(১)
মোক এসোপামান শব্দ লাগে ৷ য'ত মই নিজক হেৰুৱাই পেলাব পাৰোঁ ৷ নিৰৱতাৰ মাজতো মই বিচাৰি ফুৰোঁ কোলাহলৰ এখন আকাশ ৷ মই বিচাৰি ফুৰা সেই আকাশত এমুঠি বিষাদ,এবুকু প্ৰেম অথবা একাঁজলি মৰম নাথাকে ৷ থাকে মাথোঁ নিৰাশাৰ নৈ ৷ তেন্তে আপুনি ভবাৰ দৰে মই নিৰাশাবাদী নেকি? উমহু… কেতিয়াও নহয় ৷ কিন্তু মই আশাবাদীও নহয় ৷ মই মোক জানোঁ মানে জীয়াই থকাটো মোৰ বাবে কিমান প্ৰয়োজনীয় এইটো সময়ত ৷ এৰা… যোৱা কিছুদিনৰ পৰা মই ভাবুক হৈ পৰিছোঁ ক'বনোৱাৰাকৈ ৷ ক'বলৈ বহুতো কথা থাকে কিন্তু শুনাবলৈ কোনো নাই ৷ লিখিবলৈ বহুত ভাব আহে কিন্তু নীলা চিঞাঁহীৰ গাড়ীখন চলাবলৈ মন নাথাকে ৷
তেন্তে এইমাত্ৰ আপুনি ভবাৰ দৰে মই খুব ব্যস্ত নেকি? হয়তো হ'ব পাৰে ৷ তাতো এটা কিন্তু আছে! ব্যস্ততাৰ মাজতো মই কিন্তু শব্দবোৰ আগতে বিচাৰিছিলোঁ, পাইছিলোঁ ৷ এই ধৰক, চান্দমাৰী ফ্লাই অভাৰৰ ওপৰেদি সন্ধিয়াটোত এটা পাক মাৰিছিলোঁ,শব্দবোৰ আছিল লগতে ৷ কাছাৰী ষ্টপেজত নামি কটনৰ আগেদি পাৰ হৈ যাওঁতে কেৰাহিকৈ 'কফি হাউচ'লৈ চাইছিলোঁ,আছিল শব্দবোৰ ৷ উমানন্দৰ পৰা মাৰ যাব খোজা বেলিটিলৈ চাব শিকিছিলোঁ, তাতো দেখিছিলোঁ শব্দবোৰক ৷ কিন্তু এতিয়া ইমানবোৰ শব্দৰ মাজত থাকিও শব্দবোৰ নোপোৱা হৈছোঁ ৷
আনকি মোৰ দুকোঠলীয়া ভাড়াঘৰটোতো শব্দবোৰ বিচাৰোঁ সদায় ৷ কিজানি ক'ৰবাত পাঁওৱেই বা !
(২)
আকাশৰ স'তে সংগোপনে কথা পতাৰ পৰত সিদিনা মেঘক লগ পাইছিলোঁ ৷ নি:শব্দে ৰৈ থকা তৰাবোৰৰ স'তে জোনবাইজনীয়ে লুকা-ভাকু খেলা সন্ধিয়াটোতেই বৰষুণজাক সৰিছিল ৷ এলাগী বৰষুণজাকলৈ নিষ্ঠুৰ হৃদয়বোৰৰ গালি বৰষিছিল ৷ সিদিনাই চিপ্ চিপ্-ৰিম্ জিম্ কৈ মোৰ উৰুখা পঁজালৈ বৰষুণজাক আহিছিল ৷ বহুপৰ কটালোঁ আমি ৷ সুখ-দুখৰ ফটিকা দুঢোক সমুখত লৈ টোমত ভৰাই ৰখা কথাবোৰ খুলি পেলাইছিলোঁ ৷ দুয়ো উগ্ৰ হৈ পৰিছিলোঁ নিশালৈ ৷ ফটিকাৰ ৰাগীত নহয়, ভালপাইও ভালপাব নজনাৰ দুখত ৷ মূষলধাৰে ধৰাৰ বুকুলৈ বৰষুণৰ টোপালবোৰ বৈ পৰিছিল ৷ বিজুলীৰ চিকমিকনিবোৰত চকামকাকৈ মই দুটিমান শব্দক উটি অহা দেখিছিলোঁ ৷ আকাশৰ বুকুত জোনবাইজনীয়ে মুখ গোমোঠাই অভিমানৰ ছুৱেটাৰ গোঠা সময়তেই মেঘ-বৰষুণৰ শীতলযুদ্ধখন আৰম্ভ হৈছিল ৷ তেন্তে মেঘ আৰু বৰষুণক একেলগে জোনবাইজনীয়ে প্ৰত্যাখ্যান কৰিলে নেকি?
নে মেঘৰ লগত লুকা-ভাকু খেল খেলাৰ আনন্দ আছিল সেয়া ?
তেন্তে আকাশখনেও মোৰ দৰে শব্দবোৰ হেৰুৱালে নেকি বাৰু ??
(৩)
সন্ধিয়াবোৰ ক্ৰমশঃ সলনি হৈছে ৷ ব্যস্ত ফুটপাথত ব্যস্ততাই পোহাৰ মেলা সময়তে জাকৈয়া হাঁহিবোৰ মোৰ কাষেদি উৰি যায় ৷ ইউৰেকা ষ্টাইলত কঁকাল নচুৱাই আমাৰ দৰে উতনুৱাবোৰক আৰু কিমান পাগল কৰিবা? প্ৰেম ভালপোৱাৰ সাগৰত তুমি মইটো এটা ক্ষুদ্ৰ ধূলিকণাও নহয় ৷ প্লীজ বেয়া নাপাবা ৷ বৈদ্য ভুল কৰিলোঁ জানা তোমাক প্ৰ'পজ কৰি ৷ আচলতে এয়া ছোৱালী দেখিলেই প্ৰেমত পৰাৰ মানসিকতা নে অকলশৰীয়া উদাসীন জীৱনত কাৰোবাক সংগী কৰি লোৱাৰ ইচ্ছা নাজানোঁ! ভাব হয় তোমাক লগ নোপোৱা হ'লেই ভাল অাছিল,কিন্তু নহয় ৷ সেয়া তোমাৰ প্ৰতি থকা ভুল ধাৰণা মোৰ ৷ তোমাৰ বাবেইটো বৰষুণৰ মাদকতা বিচাৰি পালোঁ ৷ তোমাৰ বাবেই মানুহৰ ভিতৰৰ মানুহবোৰক চিনি পাবলৈ শিকিলোঁ ৷ আৰে বাবা… আফটাৰ অল্ তোমাৰ বাবেইটো জীৱনটো যে সৰলৰেখা নহয় বুজি উঠিলোঁ ৷ কচম চে, তুমিটো তুমিয়েই না! মোৰ হোৱা বা নোহোৱা তাত কি আহে যায় ৷
(শব্দ বিচাৰি ফুৰা এগৰাকী পাঠকৰ হাতত তুলি দিবলৈ চেষ্টা কৰা হৈছে- মানস প্ৰতিম)