Tuesday, 2 August 2016

ৰবীন্দ্ৰভৱন কাৰো বাপেকৰ সম্পত্তি নহয়…

মই নাটক চাই ভালপোৱা এজন ল'ৰা ৷ সৰুৰেপৰাই নাটক বুলিলে পগলা ৷ এদিন গুৱাহাটী আহিলোঁ,এটা ভাল পৰিৱেশ পাইছিলোঁ নাটক উপভোগ কৰিবলৈ ৷ সেয়া হৈছে ৰবীন্দ্ৰ-ভৱন ৷ সেই যে ২০১১ চনৰ নটসূৰ্য নাট-সমাৰোহ চাইছিলোঁ তাৰ পৰা আৰম্ভ কৰোঁ যদিও আজি পৰ্যন্ত বহুকেইখন নাট উপভোগ কৰাৰ সুযোগ পাইছোঁ ৷
এটা সময় আছিল আমি বহুকেইজন প্ৰায়ে ৰবীন্দ্ৰ ভৱনতেই সন্ধিয়া লগালগি হৈছিলোঁ ৷ কিন্তু নাজানোঁ সেই সময়ত আমি কি আছিলোঁ ৷ কিন্তু এইখিনি কাণ্ডজ্ঞান আছিল যে চিনেমা হল হওঁক বা নাটকৰ আখৰাগৃহই হওঁক আমি কাকো অসুবিধাত পেলাব নালাগে ৷ মানে এই ধৰক যথাসম্ভৱ নিম্নস্বৰত প্ৰেক্ষাগৃহৰ ভিতৰতকথা কোৱা, ম'বাইলটো ভাইব্ৰেট মূডত ৰখা এইবোৰ নিয়মমাফিক ঘটনাৰ দৰে হৈছিল ৷ ঘোষণা কৰাৰ পূৰ্বে এইখিনি কাম আমি কৰিছিলোঁ ৷ সময়বোৰ বাগৰাৰ লগে লগে নাটক চোৱা লগৰবোৰ সলনি হৈছিল যদিও নিয়মটো যেন ৰৈ গৈছিল ৷ ঠিক একেদৰে দিনটোৰ ব্যস্ততাবোৰ আঁতৰাই আজিও সময় পালেই ঢপলিয়াও ৰবীন্দ্ৰ-ভৱনৰ প্ৰেক্ষাগৃহলৈ ৷ কালিও গৈছিলোঁ এখন শিশু নাট 'কুণ্ডিল-কুঁৱৰী' চাবলৈ ৷ তাত গৈ পোৱাৰ পিছত প্ৰাঞ্জলদাক দেখিলোঁ বহি থকা ৷ তেওঁৰ কাষত খালী থকা দুটা চিট দেখি জ্যোতিষ্মান আৰু মই বহি পৰিলোঁ ৷ নাট আৰম্ভ হ'বলৈ তেতিয়াও কিছু পৰ আছিল ৷  চাৰিওফালে এটা উলহ-মালহ পৰিৱেশ বিৰাজমান ৷ দেখি বিৰাটেই ভাল লাগিল ৷ ঠিক নাট আৰম্ভ হোৱাৰ পূৰ্বে উদ্বোধনী অনুষ্ঠান এটা হ'ল সৰুকৈ ৷ দুলাল ৰয় দেৱৰ লগতে স্বপ্ননীল ছাৰৰ মৃদু ভাষণেৰে সুন্দৰকৈ  আনুষ্ঠানিক ভাৱে নাট মুকলি হ'ল ৷ ইমানপৰে যদিও আমি অনুষ্ঠান উপভোগ কৰি অাছোঁ তথাপিও কিন্তু দৰ্শকৰ মাজৰ পৰা কাৰোবাৰ ম'বাইল বাজিছে, কোনোবাই উচ্চস্বৰত কথা পাতিছে, কোনোবা সৰু ল'ৰাৰ কান্দোন উফৰি আহিছে ৷ কিন্তু তাতোতকৈ ডাঙৰ কথা,নাটক আৰম্ভ হোৱাৰ পাচতো আমাৰ পিছফালে বহা এটা 'ফাইলে' উচ্চস্বৰত কথা পাতি হাঁহি মাতি আছে ৷ কিছু সময় অপেক্ষা কৰিলোঁ ৷ ভাবিলোঁ সৰু ল'ৰা-ছোৱালী প্ৰথমবাৰৰ বাবে চাগে আহিছে নাজানে বাবে তেনেকৈ কথা পাতি আছে ৷ কাণ এৰাই চলা ভাৱত একো নুশুনা যেন ধৰি চাই আছোঁ নাটক ৷ তাৰ মাজতে লক্ষ্য কৰিছোঁ দুই এজন দৰ্শকে বিৰক্তি পাই ইফালে সিফালে চাইছে যদিও একো নামাতি আকৌ মঞ্চৰ ফালে মুখ কৰিছে ৷ বহু সময় পিছফালৰ কথা শুনি শুনি ইফালে কাণ পকি গৈছিল ৷ নোৱাৰিলোঁ আৰু ৰ'বলৈ ৷ মাত দিলোঁ, "বেয়া নোপোৱা যদি অলপ সময় মনে মনে থাকিবা নেকি?" ৷ দুজনীয়ে ছ'ৰি বুলি কৈ চুপ হৈ থাকিল ৷ কিন্তু হ'লে কি হ'ব লগৰ কেইটাই নিজৰ কথাতেই মগ্ন ৷ মাজে মাজে তেওঁলোকৰ প্ৰেমালাপবোৰ বতাহত ভাঁহি আহে ৷ তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি চিপচ্ ৰ পেকেটৰ আৱাজ,ক'ল্ড্ৰিংকৰ বটল দলিওয়া দলি এইবোৰ ৷ মুঠৰ ওপৰত মঞ্চত 'কুণ্ডিল-কুঁৱৰী' যদিও দৰ্শকৰ শেষৰ শাৰীত 'মডাৰ্ণ-কুঁৱৰী' ৷ উপায় নাপায় ওলাই আহিলোঁ ৷ নহ'ল নাটখন সম্পূৰ্ণ কৰি চোৱা ৷ এয়া কেৱল মোৰেই নহয় আপোনালোকেও চাগে এনে তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে ৷

এতিয়া মোৰ কথা সেইসকলৰ বাবে যিসকলে ফ্ৰী এচিৰ হাৱা খাই ৰবীন্দ্ৰ ভলনত ডেটিং মাৰিবলৈ যায় অথবা ফ্ৰী পাচ লৈ প্ৰৱেশ কৰে, আপোনালোকে অনুগ্ৰহ কৰি শুনক,ৰবীন্দ্ৰ ভৱন কোনো ডেটিং প্লেচ নহয় ৷ ইয়াৰ এটা সুকীয়া মান আছে ৷ ইয়াৰ পৰিৱেশ বিনষ্ট কৰিবলৈ ই কাৰো বাপেকৰ সম্পত্তি নহয় ৷ যদি নাটক চোৱাৰ কোনো হাবিয়াস নাথাকে তেন্তে মিছাকৈয়ে গৈ আসন দখল কৰি নাথাকিব ৷ বহুতে নাটক এখন থিয়ৈ থিয়ৈও উপভোগ কৰে ৷ কিন্তু এনেকুৱা সমস্যাৰ সৃষ্টি হ'লে ৰবীন্দ্ৰ ভৱনৰ পূৰ্বৰ মান নষ্ট হোৱাৰ সম্ভাৱনা প্ৰচুৰ ৷ লগতে নাটকৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে মানুহ ভিৰ কৰাই এখন নাট কেতিয়াও মঞ্চসফল বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব বুলি আশা কৰিলোঁ ৷ নাটক চোৱা মানুহএতিয়াও আছে আৰু থাকিব ৷ এতিয়াও আমাৰ দৰে নাটক ভালপোৱা মানুহো বহুত আছে ৷ যি কেৱল নাটক সচাঁ অৰ্থত চাবলৈ যায় ৷ অনুগ্ৰহ কৰি ৰবীন্দ্ৰ ভৱনৰ গৰিমাত কালিমা নাসানিব ৷

Thursday, 21 July 2016

মিচ মনমিতা গৌতম, ফেক আই ডি, ভাৰ্ছন ২.৯

শেষ সন্ধিয়াটোত…

মই বুজি উঠিছিলোঁ ভালদৰেই কাৰোবাক হেৰুৱাবলগীয়া হোৱাৰ বেদনা, কিন্তু মই এইবাৰ মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত আছিলোঁ ৷ ব্লু জীনচ্ আৰু মেৰুন কালাৰৰ টি-চাৰ্টটো পিন্ধি নিজকে এবাৰ আইনাখনত চালোঁ ৷ চুলিখিনিত হাতখন এনেয়ে এবাৰ  বুলুৱাৰ পাছত দাঢ়িখিনিলৈ আগবাঢ়িল ৷ এৰা,বহুতেই দীঘল হৈছে ৷ কটাব লাগিব মনোভাৱেৰে চকু আতৰ কৰি আনি বিচনাৰ কাষতে লাগি থকা টেবুলখনত দৃষ্টি নিবদ্ধ কৰিলোঁ ৷ অন্যমনস্কভাৱে মোৰ চকুহালে গোটেই টেবুলখন পিতপিতাই ফুৰিছে ৷ হঠাৎ মনত পৰিল টেবুলত নহয় গাৰুটোৰ ওচৰতহে ৰাখিছিলোঁ লাইটাৰটো ৷ লগে লগে গাৰুটোৰ ওচৰত খেপিয়ালোঁ ৷ পালোঁ ৷ ড্ৰয়াৰটো খুলি গল্ডফ্লেকৰ পেকেটটোৰ পৰা চিগাৰেটডাল উলিয়াই অগ্নিসংযোগ কৰি টেবুলত মৰাশ পৰা দি পৰি ৰোৱা ঘড়ীটোলৈ চালোঁ ৷ ৪ বাজি ১০ মিনিট গৈছে ৷ তাইটো মোক ৫ বজাতহে লগ কৰাৰ কথা আছিল ৷ তেন্তে ইমান সোনকালে কিয় ৰেডি হ'লো! হয়তো তাইক চিৰজীৱনলৈ বিদায় দিবলগীয়া দুখত(?) ৷ এহ্ বাদ দিয়া, যি হয় হ'ব ভাবি একান্তমনে চিগাৰেটটো হুপিবলৈ ধৰিলোঁ ৷ জলন্ত চিগাৰেটটোলৈ চাই চাই ভাবিব ধৰিলোঁ সেই প্ৰথম কাজলসনা চকুযুৰি চোৱাৰ সৌভাগ্য হোৱাৰ দিনাখনৰ কথা ৷ আজি চাৰিবছৰ পিছত সম্পূৰ্ণৰূপে তাইৰ পৰা নিজকে আতৰ কৰি আনিব লাগিব ৷ মনটো কিবা এটা ভাৱত বিভোৰ হৈ আছে ৷ দিনটো কোনোটো কামতেই মন বহুৱাব পৰা নাই ৷ শেষৰটো চেমিষ্টাৰৰ প্ৰ'জেক্টৰ কামো পৰি আছে ৷ ইফালে ন'টচৰ কামো কৰা হোৱা নাই ৷ প্ৰেকটিকেলবোৰৰ কথা নক'লোৱে যেনিবা ৷ উফ্ঃ এনেকৈ নোৱাৰি আৰু ৷ না ৰাতি পঢ়া হয়,না দিনত ৷ পঢ়িবলৈ বহিম টিপিক টাপাককৈ হোৱাটচএপাই থাকিব ৷ ফ'ন কৰিম, কল বিজি দেখাই থাকিব ৷ কিবা এটা সোধাৰ আগেয়ে টেকটেককৈ মিছা কথাৰ টোপোলাটো আগবঢ়াই দিব ৷ এনেকৈ পাৰি নেকি? আৰে ভাই,ভালপাব নোৱাৰ নেলাগে পাবলৈ ৷ এটলিষ্ট বেয়া পাবলৈটো শিক ৷ সেইবুলি ইটো জনমত নোৱাৰিলোঁ অহা জনমত মই তোৰেই হ'ম কথাষাৰ এটলিষ্ট মই বিলিভ নকৰোঁ ৷ ফ'নত কাজিয়া, হোৱাটচএপত ব্লক ৷ ইফালে এয়াৰচেলৰ 2G নেটৱৰ্কত মেচেঞ্জাৰ খোলালৈ সিফালে ভ'ডাফ'নৰ 3G নেটৱৰ্কে একাউণ্টেই ডিএক্টিভ কৰি পেলাব ৷ মুঠতে কোনোফালে শান্তি নাই ৷ তাতে কোনোবাদিনা লগ পালে কেৱল পুণেৰ কথাকেই কৈ থাকিব ৷ কেতিয়াবা এনেকুৱা লাগে যেন তাই পুণেৰ পৰাহে গুৱাহাটীলৈ ইক'নমিক্স পঢ়িবলৈ আহিছিল ৷ তাতে তাইৰ ৰূমমেটজনীৰ কথা নক'লোৱেই যেনিবা ৷ বাবা ৰে বাবা ৷ ৰাতি ১২ বজাত ফ'ন কৰিলে ক'ব 'তাই মোৰ ভিনদেউৰ লগত কথা পাতি আছে' ৷ আৰে মেডাম, তোমালোকৰ ভিনদেউবোৰ কেনেকুৱা প্ৰজাতিৰহে ! মানে মানুহৰ গাত থকা কিবা লক্ষণ আছে নে নাই? হেৰৌ বায়েৰজনী লগত থকাৰ পাছতো তহঁতকেইজনী ইমান আপোন খুলশালী নে যে দোভাগ ৰাতিও ফেনাই থাকে ৷ অহ্
পাছে পৰেহে গম পালোঁ ভিনিহিয়েকৰ আঁচল ৰহস্যটো ৷ অউ, ভিনিহি ভিনিহি চেলাই আমাৰজনীয়ে পুণে পাইগৈ ৰাতি ৰাতি ৷ ওৰহি গছৰ ওৰ উভলাৰ পিছত যেনিবা সৈ কাঢ়িলে ৷ কিন্তু মইতো তোমালোকৰ দৰে ধোৱা তুলসীৰ পাত নহয় ৷ দস্তুৰমত টকা-পইচা কম থাকিলেও নিজৰ আত্মসন্মান বুলি বস্তু এটা আছে ৷ কলাখাৰৰ লগত হ'ল বুলি সেইবিধ সম্পত্তি পুৰি খাব নোৱাৰোঁ ৷ এনেকুৱা বহু কথা ভাবিয়েই আজিৰ সিদ্ধান্তটোত উপনীত হৈছোহি ৷ আজিৰ পৰা আমি কোনো কাৰো একো নহয় ৷ 'তই যাবি তোৰ ৰাস্তাত,মই অাহিম মোৰ ৰাস্তাত' টাইপৰ ডিল ৷
ঠিক ডিল বুলি ক'লে ভুল কোৱা হ'ব ৷ সিদ্ধান্ত ৷ উপায় নাই ৷ সৱ প্ৰেকটিকেল ৷ তয়ো, ছ' ময়ো ৷ যদিও সময় অকণ লাগিব তথাপিও উপায়হীন ৷

…চিগাৰেটোৱে ইতিমধ্যে কেতিয়াবাই ইহলীলা সম্বৰণ কৰিছিল ৷ বটলৰ পৰা পানী অকণেৰে ডিঙিটো তিয়াই ল'লোঁ ৷ আকৌ আইনাখনৰ ওচৰত ৰৈ কথাবোৰ ভালদৰে যুকিয়াইছোঁ ৷ শুদ্ধ কি ভুল কি নাজানোঁ, কিন্তু ক'ম ক'ম বুলি ৰৈ থকা কথাবোৰ আজিয়েই ক'ব লাগিব ৷

ঘড়ীটোৱে ৫ বজাৰ সংকেত দিছে…

Tuesday, 19 July 2016

দুচকুত আকাশ চাব বিচৰা ছোৱালীজনী…

তোমাৰ শব্দত মায়া আছিল
বুকুত দুখ আছিল
দুচকুত কাজল
দুখবোৰ নিগৰি
দুচকুৰ উপত্যকাত ঢৌ তুলিছিল

সপোন তোমাৰ প্ৰিয় আছিল
আকাশখন বুকুতে আছিল
হেপাঁহবোৰৰ সৈতে
কল্পনাৰ সাগৰত
সপোন দেখি
পাহৰি আছিলা
বাস্তৱ !
তথাপিও
তোমাৰ শব্দত মায়া আছিল

তুমি চাব খোজা আকাশখন
মোৰ দুচকুত আছিল(!)
আছিলনে সচাঁকৈয়ে ?
প্ৰেম নামৰ ষ্টপেজটোত ৰৈ
এদিন সুধিছিলা
তোমাৰ চকুত ইমান ধূসৰতা কিয় ?
তেতিয়াও
তোমাৰ শব্দত মায়া আছিল

মেঘবোৰে বগুৱা বাই
এদিন বৰষুণ সৰাইছিল
বৰষুণজাকৰ পিছত
এআকাশ দুখ লৈ
সৰাপাত বুটলি ৰৈ আছিলোঁ,
সিদিনা ধূসৰতা নাইকিয়া হৈছিল
দুচকুত আকাশ চাবলৈ
কোনেও ৰৈ থকা নাছিল ৷

Friday, 20 May 2016

মই আৰু শব্দবোৰ…

(১)
মোক এসোপামান শব্দ লাগে ৷ য'ত মই নিজক হেৰুৱাই পেলাব পাৰোঁ ৷ নিৰৱতাৰ মাজতো মই বিচাৰি ফুৰোঁ কোলাহলৰ এখন আকাশ ৷ মই বিচাৰি ফুৰা সেই আকাশত এমুঠি বিষাদ,এবুকু প্ৰেম অথবা একাঁজলি মৰম নাথাকে ৷ থাকে মাথোঁ নিৰাশাৰ নৈ ৷ তেন্তে আপুনি ভবাৰ দৰে মই নিৰাশাবাদী নেকি? উমহু… কেতিয়াও নহয় ৷ কিন্তু মই আশাবাদীও নহয় ৷ মই মোক জানোঁ মানে জীয়াই থকাটো মোৰ বাবে কিমান প্ৰয়োজনীয় এইটো সময়ত ৷ এৰা… যোৱা কিছুদিনৰ পৰা মই ভাবুক হৈ পৰিছোঁ ক'বনোৱাৰাকৈ ৷ ক'বলৈ বহুতো কথা থাকে কিন্তু শুনাবলৈ কোনো নাই ৷ লিখিবলৈ বহুত ভাব আহে কিন্তু নীলা চিঞাঁহীৰ গাড়ীখন চলাবলৈ মন নাথাকে ৷
তেন্তে এইমাত্ৰ আপুনি ভবাৰ দৰে মই খুব ব্যস্ত নেকি? হয়তো হ'ব পাৰে ৷ তাতো এটা কিন্তু আছে!  ব্যস্ততাৰ মাজতো মই কিন্তু  শব্দবোৰ আগতে বিচাৰিছিলোঁ, পাইছিলোঁ ৷ এই ধৰক, চান্দমাৰী ফ্লাই অভাৰৰ ওপৰেদি সন্ধিয়াটোত এটা পাক মাৰিছিলোঁ,শব্দবোৰ আছিল লগতে ৷ কাছাৰী ষ্টপেজত নামি কটনৰ আগেদি পাৰ হৈ যাওঁতে কেৰাহিকৈ 'কফি হাউচ'লৈ চাইছিলোঁ,আছিল শব্দবোৰ ৷ উমানন্দৰ পৰা মাৰ যাব খোজা বেলিটিলৈ চাব শিকিছিলোঁ, তাতো দেখিছিলোঁ শব্দবোৰক ৷ কিন্তু এতিয়া ইমানবোৰ শব্দৰ মাজত থাকিও শব্দবোৰ নোপোৱা হৈছোঁ ৷
আনকি মোৰ দুকোঠলীয়া ভাড়াঘৰটোতো শব্দবোৰ বিচাৰোঁ সদায় ৷ কিজানি ক'ৰবাত পাঁওৱেই বা !

(২)
আকাশৰ স'তে সংগোপনে কথা পতাৰ পৰত সিদিনা মেঘক লগ পাইছিলোঁ ৷ নি:শব্দে ৰৈ থকা তৰাবোৰৰ স'তে জোনবাইজনীয়ে  লুকা-ভাকু খেলা সন্ধিয়াটোতেই বৰষুণজাক সৰিছিল ৷ এলাগী বৰষুণজাকলৈ নিষ্ঠুৰ হৃদয়বোৰৰ গালি বৰষিছিল ৷ সিদিনাই চিপ্ চিপ্-ৰিম্ জিম্ কৈ মোৰ উৰুখা পঁজালৈ বৰষুণজাক আহিছিল ৷ বহুপৰ কটালোঁ আমি ৷ সুখ-দুখৰ ফটিকা দুঢোক সমুখত লৈ টোমত ভৰাই ৰখা কথাবোৰ খুলি পেলাইছিলোঁ ৷ দুয়ো উগ্ৰ হৈ পৰিছিলোঁ নিশালৈ ৷ ফটিকাৰ ৰাগীত নহয়, ভালপাইও ভালপাব নজনাৰ দুখত ৷ মূষলধাৰে ধৰাৰ বুকুলৈ বৰষুণৰ টোপালবোৰ বৈ পৰিছিল ৷ বিজুলীৰ চিকমিকনিবোৰত চকামকাকৈ মই দুটিমান শব্দক উটি অহা দেখিছিলোঁ ৷ আকাশৰ বুকুত জোনবাইজনীয়ে মুখ গোমোঠাই অভিমানৰ ছুৱেটাৰ গোঠা সময়তেই মেঘ-বৰষুণৰ শীতলযুদ্ধখন আৰম্ভ হৈছিল ৷ তেন্তে মেঘ আৰু বৰষুণক একেলগে জোনবাইজনীয়ে প্ৰত্যাখ্যান কৰিলে নেকি?
নে মেঘৰ লগত লুকা-ভাকু খেল খেলাৰ আনন্দ আছিল সেয়া ?
তেন্তে আকাশখনেও মোৰ দৰে শব্দবোৰ হেৰুৱালে নেকি বাৰু ??

(৩)
সন্ধিয়াবোৰ ক্ৰমশঃ সলনি হৈছে ৷ ব্যস্ত ফুটপাথত ব্যস্ততাই পোহাৰ মেলা সময়তে জাকৈয়া হাঁহিবোৰ মোৰ কাষেদি উৰি যায় ৷ ইউৰেকা ষ্টাইলত কঁকাল নচুৱাই আমাৰ দৰে উতনুৱাবোৰক আৰু কিমান পাগল কৰিবা? প্ৰেম ভালপোৱাৰ সাগৰত তুমি মইটো এটা ক্ষুদ্ৰ ধূলিকণাও নহয় ৷ প্লীজ বেয়া নাপাবা ৷ বৈদ্য ভুল কৰিলোঁ জানা তোমাক প্ৰ'পজ কৰি ৷ আচলতে এয়া ছোৱালী দেখিলেই প্ৰেমত পৰাৰ মানসিকতা নে অকলশৰীয়া উদাসীন জীৱনত কাৰোবাক সংগী কৰি লোৱাৰ ইচ্ছা নাজানোঁ! ভাব হয় তোমাক লগ নোপোৱা হ'লেই ভাল অাছিল,কিন্তু নহয় ৷ সেয়া তোমাৰ প্ৰতি থকা ভুল ধাৰণা মোৰ ৷ তোমাৰ বাবেইটো বৰষুণৰ মাদকতা বিচাৰি পালোঁ ৷ তোমাৰ বাবেই মানুহৰ ভিতৰৰ মানুহবোৰক চিনি পাবলৈ শিকিলোঁ ৷ আৰে বাবা… আফটাৰ অল্ তোমাৰ বাবেইটো জীৱনটো যে সৰলৰেখা নহয় বুজি উঠিলোঁ ৷ কচম চে, তুমিটো তুমিয়েই না!  মোৰ হোৱা বা নোহোৱা তাত কি আহে যায় ৷

(শব্দ বিচাৰি ফুৰা এগৰাকী পাঠকৰ হাতত তুলি দিবলৈ চেষ্টা কৰা হৈছে- মানস প্ৰতিম)

Monday, 1 February 2016

প্ৰেম আৰু...

প্ৰেম আৰু বেদনা
নিস্তব্ধতা অাৰু নিসংগতা
যেন একমাত্ৰ সংগী,
বহু সপোন লৈ আগবঢ়া
এক মাতাল প্ৰেমিকৰ...

নিৰৱতা, সপোন ভগাৰ শব্দ আৰু
বেদনাগ্ৰস্ত এক হৃদয়
আবদ্ধ হৈ ৰ'ল
পৃথিৱীৰ কোনো অন্ধকাৰ কোঠালিত
মাথোঁ ৰৈ গ'ল
নিৰাশাগ্ৰস্ত প্ৰেমিকৰ
হৃদয়ভগা ক্ৰন্দন ৷

কিমান হেপাঁহ আৰু ৰ'দালিৰ স'তে জীৱন আৰম্ভ কৰা এই উন্মান্দ প্ৰেমিক থমকি ৰ'ল ৷
হেৰুৱাই দিবলৈও সাজু যেন সকলো সম্বল,
আৰু পৰিচয় এক কঠিন জীৱন যুঁজত..

জীয়াই থাকিল
এটা বাসনাবিহীন হৃদয়
এটা শব্দ আৰু
ভাষাহীন মনুষ্য ৷

-চিন্ময়ী ভূঞা

Friday, 22 January 2016

স্নেপশ্বটৰ ক'লাজ

বহুদিন হ'ল একো নিলিখা ৷ আচলতে সময়খিনি মই ধৰিব নোৱাৰোঁ নে মোক সময়ে ধৰা দিব নোখোজে নাজানোঁ ৷ বহুদিন হ'ল, সেই বিশেষ শিলটোৰ স'তে কথা নপতা ৷ বহুদিন হ'ল, উজাগৰী নিশাবোৰ হেৰুওৱা ৷ নিসংগতাৰ চাঁদৰেৰে নিজকেনো কিমান মেৰিয়াই থওঁ হ'ল বুলিনো! বুকুত বাৰিষাৰ বান অহাদি দুুখবোৰ মোৰ সংগী ৷ বেলেগৰ দুখত দুখী হ'বলৈ মই সদায় ভাল পাইছিলোঁ ৷ কিন্তু মোৰ এটাই বেয়া স্বভাৱ সলনি কৰিব নোৱাৰিলোঁ ৷ সেয়া হ'ল মই কেতিয়াও কাৰো সুখৰ সময়ত সংগ দিব নোৱাৰাটো ৷ বেছিভাগত সময়ে মোৰ ওচৰত প্ৰাচীৰ হৈ থিয় দিয়ে ৷ যেতিয়া সকলো সুবিধা থাকে তেতিয়া আকৌ মোৰে কিবা এটা অসুবিধা আহে ৷ তথাপিও চেষ্টা কৰোঁ প্ৰতিজন মানুহক বুজিবলৈ ৷ মন যায় যেন প্ৰত্যেকৰে বুকুত থকা সেই দুখৰ পেৰাটো বন্ধ কৰি পেলাম ৷ কিছু ন-পুৰণি স্মৃতিৰ স্নেপশ্বট আগবঢ়ালোঁ ৷

স্নেপশ্বট ১

নিশা চিলমিল টোপনি ৷ কল্লোল দাৰ ফ'ন পালোঁ ৷ ঘপহকৈ ৰিচিভ কৰি কথা বতৰা পাতিলোঁ ৷ ক'লে, পৰহিলৈ আমাৰ ঘৰলৈ আহিবাচোন ৷ মই বোলো পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু চেষ্টা এটা কৰিম ৷ যাব নোৱাৰিলে বেয়া নাপাব কিন্তু ৷ চাগে কল্লোলদাৰ বিশ্বাস আছিল নিজৰ ওপৰত (মই ভাবিছোঁহে কেৱল দেই) মই যাব পাৰিলোঁ সিদিনা ৷ মোৰ চাগে যোৱা ছমাহত এয়াই প্ৰথম, য'ত মই সময়ত গৈ পাইছোঁ ৷

স্নেপশ্বট ২

মোৰ ভাড়াঘৰৰ সমুখতেই এৰি অহা হোষ্টেলটো ৷ তাৰেই চেকেণ্ড ফ্ল'ৰত মোৰ সেই চিংগল ৰূমটো ৷ আস্ কি সুন্দৰ অাছিল দিনবোৰ-ৰাতিবোৰ ৷ নিশা ডেৰ বজাত অকলে ওলাই আহিছিলোঁ ফুটপাথলৈ ৷ হাতত জুইশলাৰ বাকচ অাৰু এটা ডায়েৰী ৷ স্মৃতিৰ অটল গৰ্ভত লুকাই থকা কথাবোৰ জ্বলাই দিছিলোঁ ৷ অাখৰবোৰ ছাই হৈ পৰিছিল এটা এটাকৈ ৷ মনটোৱে উচুপিছিল ৷ ছাইবোৰ চুই চাইছিলোঁ ৷ চেচাঁ হৈ পৰিছিল ৷ কবিতা লিখিবলৈ এৰি দিছিলোঁ ৷ এৰা কবিতা লিখা মানুহবোৰ পাগল বুলি কেতিয়াবা বিশ্বাসো কৰিছিলোঁ ৷

স্নেপশ্বট ৩

'ফুডভিলা'ত কিবা এটা খাই লৈ সন্দিকৈ কলেজৰ সমুখেদি গৈ আছোঁ ৷ সময় নিশা ৮ বাজি গৈছে ৷ কোনোবাই এদিন কৈছিল,হেণ্ডিকৰ সমুখৰ গছবোৰ হেনো ভূত থাকে ৷ মোৰ বৰ হেপাঁহ ভূত চাবলৈ ৷ সুবিধা পালেই মই বিচাৰি যাওঁ ৷ কিন্তু নাই দেখা (মনত বৈদ্য দুখ জানে) ৷ যা হওঁক আহি আছোঁ বিন্দাচ ৷ ঠিক হেণ্ডিকৰ গেটৰ অলপ আগলৈ গৈয়ে পোৱা ডাঙৰ গছডালৰ কাষত কাৰোবাৰ শ্বাস প্ৰশ্বাসৰ শব্দ ৷ মই পাৰ হৈ গ'লোঁ যদিও মন কৰিলোঁ কিবা বগা ৰঙৰ বস্তু এটা নাচি আছে ৷ অলপ পৰ ৰৈ লাহেকৈ কিনো বস্তু ভালকৈ চাওঁ বুলি গছডালৰ ফালে চালোঁ ৷ দেখিয়েই মোৰ 'ফাটমেলা বসুমতী পাতালে লুকাও' অৱস্থা ৷ এহাল যৌৱনপ্ৰাপ্ত ডেকা-গাভৰু ৷ ফিল কৰিলোঁ ভূত নাথাকি কি থাকিব বাৰু দীঘলীপুখুৰী পাৰত ৷

স্নেপশ্বট ৪

মোক এখন খিৰিকী লাগে ৷ য'ৰ কাষত ৰৈ গোটেই জীৱন মই তেওঁক চাব পাৰোঁ ৷ বৰষুণবোৰ উপলব্ধি কৰিব পাৰোঁ ৷ ৰ'দজাকৰ স'তে নিবিড়ভাৱে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ ৷ কুঁৱলীবোৰৰ স'তে দুখবোৰ বিনিময় কৰিব পাৰোঁ ৷ শীতল বতাহছাতিৰ স'তে এঘুমটি মাৰিব পাৰোঁ ৷ পিতাইৰ বনিয়নৰ ঘাম লগা গোন্ধ অথবা অায়ে বনোৱা পোৰা মাছৰ জুটি 'খৰিকা', 'KFC' অথবা 'পেৰেডাইজ'ত  পামনে? মোক খিৰিকীখন এইবাবেই লাগে কাৰণ মই মানুহ হ'ব খোজো, মানৱতাৰ মুখা পিন্ধা জেণ্টলমেন নহয় ৷

স্নেপশ্বট ৫

মৰমৰ তুমিজনীক ভাল লাগে ৷ চুলিৰ ষ্টাইল ৷ হাঁহিটো ৷ কথাৰ ধৰন ৷ সকলো ৷ আফটাৰ অল এভৰিথিং ৷ কিন্তু বুজাও কেনেকৈ !
"আজিও যে নুবুজো একোকে/কাৰ বাবে আছোঁহি ৰৈ/ভাবিছিলোঁ তুমি মোৰ নোহোৱা....." টাইপ গান ভাল হ'ব নে "...বছ্ ইতনা হ্যে তুমছে ক্যহেনাঁ" টাইপ গান ভাল হ'ব ৷ ফিলিং কনফিউছড ৷ উপায়হীন মই ৷ কি কৰোঁ ভাবি নাপাই ভাবিবলৈ এৰি দিছোঁ ৷ দুচকুত কাজল সানিবা তোমাক ধুনীয়া লাগে ৷ তোমাৰ দুচকুত দুচকু থৈ মই পৃথিৱীখন চাম বুলি কোৱা নাই ৷ কিন্তু ৰিয়েলি তোমাক ভালপাওঁ ৷ বৈদ্য টেনচন জানানে! লাইফটো যে প্ৰফেচনেল হৈ নোযোৱা হ'লে বহুত ষ্টাইলত প্ৰ'পজ কৰিলোঁহেতেন ৷ জানাই নহয় সময়ৰ কথা ৷ ইমানকৈ নাভাবিবা সময়ৰ ওপৰত এৰি দিয়া ৷ এদিন তোমাৰ ভালপোৱা হোৱালৈ মই বা ক'লৈ যাওঁ কি ঠিক! কিন্তু নেহেৰুৱাওঁ কেতিয়াও ৷ কথা দিলোঁ ৷ মৰমৰ তুমিজনী তোমাক ভালপাওঁ ৷