিল ৷ এইদৰে সপ্তাহটোৰ প্ৰতি বৃহস্পতিবাৰে উবেৰে মোৰ একাউণ্টৰ পৰা যিটো পাব লগা থাকে সেইখিনি দিব কয় ৷ ময়ো দি যাওঁ ৷

এতিয়া আহোঁ অন্য এটা কথালৈ ৷ মই এটা ভাল MNC ত জব কৰি থকাৰ পিছতো কিয় উবেৰ ইটচ ৰ 'ডেলিভাৰী বয়' ৰ দৰে কামটোত হাত দিছিলো ? মাহটোৰ শেষত এটা ভাল দৰমহা পোৱাৰ পিছতো কিহৰ অভাৱৰ বাবে মই 'ডেলিভাৰী বয়' হিচাপে কাম কৰিব লগা হ'ল সেই বিষয়ে মোৰ অজ্ঞাতে যে মোৰ বন্ধুমহলত এটা খলকনিৰ সৃষ্টি হ'ব মই পূৰ্বতে অনুমান কৰিছিলোঁ ৷ কিন্তু মোৰ যুক্তি আছিল এনেধৰণৰ- কোনো কামৰ সৰু বৰ নাই আৰু কৰ্ম অনুযায়ী শ্ৰমিকৰ সন্মানক লৈ আমি কিমান সচেতন তাক জুখি চোৱা ৷ দ্বিতীয়তে, মই ভাবিছিলোঁ আঠটা ঘণ্টা মই কাম কৰাৰ পিছতো বাকীখিনি সময় এনে শুই বহি নষ্ট কৰাতকৈ যদি কিবা এটা কৰি থাকো লগতে বেলেগ বেলগ মানুহৰ সংস্পৰ্শত থকাত কিবা অলপো যদি লাভ হয় সেয়া এটা 'লেচন' হিচাপে ল'ব পৰা যাব ৷ আৰু ইয়াৰ বিনিময়ত মোৰ যথেষ্ট লাভ হৈছে বুলি ক'ব খোজো ৷ তৃতীয়তে, মোৰ সবল যুক্তি আছিল কিছুমান কথা কিতাপত পঢ়াতকৈ যদি আমি সেই চৰিত্ৰবোৰ সচাঁকৈ বিচাৰোঁ তেন্তে সেইবোৰৰ ধৰণ কৰণ কপি কৰিব পৰা যায় যিহেতু মই মানুহৰ কথাবোৰ বুজিব চেষ্টা কৰোঁ ৷ প্ৰতিগৰাকী মানুহেই বিভিন্ন ধৰণে চিন্তা কৰে গতিকে মানুহৰ মাজত মানুহ বিচৰাটো ইমান কম সময়ৰ ভিতৰত সহজ নহয় ৷ আৰু 'উবেৰ ইটচ' ৰ যোগেদি মই সেইখিনিত যথেষ্ট উপকৃত হৈছোঁ ৷

এদিন তাৰ মাজতে এইবোৰ এৰি পুনৰ মোৰ নিচাবোৰৰ মাজত সোমাই যোৱাত বহুদিন মানুহৰ সংস্পৰ্শলৈ তেনেকৈ যোৱা হোৱা নাই ৷ সদায় চেষ্টা কৰোঁ নিজে ভালপোৱাকৈ থাকিবলৈ ৷ হাজাৰ মানসিক কষ্টতো কেনেকৈ স্ফুৰ্তি কৰিব লাগে সেয়া বুজো ৷ সুখী হৈ থাকিব খোজোঁ সদায় ৷ যি কৰি আছো, নিজকে নিয়োজিত কৰি তাৰেই জীৱনটো সজাব খোজোঁ ৷ কোনোদিন কাৰো সহানুভুতিৰ পাত্ৰ হ'ব নিবিচাৰোঁ ৷

শেষত এটাই ক'ম যে তিতা-মিঠা-কেহাঁৰ লগতে জ্বলা-পোৰাইও জীৱনটো ধুনীয়া কৰে ৷ আৰু যিসকল ব্যক্তিয়ে মোক এতিয়া 'ই ডেলিভাৰী বয়ো আছিল নেকি' বুলি মনতে ভাবিছে তেওঁলোকলৈ লাল চালাম!

ৰিস্ক


কেতিয়াবা খং উঠিলে মই ৰিস্ক ল'ব ভাল নাপাওঁ ৷
সিদিনা মই নগাওঁ আহিছিলো হোষ্টেলৰ দাদা এজনৰ সৈতে কিবা এটা কামত ৷ 

সিফালে তেওঁৰ লগত ডাঙৰ খণ্ড যুদ্ধ এখন লাগিল আগদিনা ৰাতি ৷ কাজিয়াৰ ভমকত পিছদিনা যে নগাৱলৈ আহিম ক'বলৈ পাহৰিলোঁ সেইদিনা ৷ পুৱা ইচ্ছা কৰিয়ে নক'লো কথাটো ৷ যাচোন যি হয় হওঁক বুলি নোকোৱাকৈ দিলোঁ বহি ট্ৰেভেলাৰত খানাপাৰাৰ পৰা ৷ নগাৱত কামটো কৰি অটাওঁ মানে দুপৰীয়া হ'ল ৷ উভতিব লওঁতে ফোন এটা কৰি সুধিলোঁ, "মইনা কলিজা, কি কৰিছা?"
মুখৰ মাত নাই বহুপৰলৈ ৷ ময়ো পটকৈ ফোনটো কাটি দিয়া নাই ৷ ভাবিলোঁ অভিমান বেছি হৈছে যেতিয়া এজাক বৰষুণ হৈহে শাম কাটিব ৷ সেয়ে একো নোকোৱাকৈ ৰৈ আছো কিছুপৰ ৷ তেনেতে চাপৰমুখ ষ্টেচনত 'শিলঘাট-পেচেঞ্জাৰ'খন পাইছেহি ৷ দৌৰা-দৌৰিকৈ কোনোমতে খিৰিকীৰ কাষৰ চিট দুটাত দাদা আৰু মই সমুখাসমুখিকৈ বহি আকৌ সুধিলোঁ বোলো মইনা কলিজা মাতষাৰ দিয়া… ৷ নাই, নামাতে ৷ মিহিকৈ খং এটা উঠি আহিল ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোনটো কাটি ৷ 

মুহুৰ্ততে চাৰিটা ফোন আহি গ'ল সিফালৰ পৰা ৷ নকৰোচোন ৰিচিভ ৷ চাওঁচোন কিনো হয়! পাঁচ নম্বৰবাৰত মোৰ ভিতৰৰ 'মই'টোৱে ক'লে বোলে 'বাপু এনেকৈ কিডাল প্ৰেম কৰিছানো কৰিছাই যেতিয়া ভালকৈ কৰা আকৌ' ৷ ৰৈ নাথাকি ৰিচিভ কৰিলোঁ ৷ সামান্য অফ্ মুডত থাকিয়ে ক'লোঁ,
-"অ কোৱা…"
-''কি কওঁ? ফোন কিয় কৰিছিলা কোৱা…"
-"ঔ আই… কেনে এটা প্ৰশ্ন দেখোনহে! কেছটো ঠাণ্ডা হোৱাই নাই নে কি!"
-"চোৱা, এইবোৰ ফকতীয়া কথা পাতি থাকিবলৈ মোৰ টাইম নাই ৷ কিবা ক'ব লগা আছে যদি কোৱা, নহ'লে থোৱা ৷ মোৰ মূৰৰ বিষ ৷" সিটোফালৰ পৰা তেওঁৰ খং মিহলি দম ৷

চাল্লা এই কথাটো বুজি নাপাওঁ, যেতিয়াই আপুনি ভাল মুডত কথা এটা পাতিব খুজিব তেতিয়াই তেওঁৰ এশ এটা প্ৰবলেম আহি যাব আৰু যেতিয়াই আপুনি ব্যস্ত থাকিব তেতিয়া ফোনৰ ওপৰত ফোন আহি থাকিব ৷ কাজিয়াৰ সূত্ৰপাত বাৰু তেনেকৈয়ে হৈছিল আগদিনা ৰাতি ৷ ক'ৰ পৰা জানো এসোপামান খং উজাই আহিল সেইটো সময়ত মোৰ, নাজানোঁ ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোন কাটি আকৌ ৷

দাদাজনে ইমান সময়ে মোক চাগৈ লক্ষ্য কৰি আছিল ৷ তেওঁলৈ বুলি ফোনটো লগাই ক'লে,
"হোষ্টেলৰ তললৈ ওলাই আহিবাচোন যদি পাৰা…" ট্ৰেইনৰ ইঞ্জিনৰ আৱাজত কথাবোৰ শুনা নাই মই দাদাই কি কি কথা পাতিছে ৷ ইফালে 'মুমফলি, বাদাম বাদাম' ৰ আৱাজবোৰহে উফৰি আহিছে মোৰ কাণলৈ ৷ সি ফোনটো মোলৈ আগবঢ়াই দিলে ৷

"……হা! হা? শুনা নাই ৷ কি কৈছা?" আৰে বুজা নাই মই ভালকৈ কোৱা…"

এইটো কথাও বুজি নাপাওঁ যে ট্ৰেইনত কিয় এদিনো মোৰ ফোনত নেটৱৰ্ক নাথাকে, সিটোফালৰ পৰা কথাবোৰ ভালকৈ শুনি নাপাও, চে চেয়াই থাকে নে কি নাজানোঁ ! কিম্মানক দেখোঁ কি বিন্দাছ হৈ ট্ৰেইনতো সাংঘাটিক ৰোমাণ্টিক কথা পাতি থাকে ৷ চাল্লা মাথাটোৱেই বেয়া হৈ যায় ৷ খংটো আকৌ উঠি আহিল ৷ খংটো উঠিলে আকৌ মই ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোনটো আকৌ কাটি ৷

দাদাই ক'লে সচাঁকৈ তেওঁৰ মূৰৰ বিষ হেনো পুৱাৰ পৰাই ৷ গতিকে লগ নকৰে বোলে আজি ৷ মই গম পাই গ'লোঁ যে এইবোৰ বাহানা ৷ আৰে এইবোৰেই 'ঝেলি' আছো মই শেষৰ তিনিবছৰ ৷ মই জানো না ক'ত, কেতিয়া 'অংক'টো কৰি থাকে তেওঁ ৷ মূৰৰ বিষটো এটা ইচ্ছ্যুহে ৷ গধুলিলৈ মানে তেওঁক এপাক উলিয়াই অনাব পাৰিলে কাজিয়া শেষ বুলি ধৰি ল'ম আৰু ৷ মনতে ভাবি ৰাখিলোঁ ৷ তাক আৰু একো নকৈ আহি থাকিলো গুৱাহাটী অভিমুখে ৷

প্ৰতিদিনৰ অফিচটোৰ কাষত ট্ৰেইনবোৰে চিগনেললৈ অপেক্ষা কৰিব লগা হ'লে অলপ শ্ল' কৰে, কেতিয়াবা ৰখায়ো দিয়ে ৷ সিদিনাও ৰ'ল ট্ৰেইনখন ৷ দুয়ো নামি দিলোঁ আমি ট্ৰেইনৰ পৰা ৷ হোষ্টেললৈ  বুলি ৬ নম্বৰ চিটিবাছত উঠিলোঁ ৷ উজানবজাৰ বাছষ্টপত নমাৰ লগে লগেই বুকুখন ধিপলিং ধিপলিং কৰিব ধৰিলে ৷ আগে পাছে এনেকুৱা নহয় ৷ হঠাৎ জানোঁ আজি কি হৈছে! গেষ্ট্ৰিক্ট ৰ বাবে প্ৰথমে এনে হোৱা যেন ভাবিলোঁ ৷ কিন্তু তেনেকুৱা হ'লেতো ভয়টো লাগিব নালাগে ৷ অনুমান কৰিলোঁ যেন কিবা বিপদৰ আগজাননী! ঘৰলৈ ফোন এটা কৰিলোঁ ৷ সকলো ঠিকেই আছে বুলি গম পায়ো আশ্বস্ত হ'ব পৰা নাই ৷ ভাবিলোঁ, ৰিজাল্টেই দিছে নেকি! ইফালে আগৰ বাৰৰ এটা চাবজেক্টৰ 'বেক্' আছেই ৷ এইবাৰো চাগে লাগিল কৰবাত 'বেক্' বুলি ইউনিভাৰ্ছিটি ৱেবচাইট খুলিলোঁ ৷ নাই ৰিজাল্টৰ একো 'ন'টি' নাই ৷ মানে ন'টিফিকেশ্যন নাই ৷ অকে ৷ ঠিক আছে ৷ গৈ আছোঁ হোষ্টেললৈ ৷ নাই ৷ কমা নাই ধিপধিপনি ৷ বুকুখনতে হাতখন থৈ ইফালে সিফালে চাই মনে মনে কৈছোঁ, "all is well, all is well".

হোষ্টেলত সোমায়েই গাটো ধুই এপাক ওলাই যাবলৈ লৈছোঁ ৷ এটাই কৈছে,"অমুকটো আনিবি পইছা দি আছো, সিটোৱে কৈছে তমুক এপেকেট আনিবি পইছা দি আছো" ৷ নামি আহি ৰাস্তা পালোহি ৷ ইফালে কিবা এটা অনামী ভয়ে মোক গ্ৰাস কৰি ৰাখিছেই ৷ তথাপিও কাষেদি বৈ পৰা ব্ৰহ্মপুত্ৰ খনলৈ চাইছোঁ কিজানিবা ভয়টো আতৰেই বা ৷ গাতে লাগি আছে এখন পাৰ্ক ৷ সিফালে বেলিটোও থাৰ্টি ডিগ্ৰী এংগ'লত ৰৈছেগৈ ৷ সুন্দৰ বতাহ এছাটিয়ে কোবাই গৈছে গাত ৷ হঠাৎ আৰু বেছি ভয় লাগিব ধৰিলে ৷ আৰে…এয়া কি দেখিছোঁ! তেওঁ? ইয়াত মানে পাৰ্কৰ ভিতৰত ৷ পাৰ্কৰ ভিতৰত কি কৰি আছে! তাকো অকলেই!কেনেকৈ!!! আচৰিত… ভৰি দুখনৰ তলৰ মাটিডোখৰ নোহোৱা হৈ গৈছে যেন মোৰ ৷ মূৰটো যেন বতাহৰ সৈতে দেও দি দি নাচিছে ৷ কোনোমতে নিজক সম্ভালি পকেটৰ পৰা ফোনটো উলিয়াই লৈ ফোন এটা লগালোঁ ৷ নাই ৰিচিভ নকৰে ৷ ফোনকলটো কাটি মোৰ সমুখতেই পকেটত ভৰাই থৈছে ৷ উৱা… কি আচৰিত! ৰাস্তাটো আৰু পাৰ্কখনৰ মাজৰ দূৰত্ব মাথো কেইমিটাৰমান ৷ মাজতে লোৰ ৰেলিং দিয়া এখন হাফ্ ৱাল ৷ 

-"অহ্ ন' (যেন মোৰ সকলো ধ্বংস হৈ গ'ল তেনে এটা ভাৱত) চিঞৰি উঠিলোঁ ৷ আকৌ ফোন লগাইছোঁ, তেওঁ কাটি দিছে ৷ আকৌ লগাইছো, আকৌ কাটিছে ৷ লগাইছোঁ, কাটিছে ৷ মিহিকৈ 'টেমা'টো গৰম হৈ আহিছে ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাওঁ ৷ গুচি গ'লোঁ তাৰ পৰা ৷ দীঘলে দীঘলে থকা পাৰ্কখনৰ মেইন গেটত গৈ মই বহি আছোঁ ৷ মনতে ভাবিছোঁ, 'তই ওলাই আহ আজি! মূৰৰ বিষ তোৰ থাউকতে নোহোৱা কৰিম! দুপৰীয়ালৈ তোৰ মূৰৰ বিষৰ বাহানা ৷ এতিয়া তই ইয়াত অকলে নেচাৰৰ মজা লৈ আছ ৷ তু নিকাল পেহলে!!!'

ৰৈ আছোঁ, নোলাইহে নোলায় ৷ সময় গৈ আছে ৷ ভয়টো যে লাগি আছিল সি এতিয়া ভয়ে খঙে কিবা বেল্লেগ এটা ৰূপ ধাৰণ কৰি লৈছে নিজৰ মতে ৷ ময়ো তেওঁলৈ ৰৈ ৰৈ কাৰোবাক কাৰোবাক ফোন লগাইছোঁ ৷ আৰে চাল্লা এটা কথা বুজি নাপাওঁ ইহঁতে ইমান মিছা মাতে কিয়! কথা নাই বতৰা নাই বাহানা বনাই দিয়ে ৷ জেগাতেই বাহানা ওলাই যায় ৷ আমি এটা মিছা কথা ক'বলৈ হেজাৰটা মিছা কথালৈ চিন্তা কৰিব লগা হয় ৷ তেনেতে অলপ দূৰৰ পৰা দেখিছো তেওঁ আহি আছে ৷ মই ৰৈ আছোঁ ৷ 'আহ আজি, বধিম তোক' ভাৱত ৰৈ আছোঁ ৷ আহিল ৷ মানে আহি পাৰ হৈও গ'ল ৷ উৱা কি মানে!!!

-"ঐ শুনা, ৰ'বাচোন ৷"
-"কি হ'ল?" মোলৈ প্ৰশ্নবোধক দৃষ্টি ৷
-"কি হ'ল মানে! তই যে আহিছ মোকোতো ক'ব পাৰ ৷ মইতো ভাবিছিলোঁ তোক লগ পাম ৷ ছ'ৰী ক'ম ৷ আৰু আহিছ আহিছ, এইখন পাৰ্কলৈ কিয় আহিছ? এনেয়োতো ইফালে সিফালে ঘুৰিব পাৰিলিহেঁতেন ৷ কাম নাই তোৰ হা…"
 -"অ হেল্ল' মই আহিছোঁ তোৰ কি প্ৰবলেম!অকলে ঘুৰিম ৷ নাযাও তোৰ লগত ৷ মোৰ য'লৈ মন যায় ত'লৈ যাম ৷ কি কিৰিবি? আৰু একো ছ'ৰী ক'বও নালাগে ৷ থাক তই ৷ মই যাওঁ…"
-"তই যাচোন যদি পাৰ অকলে যাবলৈ…যা ৷ মই চাওঁ…"
-"যামেই অকলে, আহিছোঁ অকলে যামো অকলে ৷" তেওঁ ক'লে ৷

ইফালে খংটোও উঠি আহিছে মোৰ ৷ খং উঠিলে মই আকৌ ৰিস্ক লৈ ভাল নাপাওঁ ৷ কি কৰো, কি নকৰো একো ভাবি পোৱা নাই ৷ হঠাতে লক্ষ্য কৰিলোঁ ৰেলিং জিন্দাবাদ ৷ ময়ো এনেই ঘপহকৈ কৈ দিলোঁ,
-"যদি যাব খুজিছ যা মই কিন্তু ৰেলিঙত মূৰ মাৰি দিম ৷"
-"মাৰি থাক ৷ মই যাওঁ ৷"
যাবলৈ ওলাল ৷ ময়ো এনেই দেখুৱাবলৈ ফুটপাথৰ ৰেলিঙত মূৰটো মাৰি দিলোঁ ৷ আকৌ এবাৰ মাৰিলোঁ ৷ আকৌ এবাৰ ৷ আকৌ এবাৰ ৷ মনতে ভাবিছোঁ 'আৰে ক আকৌ সোনকালে এইবোৰ নকৰিবি বুলি' ৷ নাই সাৰ সুৰ নাই দেখোন একো ৷ উফ্… এইবাৰ অলপ জোৰকৈ লাগিল চাগে ৷ কপালখন বিষাইছে ৷ এবাৰ এবাৰকৈ আকৌ দুবাৰ মাৰিলোঁ ৷ হঠাৎ মোৰ কান্ধত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ ৷ মনটো ভাল লাগি গ'ল ৷ মোৰ পাগলামীয়ে কাম দিছে বুলি দুবাৰ আৰু জোৰকৈ মাৰি দিলোঁ ৷ এইবাৰ মোৰ সচাকৈ বহুত বিষাইছে ৷ উফ্… কপালখন কিবা ফুলি অহাৰ দৰে লাগিছে ৷ শেষবাৰৰ বাবে মূৰটো আকৌ এবাৰ ৰেলিঙত মাৰিবলৈ ধৰোঁতেই কোনোবাই মতা যেন শুনিলোঁ,
-"…ভাইটি… তেওঁ গুছি গ'ল…"

একে কোবে মূৰ মাৰিবলৈ এৰি ভালদৰে চাবলৈ চেষ্টা কৰিলোঁ ৷ অ'… তেওঁ গুচি গ'লতো সচাঁকৈ ৷ উৱা… মই মানুহটোৱে কি কৰিছো নাই কৰা চাবলৈ তেওঁ ন'ৰলেই মানে! তেতিয়ালৈ তেওঁ মোৰ পৰা প্ৰায় ৬০ মিটাৰ মান দূৰলৈ গুচি গ'ল ৷ কপালখন ফুলি আহিছে লাহে লাহে ৷ বৰকৈ বিষাইছেও ৷ অনুভৱ কৰিছো কপালৰ পৰা কিবা অলপ তললৈ বৈ আহিছে গৰম গৰম লগা ৷ মোৰ পাগলামী দেখি দুই চাৰিজন মানুহো গোট খাইছিলহি চাগে ৷ লাহে লাহে 'ইছ-আছ' শব্দ কৰি মানুহবোৰো আতৰি গ'ল ৷

সেয়ে মই মানে খং উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ লৈছিলোঁ নে ৰিস্ক এটা চাৱক ৷ ফ্লপ শ্ব হৈ গ'ল ৷ কোনে দেখিলেনো! ধ্যুৰ চাল্লা ৷ মাথাটোৱেই বেয়া হৈ গ'ল ৷ কিন্তু এইবাৰ আকৌ মোৰ খং নুঠিল ৷ খং উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও বাবেই এইবাৰ হাঁহি এটা মাৰিলোঁঁ ৷

Monday, 11 May 2020

বাহ

ডিগ্ৰীৰ শেষৰটো চিমেষ্টাৰৰ কথা ৷ তেতিয়া মোৰ সাংঘাটিক দুখভৰা পোষ্ট ফেচবুকত ৷ অলপতে ব্ৰেক আপ হৈছে ৷ অইন কলেজৰ ছোৱালী এজনীৰ সৈতে ফেচবুকৰ এটা গ্ৰুপত চিনাকী হৈছো ৷ কমেণ্টৰ পৰা বুজা যায় আমবাৰী এলেকাৰ চিনাকী গাৰ্লচ পিজি এটাত থাকে ৷ কমেণ্টতে ভাল চিনাকী এটা হৈ গৈছে ৷ গ্ৰুপটোত আমি সাংঘাটিক এক্টিভ থকা বাবে লগতে মইও 'উজনি অসম' ৰ বুলি গম পোৱাত এদিন লগ কৰিব খুজিলে ৷ ময়ো কথাৰ মহলা মাৰি ভাল পোৱা মানুহ ৷ কথা দিলো লগ কৰিম ৷
উজানবজাৰৰ 'ফ'ৰ চিজন' এ তেতিয়া আমাৰ লগ কৰাৰ স্থান ৷ ফোন নম্বৰ এক্সচেঞ্জ হ'ল ৷ লগ কৰিলো ৷ লাহে লাহে চিনাকী ষ্ট্ৰং হ'ল ৷ টিউচন, বজাৰৰ পৰা আহি থাকোতে কৰবাত কেতিয়াবা দেখিলে ফুটপাথত বা কেতিয়াবা চাহ দোকানত আড্ডা দিয়া হয় ৷

এদিন দুপৰীয়া তেওঁৰ পৰা এটা ফোন আহিল ৷ দঢ়াই দঢ়াই ক'লে যে 'কুইক্ পিক' আহিবা আবেলিলৈ কথা আছে তোমাৰ লগত বুলি ফোনটো কাটি দিলে ৷ হঠাৎ এনেকুৱাকৈ চিনাকী কোনোবাই কৈ ফোনটো কাটি দিলে কলবেক কৰি সোধাৰ প্ৰশ্ন থাকে বুলি তেতিয়া ভবাও নাছিলো লগতে বেলেঞ্চো কমেই থাকিছিল তেতিয়াৰ দিনত ৷ প্ৰথমে মূৰত চিন্তা এটা আহিল হঠাৎ এই অভ্যৰ্থনাৰ আয়োজন কি? সুধিলে একো নকয়, বোলেতো 'আনাহি পড়েগা' ৷ আমাৰ আৰু কি! বেকাৰ ল'ৰা ৷ কোনোবাই মাতিলে নিমন্ত্ৰণ ৰক্ষা কৰি বেয়া পামনে ! গ'লো ৷ অকলে নহয়, হোষ্টেলৰ অংকুৰদাক লৈ গ'লো ৷

অংকুৰদাক লৈ যোৱা বাবে এটা পেৰাগ্ৰাফ ৷ কথাটো কেনেকুৱা চাব হা ৷ এনেকৈ কোনোবাই ক'ৰবালৈ মাতি দিলে কেতিয়াবা নিজে অলপ টান পাও নাযাও বুলি ক'বলৈ ৷ যাক ক'ব পাৰি কৈ দিও চিধাকৈ ৷ যাক ক'ব নোৱাৰি তেতিয়া লগৰ এজনক লৈ যাও উপায়বিহীন হৈ ৷ তেওঁৰ সৈতে চিনাকীহে ষ্ট্ৰং আছিল সম্পৰ্কটো তেনেকুৱা একো নাছিল ৷ যা হওঁক জোৰ জবৰদস্তিকৈ অংকুৰদাক বুজাই বঢ়াই লগত ল'লো ৷ অংকুৰদা তেতিয়া 'স্কিন'ৰ প্ৰব্লেমতো ভুগি আছিল ৷ বেছিকৈ ওলোৱা সোমোৱাটো অলপ কমাই দিছিল ৷ তেতিয়া যিহেতু উবেৰ-অ'লা নাছিল গতিকে চিটিবাছেই আছিল আমাৰ সমাধান ৷ সমস্যা হৈছিল ধূলিক লৈ ৷ প্লেন কৰিলো চাৰিমান বজাত হোষ্টেলৰ পিছফালৰ ৰাস্তাটো খালী থাকে প্ৰায়ে ৷ কামৰূপ একাডেমীৰ কাষেদি গৈ লেম্বৰোডটো পাৰ হ'লেই চোন পাই গ'লো 'কনচেপ্ট'খন ৷ তাতে সঞ্জুদাৰ দোকানত হাফ কাপ কফি খাই ঘুটুং ঘুটুঙকৈ দুখোজ দিলেই পাই যাম ৷ বহুত বুজাই বঢ়াই সৈমান কৰালো যদিও এইবাৰ এক্সকিউজ আহিল টকাৰ ৷ মই বোলো "হাৰে মোৰ ফ্ৰেণ্ড হয় পইচাৰ কথা আহিল কিয়! ব'লকনা… মই কিয় আছো" বুলি লৈ গ'লো ৷

কুইক পিকত গৈয়ে দেখো তেওঁৰ লগতে সেই ফেচবুকৰ গ্ৰুপটোৰ অইন চাৰিজন সদস্য ৷ ইমানদিনে ফটোত দেখি আছো যদিও সমুখত দেখিয়েই ধৰিব পাৰিলো ৷ সকলোৰে লগত চা-চিনাকী হওঁতে তেওঁ কিবা কিবি অৰ্ডাৰ দিলে ৷ কিছুপৰ কথা-বতৰা পতাৰ পিছত অৰ্ডাৰ আহিল ৷ এইবাৰ আৰম্ভ হ'ল প্ৰথমে 'ফটো শ্বেচন' ৷ তেতিয়া ফ্ৰণ্ট কেমেৰা আছিল যদিও ইমান ব্যৱহাৰ কৰা নগৈছিল ৷ ফটো লৈ থাকোতেই খোৱা বস্তুবোৰ চেচা হৈ গৈছে ৷ বহু সময় অপেক্ষাৰ অন্তত আমি খাব ল'লো ৷ হাঁহি-কথা-গান-কৌতুকৰ মাজেৰে খোৱা পৰ্ব সামৰণি পৰিল ৷ এইবাৰ এপাকত তেওঁক সুধিলো,
-"কোৱাচোন ইমান জোৰকৈ যে মাতিলা কি কথা আছিল বা!"
-"নাই তেনেকুৱা একো নাই ৷ আজি মোৰ বাৰ্থডে হয় ৷"
মই আচৰিত ৷ হাৰে কি কথা, 'কোৱা নাই কিয় আগতে' বুলি ময়ো লগে লগে উইচ কৰি আহি আছো বুলি বাহিৰলৈ ওলাই আহিলো ৷ লগৰ ল'ৰা হ'লেও সিমান কথা নাছিল ৷ ছোৱালী মানুহ ৷ তাতে সিমান ভাল চিনাকীও নহয় ৷ শুদাহাতে কিনো বাৰ্থডে খাবা বুলি অংকুৰদাক অলপ সময় ভিতৰতে বহিবলৈ মেচেজ এটা দি গিফ্ট এটা বিচাৰিম বুলি ভাবিও ৰৈ দিলো ৷ সেইখিনি ঠাইত তেনেকুৱা ভাল গিফ্টৰ একো দোকান নাছিল তেতিয়া যদিও এতিয়াও নাই ৷ তথাপিও অলপ আগুৱাই গ'লো ৷ নাই ৷ একো নাই ৷ মনতে ভাবিলো 'পিছতে কিবা এটা দিব লাগিব' ৷  আহিলো ঘুৰি কুইক পিকলৈ ৷ তেনেকুৱাতে দেখিছো সকলোৱে কাগজ এখন চাই আছে ইটোৰ পৰা সিটোৱে টানি ৷ অংকুৰ দায়ে ৱালেটটো উলিয়াই লৈছে ৷ ওচৰলৈ আহি গম পালো বিল হৈছে ১৬৫০ টকা ৷ তেওঁ ব্যস্ত কণ্ট্ৰিবিউচনৰ হিচাপত ৷ সকলোৰে ভাগত কিমানকৈ পৰিব হিচাপ কৰি আছে ৷ মই দেখি অবাকটেড্ ৷ উৱা… এয়া বাৰ্থডে পাৰ্টি নাছিল মানে ৷ আজিলৈকে এনেকুৱা দেখা নাই ক'তো ৷ যাৰ বাৰ্থডে থাকে সিয়েটো দিয়ে ৷ এয়া নতুন ট্ৰেণ্ড নেকি! 

-"টু চেভেণ্টি ফাইভ্ পাৰ পাৰ্চন দেই ৷ এই থ্ৰী হাণ্ড্ৰেড মোৰ হা…" বুলি টকা তিনিশটা টেবুলত থ'লে ৷ ইফালে মই আৰু অংকুৰদা বিচুৰ্তি খাইছোঁ ৷ মানে ইমানদিনলৈ আমি এনেকুৱা বাৰ্থডে খাই পোৱা নাছিলো ৷ মানে একো গম নোপোৱাকৈও বহুতৰে বাৰ্থডে খালো যদিও কাৰো বাৰ্থডে বুলি কোৱাৰ পিছত 'কণ্ট্ৰি' কৰি পোৱা নাই ৷ আজি কিবা ওলোটা ওলোটা লাগিল ৷ ইফালে মাহৰ শেষ ৷ হাতত কিমান আছে নাজানো এটিএমতো পইচা নাই ৷ সকলোৰে ফালে লক্ষ্য কৰিলো ৷ সকলোৰে মুখত আচহুৱা চাৱনি এটা প্ৰকট হৈ পৰিছে ইতিমধ্যে ৷ একপ্ৰকাৰৰ পৰিস্থিতিটো সহজ কৰিবলৈ মইও এশ টকা তিনিখন উলিয়াই দি অংকুৰদাৰ ফালে চালো ৷ মোৰ চাৱনিত সি বুজি পালে মোৰ তলি উদং ৷ লগে লগে সিও টকা তিনিশ উলিয়ালে ৷ 
হঠাৎ ফোন এটা আহিল সেইখিনি সময়তে ৷ 'ৱাচ-ৰূম'ৰ ফালে আগবাঢ়িছো ফোনটো কাণত লৈ ৷

-"আব্বে চন ক'ত আছ বে!",ফোনটোলৈ চালো আনন'ন নম্বৰ ৷ মাতটো চিনাকী যেন লাগিছে ৷
-"কোন বে?"
-"আব্বে আমাক খুৱাবলৈ পইচা নাথাকে তোৰ ৷ এতিয়া ছোৱালীৰ লগত পাৰ্টি কৰি আছ বে, ন!"- একপ্ৰকাৰৰ ধমক দিয়াৰ দৰেকৈ ক'লে ৷
-"** আহি যা 'কুইক পিক'ত আৰু মোৰ ***** খাই যাবি আহ্" বুলি চিঞৰি দিলো ৱাছ ৰূমৰ ভিতৰৰ পৰা ৷ ৱাছৰূমৰ ভিতৰৰ সৰু 'এগযষ্ট' ফেনখনৰ ঘৰ ঘৰ শব্দত মোৰ চিঞৰবোৰ কোনফালে নিলে চাবলৈ চেষ্টা কৰিলো ৷

ৱাচ ৰূমৰ পৰা ওলাই সকলোকে ইমাৰজেঞ্চী ফোন এটা অহা বাবে এতিয়াই এৰিব লাগিব বুলি ক'লো ৷ লগতে সেমেনা সেমেনিকৈ তেওঁক ক'লো,
"তোমাৰ গিফ্টটো মই পিছত দিম হা ৷ আগতে গম পোৱা হ'লে কিবা এটা লৈ আনিলোহেঁতেন! পিছত গম পালো যে সেয়ে…"
-"একো নাই হ'ব অ' ৷ তুমি আহিলা যে সেয়ে ভাল লাগিল ৷ গিফ্টটো দিবাই মই জানোঁ"- তেওঁ লেনিয়াই লেনিয়াই ক'লে, "লাষ্ট ফটো এখন উঠো আকৌ সৱেই…" বুলি কোৱাত অংকুৰদাই অলপ অপ্ৰস্তুত হৈয়ে মাত দিলে এইবাৰ
-"মোৰ বহুত দেৰি হৈছে হে ৷ প্লীজ… আমি পিছত লগ পাম হা বাই…" বুলি কৈয়ে মোক একপ্ৰকাৰৰ টানি উলিয়াই আনিলে বাহিৰলৈ ৷

ৰবীন্দ্ৰ ভৱনৰ কাষলৈকে আমি কোনেও একো নোকোৱাকৈ আহি আছো ৷ ৰবীন্দ্ৰ ভৱনৰ সমুখতে থকা এটিএমটোৰ ওচৰ পাইহে ইটোৱে সিটোৰ মুখলৈ চাইছো ৷ মাহটোৰ শেষত ৰৈ যোৱা টকা পাচশ উলিয়াই আমি দুয়ো হাঁহিছো ৷ চিঞৰি চিঞৰি হাঁহিছো…

"আব্বে… আমি বাৰ্থডে নহয়, বাহ খালো বে…পূৰা তিনিশ টকাৰ বাহ… প্ৰথমটো বাহ জীৱনৰ…"


(কৰ'নাত মৰাৰ আগেয়ে জীৱনৰ ৰসবোৰ লিখিছো ৷ কাইলৈ মই মৰাৰ পিছত কিহক লৈ দুখ কৰিমনো! এইবোৰেই মজা জীৱন জীয়াৰ ৷)

আত্মবিশ্লেষণ…


১)

-"তোমাৰ ঘৰ ক'তনো?" বৰ হেপাঁহেৰে বহুতে প্ৰায়ে এইটো প্ৰশ্ন কৰে  ৷ তেওঁলোকৰ হেপাঁহখিনিৰ আঁৰৰ কথকতাখিনি মই জানো ৷ তাৰ পিছতো কথাবোৰ তেওঁৰ সৈতে কথাখিনি দীঘলীয়া কৰিবলৈ মই উত্তৰ দিওঁ অসমতে বুলি ৷ কেতিয়াবা কিছুসংখ্যকে ব'ৰ খায় ৷ একো নোসোধে ৷ কিন্তু তাৰপিছতো যিসকলে আকৌ কথা পাতিবলৈ মন কৰে মই সকলো কওঁ ৷ আমি মানুহৰ মাজত থাকি ভালপোৱা মানুহ ৷ প্ৰতিজনৰে মনটো এবাৰ পঢ়ি চাব খোজো ৷ আমি চিধা মানুহ ৷ চিধাচিধিকৈ সকলো কথাই কৈ পেলাওঁ ৷ মনত কাৰো প্ৰতি বেয়া ভাৱ নাই ৷ জীৱনটোনো কি? আজি আছোঁ, কাইলৈ নাই ! সেয়ে জীৱন সম্পৰ্কে ডাঙৰ ধাৰণা এটা লৈও নুফুৰোঁ ৷ প্ৰতিটো পল 'উদযাপন' কৰি কটাই দিব খোজা মানুহ আমি ৷ 
আচ্চা, দেখিলেনে… কি কথা পাতি আছিলোঁ ক'লৈ গৈ পালো চাওঁকচোন ৷ প্ৰব্লেম এইটোৱেই মোৰ ৷
'টু দি পইণ্ট'ত কথা নাথাকেই ৷ ইটোৰ নেগুৰত ধৰি সিটো কথা, সিটোৰ নেগুৰত ধৰি আকৌ এটা নতুন কথা ৷ আচলতে 'মই' মানুহটোৱেই লিংক নথকা ৷ এই যে আপোনালোকৰ এটা এটা পৰিচয় আছে 'অমুক', 'তমুক' বুলি ৷ 'আমুক', 'তামুক' নামেৰে সৈতে এটা বিশেষ ব্যক্তিত্ব আছে ৷ সেয়াই আপোনাৰ আৰু মোৰ ক্ষেত্ৰত ব্যতিক্ৰম ৷ মই একো নহয় ৷ ক'বলৈ গ'লে এটি বোজা হৈহে আছোঁ এই পৃথিৱীত ৷ এইখিনিলৈ পঢ়ি আপোনাৰ হয়তো হাঁহি এটি বিৰিঙি গৈছে ওঁঠত ৷ হয় নে? নহয়??? জানোঁ নহয় বুলি… কিন্তু মোৰ হাঁহি উঠিছে ৷ কিয় জানেনে? আমি আচলতে কোনেও গমেই নাপাওঁ কোনে কি কৰি আছোঁ ৷ কথাতো এনে ধৰণৰ… আগতে এইবোৰ কথা (মানে মই যি যি লিখি আছোঁ আপুনি যি পঢ়ি আছে) ক'বলৈ কোনো নাছিল, কিন্তু শুনিবলৈ ভাল বন্ধু এজন আছিল অথবা পৰিয়ালৰ মানুহকেইটা আছিল ৷ আজিকালি 'পৰিয়ালকেন্দ্ৰিক' মানুহবোৰ নোহোৱা হ'ল ৷ সচাঁ-মিছাৰ সত্যতা ভবাৰ অৱকাশ নোহোৱা হ'ল ৷ তাতোকৈ ডাঙৰ কথা, কোনেও কাৰো কথা শুনিবলৈ সময় নথকা হ'ল ৷ অভাৱ ৷ অভাৱে মানুহক শিকায় যায় ৷ আমাকো শিকালে, ভাৰ্চুৱেল পৃথিৱীত নিজকে কিমান ভল্টৰ পোহৰেৰে জিলিকালে আমি 'এটেনচন্' পাবলৈ সক্ষম হওঁ, কি কি কথাবোৰে আমাক 'ট্ৰেণ্ডিঙ'ত ৰাখিব পাৰে,  কেনেকৈনো মই 'মই' হৈ থাকিব পাৰোঁ ইত্যাদি ইত্যাদি ৷ মই ভাল কথা নপঢ়ো, মই ভাল বস্তু গুৰুত্ব নিদিওঁ, ভাল গীত নুশুনোঁ, ভাল কামক প্ৰাধান্য নিদিওঁ ৷ কিয় জানেনে? তেতিয়া আমি 'থ'ৰি না' ট্ৰেণ্ডিঙত থাকিম! 'থ'ৰি না' আমাক আপুনি 'এটেনচন্' দিব!

আৰু হ'ল বুলিনো ইমান চিৰিয়াচ হোৱাৰ প্ৰয়োজন নাই হে ৷ হয় নাই কওঁক! আমি কলা ভাল নাপাওঁ, আমি কবিতা নুবুজো, আমি কিতাপ নপঢ়োঁ ৷ কিন্তু আমি এটা কথা জানোঁ যে দুনীয়াত যিটো হৈ আছে সেইটোক মিলাই চলিব লাগিবই ৷ ঘণ্টাত সলনি হয় ট্ৰেণ্ড আজিকালি ৷ চাওঁক মই আকৌ যা তা কৈ আছোঁ… বাদ দিয়ক, বাদ দিয়ক…!

-'অহ্ মোৰ ঘৰ সচাঁকৈ গোটেই অসমতে ৷ ঘৰটো লৈ থ'ৰি না মৰি যাম ৷ আপোনাৰ মনটোত যদি মোৰ বাবে অকণ মৰম আছে সেয়াওঁ মোৰ ঘৰ না ৷ চাওঁক মই চিধা মানুহ ৷'

২)

-''তুমি উপাধিটো কি লিখানো?" তাই সুধিছিল বৰ আগ্ৰহেৰে ৷ কিন্তু কিহৰ স্বাৰ্থত মই নিজকে উদঙাই দিওঁ! কওঁ বুলিও যে ক'ব নোৱাৰা বহু কথা ৷ কিন্তু কাৰ স্বাৰ্থত? জনাই জানে মোক ৷ ক'ব নালাগে ৷ নকওঁ বুলিয়েইতো লিখা নাই উপাধিটো ৷ অহ্ কথাটো বুজিলোঁ, এই যে আপোনালোকৰ 'আপাৰ আছাম-ল'ৱাৰ আছাম'ৰ যুঁজখনত মই নিমাতে থাকোঁ, এই যে 'আহোম-কলিতা'ৰ যুঁজবোৰত মোৰ মুখ বন্ধ থাকে, 'হিন্দু-মুছলিম'ৰ ছ' কল্ড কাজিয়াবোৰত মোৰ যে ন' কমেণ্ট! সেয়াই কাৰণ নে? সেয়ে গাটো জ্বলে নহয় আপোনালোকৰ ৷ মই বুজোঁ ৷ এইখিনি পঢ়িও চাগে গাটো বিজবিজাইছে আপোনাৰ ৷ হয়নে? হয় ৷ কিন্তু কি জানে? বাদ দিয়কহে…!

এই যে মই লিখি গৈছোঁ, আপুনি পঢ়ি গৈছে ৷ এসোপামান জাৱৰৰ বাহিৰে ইয়াত কি আছেনো কওঁক ৷ কেজি দৰত এইবোৰ বিক্ৰী হ'ব পৰাকৈও যোগ্য নহয় ৷ কিন্তু লিংক নথকা কথা কিছুমান মাজে মাজে পাগুলি ভাল লাগে মোৰ ৷ ঠিক 'চিৰিয়াছ' বুলি পঢ়িব পৰাকৈও একো নাই ৷ 'আৰ ইউ কমেডী মি' বুলি হাঁহিব পৰাকৈও ইয়াত একো নাই ৷ কেৱল কিছুমান লাইন লিখিছোঁ, নিজৰ কথাকেই লিখিছোঁ, নিজৰ মনৰ কথাবোৰে লিখিছোঁ ৷ চাওঁকচোন ক'ৰ পৰা কি পালোগৈ আকৌ…

ঠিক আছে ৷ কৈয়ে দিওঁ, "মই অসমীয়া হয় ৷ মোক এনেকৈয়ে থাকিবলৈ দিয়ক ৷" মই আপোনালোকৰ দৰে ঢৌটোতে খৰটো মিলাই চলিব নাজানোঁ ৷ অইন সকলৰ দৰে জাতীয়তাবাদৰ নিচান দেখুৱাই দহোটা কথা ক'বও নাজানোঁ ৷ মনটো মেইন মোৰ ৷ কেতিয়াও বান্ধি ৰাখিবও নোৱাৰোঁ ৷ ভালটো ভাল আৰু বেয়াটো বেয়া বুলি চিধাই কৈ দি বহুতৰে লগত বেয়া হোৱাটো তেনেই সাধাৰণ কথা মোৰ বাবে ৷ সেয়ে বহুতে বেয়া পায় কথাবোৰ মোৰ ৷ 

হোষ্টেলৰ দাদা এজনে বহুত আগতেই কৈছিল, "বিশ্লেষণবোৰ সদায় নিৰ্মোহ হ'ব লাগে ৷"

স্ফুৰ্তি…

স্ফুৰ্তিনো কাৰ নালাগে! মনটো ভাল থকাৰ সমান আটাইতকৈ ডাঙৰ স্ফুৰ্তি একো নাই হয় নাই কওঁক… 

এই যে লক্ ডাউনৰ মাজত আপুনি কেক এটা বনাইছে কোনো আয়োজন নোহোৱাকৈ, ইয়ো এটা স্ফুৰ্তি ৷ এই যে ফুলৰ গছ দুডালত পানী দিছে, বেলকনিলৈ অহা শালিকাযুৰিলৈ চাউল কেইটিমান চটিয়াই দিছে ৷ কাষতে থকা গছডালৰ কোনো এটি ফেৰেঙনিত চৰাইৰ বাহটো দেখি আপুনি মনতে আনন্দ লভিছে সেয়াই স্ফুৰ্তি হয় নাই কওঁক…

আচাৰৰ বটল দুটা ৰ'দাইছে ৷ সময়ে সময়ে বিচনাৰ তুলি তোচক ৰ'দত মেলি দিছে, ফেনকেইখন চাফা কৰিছে,খিচিৰ মিচিৰ হৈ থকা আলনাডাল পৰিপাটী কৰিছে, টিভি টেবুলৰ কাষৰ ধুলিখিনি পৰিষ্কাৰ কৰি দিছে আপোনাৰ মনটো স্ফুৰ্টি লাগিছে হয় নাই কওঁক…

বুটৰ দাইল দুটামান তিয়াই থৈছে আগতীয়াকৈ, নহৰু-আদা-পিয়াজৰ বাকলি গুচাই আপুনি কিবা এটি গুণগুণাই টাৱেলখন লৈ আপুনি বাথৰূমত সোমাইছে ৷ শ্বাৱাৰটো থকাৰ পিছতো আপুনি বাল্টিটো ভৰ্তি কৰিবলৈ নলটো খুলি লৈ ফেচৱাছটো বিচাৰিছে ৷ আপোনাৰ মনটো স্ফুৰ্তি লাগিছে হয় নাই কওঁক…

চেম্পুৰ মিহিকৈ উৰি ফুৰা গোন্ধ এটা লৈ আপুনি কিচ্চেনত সোমাইছে ৷ ফলা বুটৰ দাইল, ফ্ৰেঞ্চ বিন ৰ ভাজি আৰু বইল ডিমটোৰ সৈতে আপুনি দুপৰীয়াটো পাৰ কৰিছে ৷ গাৰু শিতানত থকা প্ৰিয় কিতাপখন মেলি আজি আপুনি চাৰিটা পৃষ্ঠা পঢ়োতে টোপনি আহিছে ৷ সাৰ পোৱাৰ পিছত আপোনাৰ মনটো কিবা এটা স্ফুৰ্তি লাগিছে হয় নাই কওঁক…

হয় নাই কওঁক এতিয়া আপোনাৰ একাপ গৰম চাহ খাবলৈ মন গৈছে অথচ উঠি গৈ চাহ কৰিবলৈ মন যোৱা নাই! তৎমুহুৰ্ততে আপোনাৰ মনলৈ আহিছে এতিয়া কি কৰোঁ!!! অলস ভাৱে আপুনি ম'বাইলটো গাৰুটোৰ সিটো ফালে বিচাৰিছে ৷ 'ইনষ্টা' খুলি ষ্টৰী দুটামান চাই আপুনি পুৱাই দি থোৱা ষ্টেটাচটো কিমানে চাইছে লক্ষ্য কৰিছে ৷ আপোনাৰ নিজৰেই হাঁহিটো ফটোখনত চাই এটা হাঁহিয়ে খেলাই গৈছে দুওঁঠ ৷ এতিয়াও আপোনাৰ মনটো স্ফুৰ্তি লাগিছে হয় নাই কওঁক…

টিভিটো অন কৰি দেশৰ খবৰ বাতৰি লওঁ বুলি দিছে অসমীয়া নিউজ চেনেলত ৷ আপুনি চাই আছে, আপোনাক দেখুৱাই আছে ৷ সামাজিক দূৰত্ব, ৰিলিফৰ চাউল, পঞ্চায়তৰ দুৰ্নীতি… ব্লা ব্লা ব্লা…… নিউজ ৰীডাৰে চমু বাণিজ্যিক বিৰতি ঘোষণা কৰিছে ৷ আপুনি ৰিম'ৰ্টটো উঠাই ল'ব খুজিছে ৷ তেনেতে আপুনি লক্ষ্য কৰিছে নিউজতকৈ এডভাৰটাইজটো আপোনাৰ পচণ্ড হৈছে ৷ 'পেনিক' কৰি ৰখা সময়খিনিত আপোনাক ভাল লগাই দিছে এড্ টোৱে ৷ আপোনাৰ মনটো স্ফুৰ্তি লাগিল হয় নাই কওঁক…

সময়টোলৈ লক্ষ্য কৰিছে এপাকতে ৷ পেটটোৱে কলমলাইছে ৷ কাষতে থকা বটলটোৰ পৰা পানী এঢোক গিলি আপুনি ফেচবুকটো খুলি লৈছে ৷ টিভিত হৈ থকা বিতৰ্কবোৰৰ চাউণ্ড সৰু হৈ গৈছে ৷ কমেণ্টৰ কথাবোৰৰ 'আৱাজ' আহিছে ৷ আপুনিও 'আৱাজ' ৰাখিছে ৷ ন'টিফিকেশ্যনৰ ওপৰত ন'টিফিকেশ্যন আহিছে ৷ আপুনি ব'ৰ খাইছে তাকে দেখি ৷ স্ক্ৰ'ল কৰি তললৈ গৈ আছে, গৈ আছে, গৈ আছে আপুনি ৷ হঠাৎ এটা ৱেব প'ৰ্টেলৰ নিউজ দেখিলে 'লক্ ডাউন পাৰ্ট টু' আপুনি প্লে কৰিছে ৷ মনটো ভাল লাগিল, এতিয়া আপোনাৰ স্ফুৰ্তি লাগিল হয় নাই কওঁক…

দুখন ৰুটিৰ সৈতে ফলা বুটৰ দাইল এবাটি লৈ আপুনি ৰাতিটোৰ সামৰনি মাৰিছে ৷ বাচনখিনি বেচিনতে পেলাই থৈ টিভিটো অফ্ কৰিছে ৷ নেটফ্লিক্স, এমাজ'ন, টিভিএফ্, ইউটিউব, এম এক্স প্লেয়াৰ, হটষ্টাৰ সকলোতে এপাক ঘুৰি আহি গাৰুটো ভালকৈ সাৱটি লোৱাৰ সময়তে লক্ষ্য কৰিছে নিশা দুই বাজিবৰ হ'লেই ৷ হ'লেও বেয়া লগা নাই ৷ আপোনাৰ মনটো স্ফুৰ্তি লাগিল কিবা এটা হয় নাই কওঁক…

কথাবোৰ এনেকুৱাই ৷ এই যে স্ফুৰ্তিটো লাগিল আপুনি-মই 'মজা' ল'লোঁ ৷ তাতেই স্ফুৰ্টিটো সোমাই আছিল সদায় ৷ কামৰ হেচাঁত ল'ব নাজানিছিলোঁ বা ল'বলৈ পাহৰিছিলোঁ ৷ চেষ্টা কৰিলে সদায় পাৰিব ৷ অভ্যাস এটা সলনি হ'বলৈ একৈশদিন লাগে মাত্ৰ ৷ ট্ৰাই কৰি চাব পাৰে ৷ মই নহয় 'জিতু ভাইয়া'ই কৈছিল ৷ ক'ত কৈছিল কিয় কৈছিল জনাই জানে নজনাখিনিক কৈ দিম বাৰু ৷ কিন্তু এইটো পঢ়ি কেনে লাগিল জনাব হা ৷ ময়ো এইবোৰ কৰিয়ে স্ফুৰ্তি পাওঁ ৷ হয় নাই কওঁক…

-"অ…আকৌ"

চাৰপ্ৰাইজ


নিজৰ প্ৰিয়গৰাকীক চাৰপ্ৰাইজ দি পাইছেনে কেতিয়াবা? এই ধৰক বাৰ্থডে চাৰপ্ৰাইজ, এনিভাৰ্চেৰী চাৰপ্ৰাইজ, ব্লা ব্লা ব্লা… ধেইত্ কি যে সুধিলোঁ! আৰে দস্তুৰমত পাব না…

ময়ো এবাৰ চাৰপ্ৰাইজ দিবলৈ চেষ্টা এটা চলাইছিলোঁ ৷ মাজতে আমাৰ সম্পৰ্কটো একেবাৰে ভাগি যোৱাৰ দৰেই হৈছিল ৷ লাহে লাহে যেনিবা আকৌ আগৰ দৰে নহ'লেও যোৰা টাপলি মাৰি কিবাকৈ 'হেন্দেল' কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ ৷ 'সম্পৰ্ক'বোৰ বাৰু manpower management ৰ ক্লাচ লৈ কৰিব পৰা বস্তু নে আৰু! যা হওঁক, মোৰ ফালৰ পৰা সম্পূৰ্ণ উজাৰি দি তেওঁক কাতৰ অনুৰোধ কৰিছিলোঁ যাতে মোক সেই সময়ত তেনেকুৱাকৈ এৰি থৈ নাযায় ৷ প্ৰভুভক্ত কুকুৰৰ দৰে আচৰণ কৰিছিলোঁ নিজৰ ভুলৰ প্ৰায়চিত্ত বিচাৰি ৷ নকৰিবলগীয়া একোৱেই নাছিল চাগে ৷ বোধকৰোঁ তেখেতৰো মগজুটোত অলপ 'সহানুভুতি' নামৰ শব্দটোৱে দোলা দিছিল ৷ এদিন খবৰ দিলে যে ''ঠিক আছে এদিন আকৌ লগ হওঁ ৷ কি কথা থাকি গ'ল মোক জনাবি ৷ লগত মোৰ বেষ্ট ফ্ৰেণ্ড থাকিব'' ৷ 
মোক আৰু কি লাগে! মই পৃথিৱীৰ সুখী মানুহ সিদিনা একপ্ৰকাৰৰ ৷ আৰে নহ'মেই বা কিয়; যাক দিনটোত এবাৰ মাত্ৰ দেখা পাবলৈ মই পগলা হৈ থাকিছিলোঁ ৷ যাৰ মাতটো শুনিয়েই মই প্ৰথম প্ৰেমত পৰিছিলোঁ জীৱনৰ ৷ যাৰ এটা 'ফৰৱাৰ্ড মেচেজ'কে দিনটোত উৰাই ঘূৰাই পঢ়ি নিজক বিলীন কৰি দিছিলোঁ 'তুমি তুমি ভাৱনা'ত ৷ সেইগৰাকীয়ে যোৱা ছয়টা মাহে ফোন এটাটো বাদেই ৰাস্তাত দেখা পালেও ছাটিটো ঢাকি পাৰ হৈ যায় ৷ হোষ্টেলৰ সমুখত মই ৰৈ থকা গম পাই ওলোৱা সোমোৱা সময়কণেই সলনি কৰি লৈছিল ৷ ইমানবোৰৰ পিছতো যেতিয়া ক'লে 'লগ কৰাৰ কথা' মোৰ কেনেকুৱা লাগিব পাৰে আপুনি অনুভৱ কৰক! উফ্… মই বুজাব নোৱাৰিম ! 

মই উন্মাদ একপ্ৰকাৰৰ ৷ আমাৰ হোষ্টেলৰ দুজন মোৰ ভাল বন্ধুক কথাটো জনালোঁ ৷ সিহঁতে কিছু সকাহ পালে মোৰ সেই সময়খিনিৰ আগৰ অৱস্থাটো দেখি ৷ সিহঁতেও ভাবিলে আকৌ ঠিক যাব সম্পৰ্কটো আমাৰ ৷ মোক বুজালে লগ পালে কি বুলি,কেনেকৈ ক্ষমা খুজিম ৷ এজনে শ্বাহৰুখ খানৰ 'ডায়লগ' কিছুমান মনত ৰাখিবলৈ প্ৰেক্টিছ কৰালে ৷ দুটা দিন সম্পূৰ্ণ ডায়লগ প্ৰেক্টিছ কৰি 'প্ৰেজেণ্টেচন'ৰ বাবে সাজু হ'লোঁ ৷ 'ট্ৰেজিক হিৰো'ৰ লুকটো সলনি কৰি 'কুল' লুক এটা ধাৰণ কৰিলোঁ ৷ হোষ্টেলৰ এজনে মোৰ চুলিত ফনী ব্যৱহাৰৰ অভ্যাসটো সলনি কৰাই আঙুলিকেইটাৰে উঠাই ৰাখিবলৈ অভ্যাস কৰোৱাৰ লগতে 'Set Wet' জেলৰ ব্যৱহাৰ কৰিবলৈ উপদেশ দিলে ৷ আইনাৰ সমুখত দুটা ৰাতি শ্বাহৰুখ খানৰ ভংগিমাৰে নিজকে কল্পনা কৰিলোঁ ৷ ভাবিয়েই ল'লোঁ যে সম্পৰ্কটো আকৌ ঠিক হৈ গ'ল! তেওঁ পুনৰ মোৰ জীৱনলৈ আহিল ৷

লগ কৰা দিনটোৰ আগৰ সন্ধিয়াটো আমি লগৰকেইটাই আড্ডা দি থাকোতে ঘপহকৈ মনলৈ আহিল যেন কিবা এটা ৰৈ গ'ল ৷ ইমানদিন পিছত লগ কৰিম যেতিয়া 'আৰু অলপ' কিবা এটা সাল সলনি যেন ৰৈ গৈছে ৷ তেনেতে মনলৈ আহিল 'চাৰপ্ৰাইজ'ৰ কথা ৷ লগৰ দুজনক ক'লোঁ,
"ভাই কালি এটা হেল্প কৰ প্লীজ ৷ মই তাইক চাৰপ্ৰাইজ দিম ৷ তহঁতে দুয়ো নিজৰ গাৰ্লফ্ৰেণ্ডক লগ ধৰ আমি সৱেই 'নেহৰু' যাম ৷ তহঁত আগতীয়াকৈ গৈ তাত বহি থাকিবি আমি পিছে পিছে ওলামগৈ ৷ দেখিলে হঠাতে লগ পোৱা বুলি ক'ম ৷ মই অকলে কিমান আৰু 'ছ'ৰি' ক'ম! তহঁত থাকিলে মোৰ অলপ সুবিধা হ'বদেচোন ৷ সুযোগ মিলাই তহঁতেও মোৰ হৈ দুই এটা ডায়লগ দি দিবি ৷ মোৰ 'ইজি' হ'ব প্লাছ তই নতুনকৈ চিনাকী হোৱা ছোৱালীজনীৰ লগতো মোক সন্দেহ কৰে গতিকে কাইলৈ খোলা খুলিকৈ কৈ দিম সকলো ৷ না ৰহেগা ডাউট, বচ যায়েগা ৰিলেচনশ্বিপ ৷ কেৱল পানবজাৰৰ পৰা ৰেড্ ৰ'জ এটা লৈ থ'বি দহটকীয়া ৷ তাই গোলাপ বহুত ভাল পাই বে ৷ প্লীজ…"
সিহঁতেও কথা বতৰা পাতি সকলো মেনেজ দি কথা দিলে ৷ ময়ো ৰাতি শোৱাৰ আগত তেওঁৰ নম্বৰত মেচেজ এটা ড্ৰপ কৰি দিলোঁ 'কাইলৈ চাৰে তিনি বজাত 'নেহৰু পাৰ্ক'ত লগ পাম' বুলি ৷ সিফালৰ পৰা এপ্ৰুভড্ হোৱাত 'হিয়াত এপাহি গোলাপ' গানটো শুনি শুনি শুই গ'লোঁ ৷

পিছদিনা আবেলি আমি একেলগেই আগবাঢ়িলোঁ ৷ তেওঁৰ লগৰজনীৰ লগত পিছে পিছে ৷ মই আগে আগে 'চিজি' ৰ আগেদি ৰাস্তাটো পাৰ হওঁতে এপাকত পিছলৈ চালোঁ ৷ নাই পৰা নাই ৰাস্তাটো পাৰ হ'বলৈ ৷ মনটোৱে ক'লে 'যা ভাই পাৰ কৰাই লৈ আহ' পিছমুহুৰ্ততে ক'লে 'নাযাবি ভাই, যোৱা ছটা মাহে এনেয়ো এইটো ৰাস্তাৰে অকলেই কলেজ অহা যোৱা কৰিছে পাৰিব' ৷ নগ'লোঁ ৷ কিছুসময় পিছতে আহিল কোনোমতে ৰাস্তাটো পাৰ হৈ ৷ ফুটপাথটো পায়েই মোলৈ কথাৰ গুলীবৰ্ষণ, 'এনেকৈ হুদু চোৱাদি চাই আছ যে পাৰ কৰাই আনিব পৰা নাছিলি' ৷ একো নক'লোঁ ৷ সম্পূৰ্ণ মৌনব্ৰত ৰাখি নেহৰু অভিমুখে আগবাঢ়িলোঁ ৷

টিকট কাটি নেহৰুৰ বাওঁফালেদি আগবাঢ়ি ব্ৰীজখন পাৰ হ'লোঁ ৷ দূৰৰ পৰাই চাইছোঁ ইহঁতকেইটা মানে লগৰকেইটা ক'ত আছে ৷ পিছফালেও লক্ষ্য কৰিছোঁ যাতে তেওঁৰ পৰা দূৰত্ব বেছি নহয়, নহ'লে 'প্লেনিং' বুলি গম পাই যাব ৷ যা হওঁক নেহেৰুৰ 'পাজল'টোৰ কাষতে লগৰ চাৰিওটাই আড্ডা মাৰি থকা দেখি মোৰ মুখলৈ পানী আহিল ৷ লাহেকৈ ঘুৰি তেওঁৰ ওচৰলৈ পিছুৱাই আহিলোঁ ৷

-"আৰু কোৱা, ইমান দিন কি কি কৰিলা! মানে কেনেকৈ গৈছে?" প্ৰথম বাৰৰ বাবে মুখ খুলিলোঁ ৷

-"গৈছে ঠিক ঠাকে ৷ কিয় মাতিছিলি ক'? আৰু 'তই' ৰ পৰা 'তুমি' কিয় হ'ল? তই বুলিয়ে মাত ৷"
মনতে সকাহ এটা পালোঁ ৷ তেওঁ মানে সম্পৰ্কটো আকৌ আগবঢ়াব খুজিছে বুলি মনতে ৰস পালোঁ ৷ ভগৱানক দহবাৰমান ধন্যবাদ দিলোঁ মনতে ৷

-"নাই এনেয়ে মানে… মানে মই যিবোৰ কৰিছিলোঁ সেয়াটো ভুল আছিল বুলি মই মানি লৈছোৱেই ৷ প্লীজ ৰিলেচনটো ব্ৰেকআপ নকৰিবা ৷ আমি আকৌ আগৰ দৰে থাকিব নোৱাৰিমনে?", মোৰ দুখ-অনুৰোধ সংমিশ্ৰিত প্ৰশ্ন ৷

-"ভাবিব লাগিব ৷ বহুত হাৰ্ট হৈছোঁ মই ৷"

-"একো নাই সৱ ঠিক হৈ যাব… ৷ আৰে… ভাই……… ক'ৰ পৰা তহঁত? কি কৰিছ বে ইয়াত?" বুলি তেওঁক এৰি লগৰ দুটাক সাৱটি ধৰিলোঁ ৷ মনতে ভাবিলোঁ 'বচা ভাই, বচা মোক ৷ মই আৰু একো ক'ব নোৱাৰোঁ ৷ একো কথাই আগ বাঢ়িব নোখোজেচোন মোৰ আৰু' ৷ 

এজনে আগবাঢ়ি গৈ তেওঁৰ লগতে তেওঁৰ বেষ্ট ফ্ৰেণ্ডগৰাকীৰ লগত কথা পাতিলে ৷ পুৰণি চিনাকী সিহঁত ৷ মই আকৌ ইহঁতকেইটাক যেন আচৰিত হৈ চাইছোঁ ৷ যেন বহু দিনৰ মূৰত লগ পাইছোঁ দুয়োটাকে ৷ তেওঁক অলপ ইগন'ৰ কৰা যেন দেখুৱাই ইহঁত চাৰিওৰে লগত কথা পাতিলোঁ ৷ ভাবিলোঁ পৰিস্থিতিতো সহজ হৈ যাব লাহে লাহে ৷ আমি সকলো কথা পাতিম ভালকৈ ৷ মনৰ ভিতৰতে ডায়লগবোৰ আওৰাইছোঁ ৷ তেওঁক আৰু কি কি ক'ব পৰা যায় সকলোবোৰ 'ছিডিউল' কৰি ল'লোঁ ৷ প্ৰি প্লেন অনুযায়ী চিনাকী কৰাই দিব পাৰিলেই সুযোগ বুজি আকৌ এবাৰ সকলোৰে আগত প্ৰপ'জ কৰি দিম ৷ কিছুসময় তেনেকৈ কথা বতৰা হোৱাৰ পিছত এজনে তেওঁৰ লগত চিনাকী পৰ্ব আৰম্ভ কৰিলে ৷ মই যেন এইখিনি সময়লৈ বাট চাই আছিলোঁ ৷ লগৰটোৱে চিনাকী কৰাবলৈ আৰম্ভ কৰোতেই তাৰ মুখৰ পৰা কথা কাঢ়ি ল'লোঁ মই ৷ চিনাকী কৰাইছোঁ, "এয়া আমুক, ইয়াৰ গাৰ্লফ্ৰেণ্ড  আৰু এয়া আমুক, আমাৰ ঘৰৰ ওচৰৰ ৷ তই যে 'ডাউট' কৰি থাকিছিলি এয়াই তেওঁ ৷ হেন্দিকত পঢ়ি আছে…পল'চায়ে…ঞ্চ…

হঠাৎ লক্ষ্য কৰিলোঁ কৰবাৰ পৰা আহি তেওঁৰ সোঁহাতখনে মোৰ গালখন চুই গৈছে ৷ আস্… এয়া কি! ক্ষন্তেকপৰ পিছতে টনা আজোৰা ৷ মোক লগৰ এজনে টানি নিছে সিফালে ৷ তেওঁৰ বেষ্ট ফ্ৰেণ্ডে তেওঁক বাধা দিছে ইফালে অহাত ৷ একো তলকিব পৰা নাই ৷ দহ-বাৰ চেকেণ্ডৰ পিছত গম পালোঁ সেয়া এটা পূৰ্ণহতীয়া 'চৰ' আছিল ৷ এপাত পূৰ্ণহতীয়া চৰ মোৰ গালত ৷ অ' আই কি আচৰিত!!! 

দূৰত বহি থকাৰ পৰা লক্ষ্য কৰিলোঁ বগা কাগজখনৰ পৰা আধাকৈ ওলাই থকা এটা ৰঙা গোলাপ পৰি আছে ৷ সকলো চুপ চাপ হৈ বহি আছে ৷ তেওঁলৈ লক্ষ্য কৰিলোঁ তেওঁৰ চকুত চকুপানী ৷ খঙতে নাকৰ পাহি দুটা ফুলি আছে ৷ কেনেকুৱা ধুনীয়াজনী লাগিছে! লগৰ দুটালৈ চালোঁ এজনে ইফালে সিফালে চাই আছে ওচৰে পাজৰে থকা কোনোবাই আমাক দেখা পাইছে বুলি ৷ আনজনে তললৈ মূৰ কৰি ম'বাইলটো উলিয়াই লৈছে ৷ ইহঁত দুজনীয়ে যে সম্পূৰ্ণ অসহজ অনুভৱ কৰিছে মুখ চায়েই বুজি পালোঁ ৷

পৰিস্থিতিৰ উমান ল'বলৈ একো বাকী নাছিল ৷ বুজি পালোঁ তেওঁ লাজ পাইছে সমুখতে 'সন্দেহ'কৰা বুলি কোৱা বাবেই ৷ তাৰ মানে আকৌ এটা ভুল ৷ মনলৈ ভাৱ আহিল, "ৰিলেচনটো বাচিবগৈ নে!"

সম্পূৰ্ণকৈ তেওঁক আৰু একো কোৱা নহ'ল ৷ বেলিটো পৰি আহিছিল ৷ উভটনি যাত্ৰাত কোনেও মুখেৰে টু শব্দ এটাও উচ্চাৰণ নকৰিলে ৷ 'চাৰপ্ৰাইজ' দিবলৈ গৈ নিজেই 'চাৰপ্ৰাইজ' হৈ ঘুৰি আহিলোঁ ৷ হোষ্টেলত সোমাই সিদিনাই শপত খালোঁ চাল্লা জীৱনত কাকো 'চাৰপ্ৰাইজ' নিদিওঁ ৷ আৰে গৈছিলোঁ কি চিন্তা কৰি হ'ল কি? গোলাপ, চাৰপ্ৰাইজ, ফুচকা সকলো ফফৌ ফৌ হৈ গ'ল ৷

(কিছুমান এনেকুৱা মজাৰ ঘটনা থাকে জীৱনত সেয়ে জীৱনটো ভাল পাওঁ)

সুখবোৰ গিলাচত ঢালি লৈ খাব নজনাবোৰ আমি…

(১)
-'এতিয়াৰ পৰা ভালকৈ পঢ় ৷ জীৱনটো বৰ কষ্টকৰ ৷ আমাৰ দৰে কষ্ট তহঁতে যাতে কৰিব নালাগে, সেইবাবে কৈছোঁ ৷ ভালকৈ পঢ়িলেহে ডাঙৰ মানুহ হ'ব পাৰিবি ৷'

সেয়া মোৰ দেউতা ৷ সৰুৰে পৰা মানে মই জনা-বুজা হোৱাৰ পৰা বিএচচি শেষ নোহোৱালৈ (আনকি বিএছচি শেষ কৰি স্কুল এখনত কৰি থকা পৰ্যন্ত) মোক সদায় কৈ থকা কথাবোৰৰ অসম্পাদিত ৰূপৰ কিয়দংশ ৷ বোধকৰোঁ আপোনালোকৰ বহুতে শুনিছে এনেকুৱা কথাবোৰ নিজৰ অভিভাৱকৰ পৰা ৷ 
নাইবা আপুনি যদি অভিভাৱক, তেন্তে নিজেও আপোনাৰ সন্তানক এইদৰে বুজাইছে ৷

ডাঙৰ মানুহ…(!)

(২)
আমাৰ ভাড়াঘৰৰ এজন দাদা আছিল, যিয়ে নেকি ইউনিলিভাৰ(HUL) ডুমডুমাৰ কৰ্মচাৰী ৷ কৰ্মপটুতাৰ বাবে তেওঁৰ এটা নিজস্ব সুনাম আছিল, যিটো নেকি এতিয়াও আছে ৷ তেওঁৰ প্ৰায়ে আমাৰ স'তে কথা-বতৰা হৈছিল ৷ ভাড়াঘৰৰ প্ৰায়সংখ্যক লোকেই আমাৰ আপোন আছিল ৷ কথা-বতৰাবোৰৰ মাজত কেতিয়াবা যথেষ্ট ভাগৰুৱা হৈ আমাক কৈছিল-"বাবা, পঢ়া-শুনা ভালকৈ কৰা ৷ এতিয়াই কান্দি লোৱা,যাতে পিছত কান্দিব লগা নহয় ৷ আমাৰ দৰে যাতে কষ্ট কৰিব লগা নহয় ৷ ডাঙৰ হ'লে ডাঙৰ মানুহ হ'ব পাৰিবা তেহে ৷"

ডাঙৰ মানুহ…(!)

(৩)
-"মেট্ৰিকটো পাছ কৰি ঘৰোক যাবি দে ৷ দেউতাৰে বৰ আশা কৰি পঢ়েইছি তোক,যাতে ভালকে মেট্ৰিকটো পাছ কৰা ৷ পঢ় এ ভালকে  ৷ পঢ়িলিহে ডাঙাৰ মান্হু হ'বা পাৰবি ৷ কিমান আৰ ৰেডুটো খোচৰি থাকাহে! যা পঢ়গে ৷"

সেয়া মোৰ স্কুলৰ বাৰাণ্ডা গচকি নোপোৱা আইতা ৷ মই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মামাৰ ঘৰত থাকি পঢ়িছিলোঁ ৷ ৰেডিঅ'টো লগালেই মেট্ৰিকৰ আগত মোৰ আইতাই এইদৰে চিঞৰিছিল ৷

ডাঙৰ মানুহ…(!)

দেউতাই আজিকালি মোক সোধে কামলৈ ঠিকমতে গৈছোঁ নে নাই ৷ ঠিকমতে খোৱাবোৱা কৰিছোনে নাই ৷ 
দাদাজনে আজিকালি কয়-ভাল কোম্পানী বহুত আহিছে অসমত, এতিয়া আৰু তোমালোকৰ টেনচন নাই ৷ কৰি যোৱা ভালকৈ  ৷

আইতাই সোধে-'তই কি কৰি আছা এ আজিকালি?'
মই কওঁ-'ক'ম্পানী এটাত কৰি আছোঁ ৰহ ৷'
আইতাই প্ৰশ্নবোধক দৃষ্টিৰে আকৌ সোধে-' বিএছচি পাছ কৰি কোম্পানীতহে কৰি আছা নেকি (?)'

এতিয়া প্ৰশ্ন হয়,এই ডাঙৰ মানুহটো কি (!), যিটো মই হ'বই নোৱাৰিলোঁ ৷ টকা পইচা,মান মৰ্যদাৰে ভৰপূৰ হৈ থকা মানুহো পাইছো ৷ ফুটপাথত দোকান দি জীৱিকা অৰ্জন কৰি দুবেলা-দুমুঠি খাই থকা মানুহো পাইছো ৷ কিবা এটা কৰি কোনোমতে চলি থকা মানুহকো পাইছো আৰু একো এটা নথকাকৈ বহু বেছিৰ লেবেল দিয়া মানুহৰ লগতো কাম কৰিছো ৷ বহুত মানুহ লগ পাইছোঁ জীৱনৰ কম দিনতে ৷ সকলো মানুহক পঢ়ি চাব চেষ্টা কৰোঁ ৷ সকলোৰে এটা নিজস্বতা থাকে ৷ স্বকীয় ৷ কোনো মানুহ একে নহয় ৷ কিন্তু সকলোবোৰ মানুহক শাৰী পাতি যদি বহুৱাবলৈ দিয়া হয় তেন্তে মোৰ ডাঙৰ মানুহৰ শাৰীত চাগে স্পষ্টবাদী মানুহ কেইজনকেই বহুৱাম ৷ যাৰ সংখ্যা খুউব কম ৷ যি কেতিয়াও আপোচ নকৰে ৷ কিয় নাজানোঁ, তেনে মানুহবোৰৰ কোনো ৰাজনীতি নাই ৷ কৰিলে বিনা স্বাৰ্থই আপোনাক সহায় কৰিব ৷ এনে মানুহবোৰ এপেগ মদ খালেও বহুত উদাৰ হৈ নাযায় আৰু একো নেখালেও পেটত গাঠি দিবলগীয়া হৈ যোৱাৰ দৰে কথা নকয় ৷ এইবোৰ মানুহ সুখ-দুখৰ দোমোজাত থাকিলেও নিজকে কঠোৰ কৰিও নাৰাখে ৷ এওঁলোকৰ তথাকথিত এটিটিউড্ নাই ৷ কিন্তু মানুহে এইবোৰ লোকক বুজিব নোৱাৰে ৷ আচলতে বুজিব নোৱাৰে নে বুজিব নোখোজে সেয়া সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ধাৰণ কৰে ৷ স্পষ্টবাদিতাৰ বাবে এইবোৰ লোকক অইনবোৰে হয়তোবা ভয় কৰে ৷

লাখটকীয়া প্ৰশ্নটো হৈছে আপুনি নিজকে কি বুলি ভাবে?
সুখবোৰ গিলাচত ঢালি খাব নজনা আমি নিজেই গম নাপাওঁ আমি কি হয় ! আপুনি জানেনে কি হয়! ক'ব নালাগে নিজেই ভাবকচোন…

ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…

(ষষ্ঠ খণ্ড)


চাৰে ছয় মান বাজিছে ৷ ইমান পুৱাই মই এইফালে মানে কলেজৰ ফালে আগতে কেতিয়াও অহা মনত নপৰে ৷ অথচ কিছুমান কাম জীৱনত প্ৰথমবাৰৰ বাবে কৰাৰ মজাই সুকীয়া ৷ এই যে পুৱাও ইমান ধুনীয়া এটা পৰিৱেশ হৈ থাকে মইতো আজিৰ আগতে কল্পনাও কৰিব পৰা নাছিলোঁ ৷ 
লেবটোৰ সমুখতে চাৰি-পাঁচখনমান বাইক পাৰ্ক কৰি থোৱা আছে ৷ ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা ইক' হোৱা শব্দবোৰ পাকঘুৰণি খাই খাই বাহিৰ হৈছে ৷ চন্দনদাই বাৰিকদাক খেদি খেদি আনিছে কেমিষ্ট্ৰী লেবৰ ভিতৰৰ ফালৰ পৰা ৷ ফিজিক্স ৰ লেবটোৰ মাজৰ ডাঙৰ ডাঙৰ টেবুল বোৰ কালি ৰাতিয়ে ৱালখনৰ কাষলৈ চপোৱা হৈছে ৷ এতিয়া যথেষ্ট আহল-বহল হৈ পৰিছে ঠাইখিনি ৷ দুখনমান টেবুল বাৰান্দালৈও উলিয়াই দিছে ৷ লেবটোৰ গোটেইকেইটা কোঠাই ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে ডাৰ্ক ৰূমটোৰ বাহিৰে ৷ বাৰান্দাখনতো ৰঙীন কাগজৰ ত্ৰিভুজবোৰ কাটি কাটি ৰচিৰে ওলমাই থোৱা আছে ৷ লেবটোৰ সমুখতে দুয়োফাল দুটা কলপুলি পোতা আছে ৷ আমাৰ যোৱাকালি সেইটোৱেই মেইন কাম আছিল ৷ যিহেতু আমি জুনিয়ৰ হয়,গতিকে বজাৰ সমাৰৰ দায়িত্ব আমাক দিয়া হোৱা নাই ৷ কেৱল প্ৰতিটো টীমতে আমাৰখিনিক ৰাখিছেই সৰহকৈ ৷ কিয়নো অহাবাৰলৈ এইবোৰ কাম আমি কৰিব লাগিব ৷ এয়া এটা পৰম্পৰা বুলি আমাক বুজোৱা হৈছে ৷ এই পৰম্পৰা অটুট ৰাখিবলৈও আমাক এইকেইদিন শিকাইছে চিনিয়ৰবোৰে ৷ এতিয়া আমি সকলোৱে এটা পৰিয়ালৰ দৰে হৈছোঁ ৷ 

আজি সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অহাৰ দৰে ৷ এটা উখল-মাখল পৰিৱেশ চাৰিওফালে ৷ চিনিয়ৰ বাকেইজনীৰ লগতে আমাৰ লগৰ কেইজনীও আজি মেখেলা চাদৰ পিন্ধি আহিছে ৷ ল'ৰাবোৰেও জীনছটোৰ লগতে কুৰ্তা, কোনোজনে ফৰ্মেল, কোনোজনে মাৰ্জিত কেজুৱেল ড্ৰেছেই কৰি আহিছে ৷ মুখত এটা প্ৰাপ্তিৰ হাঁহি সকলোৰে ৷ প্ৰাণোচ্চল এটা মন লৈ সৌৱা পেগু দূৰৰ পৰাই আহিছে চিঞৰি চিঞৰি ৷ কান্ধত কিবা এটা মোনা উঠাই লৈ লাকী আলিৰ গান গাই আহি আছে ৷ মাজে মাজে উকিয়ায় ৷ মাজে মাজে আকৌ চিঞৰে,-"বিচকৰ্মা মাই কি! বিচকৰ্মা মাই কি! বিচকৰ্মা মাই কি!!!"
আমি কিবা কিবি কামৰ মাজত কথাটো কোনেও মন কৰা নাছিলোঁ ৷ হঠাৎ চন্দনদাই কোৱাতহে ভালকৈ শুনিলোঁ ৷ হয়তো ই "বিশ্বকৰ্মা মাই কি" বুলিহে চিঞৰি আহিছে ৷ সি কান্ধৰ পৰা মোনাটো লেবৰ বাৰান্দাতে থৈ ডিঙিত লৈ থকা গামোচাখনেৰে মুখখন মচি পানী এগিলাছ খুজিছে ৷ পানী গ্লাচ কোট্ কোটকৈ গিলি চিৰিটোতেই বহি গামোচাখনেৰে বা লৈ আছে ৷ তেনেতে চন্দনদাই পেগুক সুধিলে,
-'অই মিছিং পোৱালি, তই যে বিশ্বকৰ্মাক মা বনাই দিলি?' 
-'ঠিকেতো কলোং না ৷ আৰে চা, ওঠতটো লিপষ্টিকো লগাইছে, চুলি ভি দীঘল আছে ৷ দুৰ্গা যদি মা, চৰচতী যদি মা, কালী যদি মা হয়, বিচকৰ্মা কেনেকৈ মা নহ'ব ৷ ত' মাই এ হ'বো না!', পেগুৰ মাৰাত্মক যুক্তিত চন্দনদা অবাক হৈ ক'লে,
-'(অশ্লীল), অকৰা মিছিং অকৰাই হৈ থাকিবি ৷'

আমি গিৰ্জনি মাৰি হাঁহিলোঁ ৷ একপ্ৰকাৰৰ পেগুৰ চিন্তাক সন্মান জনাই আমি তাক 'Scientist' সন্মানেই দি দিলোঁ ৷

বিশ্বকৰ্মা পূজাৰ দিনা আমি চায়েঞ্চ ডিপাৰ্টমেণ্টেই মেইন ৷ গোটেই কলেজখনত ব্যতিক্ৰম এই পূজাভাগ পাতোঁ আমি ৷ আমি মানে অকলেই ৷ হায়াৰ ছেকেণ্ডাৰীৰ দুয়োটা বেটচ্ ৰ ল'ৰাই মিলি পতা পূজাত যেতিয়া গোটেই কলেজখনেই উবুৰি খাই পৰেহি দস্তুৰমত আমাৰ বুকুবোৰো অইনদিনাতকৈ দুই ইঞ্চি ফুলি থকাতো স্বাভাৱিক ৷ আমাৰেই এনে হৈছে যেতিয়া চেকেণ্ড ইয়েৰৰ ল'ৰাখিনি কিমান এনজয় কৰিছে চাওঁকচোন ৷

জুল'জী লেবৰ পৰা তললৈ ননমা চিনিয়ৰজনে আজি ৰাতিও তাতেই থাকিব বুলি কৈ দিছে ৷ ব'টানী লেবৰ প্ৰথম দুৱাৰখনৰ কাষত বহি আছে অইন এজন চিনিয়ৰ ৷ ডিডিচি এৰি যাবলৈ দুখ তাৰ লাগিলেই ৷ ফ্ল'ৰতেই শুই শুই কান্দিব ধৰিছে ৷ আকৌ মাজে মাজে উঠে আকৌ হাঁহি এটা মাৰি আকৌ কান্দিবলৈ লয় ৷ 
ইফাল জুল'জীৰ লেবত সোমোৱাজনে আওঁপুৰণি জঁকাটোকে সাৱটি পুৰণি প্ৰেম স্মৰণ কৰিছে ৷ মাজে মাজে জঁকাটো তাৰফালে ঘুৰাই লৈ সোধে,
-'তই মোক এবাৰলৈ কিয় নক'লি তোক মই বিহুৰ দিনাখনেই পলুৱাই লৈ গ'লোংহেঁতন! তই এতিয়া কেনেকে আছ' নাজানুং ৷ কিন্তু মোক চা, এইটুপি খালেই তোলৈ চেৰংকৈ মনত পৰি যায় ঐ ৷ তই মোক ডুবাই থৈ গ'লি ঔ ৷ মাৰি নগ'লি কিয়!!!" 
বুকুত ধকিয়াই ধকিয়াই কান্দিছে সি ৷ আমাৰ কেইজনমানে এইবোৰ দেখি লেবটোৰ তল ওপৰ কৰি ফুৰিছে ৷

দুপৰীয়া সময়খিনিত প্ৰায়খিনি মানুহেই আহিছে ৷ সকলো ডিপাৰ্টমেণ্টৰ ছাৰ-বাইদেউৰ পৰা আৰম্ভ কৰি লেবটোতনো এনে কি বস্তু আছে চাবলৈ বুলিও বহুতো ল'ৰা-ছোৱালী আহে ৷ চিনিয়ৰ দুজনৰ লগতে আমাৰ লগৰ দুটামান ওপৰলৈ উঠি যোৱা চিৰিটোৰ সমুখত বহি আছে ৷ পেগুক নেমু আনিবলৈ বজাৰলৈ পঠিয়াইছে ৷ মুঠতে সকলোৰে দৌৰা-দৌৰি ৷ ফিজিক্স লেবৰ ভিতৰৰ পৰা সকলোকে বুট-মাহৰ লগতে চাহ দিয়াই দি গৈছে ৷ কিছুমানে ওপৰলৈ লেবটো চাবলৈ যাও বুলি লৈ অহা আশাও এৰি তাৰ পৰাই উভটিব লগা হৈছে ৷

ঘটনাৰ আৰম্ভণি ৰাতিতেই হেনো ৷ সামৰণি হোৱাত বহুত পলম হৈছে ৷ মূৰ্তি আনিবলৈ গৈ ক'ৰবাত খালে ৷ যিহেতু কলেজত ৰাতিটো থকাৰ পাৰ্মিচন লৈয়ে থৈছিল গতিকে অসুবিধা নহ'ল একো ৷ দহটা মানলৈ বোলে ঠিকেই আছিল ৷ তাৰ পিছত হেনো ভাত খাবলৈ ওচৰৰে কাৰোবাৰ এজনৰ ৰূমলৈ যাওঁতে বাটতে পাই লোকেলটোকে বহুৱাই দি সামৰণি পৰালৈ কিছু দেৰি হৈ আছে ৷ যা হওঁক, সকলো ঠিকে ঠাকে হৈ যোৱাৰ পিছত ইহঁতবোৰক আগতে বিদায় দি চাফা কৰা পৰ্বত লাগিলোঁ ৷ প্ৰথমবাৰৰ বাবে এনেকৈ চাগে মই আৰম্ভণিৰ পৰা শেহলৈ কাম কৰিছোঁ ৷ কিন্তু এই 'ভাই-ভাই' দৰে সম্পৰ্কবোৰৰ পৰা 'ইউনিটী'লৈকে শিকিলোঁ আজিৰ দিনটোত ৷ টীম ৱৰ্ক কি হয় তাৰ আভাস পালোঁ ৷ যথেষ্ট ৰিস্কি চিটুৱেশ্বনটো ক'ভাৰ দিয়াৰ পৰা চলিউশ্ব্যন উলিওৱালৈকে এটা বিৰাট ডাঙৰ কামৰ অংশীদাৰ হ'বলৈ পাই ধন্য মানিছোঁ ৷

কাইলৈ পুৱাই মলয় পাল ছাৰৰ টিউচন আছে ৷ প্ৰথমটো ক্লাচ ৷ সিদিনা যাওঁতেই কৈ আহিছিলোঁ বিশ্বকৰ্মা পূজাৰ পিছদিনা আহিম বুলি ৷ সকলো খিনি সমাপ্ত কৰি পেগু আৰু মই সকলোকে মাত লগাই ওলাই আহিলোঁ কলেজৰ পৰা ৷

-"ভাই, তৌহ…কালি যাবিনে মলয় পালৰ তাত?" পেগুৱে সুধিলে ৷
-"যাব লাগিব ৷ ফাৰ্ষ্ট ডে মিচ কৰিবি নে!!!" আৰু ডায়ৰেক্ট নাম লৈছ যে' ছাৰ হয় তোৰ মোৰ লগৰ নহয়তো ৷ ছাৰ বুলি ক'বি ৷ তোক কিমান শিকাম বে!" বুজনি দি ক'লোঁ ৷
-"আৰে, আমি দুটাহে কথা পাতিছোঁ না ৷ থ'ৰি না কোনবা থাৰ্ড পাৰ্টি আছে ক'!'' সি ক'লে ৷
-"হ'লেও দেচোন ৷ নাপায় বে ৷ নক'বি ৷"
-"অকে ৷ ছ'ৰি ছ'ৰি ৷"
-"লেকিন মানুহটো জমণি আছে!" আপোনভোলা হৈ সি কৈ গৈ থাকিল গোটেই ৰাস্তাতেই ছাৰ কথা ৷

(ক্ৰমশঃ)

ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…

(পঞ্চম খণ্ড)

-"অই… দৰ্জা খোল, বাবা…বাবা… দৰ্জাখন ভিতৰৰ পৰা কিয় বন্ধ কৰি শুই থাক? উঠ্ উঠ্… ৰাতি কেইটাত শুলি…ঐ দৰ্জা নোখোল কিয়!"
-"অই দাদা, দৰ্জা খোল ৷ কলেজ আছে নাই আজি?"
-"বাবা…………দৰ্জাখন খোলচোন…"

এনেকুৱা কিছুমান শব্দ ক'ৰবাৰ পৰা উফৰি অহা শুনা যেন লাগিল ৷ আৰে, মইতো 'চুইচাইড্' কৰাৰহে কথা আছিল ৷ এতিয়া দেউতা  আৰু ভাইটিৰ মাত শুনিছোঁ ৷ মইতো চুইচাইড কৰিছিলোঁ! এয়া মানে কি হৈছে! মই সপোনত আছোঁ নে দিঠকত আছোঁ!!

টেবুলত কিতাপ মেলা থকাতেই মই মানে শুইহে গৈছিলোঁ ৰাতি ৷ দৌৰা-দৌৰিকৈ উঠি মই মোৰ ৰূমৰ দুৱাৰখন খুলি দিলোঁ ৷ দেউতা আৰু ভাইটিয়ে দুৱাৰত ঢকিয়াই আছে তেতিয়ালৈ ৷ ক'ৰবাৰ পৰা মাৰ গালি দুটামানো উফৰি আহিল,
-"বেলেগৰ ল'ৰা-ছোৱালী উঠি কামলৈ গ'ল ৷ আমাৰ লাট চাহাবৰ উঠিবৰে হোৱা নাই ৷ ঐ চা,তোৰ লগৰ ল'ৰাই বিয়া পাতি সংসাৰ কৰিছে ৷ সৌ আকাশটো পুৱাই বাগানলৈ গ'ল ৷ তই ইমান দেৰিকৈ উঠনে? লাজ বোলা বস্তুটো অলপো নাই ৷ পঢ়া-শুনাটো নায়েই ৷ একে হৈছ গোটেই বাপেৰ পুতেৰ, গোটেই বংশটো ৰাতিপুৱা সোনকালে উঠাৰ নাম-গোন্ধ নাই ৷"

আহিয়েই বাৰান্দাৰ চোফাখনত বহিলোঁ ৷ দেউতাই ব্ৰাছডালত টুথপেষ্ট লগাই লৈ আহি মিহি সুৰত ক'লে,
-"লোৱা বেটা, লাট চাহাব হ'লা নহয় ৷ যোৱা ব্ৰাছ কৰি আহাগৈ…"
এই বাবে দেউতাক ভাল লাগে ৷ মায়ে চিঞৰি থাকিলে দেউতাই চুপে চাপে মোক কিবা এটা কৰি দিয়েহি ৷ চাল্লা ইমান মৰম কৰে আমাক, আমাক দুটাক লৈ কিমান সপোন আছে আৰু মই যোৱা ৰাতি 'চুইচাইড' কৰিম বুলি কিয় ভাবিছিলোঁ ৷ মনটো নিজৰে বেয়া লাগি গ'ল ৷ 
'এনেকৈ ভাবিলে নহ'ব' বুলি ব্ৰাছডাল লৈ পিছফাললৈ আহিলোঁ ৷ ভাইটিয়ে পিছফালৰ ঘৰৰ চিৰিটোতে বহি চাহ খাই খাই সুধিছে, "আজি তই কিতিয়া আহিবি কলেজঅ পঅা!'
-'কিয় লাগে?', বিৰক্তিৰ প্ৰশ্ন ৷
-'চাইকেলখন মোক লাগিব আবেলি ৷ মই হনুমান মন্দিৰ যাম ৷'
-'এ যাবি দে… তইহে মেইন ভক্তডাল হনুমানৰ ৷ পঢ়া-শুনা নকৰিবি ভালকে, হনুমানে পৰীক্ষাত পাছ কৰাই দিব যা ৷ হুহ, অলপমানো দেখিব মন নাযায় বেং তোক ৷' 
-'নাযাবতো দেখিব মন মোক ৷ নিজে নাস্তিক যে! আজিলৈকে ধূপ এডাল জ্বলাই পাইছ?', লগালগ উত্তৰ আহিল তাৰ পৰা ৷
-'মোৰ ওপৰত কথা নক'বি ৷ ভাই হৈ ভাইৰ দৰে থাক ৷ ইজ্জত দিব শিক ৷ তোৰ বয়স কিমান হৈছে বে!'
-'অ মা…মা… দাদাক চাচোন ৷ ই 'বে' বুলি কৈছে মোক ৷ তাৰ ভাষা চা ৷ তই 'বে-চে'বোৰ তোৰ লগৰক ক'বি মোক নক'বি ৷ মুখ ভাঙি গুৰি কৰি পেলাম' -সি দমত কথাখিনি ক'লে ৷

মই একো নামাতিলোঁ ৷ মনে মনে থাকিলোঁ ৷ মুখখন ধুই আকৌ বাৰান্দালৈ আহি মনে মনে বহি থাকিলোঁ ৷ তেনেতে গাখীৰ খীৰাই দেউতা আহিল ৷
-'বাবা, চাহ একাপ বনাবি নেকি! বহুদিন তোৰ হাতৰ চাহ একাপ খোৱা নাই ৷ যাচোন ৷'-দৰদ ভৰা কৰুণ কণ্ঠ ৷ দেউতাৰ পুৰণি স্বভাৱ এইটো মই জানোঁ ৷ নিজে বনাবলৈ মন নগ'লে মোক বা ভাইটিক এনেকৈ কৈ চায় ৷ আজিও ব্যতিক্ৰম নহ'ল ৷
-'তাক চাহ বনাব কৈছে? ঔ সি লাট চাহাবহে ৷ পানী এগিলাচ লৈ খাব নোৱাৰে ৷ সি আপোনাক চাহ কৰি খুৱাব ৷ হৈছে… ভাল আশা কৰিছে আপুনি'- মই কিবা ক'ব লওঁতেই মায়ে কথাখিনি মন্দিৰৰ বাৰান্দা মচি মচি ক'লে ৷

কি জানো খং উঠিল ! থিয় হৈ ঘড়ীটোলৈ চালোঁ ৷ যাঃ চাহ-ভাত একো নাখাও মই যাওঁ কলেজলৈ বুলি উচাট্ মাৰি গা ধুবলৈ গ'লোঁ ৷ গা-পা ধুই আহি দেখিলোঁ টেবুলত দুখন ঘিত ভজা ৰুটী আৰু একাপ চাহ আছে ৷ একো নোকোৱাকৈ মনে মনে খাই বৈ চাইকেলখন বাৰান্দাৰ পৰা কোনো শব্দ নকৰাকৈ নমাই আনিলোঁ চোতাললৈ ৷ আজিকালি মই ভাইটিৰ চাইকেল লৈহে কলেজলৈ যাওঁ ৷ এইখন চাইকেল সি কিনিছে ৷ সৰুৰে পৰা পইচা গোটাই গোটাই এইখন লৈছে ৷ মই এইখন লৈয়ে অহা যোৱা কৰোঁ ৷

ডনবক্সখন পাৰ হৈ পাইন গছকেইডাল পাইছোঁহি ৷ কাষেৰে ফচ কৈ বাইক কেইখনমান পাৰ হৈ গ'ল ৷ তাৰে এখন বাইক অলপ মান আতৰত গৈ ৰ'লে ৷ মই বাইকখনৰ ওচৰ পাওতেই লক্ষ্য কৰিলোঁ সেইটো ধীৰেণ দেখোন ৷ ৱাহঃ আজি ল'ৰাই বাইক লৈ আহিছে ৷ পিছফালে ধন বহি আছে ৷

-'ঐ হেহেহেৰি…নহয়, পূজাৰ কিবা মিটিং আছে বোলে!'-ধীৰেণে মোক সুধিলে
-'কিহৰ মিটিং, কোনে ক'লে তোমাক?'- প্ৰশ্নবোধক চাৱনিৰে তাক সুধিলোঁ ৷
-'শুক্লা ছাৰৰ তাত টিউচন গৈছিলোঁ ৷ তাতে হহহ…হৰজ্যোতিয়ে ক'লে মানে ৷'
-'আজি পাছে দুয়ো বাইকত যে?' কথাটো সলাই সুধিলোঁ বাইকখনলৈ চাইপিনে ৷
-'আজি কাম এটা আছে ৷ ধন আৰু মই চিনেমা চাম ৷ ৰাতি হ'ব পাৰে ঘৰ পাওঁতে ৷ বাইকখন লৈ আহিলোঁ আৰু…'
-'তুমিও ওলোৱা…' এইবাৰ ধনে মাত দিলে ৷
-'এহ্ মই নাযাও ৷ তোমালোক যাবা ৷ ইয়াত সৱেই মোক চিনি পাই বে ৷ ঘৰত গম পালে বধিব মোক ৷ আৰু তোমালোক কি ইউনিফৰ্মত চিনেমা চাবা?'
-'ধ্যুৰ্ ভয়টো চোৱা তাৰ'-ধীৰেণৰ অভয়ধৰ্মী চাৱনি মোলৈ,-'এইটো বয়সতে এনজয় নকৰিলে কিতিয়া কৰিবা বে! আহা আহা কলেজলৈ আহা ৷ লেবৰ ওচৰত বাইক থ'ম ৷ আমি তাতে লগ পাম আহা৷' কৈ সি বাইকখন ষ্টাৰ্ট দিলে ৷

পেডেলত ভৰি থৈ হাফ্ পেডেল কৈ দুবাৰ থেলি থেলি ময়ো চাইকেলৰ চিটটোত লাফ্ মাৰি উঠিলোঁ ৷ ৰাস্তাটো এইকণ অলপ বেয়া ৷ সমুখত দুটা ডাঙৰ গাত ৷ সোঁফালে বন বিভাগৰ কোৱাৰ্টাৰটোৰ সমুখত এখন গাড়ী ৰৈ আছে ৷ ৰাস্তাটোৰ গাত দুটা পাৰ হৈয়ে বন বিভাগৰ কাৰ্যালয়ৰ সমুখতে সেয়া ৰেললাইনৰ ইটো পাৰে ডিডিচিৰ প্ৰতিজনৰে প্ৰিয় 'নেপাল' ৷ আচলতে এই নেপাল নামটো প্ৰত্যেকজন ডিডিচিয়ানৰ প্ৰিয় নাম ৷ ৰুটি-ঘুগুনীৰ পৰা তামোল-পাণলৈ, অলমেট-বিস্কুট-চাহৰ পৰা চাৰমিনাৰ-ফ্লেক-ফিল্টাৰলৈ, টেঙা মৰ্টনৰ পৰা চুইংগামলৈ, মিল্ক-এন-নাটৰ পৰা পান চকলেটলৈ সকলোবোৰ পায় ৷ এটা নেপালী সম্প্ৰদায়ৰ পৰিয়ালে এই ঘৰটোত নিজে থকাৰ লগতে বাৰান্দাখনতে দোকানৰ ৰূপ দি থৈছে ৷ তিনিওফালৰ বাৰান্দাতেই আধাৰ পৰা বাহঁৰ ডাঙৰ ডাঙৰ ফুটা থকা বেৰ ৷ মাজভাগৰ কোঠাটোত লেমৰ চিমনিৰ পৰা আটাগুৰিলৈ সকলো, বান্দৰচাব চাধাৰ পৰা চকলেটলৈ সকলোবোৰ বৈয়াম একোটাত ৰখা এটা পুৰণি ঘুণে ধৰা আলমিৰা ৷ কোনোবা এটা চুকত ইমানেই বেছি ঘুণে খালে তাৰ খুৰাটোৰ ঠাইত চাৰিটুকুৰা ইটাৰে সমান্তৰালকৈ ৰাখি থৈছে ৷ সিহঁতৰ তাত কাম কৰা মানুহ বেলেগ কোনো নাই ৷ ঘৰৰ সকলোৱে সকলো কৰে ৷ মাজৰ কোঠাটো বেছিভাগ এন্ধাৰে হৈ থাকে ৷ মাজভাগতে এখন প্লাষ্টিকৰ টেবুল, দুয়োকাষে তিনিখন প্লাষ্টিকৰ চকী  ৷ তাকো কোনোবাখনৰ হাত দুখন ৰখাখিনি নাই ৷ কোনোবাখনত বহিলেই বুঢ়া মানুহৰ দাঁত লৰিলে যেনে অৱস্থা হয় তেনেকুৱা কণ্ডিচন ৷ তথাপিও আমাৰ প্ৰিয় 'নেপাল' ৷ কেৱল ডিডিচি বুলিয়েই নহয়, হাইৱেটোৰ সিপাৰে থকা চাৰ্কোল অফিচ,ইফালে থকা ফৰেষ্ট অফিচৰ কিছুসংখ্যক মানুহৰে দুপৰীয়া সাঁজৰ বাবে এখন নিৰ্ভৰযোগ্য দোকান 'নেপাল' ৷

নেপাল পাৰ হৈয়ে কিছুদূৰ গৈয়ে আমাৰ চেকেণ্ড গেটখন ৷ এম্ মণিৰামৰ 'মন যায়' চিনেমাখনৰ শীৰ্ষগীতটোৰ কিয়দংশৰ সৈতেও চেকেণ্ড গেটৰ এইখিনি ঠাইৰ এটা স্মৃতি আমি প্ৰতিজন ডিডিচিয়ানে উপভোগ কৰোঁ ৷ চেকেণ্ড গেটখনেৰে সোমাই চিধাই চাইকেলষ্টেণ্ডত চাইকেলখন থৈ দৌৰাদৌৰিকৈ কলেজৰ ভিতৰলৈ সোমালোঁ ৷ মেইনগেটৰ পৰা সমান্তৰালকৈ দুয়োফালে দেৱদাৰু কেইজোপাই পথটো শীতলাই ৰাখে প্ৰায়খিনি সময় ৷ এতিয়া কলেজৰ বহুখিনি ছোৱালী-ল'ৰাই ইয়াৰ ছাঁত ৰৈ লেকচাৰ মাৰিছে ৷ ৰ'দটোও আজি বৰ চোকাকৈ ওলাইছে ৷

-"ইমান ৰৈছোঁ আজি ৷ দেৰি কৰিলি যে? ঐ,,," পেগুৱে টয়লেটৰ ফালৰ পৰা আহি প্ৰিঞ্চিপাল ছাৰৰ অফিচৰ সমুখতে সুধিলে ৷
-"আবে নক'বি বে ৷ মাথাই বেয়া হৈ আছে ৰাতি পুৱাৰে পৰা…"-চুলিখিনিৰ মাজেৰে আঙুলি কেইটা লৈ উদাস ভাৱে ক'লো ৷ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা এজনী মৰম লগা ছোৱালী ওলাই অহাত মোৰ হাতখন মূৰৰ পৰা ননমাই হ'ল ৷ বাৰে বাৰে চুলিখিনি ওপৰলৈ উঠাও আকৌ চুলিখিনি নামি আহে ৷

-"আব্বে ভাই, আকৌ চিনিয়ৰ বে! তোৰ মা হ'ব বে মা ৷" পেগুৱে কাণৰ কাষত ফুচফুচাইছে 
-"ঐ হৌগা তেৰি মা কি…"
কোনোমতে জীভাখন কণ্ট্ৰল কৰি টয়লেটৰ ফালে গুচি গ'লোঁ দুয়ো ৷

-"শুন ভাই, আজি মলয় পাল ছাৰৰ তাত যাম ৷" পেগুক ক'লোঁ ৷
-"পাক্কা?"
-"পাক্কা যাম ৷ কলেজৰ পৰা যাওঁতেই সোমাই যাম দৰকাৰ হ'লে ৷" জোৰ দি কথাটো ক'লোঁ ৷
-"ভাই বঢ়িয়া ৷ যাম যাম ৷ খালী মই আজি চাইকেল নানিলোং ৷ তোৰ লগত ডাবলিং নিবি?"
সি বৰ অনুনয়েৰে সুধিলে ৷
-"চলাবি, মই নোৱাৰোঁ কিন্তু চলাব ৷"
-"হ'ব দে…"

দুয়ো টয়লেটৰ পৰা আহি ক্লাচত সোমালোঁ ৷ তেতিয়ালৈ আমাৰ ক্লাচটোতে সৰু সুৰা এখন মিটিঙৰ দৰে হৈছেগৈয়ে ৷ চিনিয়ৰখিনিৰ লগত কথা চলি আছে ৷ মিটিঙৰ বিষয় বস্তু 'বিশ্বকৰ্মা পূজা'৷ 

ছেপ্তেম্বৰৰ ১৭ তাৰিখলৈকে ৷

(ক্ৰমশঃ)

ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…

(চতুৰ্থ খণ্ড)


তাৰ পিচৰ পৰা আৰু ভয়টো একেবাৰেই নোহোৱা হ'ল পঢ়াৰ বাদে ৷ পঢ়াৰ ভয় এটাই মনত বৰ বেয়াকৈ থিতাপি ল'ব ধৰিছিল ৷ সময়বোৰ বাগৰিছিল তেনেকৈ ৷ কমাৰ্চৰ সকলোৰে লগত আমাৰ চায়েঞ্চৰ এটা ভাল সম্পৰ্ক আছিল দুটাকৈ ক্লাচ কৰাৰ সুবাদত ৷ অসমীয়া আৰু ইংৰাজী ৷ ইংৰাজীৰ ক্লাচত প্ৰথম দিনা এগৰাকী মেম, দ্বিতীয় দিনা বেলেগ এগৰাকী মেম, আকৌ দুদিন পিছত অইন এগৰাকী মেমে ক্লাচ লৈছিল ৷ তিনিসপ্তাহমান পিছতে গম পালোঁ যে সকলোৱে বেলেগ বেলেগ 'লেচন্' পঢ়ায় হেনোঁ ৷ প্ৰথমদিনাই স্কুলবেগটোৰ দৰে কিতাপসোপা দাঙি লৈ যোৱা মইটোৱে প্ৰথমদিনাৰ পিছত এদিনো কিতাপ নিনিয়া হ'লোঁ ৷ 'মে হুঁ না' খনত জায়েদ খানে লোৱাৰ দৰে এটা Desil ৰ চাইদ বেগটো লৈ আহোঁ ৷ বেগত থাকে এটা বাহিৰা বহীৰ দৰে এখন বহী ৷ কোনোবাই কিবা 'নোটচ্' দিলে তাতে লিখি থওঁ ৷ মন গ'লে কিবা কিবিবোৰো লিখোঁ ৷ বহীখন বৰ মৰমৰ আছিল ৷ পিছফালৰ পৰা লুটিয়ালে হয়তো কেৱল দুশাৰী/চাৰিশাৰী শব্দবোৰ যোৰা লগাই লগাই লিখা কিবা কিবিবোৰেই বেছিকৈ ওলাব ৷ ভাল নালাগিলে কাটি পেলাওঁ ৷ আকৌ লিখোঁ ৷ আকৌ কাটো ৷

লাহে লাহে কলেজত সকলোৰে এটা এটাকৈ গ্ৰুপ বান্ধিব ধৰিছে ৷ লক্ষ্য কৰিলোঁ, কমাৰ্চৰ ল'ৰাবোৰৰ পাঁচ/ছয়টা গ্ৰুপ,ছোৱালীবোৰৰো বেলেগ গ্ৰুপ ৷ গ্ৰুপ বুলিবলৈ আমাৰহে নাই ৷ মানে চায়েঞ্চ ডিপাৰ্টমেণ্টৰ ৷ তাৰ মাজতে এদিন তিনিচুকীয়া কলেজ এৰি থৈ আমাৰ লগত যোগ দিলেহি আৰু এজন ল'ৰা, নাম তাৰ ধন কানু ৷ তাৰ মগজুত কি থাকে সেয়া আমাৰ বাবে দুৰ্বোধ্য ৷ ফিজিক্সৰ numerics বোৰৰ answer আলাসতে উলিয়াই দিব পাৰে ৷ আমি ফিদা তাৰ ওপৰত ৷ কিবা নোৱাৰিলেও টেনচন নলওঁ ৷ মই নোৱাৰিলে কি হ'ব সি পাৰিব ৷ সি পাৰিলেই হ'ল ৷ তাৰ ওপৰত বহুত বিশ্বাস আহি গ'ল লগ পায়েই ৷ বেচেৰা সি আকৌ বেছিকৈ ফিদা আমাৰ ক্লাচৰে এজনী ছোৱালীৰ ওপৰত ৷

অসমীয়া-ইংলিছৰ ক্লাচত আমিবোৰ ফটুৱামি কৰিব যোৱাৰ দৰে ৷ কোনোদিনে একো এটা নুশুনোঁ ৷ মেমে কিবা কৈ থাকে, আমি লাষ্ট বেঞ্চাৰে বেলেগ গচিপ কৰোঁ ৷ অৰোৰা হলত কি চিনেমা লাগি আছে, ভুলভুলাইয়া খনতকৈ নতুন ভাল ক'মেডি মুভি কি আহি আছে, ডনবক্স'ৰ কোনজনী ছোৱালী আমাৰ লগৰ কোনটোৰ গাৰ্লফ্ৰেণ্ড এইবোৰহে আড্ডা হয় শেষ বেঞ্চত ৷ প্ৰায়ে আমি সাতটামান ঠেলা হেচাঁকৈ বহোঁ ৷ কেতিয়াবা দিৱসৰ লগৰ কেইটা নাথাকিলে তাতে বহোগৈ ৷ এনেকৈ এদিন এগৰাকী ফ'ৰেইনাৰ ফ'ৰেইনাৰ যেন লগা মেম আহিল ৷ কিবা কিবি ইংলিচতে গাই আছে ৷ আজিকালি কোনোবাই ইংলিচ ক'লে বিৰক্তি অহা হৈছে ৷ কিয়নো, এতিলৈকে একো এটা চাবজেক্টততেই ইংৰাজী বাক্য এটা মই শুদ্ধকৈ লিখিব পৰা নাই ৷ মেমে কিবা কৈ আছে যদিও মই অলপো গুৰুত্ব দিয়া নাই ৷ মাজে মাজে ল'ৰাবোৰে মেমৰ লগে লগে আওৰায় ৷ দুজনমানে তাতে কিৰিলিয়াই দিয়ে ৷ তেনেতে মেমে কিবা এষাৰ অসমীয়াত কোৱা যেন লাগিল ৷ ভালকৈ মন দি শুনিব ল'লোঁ…
মেমে সুধিছে,
-'what…? মৰ নেম Leena Bordoloi…'
-'No Ma'am… মোৰ মোৰ not মৰ, not নেম,নাম নাম…'- কেইজনীমানে চিঞৰি ক'লে ৷ 
আকৌ সুধিলে,
-'Its same na?", মেমে সুধিলে ৷
কোনোবা এজনী সিফালৰ পৰা ঠিয় হৈ ক'লে,
-'Pronunciation was wrong ma'am মোৰ & নাম হ'ব লাগে ৷'
-'Ok ok.. lets see, মোৰ নাম লীনা বৰদলৈ ৷ Am I right now?"- এইবাৰ সম্পূৰ্ণ শুদ্ধ অসমীয়া উচ্চাৰণেৰে কোৱাত সকলোৱে হয়ভৰ দিলে ৷ তাৰ মাজত কিৰিলিয়াই চিঞৰাখিনিয়ে সিহঁতৰ বিখ্যাত কামটো এৰি দিয়া নাই ৷ 

সেয়া লীনা মেম ৷ ডিডিচিৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী ৷ মেমে আমাক Pronunciationৰ ওপৰত গুৰুত্ব দিব কয় ৷ মেমৰ কথাবোৰ, উচ্চাৰণশৈলী আৰু প্ৰকাশভংগীবোৰে আমাক বেলেগ এখন দুনীয়ালৈ লৈ গৈছিল ৷

এনেকৈ লাহে লাহে আমি গোটেইবোৰ এক হৈ গৈ আছোঁ ডুমডুমা কলেজত ৷ ক্লাচ নাথাকিলে আজিকালি লাইব্ৰেৰীত এনেই বহি থাকোঁ দিৱসৰ লগত গৈ কেতিয়াবা ৷ আমাৰ দুটাৰ কেতিয়াবা সেইখিনিয়ে লগ পোৱাৰ ৷ আড্ডা দিব পৰাকৈ সময় অকণ আমি লাইব্ৰেৰীতে উলিয়াই লওঁ ৷ ডিডিচিৰ ধুনীয়া ছোৱালীজনীৰ নামৰ পৰা ঘৰলৈ আমি তাতেই গম লওঁ ৷ কেৱল প্ৰেম কৰিব পৰাকৈ আমাৰ সাহস নহয়গৈ ৷ যোৰা পাতি বহি থকা চিনিয়ৰবোৰক দেখি আমাৰ হাঁহিবোৰ লাইব্ৰেৰীতে হেৰাই যায় ৷ পুৰণি লাইব্ৰেৰীটোত আমাক ভিতৰলৈ সোমাব নিদিয়ে ৷ কোনখন কিতাপ লাগে কৈ দিলে ল'ৰা এজনে দি থৈ যায় ৷ কিতাপখন চুই নোচোৱাকৈ মই কেতিয়াও কিতাপ পঢ়িব নোৱাৰো বাবেই ক'ৰ্চৰ বাহিৰে বেলেগ কিতাপ নলওঁ বুলি থিৰাং কৰিলোঁ ৷ তাতে আকৌ থকা ল'ৰাজনৰ 'লেবেল' কি চাব! এদিন এই খঙতে লাইব্ৰেৰীতে নোসোমাওঁ বুলি শপতেই খালোঁ ৷ 
কিন্তু, দাতাই দিলেও বিধাতাই নিদিয়ে! শপত খালে কিডাল হ'ব! কম্পিউটাৰ ৰূমলৈ যাবলৈ হ'লেই লাইব্ৰেৰীৰ মাজেদিয়ে সোমাব লাগে ৷ তথাপিও তাক দেখিলে তলমূৰ কৰি পাৰ হৈ যাওঁ ৷ 

আজিকালি কলেজলৈ একেলগে ঘৰৰ পৰা অহা-যোৱাকৈ মোৰ লগ হৈছে পেগু ৷ সি আৰু মই প্ৰায়ে লাল গুমটিৰ পৰা একেলগে যাওঁ প্ৰায়ে ৷
আগষ্ট মাহৰ শেষৰ ফালে এদিন গধূলি মই টাউন ফিল্ডৰ এটা চিৰিত বহি আছোঁ ৷ ঘোষ্ ডাক্টৰৰ ক্লিনিকখনৰ ফালে বিচৰাম্ পজ্যিচনত পেচাব কৰি থকাৰে পৰা সি চিয়ঁৰিলে,-"ঐ, তই টিউশ্ব্যন ক'ত ল'বি না লৈছ' কৰবাত?"
-"তই ক'ত লৈছ?" বেপেৰোৱা ভংগীৰে মই ওলোটাই তাক সুধিলোঁ ৷
-"কেমিষ্ট্ৰী শুক্লা ছাৰৰ তাত ল'ম হ'বপায়, মেথ্চৰ ক'ত লওঁ ভাবি আছোঁ! উৎপল ছাৰ বুলি এজন আছে!"
-"মই ভবাই নাই ৷ চাওঁচোন কি কৰা যায়!!!"
-"মলয় পাল ছাৰৰ তাতো ল'ব পাৰ' ৷"-সি ক'লে ৷
-"ক'ৰ হয়? মই চিনি নাপাওঁ!"
-"আব্বে তই মলয় পালক নাজান?"
-"নাজানোঁ ৷ মই অহা কিমানদিননো হৈছে! কাকো ভালকৈ চিনি নাপাওঁ ৷ তেনেকৈ কিয় ক'ৱ বে! অলপটো লোকেল বুলি ইজ্জত দে !"
-"আৰে গুলী মানুহ ছাৰ ৷ তই একদিন যাবি না ৷ ফাগলা হৈ যাবি তই লগ পালে!"
-"কি ফাগলা বে?"
-"আব্বে, পাগলা পাগলা হৈ যাবি তই ৷" কৈয়েই সি পেণ্টৰ চেইনৰ জীপ ডাল ভালকৈ লগাই ইফালে সিফালে উৰি থকা মহ দুটামান মাৰি নিজকে নিজে কৈ গ'ল,
-"চাল্লা চুৱৰৰ বাট্চা মছ্কুইট' কিটা ইমান খোছে না! হালত খাৰাপ কৰি দিয়ে! যাওঁ ব'ল ৷ পানীপুৰি খাম ৷" 

সেয়া পেগু ৷ আচল নাম হেমন্ত পেগু৷ সি সৰুৰে পৰা মাহীয়েকৰ ঘৰত আছেহি ৷
Aviation Research Centre ৰ হাস্পতালত মাহীয়েক নাৰ্চ ৷ তাতেই অসমীয়া-হিন্দী মিহলি পৰিৱেশ এটাত ডাঙৰ হৈছে ৷ কথাৰ মাজতে তাৰ হিন্দী আহি যায় ৷ ঘৰ ধেমাজিৰ চিলাপথাৰত ৷ খুউব কম দিনৰ ভিতৰতে আমি একেলগ হৈ গৈছোঁ ৷ এনেকৈ গধূলি গধূলি আমি টাউন ফিল্ডত এপাক সোমাইহে ঘৰলৈ উভতোঁ ৷

-"কাইলৈ যাবি নেকি ছাৰৰ ঘৰত?"
পানীপুৰি খাই থকাৰে পৰা সি সুধিলে ৷
-"ভবা নাই অ ৷ মই জনাম দে তোক ৷"
-"যাম ব'ল জল্ডি ৷ নহ'লে পাছত গৈ চিট্ নাপাম ৰে ৷ আজিকালি ভৰ্তি হৈ যায় চিটবিলাক ৷",তাৰ টেনচন ভৰা কথা ৷ মই ইমান মূৰ মাৰি থকা নাই ৷ এটাই ভাবোঁ টিউশ্ব্যনলৈ যাবলৈ হ'লেওতো মই নিজে কিবা জানিব লাগিব ৷ যদি একো নাজানোৱেই গৈ কি কৰিম তাত ৷

ঘৰলৈ উভতিলোঁ ৷ ৰাতিলৈ কিতাপবোৰ লুটিয়াইছোঁ কেৱল ৷ এংগলো-আছামীজ Dictionary খন কাষত লৈ হতাশাত ভুগিছোঁ ৷ মামালৈ মনত পৰিছে ৷ আগতে ইমান কৈছিল Dictionary খন আজৰি সময়ত চাবলৈ ৷ মই মুৰ্খই তেতিয়া চৈয়দ আব্দুল মালিকৰ 'সোণালী সূতাৰে বন্ধা' পঢ়ি থাকিলোঁ ৷ মেট্ৰিক পৰীক্ষা দি শেষ হোৱাৰ পিছতো কৈছিল,-"ঘৰত গৈ ডিক্সনেৰী খন মেলি থাকিবা" ৷ মই গাধাই তেতিয়া কেৱল ছ'নী টিভিৰ CID ৰ এপিছ'ডবোৰেই চাই থাকিলোঁ ৷ এতিয়াহে কথাবোৰ গাত লাগিছে ৷ এতিয়া মই কেনেকৈ পঢ়িম এই মস্ত Dictionary খন! কেনেকৈ মনত ৰাখিম ইমান পাক লগা ব'টানীৰ গছ-ফুলৰ চায়েণ্টিক নামবোৰ ৷ মই ফেইল কৰিম ৷ পাক্কা মই ফেইল কৰিম ৷ মোৰ নিজা সপোনতো নায়েই একো, যি অলপ ঘৰৰ পৰা আশা কৰিছিল মই সেয়াও ৰাখিব নোৱাৰিম ৷ মই কি কৰি আছোঁ এইবোৰ? মূৰতো বাৰে বাৰে আচন্দ্ৰাই কৰা যেন লাগিছে ৷ দেউতাৰ মোৰ ওপৰত থকা আশা, মা মুখৰ হাঁহিটো মই নেদেখিম আৰু কেতিয়াও- এইবোৰ চিন্তা মনলৈ আহিব ধৰিলে ৷ গোটেই কিতাপ বোৰ মেলি ল'লোঁ ৷ 'Choudhury & Choudhury' ৰ কেমিষ্ট্ৰী খনৰ ওপৰতে 'A CLASSBOOK OF MATHEMATICS' খনৰ দুখিলামান পাত লুটিয়াই K.N Sharma Dilip Sarma ৰ 'Modern Approach To Physics' খন টেবুলৰ সিটো ফালৰ পৰা উঠাই লওঁতেই মই সিদ্ধান্ত ল'লোঁ,
-"চুইচাইড কৰিম! ইমান লাজ মই সহিব নোৱাৰোঁ, তাতকৈ মই চুইচাইড কৰিম!"

(ক্ৰমশঃ)