(প্ৰথম খণ্ড)
ঠিক ক'ৰ পৰা লিখো ধৰিব পৰা নাই ৷ যিহেতুকে মই ডিডিচিৰ প্ৰথম গেটখনৰে এদিনো কলেজত সোমায়ে নাপালোঁ ৷ ছেকেণ্ড গেটখনৰ ছিকিয়ৰিটী গাৰ্ডজনৰ পৰায়ে আৰম্ভ কৰোঁ নে টয়লেটৰ ৱালত লিখা থকা K+P ৰ পৰা আৰম্ভ কৰোঁ!
নে প্ৰথম চকুৱে চকু পৰা চিনিয়ৰ ছোৱালীজনীৰ পৰা কওঁ!
আস্ বাদ দিয়ক ৷
মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাল ৷ কোনোমতে প্ৰথম বিভাগটো পালোঁ ৷ পঢ়াৰ মন আছিল যোৰহাট জেবি ত ৷ ঘৰৰ পৰা নপঠিয়ায় ৷ ৰিজাল্টৰ খবৰ ল'বলৈ অহা আলহীবোৰৰ মুখত ছল্টব্ৰুকৰ কথা ৷ মই হে জানোঁ কোনোমতে ফাৰ্ষ্ট ডিভিজন এটা পাই কেনেকৈনো ছল্টব্ৰুক ৰ টেলেণ্ট ষ্টুডেণ্টবোৰৰ সৈতে চিটটো পাম! বহুতো চিন্তা চৰ্চাৰ শেষত এদিন ৰাতি ঠিৰাং কৰিলোঁ ডুমডুমা কলেজতে পঢ়িম ৷ সৰুৰে পৰা বাহিৰতে থাকিলোঁ এইবাৰৰ পৰা আৰু নাযাও ক'তো ৷ ঘৰতে থাকিম ৷ যাহ্ যি হয় হ'ব ! ঘৰত কথাটো কোৱাত মাহঁতে হাততে সৰগ ঢুকি পোৱাৰ দৰে হ'ল ৷ মনৰ দ্বিতীয়টো আশা মনতে মাৰি পেলালোঁ ৷ প্ৰথম আশা তেতিয়ালৈ এখন ৰেঞ্জাৰ চাইকেলেই আছিল ৷ তাকো ক্লাছ এইটত থাকোতে ৷
এডমিশ্বনৰ দিনা গ'লোঁ আমাৰ ভাড়াঘৰৰ দাদা এজনৰ লগত ৷ কলেজ এখনত জীৱনত প্ৰথমবাৰৰ বাবে সোমাইছোঁ ৷ বিশাল কেম্পাছ ৷ বিশাল অডিট'ৰিয়াম ৷ ডাঙৰ ডাঙৰ ক্লাছৰূমবোৰ ৷ বিশাল এটা লাইব্ৰেৰী ৷ অডিট'ৰিয়ামৰ ভিতৰত হৈ হাল্লা ৷ অসমীয়া-বঙালী-ভোজপুৰী সকলো ভাষা-ভাষীৰ মানুহেৰে অডিট'ৰিয়ামটো ঠাহ খাই আছে ৷ ঠেলা-হেচাঁৰ মাজেৰে গৈ ষ্টেজলৈ উঠিব লৈছোঁ ৷ এনেতে দেখিলোঁ মোৰ ঘৰৰ ওচৰৰ আৰু শৈশৱৰ বন্ধু, হেভী টেলেণ্টেড ছোৱালী লীমা, লগত মাক আৰু দেউতাক ৷ সৰুৰে পৰা তাইক জানোঁ ৷ খুউব কম ল'ৰাৰ লগতহে কথা পাতে ৷ মোকো নামাতিব বুলিয়ে ভাবিছিলোঁ ৷ কিন্তু মোক আচৰিত কৰি সম্ভাষণ সূচক হাঁহি এটা মাৰিলে ৷ সৌজন্যতাৰ খাটিৰত ময়ো হাঁহি এটা মাৰিলোঁ ৷ সেই সময়ত মোৰ হাঁহিটোৱে ঠিক বেঙে হেৰি কৰা গৰুটোৰ দৰে আছিল চাগে ! কিয়নো, মই একো নাজানোঁ ক'ত কি কৰিব লাগে ৷ তাতে আকৌ মোৰ গাৰ্জেন বুলিবলৈ যি আহিছিল বিপুল কাইটি সিও তলত বহি আছে ৷ নাম মাতি আছে এজন এজনকৈ ৷ আগবাঢ়ি আহি আছোঁ লাহে লাহে ৷ এডমিটৰ পৰা মাৰ্কশ্বিট লৈ, এডমিশ্বন ফি ৰ কাগজবোৰৰ পৰা শেষৰ ৰচিদ খনলৈ চাই গৈছে ৷ সকলোৰে চিৰিয়াছ মুখ ৷ তেনেতে দেখিছোঁ এজনী হাঁহিমুখীয়া মেম ৷ মোৰ ফালে চালে ৷
সুধিলে, 'কি খবৰ!' মই আচৰিত ! যথাযথ উত্তৰ দি নামি আহিলোঁ ষ্টেজৰ আনফালেদি ৷ হৈ গ'ল এডমিশ্বন ৷ আহিলোঁ ঘুৰি ঘৰলৈ ৷ এখন নতুন দুনীয়া দেখি আহিলোঁ ৷ অজস্ৰ সপোন লৈ কাহানিও নেদেখা এখন ঠাইৰ পৰা উভটি আহি যেনে অনুভৱ মোৰ তেনেকুৱা অনুভৱ তেতিয়া ৷ ঘৰলৈ আহিয়েই 'ভিচিডি' ত লগাই দিলোঁ আকৌ এবাৰৰ বাবে বাবুদাৰ গান হিট্ হোৱা NK Production ৰ 'লখিমী'খন ৷ বৰষাৰ চৰিত্ৰত অভিনয় কৰা মেঘৰঞ্জনী আৰু গীত অভিনীত প্ৰেম কাহিনী থকা লখিমীখনেৰেই কলেজৰ প্ৰতি এটা ধাৰণা আনিছিলোঁ ৷
কেইদিনমান পিছৰ পৰা ক্লাছ আৰম্ভ হ'ব ৷ ইউনিফৰ্ম চিলোৱাৰ পৰা কিতাপ পত্ৰ অনালৈ দিনবোৰ পাৰ হৈ গৈ আছে ৷ মনটো কিবা এটা উন্মাদনাৰে ভৰি পৰিছে ৷ ইমানদিনে পঢ়ি অহা স্কুলখনলৈ মনত পৰে আঁৰে আঁৰে ৷ একেলগে একেখন বেঞ্চতে পঢ়ি, কাজিয়া কৰি এৰি অহা লগৰবোৰলৈ ফোন কৰোঁ ৷ কোনোবাটোৱে ৰঙিয়া কলেজত চায়েঞ্চ লৈছে, কোনোবাই নলবাৰী শংকৰদেৱ একাডেমী গৈছে, কোনোবাই আকৌ প্ৰেগমেটিক একাডেমী আৰ্টচত এডমিশ্বন লৈছে ৷ মুঠতে সকলোৰে দৌৰা-দৌৰি নিজৰ কেৰিয়াৰ লৈ ৷
এনেকৈয়ে এদিন ক্লাচ ষ্টাৰ্ট হ'ল ৷ নতুন ইউনিফৰ্ম ৷ বগা চাৰ্ট, কলা পেণ্ট ৷ দেউতাৰ চাইকেলখন লৈ মই ওলালোঁ কলেজলৈ বুলি ৷ স্কুলত নিয়াৰ দৰে ফিজিক্স,কেমিষ্ট্ৰি,মেথচ্,ইংলিছ ৰ কিতাপবোৰ নতুনকৈ কিনা বেগটোত সুমুৱাই লৈ গ'লোঁ বুৰ্বকৰ দৰে ৷ কিবা এটা লাজ, অলপ ভয় ভয়কৈ চাইকেলখন চলাই গৈ আমাৰ বাইলেনটো পাৰ কৰি মেইন ৰাস্তাটো ওলালোঁ ৷ এতিয়া দেখোন আৰু বেছিকৈহে ভয় লাগিব ধৰিলে ৷ কোনোমতে বজাৰখন পাৰ হৈ হাইৱে পালোহি ৷ দুয়োফালে চাহ-বাগান ৷ সেউজীয়াৰ যেন এখন দলিছাহে পাৰি থৈছে ৷ ভয়টো অলপ কমিল ৷ দুয়োফালে চাই চাই বিছাকপি ফেক্টৰীটো কেতিয়ানো পাৰ হ'লো গমকেই নাপালোঁ ৷ তাৰ মাজতে দিৱসহঁতৰ কোৱাৰ্টাৰটো দেখি দূৰৰ পৰাই চালোঁ ৷ বাটত কাকো নেদেখি সি আগতেই কলেজলৈ গ'ল বুলি অনুমান কৰি লৈ মই গৈ থাকিলোঁ ৷ কিছুদূৰ আগুৱাই দেখিলোঁ সিফালৰ পৰা তিনিচুকীয়া অভিমুখী পেচেঞ্জাৰ ট্ৰেইনখন পাৰ হৈ গ'ল ৷ গম পালোঁ সেয়া ন বজাৰ সংকেত ৷ ইফালে ফাৰ্ষ্ট ক্লাছ ন বাজি দহ মিনিটৰ পৰা ৷ চাইকেলৰ স্পীড বাঢ়িল ৷ কোনোমতে গৈ ন বাজি পাঁচ মিনিটত পালোঁগৈ ৷ চাইকেল ষ্টেণ্ডত দৌৰা-দৌৰিকৈ চাইকেলখন ষ্টেণ্ড কৰি ক্লাচৰ ফালে দৌৰিলোঁ ৷ কিন্তু…
ক্লাচ ক'ত হ'ব!!!
(ক্ৰমশঃ)
No comments:
Post a Comment