মোৰ অনুৰোধ :
মোৰ লগত কোনো সম্পৰ্ক নথকা ফটোবোৰ যাতে টেগ নকৰে ৷ কিছুমান আছে মোৰ ফ্ৰেণ্ডলিষ্টত যাৰ লগত চিনাকীয়ে নাই অথচ ৰিকুৱেষ্ট এচেপ্ত কৰাৰ লগে লগে টেগ কৰা ষ্টাৰ্ট কৰি দিয়ে ৷ লগতে অযথা কিছু গ্ৰুপত এড নকৰিব ৷ আপোনাসবে ভাল ভাল পোষ্টবোৰ আপলোড কৰক ৷ লাইক, কমেণ্ট নিজেই কৰিম পঢ়ি ভাল পালে ৷ কিন্তু প্লীজ ঘপহকৈ এড নকৰিব গ্ৰুপবোৰত ৷
মোৰ আক্ষেপ:
ফেচবুক আই ডি মোৰ,পাছৱৰ্ড মোৰ, ম'বাইল মোৰ, নেট-পেক এয়াৰচেলৰ,ভৰাও মই ৷ তেনেস্থলত মই অনলাইন থাকোঁ,অফলাইন থাকোঁ অাপুনি কোন হে ক'বলৈ? 66(A)এক্টখনে মোৰ বাবে বহুত হেল্প কৰিছে কিন্তু ৷ কোনোবাদিনা এপ্লাই কৰি দিম আপোনাৰ ওপৰতে ৷ গম পাব সিদিনা আমুকাক ৷
মোৰ খং:
লক্ষীমপুৰৰ(?) মিচ নিকিতা আপোনালৈ অপেন চেলেঞ্জ, যদি মাকৰ গাখীৰ খাই ডাঙৰ হৈছে আৰু বুকুত সৎ সাহস আছে তেন্তে ফেক একাউণ্টৰ পৰা ওলাই মুখ দেখুৱাওক ৷ কাৰ বাবে মোৰ পিচত লাগি আছেহে? গুৱাহাটী ক্লাব নহয়, এইবাৰ মোক সকলোতে দেখিব বুজিছে ৷ অলপ ধৰ্য্য ধৰক কেৱল ৷
কিছু সহমৰ্মিতা:
ইউৰেকা ষ্টাইলত কঁকাল নচুৱাই তোমাৰ নীলা শাৰীৰ আচল উৰুৱাই নাযাবা ৷ উতনুৱা ডেকাবোৰক আৰু মাতাল নকৰিবা ৷ ফেচবুক প্ৰ'ফাইলত এচিষ্টেণ্ট প্ৰফেচাৰ বুলি আপডেট দি আমাক আৰু নিবনুৱা নকৰিবা ৷ তোমালোকৰ বাবেইতো জীয়াই আছোঁ বা জীয়াই থাকিব খুজিছোঁ ৷ এবাৰটো নোকোৱাকৈ প্ৰেমত পৰিব দিয়া তোমাৰ৷
মা কচম, তোমাৰ হাতৰ আঙুলিৰ এলি 18 নেইল পলিচৰ ৰঙত মোৰ বুকুত ফুলে সপোনৰ কৃষ্ণচূড়া৷ বিশ্বাস কৰা এচেপ্ত নকৰা তোমাৰ টাইমলাইনতো দেখো আজিকালি বিন্দাচ বিন্দাচ লগা আপডেট ৷ ভাহি আহে "তু অনলাইন হ্যে, মে ভি অনলাইন হ্যু, তু অগৰ যো ফাইন হ্যে, তৌ মে ভি য়াৰ ফাইন হ্যু.........."
No comments:
Post a Comment