প্ৰেমৰ তিতা কেঁহা বোৰ খাই থকাতকৈ অকলশৰে থকাই ভাল বুজিছে॥ মাহে মাহে 349 ৰিছাৰ্জ কৰি,নেট পেক ভৰাই ভৰাই সদায়নো কিয় একেবোৰ কামোৰকে খাই থাকিব লাগে?? তাতকৈ সেইকেইটা পইচাৰে বজাৰৰ পৰা ফলমুল দুটামানকে কিনি খাওঁকচোন অন্তত স্বাস্থ্য ভালে থাকিব॥ ৰাতি ৰাতি ফোনত ফুচফুচাই থাকি নিদ্ৰাহীনতাত ভোগা, হকে বিহকে সেইগৰাকীৰ লগত কাজিয়া কৰি মাঠাটো গৰম কৰাতকৈ south indian চিনেমাৰ গান শুনাতোৱেই ভাল দিয়কচোন॥॥
পুৱা শুই উঠাৰ পৰা ৰাতি চকুহাল জপোৱা লৈকে কিমাননো আৰু খেচখেচনি শুনি তেওঁৰ আবদাৰ কৰি থাকিব, সিমান খিনি আবদাৰ কেতিয়াবা মা দেউতাৰ বাবে কৰিছোনে??নিজকে শুধো আহকচোন॥ মা কচম compromise শব্দটোকে বৰ্খাস্ত কৰি দিব মন যায়। খোৱা-বোৱা, পিন্ধন উৰণ, ফুৰা চকা সকলোতে compromise, আৰে ভাই আমি গান্ধীজীৰ স্বাধীন দেশৰ নাগৰিক, স্বাধীনতাৰ মূল্যই বা কত??
নোৱাৰো বুজিছে আৰু নোৱাৰো,তিতা কেহা বোৰ পূৰঠ হৈ হৈ বিষলৈহে ৰূপান্তৰ ঘটিব ধৰিছে ॥ বিষবোৰ বিষবাষ্প হৈ বিয়পি পৰা আগতে সিদ্ধান্ত লৈছো অকলে থাকিম কুশলে থাকিম..॥
ইতি, একালৰ প্ৰেমিক চৰাই
ৰোচেং..
~ৰোচেং গগৈ~
বাহ বন্ধু অতি সুন্দৰ .....
ReplyDelete