(পঞ্চম খণ্ড)
-"অই… দৰ্জা খোল, বাবা…বাবা… দৰ্জাখন ভিতৰৰ পৰা কিয় বন্ধ কৰি শুই থাক? উঠ্ উঠ্… ৰাতি কেইটাত শুলি…ঐ দৰ্জা নোখোল কিয়!"
-"অই দাদা, দৰ্জা খোল ৷ কলেজ আছে নাই আজি?"
-"বাবা…………দৰ্জাখন খোলচোন…"
এনেকুৱা কিছুমান শব্দ ক'ৰবাৰ পৰা উফৰি অহা শুনা যেন লাগিল ৷ আৰে, মইতো 'চুইচাইড্' কৰাৰহে কথা আছিল ৷ এতিয়া দেউতা আৰু ভাইটিৰ মাত শুনিছোঁ ৷ মইতো চুইচাইড কৰিছিলোঁ! এয়া মানে কি হৈছে! মই সপোনত আছোঁ নে দিঠকত আছোঁ!!
টেবুলত কিতাপ মেলা থকাতেই মই মানে শুইহে গৈছিলোঁ ৰাতি ৷ দৌৰা-দৌৰিকৈ উঠি মই মোৰ ৰূমৰ দুৱাৰখন খুলি দিলোঁ ৷ দেউতা আৰু ভাইটিয়ে দুৱাৰত ঢকিয়াই আছে তেতিয়ালৈ ৷ ক'ৰবাৰ পৰা মাৰ গালি দুটামানো উফৰি আহিল,
-"বেলেগৰ ল'ৰা-ছোৱালী উঠি কামলৈ গ'ল ৷ আমাৰ লাট চাহাবৰ উঠিবৰে হোৱা নাই ৷ ঐ চা,তোৰ লগৰ ল'ৰাই বিয়া পাতি সংসাৰ কৰিছে ৷ সৌ আকাশটো পুৱাই বাগানলৈ গ'ল ৷ তই ইমান দেৰিকৈ উঠনে? লাজ বোলা বস্তুটো অলপো নাই ৷ পঢ়া-শুনাটো নায়েই ৷ একে হৈছ গোটেই বাপেৰ পুতেৰ, গোটেই বংশটো ৰাতিপুৱা সোনকালে উঠাৰ নাম-গোন্ধ নাই ৷"
আহিয়েই বাৰান্দাৰ চোফাখনত বহিলোঁ ৷ দেউতাই ব্ৰাছডালত টুথপেষ্ট লগাই লৈ আহি মিহি সুৰত ক'লে,
-"লোৱা বেটা, লাট চাহাব হ'লা নহয় ৷ যোৱা ব্ৰাছ কৰি আহাগৈ…"
এই বাবে দেউতাক ভাল লাগে ৷ মায়ে চিঞৰি থাকিলে দেউতাই চুপে চাপে মোক কিবা এটা কৰি দিয়েহি ৷ চাল্লা ইমান মৰম কৰে আমাক, আমাক দুটাক লৈ কিমান সপোন আছে আৰু মই যোৱা ৰাতি 'চুইচাইড' কৰিম বুলি কিয় ভাবিছিলোঁ ৷ মনটো নিজৰে বেয়া লাগি গ'ল ৷
'এনেকৈ ভাবিলে নহ'ব' বুলি ব্ৰাছডাল লৈ পিছফাললৈ আহিলোঁ ৷ ভাইটিয়ে পিছফালৰ ঘৰৰ চিৰিটোতে বহি চাহ খাই খাই সুধিছে, "আজি তই কিতিয়া আহিবি কলেজঅ পঅা!'
-'কিয় লাগে?', বিৰক্তিৰ প্ৰশ্ন ৷
-'চাইকেলখন মোক লাগিব আবেলি ৷ মই হনুমান মন্দিৰ যাম ৷'
-'এ যাবি দে… তইহে মেইন ভক্তডাল হনুমানৰ ৷ পঢ়া-শুনা নকৰিবি ভালকে, হনুমানে পৰীক্ষাত পাছ কৰাই দিব যা ৷ হুহ, অলপমানো দেখিব মন নাযায় বেং তোক ৷'
-'নাযাবতো দেখিব মন মোক ৷ নিজে নাস্তিক যে! আজিলৈকে ধূপ এডাল জ্বলাই পাইছ?', লগালগ উত্তৰ আহিল তাৰ পৰা ৷
-'মোৰ ওপৰত কথা নক'বি ৷ ভাই হৈ ভাইৰ দৰে থাক ৷ ইজ্জত দিব শিক ৷ তোৰ বয়স কিমান হৈছে বে!'
-'অ মা…মা… দাদাক চাচোন ৷ ই 'বে' বুলি কৈছে মোক ৷ তাৰ ভাষা চা ৷ তই 'বে-চে'বোৰ তোৰ লগৰক ক'বি মোক নক'বি ৷ মুখ ভাঙি গুৰি কৰি পেলাম' -সি দমত কথাখিনি ক'লে ৷
মই একো নামাতিলোঁ ৷ মনে মনে থাকিলোঁ ৷ মুখখন ধুই আকৌ বাৰান্দালৈ আহি মনে মনে বহি থাকিলোঁ ৷ তেনেতে গাখীৰ খীৰাই দেউতা আহিল ৷
-'বাবা, চাহ একাপ বনাবি নেকি! বহুদিন তোৰ হাতৰ চাহ একাপ খোৱা নাই ৷ যাচোন ৷'-দৰদ ভৰা কৰুণ কণ্ঠ ৷ দেউতাৰ পুৰণি স্বভাৱ এইটো মই জানোঁ ৷ নিজে বনাবলৈ মন নগ'লে মোক বা ভাইটিক এনেকৈ কৈ চায় ৷ আজিও ব্যতিক্ৰম নহ'ল ৷
-'তাক চাহ বনাব কৈছে? ঔ সি লাট চাহাবহে ৷ পানী এগিলাচ লৈ খাব নোৱাৰে ৷ সি আপোনাক চাহ কৰি খুৱাব ৷ হৈছে… ভাল আশা কৰিছে আপুনি'- মই কিবা ক'ব লওঁতেই মায়ে কথাখিনি মন্দিৰৰ বাৰান্দা মচি মচি ক'লে ৷
কি জানো খং উঠিল ! থিয় হৈ ঘড়ীটোলৈ চালোঁ ৷ যাঃ চাহ-ভাত একো নাখাও মই যাওঁ কলেজলৈ বুলি উচাট্ মাৰি গা ধুবলৈ গ'লোঁ ৷ গা-পা ধুই আহি দেখিলোঁ টেবুলত দুখন ঘিত ভজা ৰুটী আৰু একাপ চাহ আছে ৷ একো নোকোৱাকৈ মনে মনে খাই বৈ চাইকেলখন বাৰান্দাৰ পৰা কোনো শব্দ নকৰাকৈ নমাই আনিলোঁ চোতাললৈ ৷ আজিকালি মই ভাইটিৰ চাইকেল লৈহে কলেজলৈ যাওঁ ৷ এইখন চাইকেল সি কিনিছে ৷ সৰুৰে পৰা পইচা গোটাই গোটাই এইখন লৈছে ৷ মই এইখন লৈয়ে অহা যোৱা কৰোঁ ৷
ডনবক্সখন পাৰ হৈ পাইন গছকেইডাল পাইছোঁহি ৷ কাষেৰে ফচ কৈ বাইক কেইখনমান পাৰ হৈ গ'ল ৷ তাৰে এখন বাইক অলপ মান আতৰত গৈ ৰ'লে ৷ মই বাইকখনৰ ওচৰ পাওতেই লক্ষ্য কৰিলোঁ সেইটো ধীৰেণ দেখোন ৷ ৱাহঃ আজি ল'ৰাই বাইক লৈ আহিছে ৷ পিছফালে ধন বহি আছে ৷
-'ঐ হেহেহেৰি…নহয়, পূজাৰ কিবা মিটিং আছে বোলে!'-ধীৰেণে মোক সুধিলে
-'কিহৰ মিটিং, কোনে ক'লে তোমাক?'- প্ৰশ্নবোধক চাৱনিৰে তাক সুধিলোঁ ৷
-'শুক্লা ছাৰৰ তাত টিউচন গৈছিলোঁ ৷ তাতে হহহ…হৰজ্যোতিয়ে ক'লে মানে ৷'
-'আজি পাছে দুয়ো বাইকত যে?' কথাটো সলাই সুধিলোঁ বাইকখনলৈ চাইপিনে ৷
-'আজি কাম এটা আছে ৷ ধন আৰু মই চিনেমা চাম ৷ ৰাতি হ'ব পাৰে ঘৰ পাওঁতে ৷ বাইকখন লৈ আহিলোঁ আৰু…'
-'তুমিও ওলোৱা…' এইবাৰ ধনে মাত দিলে ৷
-'এহ্ মই নাযাও ৷ তোমালোক যাবা ৷ ইয়াত সৱেই মোক চিনি পাই বে ৷ ঘৰত গম পালে বধিব মোক ৷ আৰু তোমালোক কি ইউনিফৰ্মত চিনেমা চাবা?'
-'ধ্যুৰ্ ভয়টো চোৱা তাৰ'-ধীৰেণৰ অভয়ধৰ্মী চাৱনি মোলৈ,-'এইটো বয়সতে এনজয় নকৰিলে কিতিয়া কৰিবা বে! আহা আহা কলেজলৈ আহা ৷ লেবৰ ওচৰত বাইক থ'ম ৷ আমি তাতে লগ পাম আহা৷' কৈ সি বাইকখন ষ্টাৰ্ট দিলে ৷
পেডেলত ভৰি থৈ হাফ্ পেডেল কৈ দুবাৰ থেলি থেলি ময়ো চাইকেলৰ চিটটোত লাফ্ মাৰি উঠিলোঁ ৷ ৰাস্তাটো এইকণ অলপ বেয়া ৷ সমুখত দুটা ডাঙৰ গাত ৷ সোঁফালে বন বিভাগৰ কোৱাৰ্টাৰটোৰ সমুখত এখন গাড়ী ৰৈ আছে ৷ ৰাস্তাটোৰ গাত দুটা পাৰ হৈয়ে বন বিভাগৰ কাৰ্যালয়ৰ সমুখতে সেয়া ৰেললাইনৰ ইটো পাৰে ডিডিচিৰ প্ৰতিজনৰে প্ৰিয় 'নেপাল' ৷ আচলতে এই নেপাল নামটো প্ৰত্যেকজন ডিডিচিয়ানৰ প্ৰিয় নাম ৷ ৰুটি-ঘুগুনীৰ পৰা তামোল-পাণলৈ, অলমেট-বিস্কুট-চাহৰ পৰা চাৰমিনাৰ-ফ্লেক-ফিল্টাৰলৈ, টেঙা মৰ্টনৰ পৰা চুইংগামলৈ, মিল্ক-এন-নাটৰ পৰা পান চকলেটলৈ সকলোবোৰ পায় ৷ এটা নেপালী সম্প্ৰদায়ৰ পৰিয়ালে এই ঘৰটোত নিজে থকাৰ লগতে বাৰান্দাখনতে দোকানৰ ৰূপ দি থৈছে ৷ তিনিওফালৰ বাৰান্দাতেই আধাৰ পৰা বাহঁৰ ডাঙৰ ডাঙৰ ফুটা থকা বেৰ ৷ মাজভাগৰ কোঠাটোত লেমৰ চিমনিৰ পৰা আটাগুৰিলৈ সকলো, বান্দৰচাব চাধাৰ পৰা চকলেটলৈ সকলোবোৰ বৈয়াম একোটাত ৰখা এটা পুৰণি ঘুণে ধৰা আলমিৰা ৷ কোনোবা এটা চুকত ইমানেই বেছি ঘুণে খালে তাৰ খুৰাটোৰ ঠাইত চাৰিটুকুৰা ইটাৰে সমান্তৰালকৈ ৰাখি থৈছে ৷ সিহঁতৰ তাত কাম কৰা মানুহ বেলেগ কোনো নাই ৷ ঘৰৰ সকলোৱে সকলো কৰে ৷ মাজৰ কোঠাটো বেছিভাগ এন্ধাৰে হৈ থাকে ৷ মাজভাগতে এখন প্লাষ্টিকৰ টেবুল, দুয়োকাষে তিনিখন প্লাষ্টিকৰ চকী ৷ তাকো কোনোবাখনৰ হাত দুখন ৰখাখিনি নাই ৷ কোনোবাখনত বহিলেই বুঢ়া মানুহৰ দাঁত লৰিলে যেনে অৱস্থা হয় তেনেকুৱা কণ্ডিচন ৷ তথাপিও আমাৰ প্ৰিয় 'নেপাল' ৷ কেৱল ডিডিচি বুলিয়েই নহয়, হাইৱেটোৰ সিপাৰে থকা চাৰ্কোল অফিচ,ইফালে থকা ফৰেষ্ট অফিচৰ কিছুসংখ্যক মানুহৰে দুপৰীয়া সাঁজৰ বাবে এখন নিৰ্ভৰযোগ্য দোকান 'নেপাল' ৷
নেপাল পাৰ হৈয়ে কিছুদূৰ গৈয়ে আমাৰ চেকেণ্ড গেটখন ৷ এম্ মণিৰামৰ 'মন যায়' চিনেমাখনৰ শীৰ্ষগীতটোৰ কিয়দংশৰ সৈতেও চেকেণ্ড গেটৰ এইখিনি ঠাইৰ এটা স্মৃতি আমি প্ৰতিজন ডিডিচিয়ানে উপভোগ কৰোঁ ৷ চেকেণ্ড গেটখনেৰে সোমাই চিধাই চাইকেলষ্টেণ্ডত চাইকেলখন থৈ দৌৰাদৌৰিকৈ কলেজৰ ভিতৰলৈ সোমালোঁ ৷ মেইনগেটৰ পৰা সমান্তৰালকৈ দুয়োফালে দেৱদাৰু কেইজোপাই পথটো শীতলাই ৰাখে প্ৰায়খিনি সময় ৷ এতিয়া কলেজৰ বহুখিনি ছোৱালী-ল'ৰাই ইয়াৰ ছাঁত ৰৈ লেকচাৰ মাৰিছে ৷ ৰ'দটোও আজি বৰ চোকাকৈ ওলাইছে ৷
-"ইমান ৰৈছোঁ আজি ৷ দেৰি কৰিলি যে? ঐ,,," পেগুৱে টয়লেটৰ ফালৰ পৰা আহি প্ৰিঞ্চিপাল ছাৰৰ অফিচৰ সমুখতে সুধিলে ৷
-"আবে নক'বি বে ৷ মাথাই বেয়া হৈ আছে ৰাতি পুৱাৰে পৰা…"-চুলিখিনিৰ মাজেৰে আঙুলি কেইটা লৈ উদাস ভাৱে ক'লো ৷ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা এজনী মৰম লগা ছোৱালী ওলাই অহাত মোৰ হাতখন মূৰৰ পৰা ননমাই হ'ল ৷ বাৰে বাৰে চুলিখিনি ওপৰলৈ উঠাও আকৌ চুলিখিনি নামি আহে ৷
-"আব্বে ভাই, আকৌ চিনিয়ৰ বে! তোৰ মা হ'ব বে মা ৷" পেগুৱে কাণৰ কাষত ফুচফুচাইছে
-"ঐ হৌগা তেৰি মা কি…"
কোনোমতে জীভাখন কণ্ট্ৰল কৰি টয়লেটৰ ফালে গুচি গ'লোঁ দুয়ো ৷
-"শুন ভাই, আজি মলয় পাল ছাৰৰ তাত যাম ৷" পেগুক ক'লোঁ ৷
-"পাক্কা?"
-"পাক্কা যাম ৷ কলেজৰ পৰা যাওঁতেই সোমাই যাম দৰকাৰ হ'লে ৷" জোৰ দি কথাটো ক'লোঁ ৷
-"ভাই বঢ়িয়া ৷ যাম যাম ৷ খালী মই আজি চাইকেল নানিলোং ৷ তোৰ লগত ডাবলিং নিবি?"
সি বৰ অনুনয়েৰে সুধিলে ৷
-"চলাবি, মই নোৱাৰোঁ কিন্তু চলাব ৷"
-"হ'ব দে…"
দুয়ো টয়লেটৰ পৰা আহি ক্লাচত সোমালোঁ ৷ তেতিয়ালৈ আমাৰ ক্লাচটোতে সৰু সুৰা এখন মিটিঙৰ দৰে হৈছেগৈয়ে ৷ চিনিয়ৰখিনিৰ লগত কথা চলি আছে ৷ মিটিঙৰ বিষয় বস্তু 'বিশ্বকৰ্মা পূজা'৷
ছেপ্তেম্বৰৰ ১৭ তাৰিখলৈকে ৷
(ক্ৰমশঃ)
No comments:
Post a Comment