কেতিয়াবা খং উঠিলে মই ৰিস্ক ল'ব ভাল নাপাওঁ ৷
সিদিনা মই নগাওঁ আহিছিলো হোষ্টেলৰ দাদা এজনৰ সৈতে কিবা এটা কামত ৷
সিফালে তেওঁৰ লগত ডাঙৰ খণ্ড যুদ্ধ এখন লাগিল আগদিনা ৰাতি ৷ কাজিয়াৰ ভমকত পিছদিনা যে নগাৱলৈ আহিম ক'বলৈ পাহৰিলোঁ সেইদিনা ৷ পুৱা ইচ্ছা কৰিয়ে নক'লো কথাটো ৷ যাচোন যি হয় হওঁক বুলি নোকোৱাকৈ দিলোঁ বহি ট্ৰেভেলাৰত খানাপাৰাৰ পৰা ৷ নগাৱত কামটো কৰি অটাওঁ মানে দুপৰীয়া হ'ল ৷ উভতিব লওঁতে ফোন এটা কৰি সুধিলোঁ, "মইনা কলিজা, কি কৰিছা?"
মুখৰ মাত নাই বহুপৰলৈ ৷ ময়ো পটকৈ ফোনটো কাটি দিয়া নাই ৷ ভাবিলোঁ অভিমান বেছি হৈছে যেতিয়া এজাক বৰষুণ হৈহে শাম কাটিব ৷ সেয়ে একো নোকোৱাকৈ ৰৈ আছো কিছুপৰ ৷ তেনেতে চাপৰমুখ ষ্টেচনত 'শিলঘাট-পেচেঞ্জাৰ'খন পাইছেহি ৷ দৌৰা-দৌৰিকৈ কোনোমতে খিৰিকীৰ কাষৰ চিট দুটাত দাদা আৰু মই সমুখাসমুখিকৈ বহি আকৌ সুধিলোঁ বোলো মইনা কলিজা মাতষাৰ দিয়া… ৷ নাই, নামাতে ৷ মিহিকৈ খং এটা উঠি আহিল ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোনটো কাটি ৷
মুহুৰ্ততে চাৰিটা ফোন আহি গ'ল সিফালৰ পৰা ৷ নকৰোচোন ৰিচিভ ৷ চাওঁচোন কিনো হয়! পাঁচ নম্বৰবাৰত মোৰ ভিতৰৰ 'মই'টোৱে ক'লে বোলে 'বাপু এনেকৈ কিডাল প্ৰেম কৰিছানো কৰিছাই যেতিয়া ভালকৈ কৰা আকৌ' ৷ ৰৈ নাথাকি ৰিচিভ কৰিলোঁ ৷ সামান্য অফ্ মুডত থাকিয়ে ক'লোঁ,
-"অ কোৱা…"
-''কি কওঁ? ফোন কিয় কৰিছিলা কোৱা…"
-"ঔ আই… কেনে এটা প্ৰশ্ন দেখোনহে! কেছটো ঠাণ্ডা হোৱাই নাই নে কি!"
-"চোৱা, এইবোৰ ফকতীয়া কথা পাতি থাকিবলৈ মোৰ টাইম নাই ৷ কিবা ক'ব লগা আছে যদি কোৱা, নহ'লে থোৱা ৷ মোৰ মূৰৰ বিষ ৷" সিটোফালৰ পৰা তেওঁৰ খং মিহলি দম ৷
চাল্লা এই কথাটো বুজি নাপাওঁ, যেতিয়াই আপুনি ভাল মুডত কথা এটা পাতিব খুজিব তেতিয়াই তেওঁৰ এশ এটা প্ৰবলেম আহি যাব আৰু যেতিয়াই আপুনি ব্যস্ত থাকিব তেতিয়া ফোনৰ ওপৰত ফোন আহি থাকিব ৷ কাজিয়াৰ সূত্ৰপাত বাৰু তেনেকৈয়ে হৈছিল আগদিনা ৰাতি ৷ ক'ৰ পৰা জানো এসোপামান খং উজাই আহিল সেইটো সময়ত মোৰ, নাজানোঁ ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোন কাটি আকৌ ৷
দাদাজনে ইমান সময়ে মোক চাগৈ লক্ষ্য কৰি আছিল ৷ তেওঁলৈ বুলি ফোনটো লগাই ক'লে,
"হোষ্টেলৰ তললৈ ওলাই আহিবাচোন যদি পাৰা…" ট্ৰেইনৰ ইঞ্জিনৰ আৱাজত কথাবোৰ শুনা নাই মই দাদাই কি কি কথা পাতিছে ৷ ইফালে 'মুমফলি, বাদাম বাদাম' ৰ আৱাজবোৰহে উফৰি আহিছে মোৰ কাণলৈ ৷ সি ফোনটো মোলৈ আগবঢ়াই দিলে ৷
"……হা! হা? শুনা নাই ৷ কি কৈছা?" আৰে বুজা নাই মই ভালকৈ কোৱা…"
এইটো কথাও বুজি নাপাওঁ যে ট্ৰেইনত কিয় এদিনো মোৰ ফোনত নেটৱৰ্ক নাথাকে, সিটোফালৰ পৰা কথাবোৰ ভালকৈ শুনি নাপাও, চে চেয়াই থাকে নে কি নাজানোঁ ! কিম্মানক দেখোঁ কি বিন্দাছ হৈ ট্ৰেইনতো সাংঘাটিক ৰোমাণ্টিক কথা পাতি থাকে ৷ চাল্লা মাথাটোৱেই বেয়া হৈ যায় ৷ খংটো আকৌ উঠি আহিল ৷ খংটো উঠিলে আকৌ মই ৰিস্ক ল'বলৈ ভাল নাপাও ৷ দিলোঁ ফোনটো আকৌ কাটি ৷
দাদাই ক'লে সচাঁকৈ তেওঁৰ মূৰৰ বিষ হেনো পুৱাৰ পৰাই ৷ গতিকে লগ নকৰে বোলে আজি ৷ মই গম পাই গ'লোঁ যে এইবোৰ বাহানা ৷ আৰে এইবোৰেই 'ঝেলি' আছো মই শেষৰ তিনিবছৰ ৷ মই জানো না ক'ত, কেতিয়া 'অংক'টো কৰি থাকে তেওঁ ৷ মূৰৰ বিষটো এটা ইচ্ছ্যুহে ৷ গধুলিলৈ মানে তেওঁক এপাক উলিয়াই অনাব পাৰিলে কাজিয়া শেষ বুলি ধৰি ল'ম আৰু ৷ মনতে ভাবি ৰাখিলোঁ ৷ তাক আৰু একো নকৈ আহি থাকিলো গুৱাহাটী অভিমুখে ৷
প্ৰতিদিনৰ অফিচটোৰ কাষত ট্ৰেইনবোৰে চিগনেললৈ অপেক্ষা কৰিব লগা হ'লে অলপ শ্ল' কৰে, কেতিয়াবা ৰখায়ো দিয়ে ৷ সিদিনাও ৰ'ল ট্ৰেইনখন ৷ দুয়ো নামি দিলোঁ আমি ট্ৰেইনৰ পৰা ৷ হোষ্টেললৈ বুলি ৬ নম্বৰ চিটিবাছত উঠিলোঁ ৷ উজানবজাৰ বাছষ্টপত নমাৰ লগে লগেই বুকুখন ধিপলিং ধিপলিং কৰিব ধৰিলে ৷ আগে পাছে এনেকুৱা নহয় ৷ হঠাৎ জানোঁ আজি কি হৈছে! গেষ্ট্ৰিক্ট ৰ বাবে প্ৰথমে এনে হোৱা যেন ভাবিলোঁ ৷ কিন্তু তেনেকুৱা হ'লেতো ভয়টো লাগিব নালাগে ৷ অনুমান কৰিলোঁ যেন কিবা বিপদৰ আগজাননী! ঘৰলৈ ফোন এটা কৰিলোঁ ৷ সকলো ঠিকেই আছে বুলি গম পায়ো আশ্বস্ত হ'ব পৰা নাই ৷ ভাবিলোঁ, ৰিজাল্টেই দিছে নেকি! ইফালে আগৰ বাৰৰ এটা চাবজেক্টৰ 'বেক্' আছেই ৷ এইবাৰো চাগে লাগিল কৰবাত 'বেক্' বুলি ইউনিভাৰ্ছিটি ৱেবচাইট খুলিলোঁ ৷ নাই ৰিজাল্টৰ একো 'ন'টি' নাই ৷ মানে ন'টিফিকেশ্যন নাই ৷ অকে ৷ ঠিক আছে ৷ গৈ আছোঁ হোষ্টেললৈ ৷ নাই ৷ কমা নাই ধিপধিপনি ৷ বুকুখনতে হাতখন থৈ ইফালে সিফালে চাই মনে মনে কৈছোঁ, "all is well, all is well".
হোষ্টেলত সোমায়েই গাটো ধুই এপাক ওলাই যাবলৈ লৈছোঁ ৷ এটাই কৈছে,"অমুকটো আনিবি পইছা দি আছো, সিটোৱে কৈছে তমুক এপেকেট আনিবি পইছা দি আছো" ৷ নামি আহি ৰাস্তা পালোহি ৷ ইফালে কিবা এটা অনামী ভয়ে মোক গ্ৰাস কৰি ৰাখিছেই ৷ তথাপিও কাষেদি বৈ পৰা ব্ৰহ্মপুত্ৰ খনলৈ চাইছোঁ কিজানিবা ভয়টো আতৰেই বা ৷ গাতে লাগি আছে এখন পাৰ্ক ৷ সিফালে বেলিটোও থাৰ্টি ডিগ্ৰী এংগ'লত ৰৈছেগৈ ৷ সুন্দৰ বতাহ এছাটিয়ে কোবাই গৈছে গাত ৷ হঠাৎ আৰু বেছি ভয় লাগিব ধৰিলে ৷ আৰে…এয়া কি দেখিছোঁ! তেওঁ? ইয়াত মানে পাৰ্কৰ ভিতৰত ৷ পাৰ্কৰ ভিতৰত কি কৰি আছে! তাকো অকলেই!কেনেকৈ!!! আচৰিত… ভৰি দুখনৰ তলৰ মাটিডোখৰ নোহোৱা হৈ গৈছে যেন মোৰ ৷ মূৰটো যেন বতাহৰ সৈতে দেও দি দি নাচিছে ৷ কোনোমতে নিজক সম্ভালি পকেটৰ পৰা ফোনটো উলিয়াই লৈ ফোন এটা লগালোঁ ৷ নাই ৰিচিভ নকৰে ৷ ফোনকলটো কাটি মোৰ সমুখতেই পকেটত ভৰাই থৈছে ৷ উৱা… কি আচৰিত! ৰাস্তাটো আৰু পাৰ্কখনৰ মাজৰ দূৰত্ব মাথো কেইমিটাৰমান ৷ মাজতে লোৰ ৰেলিং দিয়া এখন হাফ্ ৱাল ৷
-"অহ্ ন' (যেন মোৰ সকলো ধ্বংস হৈ গ'ল তেনে এটা ভাৱত) চিঞৰি উঠিলোঁ ৷ আকৌ ফোন লগাইছোঁ, তেওঁ কাটি দিছে ৷ আকৌ লগাইছো, আকৌ কাটিছে ৷ লগাইছোঁ, কাটিছে ৷ মিহিকৈ 'টেমা'টো গৰম হৈ আহিছে ৷ মোৰ আকৌ খংটো উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাওঁ ৷ গুচি গ'লোঁ তাৰ পৰা ৷ দীঘলে দীঘলে থকা পাৰ্কখনৰ মেইন গেটত গৈ মই বহি আছোঁ ৷ মনতে ভাবিছোঁ, 'তই ওলাই আহ আজি! মূৰৰ বিষ তোৰ থাউকতে নোহোৱা কৰিম! দুপৰীয়ালৈ তোৰ মূৰৰ বিষৰ বাহানা ৷ এতিয়া তই ইয়াত অকলে নেচাৰৰ মজা লৈ আছ ৷ তু নিকাল পেহলে!!!'
ৰৈ আছোঁ, নোলাইহে নোলায় ৷ সময় গৈ আছে ৷ ভয়টো যে লাগি আছিল সি এতিয়া ভয়ে খঙে কিবা বেল্লেগ এটা ৰূপ ধাৰণ কৰি লৈছে নিজৰ মতে ৷ ময়ো তেওঁলৈ ৰৈ ৰৈ কাৰোবাক কাৰোবাক ফোন লগাইছোঁ ৷ আৰে চাল্লা এটা কথা বুজি নাপাওঁ ইহঁতে ইমান মিছা মাতে কিয়! কথা নাই বতৰা নাই বাহানা বনাই দিয়ে ৷ জেগাতেই বাহানা ওলাই যায় ৷ আমি এটা মিছা কথা ক'বলৈ হেজাৰটা মিছা কথালৈ চিন্তা কৰিব লগা হয় ৷ তেনেতে অলপ দূৰৰ পৰা দেখিছো তেওঁ আহি আছে ৷ মই ৰৈ আছোঁ ৷ 'আহ আজি, বধিম তোক' ভাৱত ৰৈ আছোঁ ৷ আহিল ৷ মানে আহি পাৰ হৈও গ'ল ৷ উৱা কি মানে!!!
-"ঐ শুনা, ৰ'বাচোন ৷"
-"কি হ'ল?" মোলৈ প্ৰশ্নবোধক দৃষ্টি ৷
-"কি হ'ল মানে! তই যে আহিছ মোকোতো ক'ব পাৰ ৷ মইতো ভাবিছিলোঁ তোক লগ পাম ৷ ছ'ৰী ক'ম ৷ আৰু আহিছ আহিছ, এইখন পাৰ্কলৈ কিয় আহিছ? এনেয়োতো ইফালে সিফালে ঘুৰিব পাৰিলিহেঁতেন ৷ কাম নাই তোৰ হা…"
-"অ হেল্ল' মই আহিছোঁ তোৰ কি প্ৰবলেম!অকলে ঘুৰিম ৷ নাযাও তোৰ লগত ৷ মোৰ য'লৈ মন যায় ত'লৈ যাম ৷ কি কিৰিবি? আৰু একো ছ'ৰী ক'বও নালাগে ৷ থাক তই ৷ মই যাওঁ…"
-"তই যাচোন যদি পাৰ অকলে যাবলৈ…যা ৷ মই চাওঁ…"
-"যামেই অকলে, আহিছোঁ অকলে যামো অকলে ৷" তেওঁ ক'লে ৷
ইফালে খংটোও উঠি আহিছে মোৰ ৷ খং উঠিলে মই আকৌ ৰিস্ক লৈ ভাল নাপাওঁ ৷ কি কৰো, কি নকৰো একো ভাবি পোৱা নাই ৷ হঠাতে লক্ষ্য কৰিলোঁ ৰেলিং জিন্দাবাদ ৷ ময়ো এনেই ঘপহকৈ কৈ দিলোঁ,
-"যদি যাব খুজিছ যা মই কিন্তু ৰেলিঙত মূৰ মাৰি দিম ৷"
-"মাৰি থাক ৷ মই যাওঁ ৷"
যাবলৈ ওলাল ৷ ময়ো এনেই দেখুৱাবলৈ ফুটপাথৰ ৰেলিঙত মূৰটো মাৰি দিলোঁ ৷ আকৌ এবাৰ মাৰিলোঁ ৷ আকৌ এবাৰ ৷ আকৌ এবাৰ ৷ মনতে ভাবিছোঁ 'আৰে ক আকৌ সোনকালে এইবোৰ নকৰিবি বুলি' ৷ নাই সাৰ সুৰ নাই দেখোন একো ৷ উফ্… এইবাৰ অলপ জোৰকৈ লাগিল চাগে ৷ কপালখন বিষাইছে ৷ এবাৰ এবাৰকৈ আকৌ দুবাৰ মাৰিলোঁ ৷ হঠাৎ মোৰ কান্ধত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ ৷ মনটো ভাল লাগি গ'ল ৷ মোৰ পাগলামীয়ে কাম দিছে বুলি দুবাৰ আৰু জোৰকৈ মাৰি দিলোঁ ৷ এইবাৰ মোৰ সচাকৈ বহুত বিষাইছে ৷ উফ্… কপালখন কিবা ফুলি অহাৰ দৰে লাগিছে ৷ শেষবাৰৰ বাবে মূৰটো আকৌ এবাৰ ৰেলিঙত মাৰিবলৈ ধৰোঁতেই কোনোবাই মতা যেন শুনিলোঁ,
-"…ভাইটি… তেওঁ গুছি গ'ল…"
একে কোবে মূৰ মাৰিবলৈ এৰি ভালদৰে চাবলৈ চেষ্টা কৰিলোঁ ৷ অ'… তেওঁ গুচি গ'লতো সচাঁকৈ ৷ উৱা… মই মানুহটোৱে কি কৰিছো নাই কৰা চাবলৈ তেওঁ ন'ৰলেই মানে! তেতিয়ালৈ তেওঁ মোৰ পৰা প্ৰায় ৬০ মিটাৰ মান দূৰলৈ গুচি গ'ল ৷ কপালখন ফুলি আহিছে লাহে লাহে ৷ বৰকৈ বিষাইছেও ৷ অনুভৱ কৰিছো কপালৰ পৰা কিবা অলপ তললৈ বৈ আহিছে গৰম গৰম লগা ৷ মোৰ পাগলামী দেখি দুই চাৰিজন মানুহো গোট খাইছিলহি চাগে ৷ লাহে লাহে 'ইছ-আছ' শব্দ কৰি মানুহবোৰো আতৰি গ'ল ৷
সেয়ে মই মানে খং উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও ৷ লৈছিলোঁ নে ৰিস্ক এটা চাৱক ৷ ফ্লপ শ্ব হৈ গ'ল ৷ কোনে দেখিলেনো! ধ্যুৰ চাল্লা ৷ মাথাটোৱেই বেয়া হৈ গ'ল ৷ কিন্তু এইবাৰ আকৌ মোৰ খং নুঠিল ৷ খং উঠিলে ৰিস্ক ল'বলৈ ভাল নাপাও বাবেই এইবাৰ হাঁহি এটা মাৰিলোঁঁ ৷
No comments:
Post a Comment