Friday, 28 August 2015

ৰং জীৱনৰ ভাৰ্চন ৪.১

"এই পাঞ্জাবাৰী পাঞ্জাবাৰী...." চিঞৰটো শুনাৰ লগে লগেই
নাৰেংগীৰ চিটিবাছখনৰ পৰা দৌৰাদৌৰিকৈ নামি আহি চিটটো দখল কৰি বহি দিলে আকাশে ৷ চকু দুটা মুদি দীঘলকৈ উশাহটো টানি ল'লে ৷ যেন দিনটোৰ ভাগৰবোৰ নোহোৱা হৈ গ'ল ৷ আজিকালি সন্ধিয়াটো তাৰ তেনেকৈয়ে পাৰ হয় ৷ প্ৰতিটো পুৱাই চাৰিওফালৰ ব্যস্ততাবোৰ গালে মুখে সানি লৈ চাৰি বজাতেই সি ঢপলিয়াই তাৰ কৰ্মক্ষেত্ৰ অভিমুখে ৷

সেয়া আকাশ.. মুখত সদায় এমোকোৰা হাঁহি ৷ হেজাৰ ব্যস্ততাৰ মাজতো হাঁহিটোৰেই জীয়াই থাকিবলৈ পণ লোৱা আকাশৰ লাইফ ষ্টাইল আনতকৈ কিছু বেলেগ ৷ কিবা এটা সপোন লৈ মায়ানগৰীলৈ অহা আকাশৰ প্ৰায় চাৰিবছৰেই হ'ল ৷ যোৱা চাৰিটাবছৰত সি বহুতো মানুহ লগ পাইছে ৷ সাহিত্য-সাংস্কৃতিক জগতৰ পৰা আৰম্ভ কৰি বহুতো ব্যৱসায়ী-চাকৰিয়ালক সি লগ পাইছে ৷ মনৰ ভাৱ শ্বেয়াৰ কৰিছে ৷ মহানগৰীৰ এখন আগশাৰীৰ কলেজৰ পৰা সন্মানসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱা আকাশৰ মন কিন্তু সাহিত্যতহে ৷ কেৱল সাহিত্য বুলিয়েই নহয়,সাংস্কৃতিক জগতখনো বহুত ভাল পায় ৷ কিন্তু দাতাই দিলেও যেন বিধাতাই নিদিয়ে ৷ সৰুৰে পৰা গল্প,উপন্যাস পঢ়ি ভালপোৱা আকাশৰ ডাঙৰ হ'লে যোৰহাটৰ জে বি কলেজত আৰ্টচ পঢ়াৰ ইচ্ছা আছিল ৷ কিন্তু সময় আৰু বাস্তৱে তাক সেয়া হোৱাটো নিবিচাৰিলে ৷ যাৰ বাবে সি বিজ্ঞানতে নামভৰ্তি কৰি জীৱনৰ ফাৰ্ষ্ট টাৰ্ন সলনি কৰিব লগা হৈছিল ৷ সিমান ভাল এটা ৰিজাল্ট কৰিব নোৱাৰিলেও ফাৰ্ষ্ট ডিভিজন পাই সি তাৰ একান্তই ব্যক্তিগত সপোন এটাৰ পিচে পিচে গুৱাহাটী মহানগৰলৈ ঢাপলি মেলিছিল ৷ সেয়া আছিল চাৰিবছৰ আগৰ কথা ৷ ক্লাচ এইটত থাকোতে ব্যাখ্যা লিখিবলৈ টান পোৱা আকাশে এদিন শব্দৰ প্ৰেমত পৰিছিল ক'বনোৱাৰাকৈ ৷ প্ৰায়ে নিশা শব্দবোৰে যেন সপোন হৈ আহে ৷ কেমিষ্ট্ৰী, মেথচৰ বহীৰ মাজত বা প্ৰেকটিকেল নোটবুকৰ মাজত বন্ধুবোৰে উদ্ধাৰ কৰা শব্দবোৰ কবিতা হিচাপে চিহ্নিত হৈছিল ৷ সেয়াই আৰম্ভনি ৷ তাৰ কবিতাবোৰো মানুহে পঢ়িবলৈ লৈছিল আৰু ভাল হোৱা বুলি ক'লে মনত বৰ ফুৰ্তি পাইছিল সি ৷ তাৰবাবেই সেয়াই যথেষ্ট আছিল ৷ লাহে লাহে সৰু-সুৰা আলোচনীত কেতিয়াবা কিবা-কিবি কবিতা প্ৰকাশো হ'বলৈ লৈছিল ৷ দিনবোৰ বৰ আনন্দৰ আৰু সুখৰ আছিল তাৰবাবে ৷

হঠাৎ যেন এজাক বতাহ বলিল ৷ সুখৰ দিনবোৰো ক'ৰবাত যেন হেৰাই যোৱাৰ উপক্ৰম হ'ল ৷ জীৱনৰ বতাহত আকাশ কোনোমতেহে নপৰাকৈ ৰ'ল ৷ বতাহজাকে যেন বহু কিবাকিবিয়েই কৈ থৈ গ'ল আকাশক ৷ সলনি হ'ল সময়,লগতে সলনি হ'ল আকাশৰ লাইফ ষ্টাইলো ৷ আগতে পুৱা দেৰীকৈ সাৰ পোৱা অাকাশে এতিয়া বিচনাত বাগৰে মাত্ৰ চাৰি ঘণ্টা ৷ এটা সময়ত ঘৰত চচপেনত বনোৱা ভাত খাই বেয়া পোৱা আকাশ এতিয়া কোনোবাদিন অফিচত লাঞ্চ কৰিবলৈও সময় নোপোৱা হয় ৷

আজিও একে দশা ৷ দিনটো কামৰ হেচাঁত পাহৰি থাকিল লাঞ্চ কৰিবলৈ ৷ চাৰে পাঁচ বজাতহে তাৰ পেটে কলমলাবলৈ আৰম্ভ কৰিলে ৷ বুকুখন জ্বলা পোৰা কৰা যেন পাই পানী অকন গিলি থৈ পুনৰ মগ্ন হ'ল কামত ৷

এতি়য়া সি ব্যস্ততাবোৰ গালে মুখে সানি পুৰনি বতাহজাক পাহৰিবলৈ চেষ্টা কৰে ৷ আজিকালি নিশাবোৰ সি দিনৰ দৰেই ব্যৱহাৰ কৰে ৷ নিশা দুই বজাতো সি শব্দৰ প্ৰেমত পৰিব খোজে,কিন্তু শব্দবোৰ যেন তাৰ কাষলৈ আহিবই নোখোজে ৷ দুৰতে বিদূৰ হ'ব খোজে তাক দেখি ৷ জালুকবাৰীখনো যেন কিবা সেৰেঙা হৈ থাকে সি আহিলে ৷ সি প্ৰাচীৰ হ'ব নোখোজে কাৰো ৷ সেয়ে জালুকবাৰীত সি নৰয় অথবা ৬ নম্বৰ চিটিবাচত সি নুঠে ৷

(আগলৈ)

No comments:

Post a Comment