Tuesday, 12 May 2020
ডেলিভাৰী বয় আৰু কিছু কথা জীৱনৰ…
ৰিস্ক
Monday, 11 May 2020
বাহ
আত্মবিশ্লেষণ…
স্ফুৰ্তি…
চাৰপ্ৰাইজ
সুখবোৰ গিলাচত ঢালি লৈ খাব নজনাবোৰ আমি…
ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…
ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…
ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…
Thursday, 20 February 2020
ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট…
(তৃতীয় খণ্ড)
ক্লাচত সোমাবলৈ লৈয়েই দেখিলোঁ কোনোবা এগৰাকী মেম সোমাইছে ৷
-"মে আই কাম্ ইন্ মেম!"
-"য়েছ ৷ ইমান লেইট্ কিয়?"
-"অসমীয়াৰ ক্লাচ আছিল ৷"
সোমাই আহি বহিলোঁ ধীৰেণৰ ওচৰত ৷ তেতিয়ালৈ দুজন ল'ৰা আৰু দেখিলোঁ বহি থকা ৷
আৰম্ভ হ'ল ইণ্ট্ৰডাকচন ৷ ধীৰেণ, লীমা, মীৰা, ৰিচা, পেগু আমি আটায়ে নিজৰ নিজৰ পৰিচয় দিয়াৰ পিচত মেম'গৰাকী উঠিল আৰু ক'লে,
"মই ময়ুৰী বৰুৱা ৷ ডিগবৈত ঘৰ মোৰ ৷ মই তোমালোকক জুল'জী পাম ৷ ভালকৈ পঢ়িব লাগিব কিন্তু সকলোৱে ৷"
মেমে কিবা কিবি কৈ গৈছে ৷ মেমৰ কথাৰ ষ্টাইলত মই ফিদা ৷ অলপ আগলৈ লাগি থকা ভয়টো নোহোৱা হৈ গ'ল ৷ চুলি চুটিকৈ ৰখা মেমৰ চুলিখিনিয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল ৷ কথাবোৰ যথেষ্ট সপ্ৰতিভ ৷ স্মাৰ্ট লুক এটাৰে কেৱল মোকেই নহয় প্ৰতিগৰাকীৰ অন্তৰত এটা সাঁচ বহুৱাবলৈ সক্ষম হৈছিল প্ৰথমদিনাই ৷ বেল পৰাৰ আগতেই মেমে নেক্সট ক্লাচটো ল'ব বুলি কৈ গুচি গ'ল ৷
এটা মৃদু গুণগুণনি আৰম্ভ হ'ল ৷ মই খিৰীকীখনৰ ওচৰলৈ গ'লোঁ ৷ মূৰটো সামান্য উলিয়াই দেখিলোঁ এখন বিশাল খেলপথাৰ ৷ কলেজ ফিল্ড আমাৰ ভাষাত ৷ ৱাহঃ চাৰিওফালে সেউজীয়া হৈ আছে ৷ মাজৰখিনি সম্পূৰ্ণকৈ খালী ৷ সোঁহাতে ৰঙা ৰঙৰ ৱাল দিয়া আছে চকুৰে মণিব পৰাখিনিৰ পৰা ৷ সিটো ফালে বনবিভাগৰ দুই এটা কোৱাৰ্টাৰ ওলাই থকা চকুত পৰিল ৷ ৰ' লাগি চাই ৰ'লোঁ সকলোবোৰ ৷ অলপ আগলৈ বেয়া লাগি থকা মনটো কোনোবাখিনিত ভাল লগা হৈ পৰিল ৷ আকাশখনলৈ চালোঁ ৷ নীলাবোৰৰ মাজত শুকুলা ডাৱৰ এমুঠি ক'ৰবাত যেন ছটিয়াই দিছে ৷ বেল পৰিল ৷ ক্ৰিং……………………
উভটি আহিলোঁ ৰূম নম্বৰ 18 লৈ ৷ কোনোবা কোনোবা বাহিৰলৈ গৈছে ৷ মই লীমাক সুধিলোঁ,-"এতিয়া কি ক্লাচ আছে?"
-"অফ্ আছে চাগে!" বুলি কৈয়ে তাই ৰুটিনখন উলিয়াবলৈ বেগটো খুলিছে ৷ মই ভাবিলোঁ অলপ মান কলেজখন ঘুৰি অহাই ভাল হ'ব ৷ লগে লগে ওলাই আহিলোঁ ৰূমৰ পৰা ৷ কিন্তু ঘুৰিম ক'ত? কি হিচাপত যাম! কাৰ লগত যাম! কথাবোৰ ভাবি ধীৰেণক লগ ধৰিলোঁ ৷ সি নাযাও বুলি কোৱাত অকলেই ওলালোঁ ৷
কোনফালে যাওঁ? কোনফালে যাওঁ!!
অহ্ টয়লেট্!!! চ'লো ৷ দেখ কে আটে হ্যেই!!!
টয়লেটত সোমায়ে দেখিছোঁ গোটেই ৱালত চক্ পেঞ্চিলেৰে K+P, R+J লিখা আছে ৷ হঠাৎ স্কুলীয়া দিনৰ ঘটনা এটা মনত পৰিল ৷ তেতিয়া মই ক্লাচ চিক্স নে চেভেনত পঢ়ি আছোঁ ৷ এজনী ছোৱালীৰ লগত মোক ক্লাচৰ ল'ৰা-ছোৱালীবোৰে জোকায় ৷ জোকায় মানে কামোৰ ৷ বৈদ্য কামোৰ ৷ কিন্তু সেইদিনা কোনোবা এজনে মোক এখন ডেক্স এখনৰ ওচৰলৈ মাতি কিবা দেখুৱাবলৈ মাতিলে ৷ দেখি মোৰ মাথাটো বেয়া হৈ গ'ল ৷ লিখা আছে M+S ৰৈ নাথাকিলোঁ ৷ চিধাই গৈ ছাৰক গোচৰ দিলোগৈ ৷ ছাৰ অাহি বিচাৰ কৰিলেহি ৷ হেণ্ডৰাইটিং ধৰা পৰাত ক্লাচৰে দুজন ল'ৰাক এনেকৈ কোবালে মোৰেই বেয়া লাগি গৈছিল ৷ তেতিয়াৰ পৰা এইবোৰ দেখিলেই ছাৰলৈ মনত পৰে ৷ ইয়াতো যেতিয়া এইবোৰ দেখিলোঁ গাটো বিছাই ডকাদি ডাকিব ধৰিলে ৷ ওলাই আহিলোঁ ৷ মনতে ভাবিলোঁ কিছুমানৰ মানসিকতাবোৰ আৰু কেতিয়াও ভাল নহয়গৈ ৷
এটা মিশ্ৰিত অনুভৱ লৈ আহি থাকিলোঁ ক্লাচলৈ বুলি ৷ তেতিয়ালৈ বহুসময় পাৰ হৈ গৈছিল ৷ এইবাৰ বা আকৌ ক'ত ক্লাচ থাকে, কি বা আছে সেইটো মনলৈ অহাত অলপ বেগা বেগিকৈ আহিব লৈছো ৷
সিফালৰ পৰা দেখিছোঁ হৰজ্যোতিদা আৰু দুজনমান ল'ৰা আহি আছে ৷ মোক দেখি হৰদা পিচুৱাই গ'ল ৷
তাৰে এজনে আহি সুধিলে,-"HS 1st yr Science?"
-"অ ৷ কোৱাচোন…"
-"তই 2nd yr ৰ ৰূমলৈ আহিবি ৷"
-"কিয়?"
-"তাতে গম পাবি ৷ লগৰকেইটাক লৈ আহিবি ৷ বুইছতো!"
-"ঠিক আছে ৷" বুলি কৈয়ে হৰদাক মাতিবলৈ লৈও ৰৈ গ'লোঁ ৷ অনুমান কৰিলোঁ ৰেগিং!
ততাতৈয়াকৈ আহি আছোঁ ৷ এজনী ধুনীয়া ছোৱালী এটা ক্লাচত সোমাব লৈছে ৷ চকুৱে চকু পৰাত হাঁহি এটি মাৰি দিলোঁ ৷ তায়ো হাঁহো নাহাঁহোকৈ সোমাই গ'ল ক্লাচৰ ভিতৰলৈলৈ ৷ আস্… তাইৰ চাৱনিত বুকুখন বিষায় গ'ল কোনোবাখিনিত ৷ মই আমাৰ ক্লাচৰূমত সোমালোঁ ৷ ছোৱালীজনীৰ মুখখন ভাঁহি থাকিল ৷ এই যেন তাইক আকৌ লগ পাম ৷ এই যেন তাই মোক কিবকিবিবোৰ সুধি যাব তাই মই উদাস হৈ উত্তৰ দি যাম! শ্বাহৰুখ খানৰ বিখ্যাত সেই ভঙ্গীমাৰে হাত দুখন মেলি দিম, এই যেন তাই আহি পিছফালৰ পৰা সাৱটি ধৰিব!
আস্… কেনে এটা ফিলিংছ…!!!!
-"ঐ, শুনা না… আমাক ছেকেণ্ড ইয়েৰলৈ মাতিছে৷"
ধ্যুৰ…চাল্লা ইমান ধুনীয়াকৈ কিবা এটা ভাবি আছিলোঁ ৷ কোনে মাতিছে বে বুলি মুখখন উঠাই দেখিলোঁ ধীৰেণ ৷
-"অ মোকো কৈছিল ব'লাচোন ৷"
-"এতিয়াই যাবা নে? ৰেগিং কৰিব চাগে!"
-"ব'লা ৷ যাওঁ ৷ কিহৰ ৰেগিং! একো ৰেগিং নাই আজিকালি ৷ কলেজত ৰেগিং নকৰে ব'লা ইমানো ৷" মোৰ দম মিহলি তাক অভয় দিয়াৰ চেষ্টা ৷ কিয়নো হৰজ্যোতিদাক মই আগতেই লগ পাইছোঁ ৷ কোনোবা এজনটো আছে চিনাকী বুলিবলৈ ৷ তাতে সি মোক আগতেই কৈ থৈছিল ৷
আমি ল'ৰাকেইটা গ'লোঁ ৷ সোমাব লৈছোঁ হে ছেকেণ্ড ইয়েৰৰ ক্লাচ ৰূমত কথা পাতি পাতি সিফালৰ পৰা অহা ছোৱালী দুজনীৰ কোনোবা এজনীৰ লগত লাগি গ'ল খুন্দা ৷ ছ'ৰি বুলি কৈ মুখলৈ চাইছোঁ, আৰে এয়া কি! অলপ আগতে মোলৈ হাঁহো-নাহাঁহোকৈ ক্লাচৰূমত সোমোৱা ছোৱালীজনী ৷ আৰে বাবা… এইবাৰটো বুকুৰ বিষটো বেয়াকৈ হ'ল ৷ চাল্লা যি এজনী ছোৱালীক ঘপহকৈ ইমান ভাল লাগি গৈছিল তাই চিনিয়ৰহে ওলাল দেখোন!!! মনটো আকৌ দুখ লাগি গ'ল ৷ সোমালোঁ আমি, সিহঁত দুজনী ওলাই গ'ল ৷
-"ক'ত ঘৰ তোৰ?"-মোলৈ পোনপটীয়া প্ৰশ্ন ৷
"ইয়াতে ৷ ডুমডুমাত"- উদাস উত্তৰ ৷
"ক'ত পঢ়িছিলি? হুনলাল?"-অইন এজনে সুধিলে ৷
-"নহয় ৷ ৰঙিয়াত ৷ প্ৰেমদা শিৱনাথ বিদ্যাপীঠ ত ৷"
-"ৰঙিয়াৰ পৰা ইয়ালৈ আহিলি যে? মানুহে ইয়াৰ পৰা তালৈ যায়হে! তই উল্টা যে?"
-"মোৰ ইয়াত ঘৰ ৷ তাত মামাহঁতৰ ঘৰত আছিলোঁ ৷ এতিয়া ঘুৰি আহিছোঁ ৷"
-"জীৱনটো বৰবাদ কৰিব ঠাই নাপালি? পাৰ্চেণ্টেজ কিমান?"
-"68.5"
-"লেটাৰ পাইছা নাই?" এইবাৰ ছোৱালী এজনীয়ে সুধিলে ৷
-"হয়, Assamese আৰু General Science ত আছিল"
-"Assamese?"
-"কি কৰি ভাল পোৱা?"
-"গাৰ্লফ্ৰেইণ্ড কেইজনী?"- উপৰ্যুপৰি প্ৰশ্নবাণ ৷ শেষটোৰ উত্তৰ আছিল-"নাই ৷"
তীৰ্যক মন্তব্য ৷ হাঁহি ৷
ক'লে,-"তই যা ৷"
ওলাই আহিলোঁ ৷ তেনেতে এডমিশ্বনত লগ পোৱা হাঁহিমুখীয়া মেমজনীক দেখা পালোঁ ৷ মোক সুধিলে,"মানস, ক্লাচ হৈছে জানোঁ! আহ্ মই তহঁতৰ ক্লাচলৈ যাম ৷ ইয়াত কি কৰিছ?"
সেমেনা-সেমেনি কৰি পিছে পিছে খোজ ল'লোঁ ইহঁতকেইটাকো মাতি দি ৷
-"যা যা সোমা ক্লাচত আগতে", মেমে কৈ ৰৈ দিলে দুৱাৰ মুখতে ৷
পিছে পিছে মেম সোমাই আহিছে ৷ সকলোৱে সম্ভাষণৰ বাবে থিয় হৈছে ৷ সকলোকে বহিবলৈ কৈ মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে,-"কি কৰি আছিলি ছেকেণ্ড ইয়েৰৰ ৰূমৰ ফ্ৰণ্টত?" বুলি সুধিলে ৷
মই আকৌ থিয় হ'ব খোজাত ক'লে, "বহিয়ে ক একো নাই ৷"
সেমেনা-সেমেনিকৈ ক'লো,"এনেয়ে মাতিছিল চিনিয়ৰে ৷"
-"কোন সেই মতাটো? নামটো ক'চোন?"
-"নাজানোঁ ৷"
ধীৰেণে কিবা এটা ক'বলৈ লৈ ফচি আছে মুখৰ পৰা ওলোৱা নাই কথাখিনি ৷ মেম এইবাৰ তাৰ ফালে চাই সুধিলে,-"কি কৈছ?"
-"না না নাই মেম… ই ই ইন্নেই মাতিছিছিছিলে ৷ চা-চিনাকী হ'হ'হ…হ'বলে…৷"
-"কি নাম তোমাৰ?"
-"ধীৰেণ বব…বৰ্মন ৷" তাৰ কথাবোৰ কিছু সময়ত লাগি লাগি ধৰে ৷
আকৌ ইণ্ট্ৰ ৷ সকলোৰে হোৱাৰ শেষত মেমে ক'লে,-"মই স্বপ্না ডেকা ৷ মই মেথমেথিকছ পঢ়ুৱাম তোমালোকক ৷ মোৰ ঘৰ ইয়াতেই, কলেজৰ কাষতে ৷ মই বিচাৰিম তোমালোকে প্ৰত্যেকেই ভালকৈ পঢ়িবা আৰু কলেজখনৰ নাম উজ্বলাবলৈ সক্ষম হ'বা ৷ নেক্সট্ ক্লাচৰ পৰা আমি ষ্টাৰ্ট কৰিম ৷" ৰেজিষ্টাৰ বহীটো সামৰি মেম গ'লগৈ ৷
সেয়াই স্বপ্না মেম ৷ অলপমান সময়তে বহু কিবা কিবি বুজাই থৈ গ'লগৈ ৷ পৰিৱেশটো ক্ৰমান্বয়ে সহজ যেন লাগিব ধৰিছে ৷ অনুভৱ কৰিছোঁ সাহস দিবলৈ কলেজখনত বহুত আছে ৷ নিজৰ সন্তানৰ দৰেই আমাক আৱৰি ৰাখিবলৈ যেন তেওঁলোক আছে ৷ এইবোৰ কথা আলোচনা কৰি আমি 'চায়েঞ্চ লেব' আৰু 'কল্লোল' ৰ মাজেৰে চাইকেল ষ্টেণ্ডলৈ আহিলোঁ ৷ চাইকেলখন লৈ চেকেণ্ড গেটখনেৰেই মই ওলাই আহিলোঁ ঘৰমুৱা হৈ ৷
একেদিনাই একো নজনাকৈয়ো যেন বহুখিনি অভিজ্ঞতাৰে পুষ্ট হৈ হে ওলাই আহিলো এনে লাগিল ৷
(ক্ৰমশঃ)
Tuesday, 18 February 2020
ডুমডুমা কলেজ আৰু চায়েঞ্চ ডিপাৰ্টমেণ্ট
(দ্বিতীয় খণ্ড)
ক্লাচ ৰূমটোৰ চিন্তাতহে এতিয়া ভয়টো বেছিকৈ লাগিব ধৰিছে ৷ এখন ন'টিচ বৰ্ড লক্ষ্য কৰিলোঁ কাৰ পাৰ্কিঙৰ কাষত ৷ এসোপামান ল'ৰা-ছোৱালীৰ জুমা-জুমি ৷ যাঁও-নাযাঁওকৈ ব'ৰ্ডখনৰ কাষলৈ গ'লোঁ ৷ এলুমিনিয়ামৰ জালিখনৰ সিফালে HS ARTS, COMMERCE ৰ পৰা Degree লৈকে সকলোখিনিৰে Daily ৰুটিন দিয়া আছে ৷ আমাৰ চায়েঞ্চ ডিপাৰ্টমেণ্টৰ নাই ৷ কি কৰা যায়-নাযায়কৈ চিন্তা কৰি থাকোতে ক'ৰবাৰ পৰা দিৱসহঁতৰ গ্ৰুপটো আহিল ৷ ক'লে,-"তোমালোকৰ অফিচলৈ যোৱা ৷ তাতে থাকিব চাগে! আৰু তোমালোকৰ ক্লাচ কেণ্টিনৰ ফালে হয় ৷ তালৈ যোৱা ৷"
ময়ো হয় বুলি শলাগি দৌৰ দিলোঁ ৷ তেতিয়ালৈ মই HS ৰ কমাৰ্চৰ ফাৰ্ষ্ট ইয়েৰৰ ৰূমটো, degree কমাৰ্চৰ ৰূমকেইটা এৰি অসমীয়া ডিপাৰ্টমেণ্টটো পাৰ হৈ গৈছোঁ ৷ কিছুমান কোঠাৰ দুৱাৰ বন্ধ আছে ৷ বগা দেৱালখনৰ লগতে আকাশীৰঙী বন্ধ দুৱাৰবোৰ দেখিলেহে মূৰটো ওপৰলৈ কৰি ৰূম নম্বৰটো চাওঁ ৷ তেনেতে অসমীয়া বিভাগৰ পৰা সোঁফালে চায়েই দেখিলোঁ আটাইবোৰ দুৱাৰেই বন্ধ ৷ এতিয়া কৰোঁ কি! সুধিবলৈও কোনো নাই ৷ ইফালে পিঠিত মস্ত মস্ত ফিজিক্স,কেমিষ্ট্ৰীৰ কিতাপবোৰৰ ওজন ৷ ক'ৰবাৰ পৰা গৰম পুৰিৰ গোন্ধ এটা বতাহত ভাহি আহিল ৷ এগাল গৰম ভাত পেটত পেলাই আহিছিলোঁ হে ৷ হঠাৎ জানোঁ পেটটো দেখোন কলমলাই উঠিল ৷ ভোকত নে ভয়ত এনেকুৱা হৈছে নুবুজিলোঁ ৷ নীলা বন্ধ দুৱাৰবোৰ পাৰ হৈ আগবাঢ়ি গৈ থাকিলোঁ ৷
সময় লক্ষ্য কৰিলোঁ ন বাজি সোতৰ মিনিট ৷ ঠিক তেনেতে Room No 17, HS 2nd yr (Sc.) বুলি লিখা দেখি মনটো কিবা এটা ভাল লাগি গ'ল ৷ পিছুৱাই আহি ইখন দুৱাৰৰ ওপৰলৈ চালোঁ, নাই তাত কমাৰ্চৰ চেকেণ্ড ইয়েৰৰ ক্লাচ বুলি লিখা আছে ৷ আগুৱালোঁ আকৌ ৷ Room No 17ৰ পিছতে বহু প্ৰত্যাশিত আমাৰ ফাৰ্ষ্ট ইয়েৰৰ Room No 18 HS 1st yr (Sc.) দেখি মনটোতে কোনোবাখিনিত নাচি উঠিলোঁ ৷
তেনেকুৱাতেই এজন শীৰ্ণকায় মানুহ আহিল ৷ পিন্ধনত এটা পুৰণি লেতেৰা পেণ্ট আৰু এটা টি চাৰ্ট ৷ হাতত একোছা চাবি ৷ এফালৰ পৰা বন্ধ নীলা দুৱাৰবোৰ খুলি আহি আছে ৷ আমাৰ ক্লাচ হ'ব লগা ৰূমটোৰ তলাটো খুলিবলৈ লওঁতে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ ৷ কথাৰ ঢঙত যিটো attitude দেখিলোঁ মনটো কোচাই আহিলে ৷ তেনেতে আৰু এজন ওখ-পাখ ল'ৰা আহি আমাৰ কাষতে ৰ'ল ৷
মোক সুধিলে,- "এ,এ,এ…এইচ্চ্ এছ ফা ফা ফা…ফাৰ্ষ্ট ইয়েৰৰ ক্লাচ ইয়াত হ'ব ন!" সেয়া ধীৰেণ ৷
মই হয় বুলি মূৰ দুপিয়াই ভিতৰলৈ সোমালোঁ ৷
এটা তেনেই সৰু ৰূম ৷ দুযোৰকৈ ডেক্স-বেঞ্চ পথালিকৈ তিনি/চাৰি ভাগকৈ ৰখা আছে ৷ তেনেতে আৰু এজন ল'ৰা আহিল ৷ কাকপথাৰ টঙনাৰ ভিতৰৰ ফালৰ গাঁৱৰ পৰা আহিছে ৷ ক্ষীৰোদ মৰাণ ৷ তাৰ পিছতে আহি পালে লীমা ৷ চকুত চশমা ৷ বগা চাদৰ মেখেলাযোৰৰ সৈতে বগাকৈ অলপমান ট্ৰাইবেল লুক এটা থকা লীমাক মই আগতে এই লুকত দেখা নাছিলোঁ ৷ পুৰণি চিনাকী বুলিবলৈ তায়েই আছিল ৷ সোমায়েই বহিবলৈ বেগটো থ'লে ৷ থৈ দেখিছে গোটেইখনতে ধূলিৰ এটা চামনি পৰি আছে ৷ তেনেতে আৰু এজনী ছোৱালী আহিল ৷ মই তেতিয়ালৈকে ধীৰেণহঁতৰ লগত কথাত ব্যস্ত ৷ ক'ত ঘৰ,কোন কোন আছে, মেট্ৰিক ক'ৰ পৰা দিছিল, কি মেডিয়ামৰ আছিল এতিয়া কি ল'ব, স্কুলত ইলেক্টিভ চাব্ কি আছিল ব্লা ব্লা ব্লা ৷
হঠাৎ 'ক্ৰিং……' কৈ দীঘলীয়া চাইৰেণৰ দৰে শব্দ হ'ল ৷ আমি গম পালোঁ এটা ক্লাচ শেষ ৷ কোনো নাহিলেই ৷ যা হওঁক, কোনোবা এজনী ছোৱালীয়ে ক'লে এতিয়া হেনো MIL ৰ ক্লাচ আছে ৷ আমি 32 নম্বৰ ৰূমলৈ যাব লাগিব ৷ কমাৰ্চৰ লগতে আমাৰ ক্লাচ হ'ব ৷ গ'লো আমি তিনিওটাই ৷ সিহঁতকেইজনী বেলেগকৈ গ'ল ৷ একেবাৰে শেষৰ বেঞ্চখনত বহিলোঁ ৷ জীৱনত প্ৰথমবাৰৰ বাবে শেষৰ বেঞ্চত বহিছোঁ ৷ কাষতে এখন দুৱাৰ ৷ এখন দুৱাৰ একেবাৰে আগত আছে ৷ ইমান ডাঙৰ ক্লাচ ৰূম আগতে দেখাই নাই কেতিয়াও ৷ মই পঢ়ি যোৱা স্কুলখনত থকা ক্লাচ চিক্সৰ ৰূমটোৰ দৰেই ৷ সমুখভাগত কাঠৰে ওখ এটুকুৰা ষ্টেজৰ দৰে ৷ ডেক্স-বেঞ্চবোৰো কিবা যোৰা লগোৱা ৷ মই মনতে ভাবিলোঁ,"বাহঃ একদম Munna Bhai MBBS ৰ দৰেই কেৱল ইয়াত আমি তলত ৷ চিনেমাখনত শিক্ষকজন তলত ৷"
মূৰৰ ওপৰত লাইট জ্বলি আছে ৷ ফেনখনো ফুল স্পীডত চলি আছে ৷ আমাৰ হাল্লাৰ উৎপাতত গোটেই ঠাইখিনি ক্লাচৰূম কম, উজান বজাৰৰ মাছৰ বজাৰখন বেছি যেন লাগিছে ৷ দিৱসহঁতক দেখিলোঁ এবাৰত ৷ একেখন বেঞ্চতে ছয়-সাতটামান বহিছে ৷
মেম এজনী আহিল ৷ আমি থিয় হ'লোঁ ৷ বহিলোঁ ৷ হাল্লাৰ উৎপাতত একো শব্দই পিছলৈ নাহে ৷ সিদিনা ইন্ট্ৰ লোৱা-দিয়া হ'ল ৷ মনত থাকি যোৱা মেমৰ মুখখন ৷ নামটো কৈছিল ৷ হাল্লাতে নুশুনিলোঁ ৷ চাপৰকৈ বগা মানুহজনী,হাঁহিমুখীয়া কপালত ৰঙা টিপ ফোটা লোৱা মেমজনীৰ চিঞৰি চিঞৰি অসহায় হোৱা মুখখন এতিয়াও ভাহি আহে ৷ তেনেকৈ অলপ সময় হাল্লা কম হয়, আকৌ চিঞৰত একো নুশুনা হওঁ ৷ মাজৰ ফালে বহা ল'ৰাকেইটাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনীলৈ কমেণ্ট পাছ কৰা কৰি ৷ এইবোৰৰ মাজতে ক্লাচটো শেষ হ'ল ৷ বেল পৰিল ৷ ওলাই আহিব লওঁতে দিৱসে মোক সৱৰে লগত চিনাকী কৰাই দিলে ৷ পংকজ, চিংৰা(পাছলৈ বঙালী), গুঞ্জন, সত্য আৰু বহুতো ৷
ইফালে লগৰ কেইটা গুচি গ'ল ৷ মই অকলে অকলে কিছুসময় কথা পাতি আকৌ ৰূম নম্বৰ 18 লৈ ঘুৰি আহিলোঁ ৷
মনটো বেয়া লাগিল ৷ অকলে অকলে ক্লাচলৈ আহি আছোঁ ৷ লগৰ বুলিবলৈ কোনো এটা নাই ৷ দিৱসৰ ইমান লগৰ, ইমান বিন্দাচকৈ থাকে ! মোৰহে কোনো এজন চিনাকী নাই ৷ ইমান বছৰে কিয়নো মই গাঁৱত থাকিলোঁ ! এতিয়া দেখোঁ নিজৰ জন্ম হোৱা ঠাইখিনিতে মই অকলশৰীয়া হৈ পৰিলোঁ ! তাতে এইটো কি ষ্ট্ৰীম ল'লোঁ! মুঠতে একমিনিটমানৰ ভিতৰতে এৰি অহা গাঁওখন,স্কুলখন,চাৰ-বাইদেউহঁত-আইতা-মামাহঁতৰ মুখবোৰ মনলৈ আহিব ধৰিলে ৷ তাতেই ভাল আছিল ! পথাৰ আছিল,বোকা আছিল, আকাশ আছিল! লগৰবোৰ আছিল বিন্দাচ ৷ আবেলি খেলিবলৈও কাকো বিচাৰিব লগা নহৈছিল! ইয়াত সকলো বাহ্যিকতাৰে ভৰপূৰ ৷ মই কিয় আহিলোঁ ঘৰলৈ ঘুৰি? কিয় আহিলোঁ কলেজলৈ? ডাঙৰ মানুহ নহওঁ কেতিয়াও! সপোনবোৰ এনেকৈয়ে থাকক৷ নপঢ়ো আৰু! নোৱাৰোঁ মই! হাৰি যাম মই !
(ক্ৰমশঃ)