Monday, 31 August 2015

ৰং জীৱনৰ,ভাৰ্চন ৪.৩

ৰক্তিম,চৌবিশ বছৰীয়া এজন গান গাই ভালপোৱা ল'ৰা ৷ সাতবছৰ পূৰ্বে মেট্ৰিকত এটা ভাল ৰিজাল্ট লৈ এখন ব্যক্তিগত জুনিয়ৰ কলেজত নাম লগাইছিল ৷ তাতো দক্ষতাৰে উত্তীৰ্ণ হৈ ইঞ্জিনিয়াৰিং কলেজত চিট দখল কৰি জীৱনটো সজোৱাৰ পৰিকল্পনা কৰিছিল ৷ ইঞ্জিনিয়াৰিং কলেজতে তাৰ জীৱনত প্ৰেমৰ বসন্তৰ আগমন ঘটিছিল ৷ নিজতকৈও বেছি ভালপোৱা সপোনকুঁৱৰীজনীৰ হৃদয়ত মনটো এৰি দিছিলগৈ ৷ তেনেকৈয়ে এদিন সি বি ই,এম্ টেক শেষ কৰি এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিব লৈছে ৷ পিতৃ মাতৃৰ একমাত্ৰ সন্তান হিচাপে তাৰ কৰণীয়খিনিত ক'তো ক্ৰুটি কৰা নাই আজিলৈকে ৷ এজন ভাল মানুহ হোৱাৰ প্ৰতিটো গুনেই তাৰ গাত বিৰাজমান ৷ সন্ধিয়াৰ আন্ধাৰ পোহৰৰ সময়খিনি ৰক্তিমে বৰ ভাল পায় ৷ সকলোবোৰ পোৱাৰ পাছতো কিবা এটা যেন বিচাৰি সি প্ৰতি সন্ধিয়া ফুটপাথত খোজ পেলায় ৷ বৰষুণত তিতি ভালপোৱা ল'ৰাটোৱে আকৌ এবাৰ প্ৰেমত পৰিব খোজে কেতিয়াবা ৷ কোনোদিন বৰষুণত ছাতি ব্যৱহাৰ কৰি নোপোৱা ৰক্তিম কিন্তু প্ৰেকটিকেল নহয় ৷ কেতিয়াবা গিটাৰৰ ষ্ট্ৰিঙত হাতখন থৈ নিশাবোৰ মায়াবী কৰি লয় মাজে সময়ে ৷ প্ৰায়ে নিশা দেৰিকৈ শুই পুৱা দেৰিকৈ উঠাৰ স্বভাৱ আছিল কিছুদিন আগলৈ ৷ কিন্তু সময়ে কেতিয়া কোনফালে টাৰ্ণ লয় কোনে জানে! কালিলৈকে বিচনা পাৰিব নজনা ল'ৰাটো সলনি হ'ল কিছু ৷

'দেশৰ ৰাজনীতিত হোৱা পৰিবৰ্তনৰ দৰে মানুহকো পৰিবৰ্তন লাগে ৷ আমি মানুহবোৰে মাথোঁ পৰিবৰ্তনলৈ ভয় কৰোঁ বাবেহে পটকৈ পৰিবৰ্তন নিবিচাৰোঁ -' এই মতাদৰ্শ লৈ জীয়াবলৈ লৈছে  আজিকালি সি ৷ এৰা সেয়াও এক পৰিবৰ্তন নহয় জানো! পৰিবৰ্তনবোৰ ভাল দেখিলে ভাল লাগে ৷ কিন্তু যেতিয়া পৰিবৰ্তনবোৰত বেলেগ এটা পৰিবৰ্তনৰ গোন্ধ পোৱা যায় প্ৰিয়জনৰ মনতো কিছু পৰিমাণে দুখ বিয়পে ৷

ৰক্তিম সম্ভৱত প্ৰয়োজনীয় সুখতে জীয়াই আছিল ৷ কিছুদিন অাগৰেপৰা সি যেন সলনি হৈছে ৷ কথাটো বাকীকেইজনেও গম পাইছে ৷ কিন্তু একো নোকোৱাকৈ ৰৈ গৈছে ৷ হয়তো সকলোবোৰ সময়ৰ ওপৰত এৰি দিবলৈ চেষ্টা কৰিছে ৷ কিন্তু কণা বিধাতাই জানো সকলোকে সমানে চাব পাৰে?

দিনটোৰ ব্যস্ততাবোৰ ফালি ৰক্তিম যেতিয়া ঘৰটোলৈ উভতি আহে মুখত ক্লান্তিৰ চাপ বিৰাজমান ৷ প্ৰথম দুদিনমান কোনেও লক্ষ্য কৰা নাছিল কথাটো ৷ কিমানদিননো লুকুৱাই ৰাখিব উমি উমি জ্বলা জুইকুৰা ৷ খঙৰ ভমকত উমি উমি জ্বলা জুইকুৰাই কেতিয়াবা যে এনে ভয়ংকৰ ৰূপ ল'ব কোনেও কল্পনাই কৰা নাছিল ৷ হঠাৎ জীৱনলৈ পৰিবৰ্তন আহিল ৷ মুক্ত আকাশখন সি ক্ৰমান্বয়ে বেয়া পোৱা হ'ল ৷ বৰষুণজাকো তাৰ ভাল নলগা হ'ল ৷ কিন্তু এই আচৰণৰ কাৰণ কি?

এৰা, যিবোৰ আপোনাৰ ওচৰত সদায় পোৱা যায় তাৰ মূল্য আপুনি জানো বুজি পাব? তাৰো একেই অৱস্থা ৷ নোৱাৰিলে সি ৷ ভালপোৱা যেতিয়া অন্ধ হয় কি হয় তেতিয়া জানেনে? সিও অন্ধ হৈ পৰিল ৷ প্ৰেমসাগৰৰ পাৰাপাৰহীন সাগৰত সাঁতুৰি কেতিয়াও নাভাগৰা ৰক্তিমৰ কি হ'ব???

(উত্তৰলৈ অপেক্ষা কৰক ৷ অহা খণ্ডলৈ)

No comments:

Post a Comment