এটা ভুল বুজাবুজিৰে প্ৰায় ছমাহমান মনমিতাৰ স'তে সম্পৰ্ক নাছিল ৷ নথকাৰে কথা দিয়কচোন ৷ এইহেন ব্যস্ত মহানগৰীত কোনে কাৰ কথা শুনি থাকিবহে? তাতে যদি মনমিতাৰ দৰে অলপ ষ্মাৰ্ট হয় ক'বই নালাগে ৷ ফেচবুক, হোৱাটচ এপত খবৰ লোৱাই লৈ থাকে ৷ ৩৪৯ৰ আনলিমিটেড প্ৰেম চলিয়ে থাকে ৷ বাইকৰ পাছৰ চিট শুৱনি কৰি কোনো ধনীৰ দুলালৰ লগত 'দিল দিৱানা' হৈয়ে থাকে ৷ আমিবোৰটো এটা এটা মক্কেল প্ৰেমিকহে মাথোঁ ৷ দিনৰ দিনটো বচৰ গালি শুনি নিশা একোঠলীয়া ভাড়াঘৰটো পাওঁহি মানে চিন্তাবোৰ চৌকাৰ জুইলৈ ঢাপলি মেলে ৷
তেনেবোৰ দিনৰে কথা ৷ কোনো এটা ৰাতি ম'বাইলটো হঠাৎ ভাইব্ৰেট হৈ উঠিল ৷ টোপনিটো লাগিছিলহে ৷ ৰাতিটো অাচলতে মোৰ একান্তই ব্যক্তিগত ৷ নিশাৰ সময়তে মনটোৱে নিজৰ স'তে কথা পাতিব ধৰে ৷ মই কাণ উনাই শুনালৈ নিদ্ৰাদেৱী আহি মোক কোলাত লয়হি ৷ ঠিক তেনে সময়খিনিতে কোনোবাই ক'ল কৰিলে মই পৰা পক্ষত ৰিচিভ নকৰোঁৱে ৷ কিন্তু সিদিনা ম'বাইলৰ স্ক্ৰীণত ভাঁহি অহা মনমিতাৰ নামটো দেখি মই আচৰিতেই হৈছিলোঁ ৷ ৰিচিভ কৰোঁ নকৰোং বুলি ভাবি থাকোতে কাট্ খাই গ'ল ফ'নটো ৷ আকৌ ৰিং ৷ কৰিলোঁ ৰিচিভ ৷
-"হয়, কোনে কৈছে?" জানি বুজিয়েই মই সুধিলোঁ ৷
"মই ৷"-সেই একেই আবেগ জৰ্জৰিত শব্দ ৷
"কোন মই?"- যিমান পাৰোঁ ডাঠ মাতেৰে সুধিলোঁ-"কাক লাগে?"
"তোমাক কথা এটা ক'ব লাগিছিল" যথাসম্ভৱ সৰুকৈ ক'লে-"মই মনমিতা ৷"
"অহ: কোৱা"-বিৰক্তিকৰ ভংগিমাৰে মই ক'লোঁ ৷
আৰম্ভ হৈ গ'ল বকবকনি ৷ জানেইটো বেকাৰ প্ৰেমিক মই ৷ বকবকনি শুনাৰ ধৈৰ্য নাই ৷ নজনাকৈ আকৌ ভালপাবলৈ উত্ৰাৱল হৈ পৰিল মনটো ৷ নাপাতো নাপাতো বুলিও গোটেই নিশাটো কিদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ ৷ মই আকৌ একেটা ভুলেই কৰিলোঁ সকলো বুজিও ৷ এবাৰ শেষ হোৱা সম্পৰ্ক এটা আকৌ যেন জোৰা দিলোঁ ৷ চাল্লা, বেইমান মন ৷ নুবুজে একো ৷ তেনেদৰেই এটা নিশা কিদৰে পাৰ হ'ল ধৰিব নোৱাৰিলোঁ ৷ পুনৰ মনমিতাৰ স'তে এটা নাম নজনা সম্পৰ্কই গঢ় ল'লে ৷
কোনোমতে চলি থকা গাড়ী এখনৰ দৰে ময়ো চলি আছোঁ ৷ ভাবিবলৈ একো নাই ৷ মনটোক আগতকৈ বহুখিনি ষ্ট্ৰং কৰি চলি আছোঁ ৷ মদ নোখোৱাকৈ প্ৰেমৰ জ্বলা কলাবোৰ অকলেই হজম কৰিব শিকি গৈছোঁ অলৰেডী ৷
ডিচেম্বৰৰ শেষ নিশা ৷ শেষবাৰৰ বাবে নিজকে ষ্ট্ৰং কৰি লৈছোঁ ৷ সকলোবোৰ চকুৰ আগেদি হিন্দী চিনেমাৰ ৰিলৰ দৰে গৈ আছে ৷ মাজত মই ৷ ফুল্লি 3D ৷ নতুন বছৰটোৰ আগমনে মনটোত মোক একো নতুনত্ব অনাব পৰা নাই ৷ বুকুত কাৰোবাক চিৰদিনৰ বাবে পাহৰাৰ অহৰহ চেষ্টা,নিজৰ অন্ধকাৰ ভৱিষ্যত,মা-দেউতাৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰাৰ টেনচনে মূৰটো চোবাই পেলাইছে ৷ চিটুৱেচনটো যিমান পাৰি লাইটলি লৈ টোপনি মামাক মাতিছোঁ ৷ চাৰিওফালে ধুমধামকৈ ব'মবোৰ ফুটিছে ৷ অদৃষ্টজনৰ ওচৰত শেষবাৰৰ বাবে চাগে কিবা এটা বিচাৰিছোঁ এনে লাগিল ৷ এৰা, মনমিতাৰ বিয়া ৷ নতুন বছৰটোত মোৰ বাবে তাতকৈ ভাল গিফট্ কি হ'ব পাৰে ৷ বুজা নুবুজাৰ দোমোজাত 'তাইৰ বিয়া' শব্দটোৱে মোক হঠাৎ সকলোবোৰ খেলি মেলি কৰি দিলে বছৰৰ শেষদিনটোত ৷
আজি সম্পূৰ্ণ দহটা বছৰ হ'ল তাইৰ পৰা নিজকে আঁতৰাই ৰখা ৷ বহুত সলনি হ'ল সময় ৷ নিজৰ নিজৰ জীৱনত প্ৰত্যেকে দৌৰি আছে ৷ তাগিদাত পৰি মোৰো লাইফ ষ্টাইল সলনি হ'ল কিছু ৷ মোৰ বিষাদ চহৰৰ ফুটপাথত এতিয়া দুখৰ সৰাপাতবোৰ নসৰে ৷ বৰষুণৰ দিনত আগতে হৰ্ডিংবোৰত মোৰ ওলমি ৰোৱা দুখবোৰ আজিকালি হেপাঁহৰ ৰ'দ এচমকাৰ সন্ধানত থাকে সদায় ৷ মনত নাই মনমিতা কোন আছিল ৷ সকলো পাহৰণিৰ অটল গৰ্ভত তলা লগাই মই এতিয়া বিন্দাচ ৷ নিবিচাৰোঁ বিশাল জনসমূদ্ৰৰ মাজত কাৰো নীলা চকুযুৰি ৷ পৰিবৰ্তে বিচাৰো মোক, মোৰ অজানিতে ৷ ডাষ্টবিনবোৰত কাৰো ভগা কলিজা নিবিচাৰোঁ ৷ পৰিবৰ্তে বিচাৰোঁ, চিগাৰেটৰ ধোঁৱাই পুৰি পেলোৱা এখন নষ্ট কলিজা ৷ নিশাবোৰত মাতাল হওঁ প্ৰায়ে দীঘলীপুখুৰীৰ পাৰৰ নৈসৰ্গিক শোভাত ৷ ভূপেনদাৰ ভাষাৰে মোৰো ক'ব মন যায় "কোনে কয় মই অকলশৰীয়া/মই আৰু মোৰ ছাঁ/দুয়ো দুয়োৰে লগৰীয়া "৷
মিচ মনমিতা গৌতম, মদ খালে হেনো বুকুৰ বৰষুণত তিতি ভাল লাগে বুজিছা! শুনিছো মই ৷ "দেবদাস" চাই চাই মোৰো ক'ব মন যায় কেতিয়াবা, "বাবুজী নে কহাঁ গাঁৱ চোড় দো,চব নে কহাঁ পাৰো কো চোড় দো,পাৰো নে কহাঁ চাৰাব চোড় দো, আজ তুমনে কেঁহ দিয়া হাৱেলি চোড় দো, এক দিন আয়েঁগা জব ওঁ কঁহেগা দুনিয়াহি চোড় দো" ৷
জানোঁ, দুনিয়াটো এৰিব লাগিবই এদিন ৷ কিন্তু দুনিয়া এৰি যোৱাৰ আগেই তোমাৰ দৰে মিঠা কথাৰে ভোল নিয়াব পৰা এগৰাকীক এৰি থাকিব লগাটোৱে লাইফৰ টাৰ্নিং পইণ্ট ৷ আচৰিত কথা কি জানানে? ভালপোৱাৰ পোৱাৰ প্ৰথম বৰষুণজাক বুকুত চতিয়াই তুমি মোক বৰ উপকাৰ কৰিলা ৷ অামিবোৰে 'ষ্টেটাচ্' কি নাজানোঁ ৷ টকা পইচাৰে মৰম বিক্ৰী কৰিবলৈও নাজানোঁ ৷ কথাৰ কোনো বেচ্ নাই ৷ উতনুৱা আমি ৷ অাৰে বাবা,আমিবোৰ উতনুৱা বাবেই তোমাৰ দৰে মানুহে সভ্যতাৰ গৰম চোলাৰে মুখ ঢাকিব পাৰে ৷ কিন্তু জানাইটো মানুহ পৰিস্থিতিৰ দাস ৷ তাগিদাত পৰিলে সকলো আয়ত্ব কৰিব পৰা গুণ এটা লৈ জন্ম হ'লোঁ যেতিয়া শিকি গৈছোঁ তোমাৰ প্ৰেম ভালপোৱাৰ কথা ৷ তোমাৰ দৰে ইকন'মিক্স নাজানিলেও বুজি উঠিছো 'প্ৰফেচনেলাইজিম'ৰ কথা ৷ ভাল লাগিল এইবাবেই যে ভালপোৱাৰ বৰষুণজাক চতিয়াই তুমি আঁতৰি নোযোৱা হ'লে মই কেতিয়াও নুবুজিলোঁহেতেঁন ভালপোৱা বৰষুণজাকৰ এই মাদকতা ৷ ধন্যবাদ মিচ মনমিতা গৌতম ৷ তুমি সুখী হোৱা বুলি ক'ব পৰাকৈ আমিবোৰৰ ওচৰত আজি একো নাই ৷ তথাপিও কওঁ, অনাগত দিনবোৰত সুখবোৰ গাত সানি লৈ তুমি বিচৰাধৰণে সুখী হোৱা ৷