Wednesday, 26 August 2015

মনমিতা গৌতম ফেক আই ডি ভাৰ্ছন ২.৬

"মোক তুমি পাহৰি যোৱা প্লীজ, মই নোৱাৰোঁ আৰু ৷ তুমি মোক বেয়া নাপাবা ৷ মোৰ মাৰ হাৰ্টৰ প্ৰবলেম,দেউতাৰ হাই বিপি ৷ মই কোনফালে চাম কোৱা ৷ এইটো লাইফত মই তোমাৰ হ'ব নোৱাৰিলোঁ ৷ এম ছ'ৰি ... "
কিছুসময় নিৰৱতা ৷ সতী ৰাধিকা উদ্যানত গধুলিটো সংগোপনে যেন নামি আহিছিল ৷ প্ৰেমৰ বিষবাষ্প কঢ়িয়াই ইমানদিনে যেন মই পূৰঠ হৈ পৰিছিলোঁ ৷ নিজৰ মনটোক বুজাই লৈ মই উত্তৰ দিবলৈ ট্ৰাই কৰিলোঁ-"কষ্ট হ'লেও মই নিজক ৰাখিব পাৰিম অকলশৰে ৷ তুমি দুখ পালে মোৰ ভাল নালাগিব ৷ তুমি সুখী হোৱাটোৱেই মই বিচাৰোঁ৷"
চকুপানীবোৰ বুকুৰ কোনো এচুকত হেচুকি ৰাখি মই আঁতৰি আহিলোঁ৷ তাৰ বাহিৰে মই একো কৰিব নোৱাৰোঁ ৷ কাৰণ মই ভালদৰে বুজি উঠিছিলোঁ মনমিতা আৰু মোৰ হৈ থকা নাছিল ৷ তাইৰ প্ৰতিটো কথাতে মিছাৰ গোন্ধ এটা ভাহি আহিছিল বহু আগতেই ৷ যেতিয়া নিশাবোৰ তাইৰ কাৰনে ৰঙীন হৈ পৰিছিল, কোনোবা বেলেগ সপোন কোঁৱৰ তাইৰ স্বপ্নময় দুচকুত অাহিছিল অথবা ৩৪৯ টকাৰ আনলিমিটেড ফ্ৰীৰে বেলেঞ্চৰ উভনদী হৈছিল ৷ কাৰোবাৰ উপৰুৱা টকাৰে বেংক বেলেঞ্চ ভৰি পৰিছিল ৷ মই ঠিকেই বুজিছিলোঁ, কিন্তু কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ ৷ এনেকৈয়ে দিনবোৰ বাগৰি নিশা হৈছিল ৷ মোৰ বাবে যদিও নিশাবোৰ এটা এটা দীঘল হুমুনিয়াহ হৈ বাগৰ সলাইছিল, তথাপিও মই আশা এৰি দিয়া নাছিলোঁ ৷ নিজৰ ভালপোৱাৰ ওপৰত থকা বিশ্বাসে সেই আশাবোৰৰ ৰেঙনি দেখুৱাই প্ৰত্যেকদিনাই যেন নতুন পুৱা এটালৈ সলনি কৰিছিল ৷ কিন্তু, সকলোবোৰ জানো বিচৰামতে ভগৱানে দিয়ে? ঠিক মোৰো একে দশা ৷ অৱশেষত সেই বিশেষ দিনটো আহিল ৷ সিদিনা তাই সমাজে জনাকৈ আনৰ হৈ পৰিছিল ৷ আৰু মই?

নিস্তব্ধতা,কেৱল নিস্তব্ধতা, ফুটপাথৰ কোলাহলৰ মাজত মই বিচাৰিছিলোঁ নিস্তব্ধতা ৷ মোৰ ভাড়াঘৰৰ ভিতৰত বিছাৰিছিলোঁ মৌনতাৰ মাজত কোলাহল ৷ যেন হেজাৰটা জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক তাল-অাফাল কৰি পেলাই ৷ এনে লাগিছিল বৰষুণবোৰ হেৰাই যাওক মোৰ চোতালৰ পৰা ৷ নিশাবোৰ মাতাল হওঁক মোৰ বাবে, জোনাকী পৰুৱাবোৰ যাতে দুনাই নাহে মোৰ প্ৰিয় নদীৰ পাৰলৈ ৷ কেতিয়াবা এনে লাগিছিল নদীৰ বুকুতেই হেৰাই যোৱা কবিতাবোৰ বিচাৰি চলাথ কৰিম ৷ কিন্তু সকলোবোৰে মোক ভেঙুচালি কৰিব ধৰিলে ৷ অৱশেষত মই নিস্তব্ধতাক সংগী কৰি লৈ বেলেগ এটা জীৱনলৈ ঢাপলি মেলিলোঁ ৷ মই জানোঁ নাপাই হেৰুৱাতকৈ পাই হেৰুৱাৰ যন্ত্ৰনা অথবা সৰাপাত বুটলি এআকাশ ঠিকনা বিচাৰি ৰৈ থকাৰ বেদনা ৷ প্ৰেমত সৰ্বোচ্চ উজাৰি দিয়াৰ পাছত সকলো হেৰুৱাই কোঙা হৈও অৱশেষত জীৱনৰ ৰঙবোৰ ঘুৰাই পোৱাৰ মাদকতা কি মই বুজোঁ ৷ মই বুজি পাঁও সচাঁকৈ ভালপোৱাবোৰ হেৰোৱাৰ পাছত অহা ছুনামিজাকৰ কথা আৰু বুজোঁ দিক্ হেৰুৱা পখীৰ আৰ্তনাদৰ বিভীষিকাৰ বেথা ৷ সুখ-দুখ,হাঁহি-কান্দোন,মান-অভিমানৰ মাজত জীৱনে যেতিয়া পূৰ্ণতা পায় জীৱনটো ৰঙীন হ'ব ধৰে ৷ ৰঙীন পানীয়ত নোপোৱা সোৱাদ যেতিয়া মোহনীয় হয়, বুজিব বিজয় আপোনাৰেই ৷

No comments:

Post a Comment