Monday, 31 August 2015

সময়

তোমাক লগ পোৱাৰ সময় মোৰ আছিল,
তোমাক হেৰোৱাৰ সময় খিনিও মোৰ আছিল,
সিদিনা দুপৰীয়াটোৱে তোমাক মোৰ কৰিছিল,
মোৰ জীৱনৰ বেলিটো যেন পূবতেই উদয় হৈ পূবতেই  মাৰ গৈছিল,

আকৌ সেই নিশাটো যে
যি তোমাক মোৰ পৰা কাঢ়ি নিছিল,
সিও মোৰ আপোন হৈছিল,
গভীৰ হোৱা আমাৰ সপোনবোৰৰ সাক্ষীও এই সময়বোৰ আছিল,
আজি নাই সেই সময়
কাৰণ তুমিও মোৰ লগত নাই।

~অন্তৰা শইকীয়া ~

No comments:

Post a Comment