সন্ধিয়াৰ সময় ৷ আকাশত জোনবাইজনী অকলে বহি আছে ৷ লগৰ দুজনৰ সৈতে চাদৰ ওপৰলৈ গৈ বিশাল চাদখনৰ এটা ফালে থকা পানী টেংকিটোৰ কাষত থিয় হ'লোঁ ৷ উদ্দেশ্য এটাই, দিনটোৰ কষ্ট-ভাগৰখিনি উদযাপন কৰা ৷ লাহেকৈ তিনিওজনে বহি ল'লোঁ ঘূৰণীয়াকৈ ৷ ঠিক তেনেতে আমাৰ পিছফালৰ পৰা সেয়া Air Force Station ৰ পৰা গো গো কৈ আকাশলৈ উৰা মাৰে এখন ছুখয় বিমান ৷ আমি তিনিওটা চাই ৰওঁ ৷
ঘপহকৈ মই কৈ দিওঁ, "সেয়া সিহঁত এতিয়া জাজীমুখৰ পৰা ঘুৰি গুৱাহাটী ৰ পৰা ফুৰি আহি আকৌ Tezpur GIMT ৰ ওপৰেৰে 45° এংগলত নামি লেণ্ড কৰিব, ন?"
লগৰ এজনে কয়,"না, আজি জাজীমুখ নাযায়৷ মই কৈছোঁ বোলো বহুদিন হ'লতো বৰষুণৰ বাবে চলোৱা নাই ৷ আজি যা তহঁতে অলপ ইঞ্জিনটো গৰম কৰি ৰাখিবৰ বাবে চলাই আহগৈ ৷"
মই আকাশৰ ফালে চাই থাকিয়ে আকৌ সোধোঁ, "ৰকেট আৰু এৰোপ্লেনৰ জমনিটো জাননে?"
মই কৈ যাওঁ ৰকেট-এৰোপ্লেনৰ কথোপকথন ৷ এবাৰ HS ত পঢ়ি থাকোতে নিউটনৰ তৃতীয় গতিসূত্ৰটোৰ কথা পঢ়াই থাকোতে এই কথাটোৰ বাবে মই যে গালিও খাইছিলোঁ তাকো ক'লোঁ ৷ আমি নিজৰ কথাত মছগুল হৈ থাকোতেই দুই নম্বৰ যুদ্ধবিমান এখন আকৌ ওপৰলৈ উঠিল ৷
লগৰজনে আকৌ ক'লে,"মই ইয়াক কৈছোঁ সি দেখোন তেতিয়াই গ'ল ঘুৰি আহি পোৱা নাই, যা তাক বিচাৰি চাই আহ তই ৷ মোৰ কিমান টেনচন ৷ পুৱা অফিচৰ টেনচন ৷ গৈধলা হ'লি এন্ধোক লৈ টেনচন ৷ কিমান আৰ্ টেনচন ল'ম!"
কথাবোৰ যেন সচাঁ সচাঁ লাগে ৷ অনুভৱ কৰি কৰি আকৌ ক'লা আকাশখনলৈ চালোঁ ৷ ৱান ৱে হাইৱেটোত গাড়ীবোৰ এখন এখনকৈ পাৰ হৈ গৈ আছে ৷ অইনজনে ক'লে," কি আচৰিত ন! কাৰো ৰ'বৰ সময় নাই ৷ সকলোৱে দৌৰিয়ে আছে, দৌৰিয়ে আছে ৷"
অনুভৱ কৰিলোঁ, কোনোবাই যেন কাণৰ কাষত আকৌ মোক কৈছে, 'ভাগ ভাই ভাগ' ৷ এৰা জীৱনটো এনেকুৱাই ৷
আনজনে আকৌ আৰম্ভ কৰিলে, "হয় দে! সিহঁতো পুৱাই উঠি দৌৰে, দিনডাল মস্ত মস্ত ওজনৰ বন্দুককেইটা ওলমাই ডিউটি কৰে, গধূলি আকৌ আহি ছুখই লৈ ফুৰিব যায়, তাৰ পৰা আহি ৰামৰ পেগ এটা এটা লৈ ডিনাৰ কৰি শুই যায় চাগে ! কি মস্তি লাইফ বে!!!"
ঘপহকৈ দূৰৈৰ পৰা এচমকা পোহৰ আহে ৷ লগৰ জনে চিঞৰি উঠে,"এটা ঘুৰি আহিল, যাক বিছেৰি পঠেইছলোঁ সি নাই দেখোন! মই কিমান নো ক'ম এ! নিজৰে বাইকত ভৰাবা তেল নাথকে, এন্ধোক আৰ কিমাননো ছুখয় ঘুৰাবা দেওঁ বাপাহাৰে ৷"
আমি হাঁহি দিওঁ সকলোৱে ৷
আড্ডাবোৰ জমি উঠে ৷ হাঁহি-সুখ-দুখ-কষ্টবোৰৰ ভাগবাটোৱাৰা হয় ৷ হেৰোৱা প্ৰতিটো দিনেই এবাৰ এবাৰ সুৱৰিছোঁ ৷ সৰু থাকোতে কোনে কিমান উৎপাত কৰিলোঁ, কেতিয়া কাক ভাল পাই থাকোতে কোনে বেলেগক ভাল পাইছিল, কিমান কি কি সৰু সৰু কথাৰ বাবে কাৰোবাক ভাল লগাবোৰ মূহুৰ্ততে বেয়া লগা হৈ যাব পাৰে সকলোবোৰ কথাই আমাৰ আড্ডাত প্ৰাণ পাই উঠিছে ৷
ইফালে আকৌ এখন যুদ্ধবিমানে আকাশলৈ চো লৈছে ৷ আমি সকলো এৰি আকাশলৈ চাব ধৰিলোঁ ৷ দুচকুত অলীক স্বপ্ন ৷ কিবাকৈ এবাৰ এদিন আমিও যদি এইখনত ঘুৰিব পাৰিলোঁহেঁতেন!!! এন্ধাৰত তিনিওজনৰে চকুকেইটা উজলি উঠিছে ৷
বেলি উঠাৰ লগেই দৌৰ দিছোঁ জীৱন অভিমুখী সময়ৰ বোকোচাত উঠি বাস্তৱৰ স'তে ৷ মাজে মাজে কিছু জিৰণি ৷ কোনো কোনো সময়ত সহবাস সতীৰ্থৰ স'তে ৷ জীৱনৰ বিয়লি বেলাত মনত পেলাব পৰাকৈ এসোপামান স্মৃতি বুটলিছোঁ ৷ আৰু কি লাগেনো!!!!
-কিয়? এটা চৰকাৰী চাকৰি???
জীৱনৰ চৰম সত্যটো সেয়াই চাগে ৷ তাতেই আমিবোৰ সীমাবদ্ধ নহয় জানোঁ!
No comments:
Post a Comment