Monday, 21 September 2015

গুৱাহাটী ক্লাৱৰ ডি.টি.ডি.চি ৰ তুমিজনী...

নাম নাজানো তোমাৰ
অথ: ভাল লাগে
তোমাৰ খোজৰ ভংগীমাত জোনাক সৰে
তোমাৰ লাহী কঁকালৰ ভাজত
সন্ধিয়াৰ বৰষুণ সৰে
গুৱাহাটী ক্লাৱত;
নাম নাজানো তোমাৰ
অথ: ভাল লাগে ৷

তোমাৰ আঙুলিৰ পৰশত
আখৰবোৰোচোন সাৰ পাই উঠে,
তোমাৰ মিঠা হাঁহিটোত
নজনাকৈ মোৰ মনত প্ৰেমৰ ঢৌ বাগৰে
নাম নাজানো তোমাৰ
অথঃ ভাল লাগে ৷

তোমাৰ কাজলসনা দুচকুৰ মায়াই
অামনি কৰে মোক প্ৰায়ে,
চকুত ডাঠ কাজল নাসানিবা
তুমি এনেয়ো ধুনীয়া;
আবেলিৰ গুৱাহাটী ক্লাৱটোত
তুমি এজাক বতাহ
নাম নাজানোঁ তোমাৰ
অথঃ ভাল লাগে ৷

মন যায় তোমাৰ স'তে চমুক দিবলৈ
একাপ ধূমায়িত কফিত,
মন যায় আবেলিৰ ব্যস্ততা ফালি
ফুটপাথত খোজ দিবলৈ,
মন যায় নৈঃশব্দতাৰ জাল ফালি
নিজানত অকলশৰে ৰৈ
মাথোঁ তোমাকেই চাবলৈ ৷
কিন্তু,
মন নাযায় তোমাক হেৰুৱাবলৈ !
নাম নজনাকৈয়ে তোমাক এদিন হেৰুৱাম(?)
বিষাদ নাথাকিব মোৰ বুকুত
নষ্ট হোৱাৰ দুখ নাথাকিব সিদিনা
ভগা হৃদয়ৰ গানো নাবাজিব
তথাপিও মোৰ ভাল লাগিব
তোমাৰ নাম নজনাকৈ
নষ্ট প্ৰেমিক নষ্ট মন…
নাম নাজানোঁ তোমাৰ
অথঃ ভাল লাগে ৷

(বহুদিন হ'ল কথাবোৰ সাঁচি ৰখা ৷ যদিও ডায়লগবোৰ মিছা, ফিলিংচবোৰ সচাঁ কিন্তু দেই)

Wednesday, 9 September 2015

মনমিতা গৌতম,ফেক আই ডি ভাৰ্চন ২.৭

নিজৰ চকুকে যেন বিশ্বাস নকৰিম ৷ হাতত ডেইৰী মিল্ক ৷ পিন্ধনত পিংক কালাৰৰ টপ আৰু ব্লেক জীনচ ৷ চুলিখিনি মেলাই আছিল তাইৰ ৷ কাষত এজন যুৱক ৷ কেতিয়াও ভবা নাছিলোঁ এনেকৈ দেখিম বুলি ৷ আৰে ভবাটো বাদেই সেয়া সপোন নে দিঠক ধৰিবই পৰা নাছিলোঁ ৷ ভৰিৰ তলৰ মাটিটুকুৰা নাথাকিলে কেনে ফিল হ'ব নাজানো, কিন্তু মোৰো তেনেকুৱাই যেনেই লাগিছিল ৷ কিবা যেন উপঙি আছোঁ ক'ৰবাত ৷ খঙ,দুখ বা শোকত ফোপাইছিলোঁ ৷ মুখৰে বাহিৰ হৈছিল অস্ফুট উচুপনি(!) ৷ কিমান সময় তেনেকৈ আছিলো নাজানোঁ ৷
'দাদা, টিকটটো লৈ ল'ব'- পাৰ্কৰ গেটত ল'ৰাজনে কোৱাতহে বাস্তবলৈ উভতি আহিলোঁ ৷ উজানবজাৰৰ নৈৰ কাষতে থকা পাৰ্কখনত টিকটটো লৈ সোমাই পৰিলোঁ ৷

"মোৰ অবিহনেও মানে সুখী থাকিব পাৰিবা তুমি?"-মোৰ চেণ্টিমেণ্টেল ডায়লগ ৷
"তুমি মোক কিয় অলপ শান্তি নিদিয়া!"-ৰেডিমেড উত্তৰ(?) মনমিতাৰ ৷

ল'ৰাজনলৈ লক্ষ্য কৰিলোঁ ৷ মুখত ভয়ৰ চাপ পৰিপূৰ্ণ ৷ প্ৰথমে ময়ে সুধিলোঁ তাৰ পৰিচয় ৷ দেখাত অমায়িক যেন ল'ৰাটো বি টেক ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট ৷ মই বোলো ৱাহ! চয়চটো তামাম ৷ একদম মষ্ট ৷ অাৰে মনমিতা, মইটো চিম্পল সপোন কিছুমানহে লৈ জীয়াই আছিলোঁ ৷ তুমিটো এতিয়াৰে পৰা সলনি হৈ গ'লা ৷ ভাবিলোঁ তাই ভাল অপ্চন এটাই পাইছে ৷ এটলিষ্ট বিয়াৰ পাছতটো ভাল লাইফ ষ্টাইল মানে এতিয়া থকাৰ দৰেই পাব ৷ মনটো ডাঠ কৰি ওলাই আহিলোঁ পাৰ্কখনৰ পৰা ৷

"তুমি ভাৰ্জিন নে?"-পোনপটীয়া প্ৰশ্ন মনমিতালৈ ৷ উপৰোক্ত প্ৰশ্নটোৰ গুৰি ধৰোতা হৈছে ক্ষন্তেক আগতে উল্লেখ কৰা মনমিতাৰ নিবোকাচামোন প্ৰেমিক বন্ধুগৰাকী ৷

আপুনি কি ফিল কৰিব যেতিয়া আপোনাৰ প্ৰিয়গৰাকীক অচিনাকী এজনে এইদৰে প্ৰশ্ন কৰিব? উত্তৰটো মই আপোনাসবলৈ এৰিলোঁ ৷ বহুদিন পাছত বেলেগৰ মুখত শুনিলোঁ মনমিতা হেনো খুব সুখী আজিকালি ৷ মনতে ভাবিলোঁ অনুভূতিবোৰ,ভাললগাবোৰ কি এনেকুৱাই নেকি যেতিয়াই মন যায় শেষ কৰি পেলাব পাৰি ভৰিৰে গচকি মোহাৰি! হায় প্ৰেম!! হায় মানসিকতা!!!

মই কিদৰে আছিলোঁ মনমিতাক ঘুনাক্ষৰেও জানিব দিয়া নাছিলোঁ ৷ যিমান ক'মন বন্ধু আছিল সকলোৰে পৰা প্ৰায় অাতৰি থাকিব লৈছিলোঁ ৷ আৰু তেনেবোৰ দিনতেই মোৰ অজানিতে মোৰ কাৰণে এখন সুৰক্ষিত পৃথিৱী গঢ় লৈ উঠিছিল ৷ য'ত কেৱল ভিতৰৰ 'মই'টোহে  আছিলোঁ ৷ সময়বোৰ তেনেকৈ যোৱা হ'লেও ঠিকেই আছিল ৷ কিন্তু...

মনমিতা গৌতম নামৰ মোৰ সেই ভালপোৱা যেন আকৌ এবাৰ মোৰ জীৱনলৈ আহিছিল ৷ কোনো এক নিবিড় মূহুৰ্তত এদিন তাই কৈছিল,-"বিয়াৰ আগত তোক মই সকলো দি যাব বিচাৰোঁ৷"
কিন্তু সকলো এৰি দিও তাইৰ পৰা বিনিময় মই একোৱে বিচৰা নাছিলো কোনো-কাহানিও ৷
এনেকৈয়ে তাই এদিন মোৰ পৰা হেৰাই থাকিল ৷

আচলতে হেৰাই যোৱা নাছিল কিন্তু ওচৰত থাকিলে মোৰ ভৱিষ্যৎ সমূলি ধ্বংস বুলি ভাবি এদিন সম্পৰ্কটো শেষ কৰি দিলোঁ ৷ তাৰ বাহিৰে মোৰ আন উপায় নাছিল ৷ প্ৰেমে মোক কি দিলে সেয়া ডাঙৰ কথা নহয়, কথা হ'ল মই প্ৰেমক কি ভাবে ল'লোঁ শেষলৈ সেযাহে মোৰ বাবে ডাঙৰ কথা!
হয়, এখন তাল নাবাজে সচাঁ কথা কিন্তু তাল বজাবলৈ কোনোবা এখনটো আগবাঢ়িবই লাগিব ৷ মনমিতা এতিয়া সুখী মানুহ ৷ মই ভালকৈয়ে জানো তাই বহুত সুখী ৷ পৃথিৱীৰ সমস্ত সুখ দিব পৰাকৈ এজন মৰমিয়াল হাজবেণ্ড পাইছে ৷ শহুৰ শাহুৰে উপচি থকা এখন ঘৰ পাইছে ৷ লাগ বুলিলেই তাই বিচৰা ধৰণে হাতত টকা পাইছে ৷ এনিভাৰছেৰী পাতিবলৈ চেৰাপুঞ্জী,ফুৰিবলৈ পুণে-মুম্বাই ঘুৰিবলৈ সময় পাইছে ৷ তাই বিচৰা টাইপৰ ষ্টেটাচ অাৰু বেচ্ থকা হাব্বী পোৱাৰ পাছত তাই সুখেৰে থাকিব সচাই পাৰিছেনে বুলি ভাবেনে? ঠিকেই তাই সুখেৰে থাকক ময়ো বিচাৰোঁ ৷ কিন্তু নিবিচাৰোঁ ইমানবোৰ পোৱাৰ পাছতো ফেক একাউণ্টবোৰ খুলি কথা পাতিবলৈ ৰৈ থকাৰ কাৰণ ৷ নিবিচাৰোঁ আনন'ন নাম্বাৰৰ পৰা ফ'ন কৰাৰ কাৰণ অথবা নিবিচাৰোঁ ভুলতে অহা মেচেজৰ টোপোলা ৷

তুমি সুখেৰে থাকা মনমিতা ৷ আমিবোৰ মাতাল নিলাজ প্ৰেমিক ৷ মক্কেল মক্কেল লগা কথাৰে কেৱল কথাচহকী বুলি দুৰ্নাম থকাৰ পাছতো আমাৰ কথাত ভোল নাযাবা ৷ তুমি সুখী হোৱা...

Friday, 4 September 2015

VLEW Recruitment Examination Admit Card Download লিংক ।




VLEW Recruitment Examination (Department of Agriculture Assam)  Admit Card Download  কৰিবলৈ http://cld.aau.ac.in/~aauac/sandeep/index.html   লিংক টো ক্লিক কৰক|

Wednesday, 2 September 2015

বেকাৰ প্ৰেম

প্ৰেমৰ তিতা কেঁহা বোৰ খাই থকাতকৈ অকলশৰে থকাই ভাল বুজিছে॥ মাহে মাহে 349 ৰিছাৰ্জ কৰি,নেট পেক ভৰাই ভৰাই সদায়নো কিয় একেবোৰ কামোৰকে খাই থাকিব লাগে?? তাতকৈ সেইকেইটা পইচাৰে বজাৰৰ পৰা ফলমুল দুটামানকে কিনি খাওঁকচোন অন্তত স্বাস্থ্য ভালে থা�কিব॥ ৰাতি ৰাতি ফোনত ফুচফুচাই থাকি নিদ্ৰাহীনতাত ভোগা, হকে বিহকে সেইগৰাকীৰ লগত কাজিয়া কৰি মাঠাটো গৰম কৰাতকৈ south indian চিনেমাৰ গান শুনাতোৱেই ভাল দিয়কচোন॥॥

পুৱা শুই উঠাৰ পৰা ৰাতি চকুহাল জপোৱা লৈকে কিমাননো আৰু খেচখেচনি শুনি তেওঁৰ আবদাৰ কৰি থাকিব, সিমান খিনি আবদাৰ কেতিয়াবা মা দেউতাৰ বাবে কৰিছোনে??নিজকে শুধো আহকচোন॥ মা কচম compromise শব্দটোকে বৰ্খাস্ত কৰি দিব মন যায়। খোৱা-বোৱা, পিন্ধন উৰণ, ফুৰা চকা সকলোতে compromise, আৰে ভাই আমি গান্ধীজীৰ স্বাধীন দেশৰ নাগৰিক, স্বাধীনতাৰ মূল্যই বা কত??

নোৱাৰো বুজিছে আৰু নোৱাৰো,তিতা কেহা বোৰ পূৰঠ হৈ হৈ বিষলৈহে ৰূপান্তৰ ঘটিব ধৰিছে ॥ বিষবোৰ বিষবাষ্প হৈ বিয়পি পৰা আগতে সিদ্ধান্ত লৈছো অকলে থাকিম কুশলে থাকিম..॥

ইতি, একালৰ প্ৰেমিক চৰাই
ৰোচেং..

~ৰোচেং গগৈ~

Tuesday, 1 September 2015

অলপ ফেচবুক, কিছু আক্ষেপ...

মোৰ  অনুৰোধ :

মোৰ লগত কোনো সম্পৰ্ক নথকা ফটোবোৰ যাতে টেগ নকৰে ৷ কিছুমান আছে মোৰ ফ্ৰেণ্ডলিষ্টত যাৰ লগত চিনাকীয়ে নাই অথচ ৰিকুৱেষ্ট এচেপ্ত কৰাৰ লগে লগে টেগ কৰা ষ্টাৰ্ট কৰি দিয়ে ৷ লগতে অযথা কিছু গ্ৰুপত এড নকৰিব ৷ আপোনাসবে ভাল ভাল পোষ্টবোৰ আপলোড কৰক ৷ লাইক, কমেণ্ট নিজেই কৰিম পঢ়ি ভাল পালে ৷ কিন্তু প্লীজ ঘপহকৈ এড নকৰিব গ্ৰুপবোৰত ৷

মোৰ আক্ষেপ:

ফেচবুক আই ডি মোৰ,পাছৱৰ্ড মোৰ, ম'বাইল মোৰ, নেট-পেক এয়াৰচেলৰ,ভৰাও মই ৷ তেনেস্থলত মই অনলাইন থাকোঁ,অফলাইন থাকোঁ অাপুনি কোন হে ক'বলৈ? 66(A)এক্টখনে মোৰ বাবে বহুত হেল্প কৰিছে কিন্তু ৷ কোনোবাদিনা এপ্লাই কৰি দিম আপোনাৰ ওপৰতে ৷ গম পাব সিদিনা আমুকাক ৷

মোৰ খং:

লক্ষীমপুৰৰ(?) মিচ নিকিতা আপোনালৈ অপেন চেলেঞ্জ, যদি মাকৰ গাখীৰ খাই ডাঙৰ হৈছে আৰু বুকুত সৎ সাহস আছে তেন্তে ফেক একাউণ্টৰ পৰা ওলাই মুখ দেখুৱাওক ৷ কাৰ বাবে মোৰ পিচত লাগি আছেহে? গুৱাহাটী ক্লাব নহয়, এইবাৰ মোক সকলোতে দেখিব বুজিছে ৷ অলপ ধৰ্য্য ধৰক কেৱল ৷

কিছু সহমৰ্মিতা:

ইউৰেকা ষ্টাইলত কঁকাল নচুৱাই তোমাৰ নীলা শাৰীৰ আচল উৰুৱাই নাযাবা ৷ উতনুৱা ডেকাবোৰক আৰু মাতাল নকৰিবা ৷ ফেচবুক প্ৰ'ফাইলত এচিষ্টেণ্ট প্ৰফেচাৰ বুলি আপডেট দি আমাক আৰু নিবনুৱা নকৰিবা ৷ তোমালোকৰ বাবেইতো জীয়াই আছোঁ বা জীয়াই থাকিব খুজিছোঁ ৷ এবাৰটো নোকোৱাকৈ প্ৰেমত পৰিব দিয়া তোমাৰ৷
মা কচম, তোমাৰ হাতৰ আঙুলিৰ এলি 18 নেইল পলিচৰ ৰঙত মোৰ বুকুত ফুলে সপোনৰ কৃষ্ণচূড়া৷ বিশ্বাস কৰা এচেপ্ত নকৰা তোমাৰ টাইমলাইনতো  দেখো আজিকালি বিন্দাচ বিন্দাচ লগা আপডেট ৷ ভাহি আহে "তু অনলাইন হ্যে, মে ভি অনলাইন হ্যু, তু অগৰ যো ফাইন হ্যে, তৌ মে ভি য়াৰ ফাইন হ্যু.........."