(দ্বিতীয় খণ্ড)
ক্লাচ ৰূমটোৰ চিন্তাতহে এতিয়া ভয়টো বেছিকৈ লাগিব ধৰিছে ৷ এখন ন'টিচ বৰ্ড লক্ষ্য কৰিলোঁ কাৰ পাৰ্কিঙৰ কাষত ৷ এসোপামান ল'ৰা-ছোৱালীৰ জুমা-জুমি ৷ যাঁও-নাযাঁওকৈ ব'ৰ্ডখনৰ কাষলৈ গ'লোঁ ৷ এলুমিনিয়ামৰ জালিখনৰ সিফালে HS ARTS, COMMERCE ৰ পৰা Degree লৈকে সকলোখিনিৰে Daily ৰুটিন দিয়া আছে ৷ আমাৰ চায়েঞ্চ ডিপাৰ্টমেণ্টৰ নাই ৷ কি কৰা যায়-নাযায়কৈ চিন্তা কৰি থাকোতে ক'ৰবাৰ পৰা দিৱসহঁতৰ গ্ৰুপটো আহিল ৷ ক'লে,-"তোমালোকৰ অফিচলৈ যোৱা ৷ তাতে থাকিব চাগে! আৰু তোমালোকৰ ক্লাচ কেণ্টিনৰ ফালে হয় ৷ তালৈ যোৱা ৷"
ময়ো হয় বুলি শলাগি দৌৰ দিলোঁ ৷ তেতিয়ালৈ মই HS ৰ কমাৰ্চৰ ফাৰ্ষ্ট ইয়েৰৰ ৰূমটো, degree কমাৰ্চৰ ৰূমকেইটা এৰি অসমীয়া ডিপাৰ্টমেণ্টটো পাৰ হৈ গৈছোঁ ৷ কিছুমান কোঠাৰ দুৱাৰ বন্ধ আছে ৷ বগা দেৱালখনৰ লগতে আকাশীৰঙী বন্ধ দুৱাৰবোৰ দেখিলেহে মূৰটো ওপৰলৈ কৰি ৰূম নম্বৰটো চাওঁ ৷ তেনেতে অসমীয়া বিভাগৰ পৰা সোঁফালে চায়েই দেখিলোঁ আটাইবোৰ দুৱাৰেই বন্ধ ৷ এতিয়া কৰোঁ কি! সুধিবলৈও কোনো নাই ৷ ইফালে পিঠিত মস্ত মস্ত ফিজিক্স,কেমিষ্ট্ৰীৰ কিতাপবোৰৰ ওজন ৷ ক'ৰবাৰ পৰা গৰম পুৰিৰ গোন্ধ এটা বতাহত ভাহি আহিল ৷ এগাল গৰম ভাত পেটত পেলাই আহিছিলোঁ হে ৷ হঠাৎ জানোঁ পেটটো দেখোন কলমলাই উঠিল ৷ ভোকত নে ভয়ত এনেকুৱা হৈছে নুবুজিলোঁ ৷ নীলা বন্ধ দুৱাৰবোৰ পাৰ হৈ আগবাঢ়ি গৈ থাকিলোঁ ৷
সময় লক্ষ্য কৰিলোঁ ন বাজি সোতৰ মিনিট ৷ ঠিক তেনেতে Room No 17, HS 2nd yr (Sc.) বুলি লিখা দেখি মনটো কিবা এটা ভাল লাগি গ'ল ৷ পিছুৱাই আহি ইখন দুৱাৰৰ ওপৰলৈ চালোঁ, নাই তাত কমাৰ্চৰ চেকেণ্ড ইয়েৰৰ ক্লাচ বুলি লিখা আছে ৷ আগুৱালোঁ আকৌ ৷ Room No 17ৰ পিছতে বহু প্ৰত্যাশিত আমাৰ ফাৰ্ষ্ট ইয়েৰৰ Room No 18 HS 1st yr (Sc.) দেখি মনটোতে কোনোবাখিনিত নাচি উঠিলোঁ ৷
তেনেকুৱাতেই এজন শীৰ্ণকায় মানুহ আহিল ৷ পিন্ধনত এটা পুৰণি লেতেৰা পেণ্ট আৰু এটা টি চাৰ্ট ৷ হাতত একোছা চাবি ৷ এফালৰ পৰা বন্ধ নীলা দুৱাৰবোৰ খুলি আহি আছে ৷ আমাৰ ক্লাচ হ'ব লগা ৰূমটোৰ তলাটো খুলিবলৈ লওঁতে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ ৷ কথাৰ ঢঙত যিটো attitude দেখিলোঁ মনটো কোচাই আহিলে ৷ তেনেতে আৰু এজন ওখ-পাখ ল'ৰা আহি আমাৰ কাষতে ৰ'ল ৷
মোক সুধিলে,- "এ,এ,এ…এইচ্চ্ এছ ফা ফা ফা…ফাৰ্ষ্ট ইয়েৰৰ ক্লাচ ইয়াত হ'ব ন!" সেয়া ধীৰেণ ৷
মই হয় বুলি মূৰ দুপিয়াই ভিতৰলৈ সোমালোঁ ৷
এটা তেনেই সৰু ৰূম ৷ দুযোৰকৈ ডেক্স-বেঞ্চ পথালিকৈ তিনি/চাৰি ভাগকৈ ৰখা আছে ৷ তেনেতে আৰু এজন ল'ৰা আহিল ৷ কাকপথাৰ টঙনাৰ ভিতৰৰ ফালৰ গাঁৱৰ পৰা আহিছে ৷ ক্ষীৰোদ মৰাণ ৷ তাৰ পিছতে আহি পালে লীমা ৷ চকুত চশমা ৷ বগা চাদৰ মেখেলাযোৰৰ সৈতে বগাকৈ অলপমান ট্ৰাইবেল লুক এটা থকা লীমাক মই আগতে এই লুকত দেখা নাছিলোঁ ৷ পুৰণি চিনাকী বুলিবলৈ তায়েই আছিল ৷ সোমায়েই বহিবলৈ বেগটো থ'লে ৷ থৈ দেখিছে গোটেইখনতে ধূলিৰ এটা চামনি পৰি আছে ৷ তেনেতে আৰু এজনী ছোৱালী আহিল ৷ মই তেতিয়ালৈকে ধীৰেণহঁতৰ লগত কথাত ব্যস্ত ৷ ক'ত ঘৰ,কোন কোন আছে, মেট্ৰিক ক'ৰ পৰা দিছিল, কি মেডিয়ামৰ আছিল এতিয়া কি ল'ব, স্কুলত ইলেক্টিভ চাব্ কি আছিল ব্লা ব্লা ব্লা ৷
হঠাৎ 'ক্ৰিং……' কৈ দীঘলীয়া চাইৰেণৰ দৰে শব্দ হ'ল ৷ আমি গম পালোঁ এটা ক্লাচ শেষ ৷ কোনো নাহিলেই ৷ যা হওঁক, কোনোবা এজনী ছোৱালীয়ে ক'লে এতিয়া হেনো MIL ৰ ক্লাচ আছে ৷ আমি 32 নম্বৰ ৰূমলৈ যাব লাগিব ৷ কমাৰ্চৰ লগতে আমাৰ ক্লাচ হ'ব ৷ গ'লো আমি তিনিওটাই ৷ সিহঁতকেইজনী বেলেগকৈ গ'ল ৷ একেবাৰে শেষৰ বেঞ্চখনত বহিলোঁ ৷ জীৱনত প্ৰথমবাৰৰ বাবে শেষৰ বেঞ্চত বহিছোঁ ৷ কাষতে এখন দুৱাৰ ৷ এখন দুৱাৰ একেবাৰে আগত আছে ৷ ইমান ডাঙৰ ক্লাচ ৰূম আগতে দেখাই নাই কেতিয়াও ৷ মই পঢ়ি যোৱা স্কুলখনত থকা ক্লাচ চিক্সৰ ৰূমটোৰ দৰেই ৷ সমুখভাগত কাঠৰে ওখ এটুকুৰা ষ্টেজৰ দৰে ৷ ডেক্স-বেঞ্চবোৰো কিবা যোৰা লগোৱা ৷ মই মনতে ভাবিলোঁ,"বাহঃ একদম Munna Bhai MBBS ৰ দৰেই কেৱল ইয়াত আমি তলত ৷ চিনেমাখনত শিক্ষকজন তলত ৷"
মূৰৰ ওপৰত লাইট জ্বলি আছে ৷ ফেনখনো ফুল স্পীডত চলি আছে ৷ আমাৰ হাল্লাৰ উৎপাতত গোটেই ঠাইখিনি ক্লাচৰূম কম, উজান বজাৰৰ মাছৰ বজাৰখন বেছি যেন লাগিছে ৷ দিৱসহঁতক দেখিলোঁ এবাৰত ৷ একেখন বেঞ্চতে ছয়-সাতটামান বহিছে ৷
মেম এজনী আহিল ৷ আমি থিয় হ'লোঁ ৷ বহিলোঁ ৷ হাল্লাৰ উৎপাতত একো শব্দই পিছলৈ নাহে ৷ সিদিনা ইন্ট্ৰ লোৱা-দিয়া হ'ল ৷ মনত থাকি যোৱা মেমৰ মুখখন ৷ নামটো কৈছিল ৷ হাল্লাতে নুশুনিলোঁ ৷ চাপৰকৈ বগা মানুহজনী,হাঁহিমুখীয়া কপালত ৰঙা টিপ ফোটা লোৱা মেমজনীৰ চিঞৰি চিঞৰি অসহায় হোৱা মুখখন এতিয়াও ভাহি আহে ৷ তেনেকৈ অলপ সময় হাল্লা কম হয়, আকৌ চিঞৰত একো নুশুনা হওঁ ৷ মাজৰ ফালে বহা ল'ৰাকেইটাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনীলৈ কমেণ্ট পাছ কৰা কৰি ৷ এইবোৰৰ মাজতে ক্লাচটো শেষ হ'ল ৷ বেল পৰিল ৷ ওলাই আহিব লওঁতে দিৱসে মোক সৱৰে লগত চিনাকী কৰাই দিলে ৷ পংকজ, চিংৰা(পাছলৈ বঙালী), গুঞ্জন, সত্য আৰু বহুতো ৷
ইফালে লগৰ কেইটা গুচি গ'ল ৷ মই অকলে অকলে কিছুসময় কথা পাতি আকৌ ৰূম নম্বৰ 18 লৈ ঘুৰি আহিলোঁ ৷
মনটো বেয়া লাগিল ৷ অকলে অকলে ক্লাচলৈ আহি আছোঁ ৷ লগৰ বুলিবলৈ কোনো এটা নাই ৷ দিৱসৰ ইমান লগৰ, ইমান বিন্দাচকৈ থাকে ! মোৰহে কোনো এজন চিনাকী নাই ৷ ইমান বছৰে কিয়নো মই গাঁৱত থাকিলোঁ ! এতিয়া দেখোঁ নিজৰ জন্ম হোৱা ঠাইখিনিতে মই অকলশৰীয়া হৈ পৰিলোঁ ! তাতে এইটো কি ষ্ট্ৰীম ল'লোঁ! মুঠতে একমিনিটমানৰ ভিতৰতে এৰি অহা গাঁওখন,স্কুলখন,চাৰ-বাইদেউহঁত-আইতা-মামাহঁতৰ মুখবোৰ মনলৈ আহিব ধৰিলে ৷ তাতেই ভাল আছিল ! পথাৰ আছিল,বোকা আছিল, আকাশ আছিল! লগৰবোৰ আছিল বিন্দাচ ৷ আবেলি খেলিবলৈও কাকো বিচাৰিব লগা নহৈছিল! ইয়াত সকলো বাহ্যিকতাৰে ভৰপূৰ ৷ মই কিয় আহিলোঁ ঘৰলৈ ঘুৰি? কিয় আহিলোঁ কলেজলৈ? ডাঙৰ মানুহ নহওঁ কেতিয়াও! সপোনবোৰ এনেকৈয়ে থাকক৷ নপঢ়ো আৰু! নোৱাৰোঁ মই! হাৰি যাম মই !
(ক্ৰমশঃ)
No comments:
Post a Comment