(চতুৰ্থ খণ্ড)
তাৰ পিচৰ পৰা আৰু ভয়টো একেবাৰেই নোহোৱা হ'ল পঢ়াৰ বাদে ৷ পঢ়াৰ ভয় এটাই মনত বৰ বেয়াকৈ থিতাপি ল'ব ধৰিছিল ৷ সময়বোৰ বাগৰিছিল তেনেকৈ ৷ কমাৰ্চৰ সকলোৰে লগত আমাৰ চায়েঞ্চৰ এটা ভাল সম্পৰ্ক আছিল দুটাকৈ ক্লাচ কৰাৰ সুবাদত ৷ অসমীয়া আৰু ইংৰাজী ৷ ইংৰাজীৰ ক্লাচত প্ৰথম দিনা এগৰাকী মেম, দ্বিতীয় দিনা বেলেগ এগৰাকী মেম, আকৌ দুদিন পিছত অইন এগৰাকী মেমে ক্লাচ লৈছিল ৷ তিনিসপ্তাহমান পিছতে গম পালোঁ যে সকলোৱে বেলেগ বেলেগ 'লেচন্' পঢ়ায় হেনোঁ ৷ প্ৰথমদিনাই স্কুলবেগটোৰ দৰে কিতাপসোপা দাঙি লৈ যোৱা মইটোৱে প্ৰথমদিনাৰ পিছত এদিনো কিতাপ নিনিয়া হ'লোঁ ৷ 'মে হুঁ না' খনত জায়েদ খানে লোৱাৰ দৰে এটা Desil ৰ চাইদ বেগটো লৈ আহোঁ ৷ বেগত থাকে এটা বাহিৰা বহীৰ দৰে এখন বহী ৷ কোনোবাই কিবা 'নোটচ্' দিলে তাতে লিখি থওঁ ৷ মন গ'লে কিবা কিবিবোৰো লিখোঁ ৷ বহীখন বৰ মৰমৰ আছিল ৷ পিছফালৰ পৰা লুটিয়ালে হয়তো কেৱল দুশাৰী/চাৰিশাৰী শব্দবোৰ যোৰা লগাই লগাই লিখা কিবা কিবিবোৰেই বেছিকৈ ওলাব ৷ ভাল নালাগিলে কাটি পেলাওঁ ৷ আকৌ লিখোঁ ৷ আকৌ কাটো ৷
লাহে লাহে কলেজত সকলোৰে এটা এটাকৈ গ্ৰুপ বান্ধিব ধৰিছে ৷ লক্ষ্য কৰিলোঁ, কমাৰ্চৰ ল'ৰাবোৰৰ পাঁচ/ছয়টা গ্ৰুপ,ছোৱালীবোৰৰো বেলেগ গ্ৰুপ ৷ গ্ৰুপ বুলিবলৈ আমাৰহে নাই ৷ মানে চায়েঞ্চ ডিপাৰ্টমেণ্টৰ ৷ তাৰ মাজতে এদিন তিনিচুকীয়া কলেজ এৰি থৈ আমাৰ লগত যোগ দিলেহি আৰু এজন ল'ৰা, নাম তাৰ ধন কানু ৷ তাৰ মগজুত কি থাকে সেয়া আমাৰ বাবে দুৰ্বোধ্য ৷ ফিজিক্সৰ numerics বোৰৰ answer আলাসতে উলিয়াই দিব পাৰে ৷ আমি ফিদা তাৰ ওপৰত ৷ কিবা নোৱাৰিলেও টেনচন নলওঁ ৷ মই নোৱাৰিলে কি হ'ব সি পাৰিব ৷ সি পাৰিলেই হ'ল ৷ তাৰ ওপৰত বহুত বিশ্বাস আহি গ'ল লগ পায়েই ৷ বেচেৰা সি আকৌ বেছিকৈ ফিদা আমাৰ ক্লাচৰে এজনী ছোৱালীৰ ওপৰত ৷
অসমীয়া-ইংলিছৰ ক্লাচত আমিবোৰ ফটুৱামি কৰিব যোৱাৰ দৰে ৷ কোনোদিনে একো এটা নুশুনোঁ ৷ মেমে কিবা কৈ থাকে, আমি লাষ্ট বেঞ্চাৰে বেলেগ গচিপ কৰোঁ ৷ অৰোৰা হলত কি চিনেমা লাগি আছে, ভুলভুলাইয়া খনতকৈ নতুন ভাল ক'মেডি মুভি কি আহি আছে, ডনবক্স'ৰ কোনজনী ছোৱালী আমাৰ লগৰ কোনটোৰ গাৰ্লফ্ৰেণ্ড এইবোৰহে আড্ডা হয় শেষ বেঞ্চত ৷ প্ৰায়ে আমি সাতটামান ঠেলা হেচাঁকৈ বহোঁ ৷ কেতিয়াবা দিৱসৰ লগৰ কেইটা নাথাকিলে তাতে বহোগৈ ৷ এনেকৈ এদিন এগৰাকী ফ'ৰেইনাৰ ফ'ৰেইনাৰ যেন লগা মেম আহিল ৷ কিবা কিবি ইংলিচতে গাই আছে ৷ আজিকালি কোনোবাই ইংলিচ ক'লে বিৰক্তি অহা হৈছে ৷ কিয়নো, এতিলৈকে একো এটা চাবজেক্টততেই ইংৰাজী বাক্য এটা মই শুদ্ধকৈ লিখিব পৰা নাই ৷ মেমে কিবা কৈ আছে যদিও মই অলপো গুৰুত্ব দিয়া নাই ৷ মাজে মাজে ল'ৰাবোৰে মেমৰ লগে লগে আওৰায় ৷ দুজনমানে তাতে কিৰিলিয়াই দিয়ে ৷ তেনেতে মেমে কিবা এষাৰ অসমীয়াত কোৱা যেন লাগিল ৷ ভালকৈ মন দি শুনিব ল'লোঁ…
মেমে সুধিছে,
-'what…? মৰ নেম Leena Bordoloi…'
-'No Ma'am… মোৰ মোৰ not মৰ, not নেম,নাম নাম…'- কেইজনীমানে চিঞৰি ক'লে ৷
আকৌ সুধিলে,
-'Its same na?", মেমে সুধিলে ৷
কোনোবা এজনী সিফালৰ পৰা ঠিয় হৈ ক'লে,
-'Pronunciation was wrong ma'am মোৰ & নাম হ'ব লাগে ৷'
-'Ok ok.. lets see, মোৰ নাম লীনা বৰদলৈ ৷ Am I right now?"- এইবাৰ সম্পূৰ্ণ শুদ্ধ অসমীয়া উচ্চাৰণেৰে কোৱাত সকলোৱে হয়ভৰ দিলে ৷ তাৰ মাজত কিৰিলিয়াই চিঞৰাখিনিয়ে সিহঁতৰ বিখ্যাত কামটো এৰি দিয়া নাই ৷
সেয়া লীনা মেম ৷ ডিডিচিৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী ৷ মেমে আমাক Pronunciationৰ ওপৰত গুৰুত্ব দিব কয় ৷ মেমৰ কথাবোৰ, উচ্চাৰণশৈলী আৰু প্ৰকাশভংগীবোৰে আমাক বেলেগ এখন দুনীয়ালৈ লৈ গৈছিল ৷
এনেকৈ লাহে লাহে আমি গোটেইবোৰ এক হৈ গৈ আছোঁ ডুমডুমা কলেজত ৷ ক্লাচ নাথাকিলে আজিকালি লাইব্ৰেৰীত এনেই বহি থাকোঁ দিৱসৰ লগত গৈ কেতিয়াবা ৷ আমাৰ দুটাৰ কেতিয়াবা সেইখিনিয়ে লগ পোৱাৰ ৷ আড্ডা দিব পৰাকৈ সময় অকণ আমি লাইব্ৰেৰীতে উলিয়াই লওঁ ৷ ডিডিচিৰ ধুনীয়া ছোৱালীজনীৰ নামৰ পৰা ঘৰলৈ আমি তাতেই গম লওঁ ৷ কেৱল প্ৰেম কৰিব পৰাকৈ আমাৰ সাহস নহয়গৈ ৷ যোৰা পাতি বহি থকা চিনিয়ৰবোৰক দেখি আমাৰ হাঁহিবোৰ লাইব্ৰেৰীতে হেৰাই যায় ৷ পুৰণি লাইব্ৰেৰীটোত আমাক ভিতৰলৈ সোমাব নিদিয়ে ৷ কোনখন কিতাপ লাগে কৈ দিলে ল'ৰা এজনে দি থৈ যায় ৷ কিতাপখন চুই নোচোৱাকৈ মই কেতিয়াও কিতাপ পঢ়িব নোৱাৰো বাবেই ক'ৰ্চৰ বাহিৰে বেলেগ কিতাপ নলওঁ বুলি থিৰাং কৰিলোঁ ৷ তাতে আকৌ থকা ল'ৰাজনৰ 'লেবেল' কি চাব! এদিন এই খঙতে লাইব্ৰেৰীতে নোসোমাওঁ বুলি শপতেই খালোঁ ৷
কিন্তু, দাতাই দিলেও বিধাতাই নিদিয়ে! শপত খালে কিডাল হ'ব! কম্পিউটাৰ ৰূমলৈ যাবলৈ হ'লেই লাইব্ৰেৰীৰ মাজেদিয়ে সোমাব লাগে ৷ তথাপিও তাক দেখিলে তলমূৰ কৰি পাৰ হৈ যাওঁ ৷
আজিকালি কলেজলৈ একেলগে ঘৰৰ পৰা অহা-যোৱাকৈ মোৰ লগ হৈছে পেগু ৷ সি আৰু মই প্ৰায়ে লাল গুমটিৰ পৰা একেলগে যাওঁ প্ৰায়ে ৷
আগষ্ট মাহৰ শেষৰ ফালে এদিন গধূলি মই টাউন ফিল্ডৰ এটা চিৰিত বহি আছোঁ ৷ ঘোষ্ ডাক্টৰৰ ক্লিনিকখনৰ ফালে বিচৰাম্ পজ্যিচনত পেচাব কৰি থকাৰে পৰা সি চিয়ঁৰিলে,-"ঐ, তই টিউশ্ব্যন ক'ত ল'বি না লৈছ' কৰবাত?"
-"তই ক'ত লৈছ?" বেপেৰোৱা ভংগীৰে মই ওলোটাই তাক সুধিলোঁ ৷
-"কেমিষ্ট্ৰী শুক্লা ছাৰৰ তাত ল'ম হ'বপায়, মেথ্চৰ ক'ত লওঁ ভাবি আছোঁ! উৎপল ছাৰ বুলি এজন আছে!"
-"মই ভবাই নাই ৷ চাওঁচোন কি কৰা যায়!!!"
-"মলয় পাল ছাৰৰ তাতো ল'ব পাৰ' ৷"-সি ক'লে ৷
-"ক'ৰ হয়? মই চিনি নাপাওঁ!"
-"আব্বে তই মলয় পালক নাজান?"
-"নাজানোঁ ৷ মই অহা কিমানদিননো হৈছে! কাকো ভালকৈ চিনি নাপাওঁ ৷ তেনেকৈ কিয় ক'ৱ বে! অলপটো লোকেল বুলি ইজ্জত দে !"
-"আৰে গুলী মানুহ ছাৰ ৷ তই একদিন যাবি না ৷ ফাগলা হৈ যাবি তই লগ পালে!"
-"কি ফাগলা বে?"
-"আব্বে, পাগলা পাগলা হৈ যাবি তই ৷" কৈয়েই সি পেণ্টৰ চেইনৰ জীপ ডাল ভালকৈ লগাই ইফালে সিফালে উৰি থকা মহ দুটামান মাৰি নিজকে নিজে কৈ গ'ল,
-"চাল্লা চুৱৰৰ বাট্চা মছ্কুইট' কিটা ইমান খোছে না! হালত খাৰাপ কৰি দিয়ে! যাওঁ ব'ল ৷ পানীপুৰি খাম ৷"
সেয়া পেগু ৷ আচল নাম হেমন্ত পেগু৷ সি সৰুৰে পৰা মাহীয়েকৰ ঘৰত আছেহি ৷
Aviation Research Centre ৰ হাস্পতালত মাহীয়েক নাৰ্চ ৷ তাতেই অসমীয়া-হিন্দী মিহলি পৰিৱেশ এটাত ডাঙৰ হৈছে ৷ কথাৰ মাজতে তাৰ হিন্দী আহি যায় ৷ ঘৰ ধেমাজিৰ চিলাপথাৰত ৷ খুউব কম দিনৰ ভিতৰতে আমি একেলগ হৈ গৈছোঁ ৷ এনেকৈ গধূলি গধূলি আমি টাউন ফিল্ডত এপাক সোমাইহে ঘৰলৈ উভতোঁ ৷
-"কাইলৈ যাবি নেকি ছাৰৰ ঘৰত?"
পানীপুৰি খাই থকাৰে পৰা সি সুধিলে ৷
-"ভবা নাই অ ৷ মই জনাম দে তোক ৷"
-"যাম ব'ল জল্ডি ৷ নহ'লে পাছত গৈ চিট্ নাপাম ৰে ৷ আজিকালি ভৰ্তি হৈ যায় চিটবিলাক ৷",তাৰ টেনচন ভৰা কথা ৷ মই ইমান মূৰ মাৰি থকা নাই ৷ এটাই ভাবোঁ টিউশ্ব্যনলৈ যাবলৈ হ'লেওতো মই নিজে কিবা জানিব লাগিব ৷ যদি একো নাজানোৱেই গৈ কি কৰিম তাত ৷
ঘৰলৈ উভতিলোঁ ৷ ৰাতিলৈ কিতাপবোৰ লুটিয়াইছোঁ কেৱল ৷ এংগলো-আছামীজ Dictionary খন কাষত লৈ হতাশাত ভুগিছোঁ ৷ মামালৈ মনত পৰিছে ৷ আগতে ইমান কৈছিল Dictionary খন আজৰি সময়ত চাবলৈ ৷ মই মুৰ্খই তেতিয়া চৈয়দ আব্দুল মালিকৰ 'সোণালী সূতাৰে বন্ধা' পঢ়ি থাকিলোঁ ৷ মেট্ৰিক পৰীক্ষা দি শেষ হোৱাৰ পিছতো কৈছিল,-"ঘৰত গৈ ডিক্সনেৰী খন মেলি থাকিবা" ৷ মই গাধাই তেতিয়া কেৱল ছ'নী টিভিৰ CID ৰ এপিছ'ডবোৰেই চাই থাকিলোঁ ৷ এতিয়াহে কথাবোৰ গাত লাগিছে ৷ এতিয়া মই কেনেকৈ পঢ়িম এই মস্ত Dictionary খন! কেনেকৈ মনত ৰাখিম ইমান পাক লগা ব'টানীৰ গছ-ফুলৰ চায়েণ্টিক নামবোৰ ৷ মই ফেইল কৰিম ৷ পাক্কা মই ফেইল কৰিম ৷ মোৰ নিজা সপোনতো নায়েই একো, যি অলপ ঘৰৰ পৰা আশা কৰিছিল মই সেয়াও ৰাখিব নোৱাৰিম ৷ মই কি কৰি আছোঁ এইবোৰ? মূৰতো বাৰে বাৰে আচন্দ্ৰাই কৰা যেন লাগিছে ৷ দেউতাৰ মোৰ ওপৰত থকা আশা, মা মুখৰ হাঁহিটো মই নেদেখিম আৰু কেতিয়াও- এইবোৰ চিন্তা মনলৈ আহিব ধৰিলে ৷ গোটেই কিতাপ বোৰ মেলি ল'লোঁ ৷ 'Choudhury & Choudhury' ৰ কেমিষ্ট্ৰী খনৰ ওপৰতে 'A CLASSBOOK OF MATHEMATICS' খনৰ দুখিলামান পাত লুটিয়াই K.N Sharma Dilip Sarma ৰ 'Modern Approach To Physics' খন টেবুলৰ সিটো ফালৰ পৰা উঠাই লওঁতেই মই সিদ্ধান্ত ল'লোঁ,
-"চুইচাইড কৰিম! ইমান লাজ মই সহিব নোৱাৰোঁ, তাতকৈ মই চুইচাইড কৰিম!"
(ক্ৰমশঃ)
No comments:
Post a Comment