নিজৰ চকুকে যেন বিশ্বাস নকৰিম ৷ হাতত ডেইৰী মিল্ক ৷ পিন্ধনত পিংক কালাৰৰ টপ আৰু ব্লেক জীনচ ৷ চুলিখিনি মেলাই আছিল তাইৰ ৷ কাষত এজন যুৱক ৷ কেতিয়াও ভবা নাছিলোঁ এনেকৈ দেখিম বুলি ৷ আৰে ভবাটো বাদেই সেয়া সপোন নে দিঠক ধৰিবই পৰা নাছিলোঁ ৷ ভৰিৰ তলৰ মাটিটুকুৰা নাথাকিলে কেনে ফিল হ'ব নাজানো, কিন্তু মোৰো তেনেকুৱাই যেনেই লাগিছিল ৷ কিবা যেন উপঙি আছোঁ ক'ৰবাত ৷ খঙ,দুখ বা শোকত ফোপাইছিলোঁ ৷ মুখৰে বাহিৰ হৈছিল অস্ফুট উচুপনি(!) ৷ কিমান সময় তেনেকৈ আছিলো নাজানোঁ ৷
'দাদা, টিকটটো লৈ ল'ব'- পাৰ্কৰ গেটত ল'ৰাজনে কোৱাতহে বাস্তবলৈ উভতি আহিলোঁ ৷ উজানবজাৰৰ নৈৰ কাষতে থকা পাৰ্কখনত টিকটটো লৈ সোমাই পৰিলোঁ ৷
"মোৰ অবিহনেও মানে সুখী থাকিব পাৰিবা তুমি?"-মোৰ চেণ্টিমেণ্টেল ডায়লগ ৷
"তুমি মোক কিয় অলপ শান্তি নিদিয়া!"-ৰেডিমেড উত্তৰ(?) মনমিতাৰ ৷
ল'ৰাজনলৈ লক্ষ্য কৰিলোঁ ৷ মুখত ভয়ৰ চাপ পৰিপূৰ্ণ ৷ প্ৰথমে ময়ে সুধিলোঁ তাৰ পৰিচয় ৷ দেখাত অমায়িক যেন ল'ৰাটো বি টেক ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট ৷ মই বোলো ৱাহ! চয়চটো তামাম ৷ একদম মষ্ট ৷ অাৰে মনমিতা, মইটো চিম্পল সপোন কিছুমানহে লৈ জীয়াই আছিলোঁ ৷ তুমিটো এতিয়াৰে পৰা সলনি হৈ গ'লা ৷ ভাবিলোঁ তাই ভাল অপ্চন এটাই পাইছে ৷ এটলিষ্ট বিয়াৰ পাছতটো ভাল লাইফ ষ্টাইল মানে এতিয়া থকাৰ দৰেই পাব ৷ মনটো ডাঠ কৰি ওলাই আহিলোঁ পাৰ্কখনৰ পৰা ৷
"তুমি ভাৰ্জিন নে?"-পোনপটীয়া প্ৰশ্ন মনমিতালৈ ৷ উপৰোক্ত প্ৰশ্নটোৰ গুৰি ধৰোতা হৈছে ক্ষন্তেক আগতে উল্লেখ কৰা মনমিতাৰ নিবোকাচামোন প্ৰেমিক বন্ধুগৰাকী ৷
আপুনি কি ফিল কৰিব যেতিয়া আপোনাৰ প্ৰিয়গৰাকীক অচিনাকী এজনে এইদৰে প্ৰশ্ন কৰিব? উত্তৰটো মই আপোনাসবলৈ এৰিলোঁ ৷ বহুদিন পাছত বেলেগৰ মুখত শুনিলোঁ মনমিতা হেনো খুব সুখী আজিকালি ৷ মনতে ভাবিলোঁ অনুভূতিবোৰ,ভাললগাবোৰ কি এনেকুৱাই নেকি যেতিয়াই মন যায় শেষ কৰি পেলাব পাৰি ভৰিৰে গচকি মোহাৰি! হায় প্ৰেম!! হায় মানসিকতা!!!
মই কিদৰে আছিলোঁ মনমিতাক ঘুনাক্ষৰেও জানিব দিয়া নাছিলোঁ ৷ যিমান ক'মন বন্ধু আছিল সকলোৰে পৰা প্ৰায় অাতৰি থাকিব লৈছিলোঁ ৷ আৰু তেনেবোৰ দিনতেই মোৰ অজানিতে মোৰ কাৰণে এখন সুৰক্ষিত পৃথিৱী গঢ় লৈ উঠিছিল ৷ য'ত কেৱল ভিতৰৰ 'মই'টোহে আছিলোঁ ৷ সময়বোৰ তেনেকৈ যোৱা হ'লেও ঠিকেই আছিল ৷ কিন্তু...
মনমিতা গৌতম নামৰ মোৰ সেই ভালপোৱা যেন আকৌ এবাৰ মোৰ জীৱনলৈ আহিছিল ৷ কোনো এক নিবিড় মূহুৰ্তত এদিন তাই কৈছিল,-"বিয়াৰ আগত তোক মই সকলো দি যাব বিচাৰোঁ৷"
কিন্তু সকলো এৰি দিও তাইৰ পৰা বিনিময় মই একোৱে বিচৰা নাছিলো কোনো-কাহানিও ৷
এনেকৈয়ে তাই এদিন মোৰ পৰা হেৰাই থাকিল ৷
আচলতে হেৰাই যোৱা নাছিল কিন্তু ওচৰত থাকিলে মোৰ ভৱিষ্যৎ সমূলি ধ্বংস বুলি ভাবি এদিন সম্পৰ্কটো শেষ কৰি দিলোঁ ৷ তাৰ বাহিৰে মোৰ আন উপায় নাছিল ৷ প্ৰেমে মোক কি দিলে সেয়া ডাঙৰ কথা নহয়, কথা হ'ল মই প্ৰেমক কি ভাবে ল'লোঁ শেষলৈ সেযাহে মোৰ বাবে ডাঙৰ কথা!
হয়, এখন তাল নাবাজে সচাঁ কথা কিন্তু তাল বজাবলৈ কোনোবা এখনটো আগবাঢ়িবই লাগিব ৷ মনমিতা এতিয়া সুখী মানুহ ৷ মই ভালকৈয়ে জানো তাই বহুত সুখী ৷ পৃথিৱীৰ সমস্ত সুখ দিব পৰাকৈ এজন মৰমিয়াল হাজবেণ্ড পাইছে ৷ শহুৰ শাহুৰে উপচি থকা এখন ঘৰ পাইছে ৷ লাগ বুলিলেই তাই বিচৰা ধৰণে হাতত টকা পাইছে ৷ এনিভাৰছেৰী পাতিবলৈ চেৰাপুঞ্জী,ফুৰিবলৈ পুণে-মুম্বাই ঘুৰিবলৈ সময় পাইছে ৷ তাই বিচৰা টাইপৰ ষ্টেটাচ অাৰু বেচ্ থকা হাব্বী পোৱাৰ পাছত তাই সুখেৰে থাকিব সচাই পাৰিছেনে বুলি ভাবেনে? ঠিকেই তাই সুখেৰে থাকক ময়ো বিচাৰোঁ ৷ কিন্তু নিবিচাৰোঁ ইমানবোৰ পোৱাৰ পাছতো ফেক একাউণ্টবোৰ খুলি কথা পাতিবলৈ ৰৈ থকাৰ কাৰণ ৷ নিবিচাৰোঁ আনন'ন নাম্বাৰৰ পৰা ফ'ন কৰাৰ কাৰণ অথবা নিবিচাৰোঁ ভুলতে অহা মেচেজৰ টোপোলা ৷
তুমি সুখেৰে থাকা মনমিতা ৷ আমিবোৰ মাতাল নিলাজ প্ৰেমিক ৷ মক্কেল মক্কেল লগা কথাৰে কেৱল কথাচহকী বুলি দুৰ্নাম থকাৰ পাছতো আমাৰ কথাত ভোল নাযাবা ৷ তুমি সুখী হোৱা...
No comments:
Post a Comment