(ষষ্ঠ খণ্ড)
চাৰে ছয় মান বাজিছে ৷ ইমান পুৱাই মই এইফালে মানে কলেজৰ ফালে আগতে কেতিয়াও অহা মনত নপৰে ৷ অথচ কিছুমান কাম জীৱনত প্ৰথমবাৰৰ বাবে কৰাৰ মজাই সুকীয়া ৷ এই যে পুৱাও ইমান ধুনীয়া এটা পৰিৱেশ হৈ থাকে মইতো আজিৰ আগতে কল্পনাও কৰিব পৰা নাছিলোঁ ৷
লেবটোৰ সমুখতে চাৰি-পাঁচখনমান বাইক পাৰ্ক কৰি থোৱা আছে ৷ ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা ইক' হোৱা শব্দবোৰ পাকঘুৰণি খাই খাই বাহিৰ হৈছে ৷ চন্দনদাই বাৰিকদাক খেদি খেদি আনিছে কেমিষ্ট্ৰী লেবৰ ভিতৰৰ ফালৰ পৰা ৷ ফিজিক্স ৰ লেবটোৰ মাজৰ ডাঙৰ ডাঙৰ টেবুল বোৰ কালি ৰাতিয়ে ৱালখনৰ কাষলৈ চপোৱা হৈছে ৷ এতিয়া যথেষ্ট আহল-বহল হৈ পৰিছে ঠাইখিনি ৷ দুখনমান টেবুল বাৰান্দালৈও উলিয়াই দিছে ৷ লেবটোৰ গোটেইকেইটা কোঠাই ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে ডাৰ্ক ৰূমটোৰ বাহিৰে ৷ বাৰান্দাখনতো ৰঙীন কাগজৰ ত্ৰিভুজবোৰ কাটি কাটি ৰচিৰে ওলমাই থোৱা আছে ৷ লেবটোৰ সমুখতে দুয়োফাল দুটা কলপুলি পোতা আছে ৷ আমাৰ যোৱাকালি সেইটোৱেই মেইন কাম আছিল ৷ যিহেতু আমি জুনিয়ৰ হয়,গতিকে বজাৰ সমাৰৰ দায়িত্ব আমাক দিয়া হোৱা নাই ৷ কেৱল প্ৰতিটো টীমতে আমাৰখিনিক ৰাখিছেই সৰহকৈ ৷ কিয়নো অহাবাৰলৈ এইবোৰ কাম আমি কৰিব লাগিব ৷ এয়া এটা পৰম্পৰা বুলি আমাক বুজোৱা হৈছে ৷ এই পৰম্পৰা অটুট ৰাখিবলৈও আমাক এইকেইদিন শিকাইছে চিনিয়ৰবোৰে ৷ এতিয়া আমি সকলোৱে এটা পৰিয়ালৰ দৰে হৈছোঁ ৷
আজি সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অহাৰ দৰে ৷ এটা উখল-মাখল পৰিৱেশ চাৰিওফালে ৷ চিনিয়ৰ বাকেইজনীৰ লগতে আমাৰ লগৰ কেইজনীও আজি মেখেলা চাদৰ পিন্ধি আহিছে ৷ ল'ৰাবোৰেও জীনছটোৰ লগতে কুৰ্তা, কোনোজনে ফৰ্মেল, কোনোজনে মাৰ্জিত কেজুৱেল ড্ৰেছেই কৰি আহিছে ৷ মুখত এটা প্ৰাপ্তিৰ হাঁহি সকলোৰে ৷ প্ৰাণোচ্চল এটা মন লৈ সৌৱা পেগু দূৰৰ পৰাই আহিছে চিঞৰি চিঞৰি ৷ কান্ধত কিবা এটা মোনা উঠাই লৈ লাকী আলিৰ গান গাই আহি আছে ৷ মাজে মাজে উকিয়ায় ৷ মাজে মাজে আকৌ চিঞৰে,-"বিচকৰ্মা মাই কি! বিচকৰ্মা মাই কি! বিচকৰ্মা মাই কি!!!"
আমি কিবা কিবি কামৰ মাজত কথাটো কোনেও মন কৰা নাছিলোঁ ৷ হঠাৎ চন্দনদাই কোৱাতহে ভালকৈ শুনিলোঁ ৷ হয়তো ই "বিশ্বকৰ্মা মাই কি" বুলিহে চিঞৰি আহিছে ৷ সি কান্ধৰ পৰা মোনাটো লেবৰ বাৰান্দাতে থৈ ডিঙিত লৈ থকা গামোচাখনেৰে মুখখন মচি পানী এগিলাছ খুজিছে ৷ পানী গ্লাচ কোট্ কোটকৈ গিলি চিৰিটোতেই বহি গামোচাখনেৰে বা লৈ আছে ৷ তেনেতে চন্দনদাই পেগুক সুধিলে,
-'অই মিছিং পোৱালি, তই যে বিশ্বকৰ্মাক মা বনাই দিলি?'
-'ঠিকেতো কলোং না ৷ আৰে চা, ওঠতটো লিপষ্টিকো লগাইছে, চুলি ভি দীঘল আছে ৷ দুৰ্গা যদি মা, চৰচতী যদি মা, কালী যদি মা হয়, বিচকৰ্মা কেনেকৈ মা নহ'ব ৷ ত' মাই এ হ'বো না!', পেগুৰ মাৰাত্মক যুক্তিত চন্দনদা অবাক হৈ ক'লে,
-'(অশ্লীল), অকৰা মিছিং অকৰাই হৈ থাকিবি ৷'
আমি গিৰ্জনি মাৰি হাঁহিলোঁ ৷ একপ্ৰকাৰৰ পেগুৰ চিন্তাক সন্মান জনাই আমি তাক 'Scientist' সন্মানেই দি দিলোঁ ৷
বিশ্বকৰ্মা পূজাৰ দিনা আমি চায়েঞ্চ ডিপাৰ্টমেণ্টেই মেইন ৷ গোটেই কলেজখনত ব্যতিক্ৰম এই পূজাভাগ পাতোঁ আমি ৷ আমি মানে অকলেই ৷ হায়াৰ ছেকেণ্ডাৰীৰ দুয়োটা বেটচ্ ৰ ল'ৰাই মিলি পতা পূজাত যেতিয়া গোটেই কলেজখনেই উবুৰি খাই পৰেহি দস্তুৰমত আমাৰ বুকুবোৰো অইনদিনাতকৈ দুই ইঞ্চি ফুলি থকাতো স্বাভাৱিক ৷ আমাৰেই এনে হৈছে যেতিয়া চেকেণ্ড ইয়েৰৰ ল'ৰাখিনি কিমান এনজয় কৰিছে চাওঁকচোন ৷
জুল'জী লেবৰ পৰা তললৈ ননমা চিনিয়ৰজনে আজি ৰাতিও তাতেই থাকিব বুলি কৈ দিছে ৷ ব'টানী লেবৰ প্ৰথম দুৱাৰখনৰ কাষত বহি আছে অইন এজন চিনিয়ৰ ৷ ডিডিচি এৰি যাবলৈ দুখ তাৰ লাগিলেই ৷ ফ্ল'ৰতেই শুই শুই কান্দিব ধৰিছে ৷ আকৌ মাজে মাজে উঠে আকৌ হাঁহি এটা মাৰি আকৌ কান্দিবলৈ লয় ৷
ইফাল জুল'জীৰ লেবত সোমোৱাজনে আওঁপুৰণি জঁকাটোকে সাৱটি পুৰণি প্ৰেম স্মৰণ কৰিছে ৷ মাজে মাজে জঁকাটো তাৰফালে ঘুৰাই লৈ সোধে,
-'তই মোক এবাৰলৈ কিয় নক'লি তোক মই বিহুৰ দিনাখনেই পলুৱাই লৈ গ'লোংহেঁতন! তই এতিয়া কেনেকে আছ' নাজানুং ৷ কিন্তু মোক চা, এইটুপি খালেই তোলৈ চেৰংকৈ মনত পৰি যায় ঐ ৷ তই মোক ডুবাই থৈ গ'লি ঔ ৷ মাৰি নগ'লি কিয়!!!"
বুকুত ধকিয়াই ধকিয়াই কান্দিছে সি ৷ আমাৰ কেইজনমানে এইবোৰ দেখি লেবটোৰ তল ওপৰ কৰি ফুৰিছে ৷
দুপৰীয়া সময়খিনিত প্ৰায়খিনি মানুহেই আহিছে ৷ সকলো ডিপাৰ্টমেণ্টৰ ছাৰ-বাইদেউৰ পৰা আৰম্ভ কৰি লেবটোতনো এনে কি বস্তু আছে চাবলৈ বুলিও বহুতো ল'ৰা-ছোৱালী আহে ৷ চিনিয়ৰ দুজনৰ লগতে আমাৰ লগৰ দুটামান ওপৰলৈ উঠি যোৱা চিৰিটোৰ সমুখত বহি আছে ৷ পেগুক নেমু আনিবলৈ বজাৰলৈ পঠিয়াইছে ৷ মুঠতে সকলোৰে দৌৰা-দৌৰি ৷ ফিজিক্স লেবৰ ভিতৰৰ পৰা সকলোকে বুট-মাহৰ লগতে চাহ দিয়াই দি গৈছে ৷ কিছুমানে ওপৰলৈ লেবটো চাবলৈ যাও বুলি লৈ অহা আশাও এৰি তাৰ পৰাই উভটিব লগা হৈছে ৷
ঘটনাৰ আৰম্ভণি ৰাতিতেই হেনো ৷ সামৰণি হোৱাত বহুত পলম হৈছে ৷ মূৰ্তি আনিবলৈ গৈ ক'ৰবাত খালে ৷ যিহেতু কলেজত ৰাতিটো থকাৰ পাৰ্মিচন লৈয়ে থৈছিল গতিকে অসুবিধা নহ'ল একো ৷ দহটা মানলৈ বোলে ঠিকেই আছিল ৷ তাৰ পিছত হেনো ভাত খাবলৈ ওচৰৰে কাৰোবাৰ এজনৰ ৰূমলৈ যাওঁতে বাটতে পাই লোকেলটোকে বহুৱাই দি সামৰণি পৰালৈ কিছু দেৰি হৈ আছে ৷ যা হওঁক, সকলো ঠিকে ঠাকে হৈ যোৱাৰ পিছত ইহঁতবোৰক আগতে বিদায় দি চাফা কৰা পৰ্বত লাগিলোঁ ৷ প্ৰথমবাৰৰ বাবে এনেকৈ চাগে মই আৰম্ভণিৰ পৰা শেহলৈ কাম কৰিছোঁ ৷ কিন্তু এই 'ভাই-ভাই' দৰে সম্পৰ্কবোৰৰ পৰা 'ইউনিটী'লৈকে শিকিলোঁ আজিৰ দিনটোত ৷ টীম ৱৰ্ক কি হয় তাৰ আভাস পালোঁ ৷ যথেষ্ট ৰিস্কি চিটুৱেশ্বনটো ক'ভাৰ দিয়াৰ পৰা চলিউশ্ব্যন উলিওৱালৈকে এটা বিৰাট ডাঙৰ কামৰ অংশীদাৰ হ'বলৈ পাই ধন্য মানিছোঁ ৷
কাইলৈ পুৱাই মলয় পাল ছাৰৰ টিউচন আছে ৷ প্ৰথমটো ক্লাচ ৷ সিদিনা যাওঁতেই কৈ আহিছিলোঁ বিশ্বকৰ্মা পূজাৰ পিছদিনা আহিম বুলি ৷ সকলো খিনি সমাপ্ত কৰি পেগু আৰু মই সকলোকে মাত লগাই ওলাই আহিলোঁ কলেজৰ পৰা ৷
-"ভাই, তৌহ…কালি যাবিনে মলয় পালৰ তাত?" পেগুৱে সুধিলে ৷
-"যাব লাগিব ৷ ফাৰ্ষ্ট ডে মিচ কৰিবি নে!!!" আৰু ডায়ৰেক্ট নাম লৈছ যে' ছাৰ হয় তোৰ মোৰ লগৰ নহয়তো ৷ ছাৰ বুলি ক'বি ৷ তোক কিমান শিকাম বে!" বুজনি দি ক'লোঁ ৷
-"আৰে, আমি দুটাহে কথা পাতিছোঁ না ৷ থ'ৰি না কোনবা থাৰ্ড পাৰ্টি আছে ক'!'' সি ক'লে ৷
-"হ'লেও দেচোন ৷ নাপায় বে ৷ নক'বি ৷"
-"অকে ৷ ছ'ৰি ছ'ৰি ৷"
-"লেকিন মানুহটো জমণি আছে!" আপোনভোলা হৈ সি কৈ গৈ থাকিল গোটেই ৰাস্তাতেই ছাৰ কথা ৷
(ক্ৰমশঃ)
No comments:
Post a Comment