(৩১ জুলাই বিশেষ)
গান এটাৰ কামত ষ্টুডিঅ ত আছিলোঁ ৷ এটা কম্পন অনুভৱ কৰিলোঁ ৷ দেখিলোঁ মেচেজ, মোৰ একাউণ্টত ৩০০০ টকা ডিপোজিত হৈছে ৷ মই আচৰিত ৷ অাচৰিত নহ'মেই বা কিয়? আপুনিয়ে কওঁকচোন, যি দেউতাই মোক অলপ বেছিকৈ যাব বুলি মোক দেখুৱাই নোটকেইখন দহবাৰ গণি দিয়ে ৷ সেই একেজন মানুহে কোনটো সতে বাৰু ১০০০ টকাৰ সলনি ৩০০০ টকা পঠিয়াব ! ভাবিলোঁ, কিজানি কিবা দৰকাৰত পঠিয়াবও পাৰে ৷ কথাটো ভাবি চেলফ'নটো পকেটত ৰাখিব পালোঁ কি নাই, "চাৰ বটল ভদকা"বুলি চেল'টোৱে মাতিব ধৰিলে ৷ স্ক্ৰীণত ভাহি আহিল মনমিতাৰ নামটো ৷ ৰিচিভ কৰিলোঁ,
-কোৱা
-তোমাৰ একাউন্টত জাষ্ট 3000/ ডিপোজিত হৈছে মোক হোষ্টেলৰ তলত আহি দি দিবা হা ৷
-তোমাক কিয়?
-মোক দিছে ৷
-কোনে?
-সি ৷
-ক'ৰ পৰা?
-বেংলোৰ ৷
-কিন্তু মোৰ তাত কিয়? কেনেকৈ?
-এদিন যে একাউন্ট নাম্বাৰটো খুজিছিলোঁ মনত আছে? এহ্ বাদ দিয়া ৷ মোক উলিয়াই দিবাহি ৷
ঘটুলং কৈ শব্দ কৰি ফ'নটো কাট খাই গ'ল ৷ কথাখিনিয়ে বিৰক্ত কৰিব ধৰিলে ৷ নিজৰ ওপৰত কিবা ঘিন লাগিব ধৰিলে হঠাৎ ৷ কি কৰোঁ ৷ মূৰটোত একো সোমোৱা নাই ৷ বেকগ্ৰাউণ্ডত গীটাৰত টিউনিং হৈ আছে নতুনকৈ লিখা মোৰ এটা গান "জ্বলিছে হিয়া জ্বলিব দিয়া"৷
বিদ্যুতক লগত লৈ ওলাই আহিলোঁ ৷ এ.টি.এম ত গৈ টকাকেইটা উলিয়াই লৈ মিচ মনমিতালৈ কল বেক কৰিলোঁ ৷ টোপনিতে নে মোক শুনোৱাই সুধিলে,"কালি চেল' এটা কিনিব যাম ৷ তুমি গুৱাহাটী অাহা ৷"
মই-'গুৱাহাটী নহয়,হোষ্টেলৰ তলত আছোঁ,টকা লৈ যা ৷'
কিছুপৰ টোপ দিয়াৰ পাচত,
মই- 'লোৱা তোমাৰ টকা,কিন্তু এটা কথা মনত ৰাখিবা যাতে নেক্সট টাইম বেংলোৰ-পুনেৰ পৰা মোৰ একাউন্টত টকা নোসোমায় ৷'
তাই- 'থেংকচ'
টান মাৰি গেটখন বন্ধ কৰি ল'লে ৷ ওলাই আহি গ'ল্ডফ্লেকটো জ্বলাই ল'লোঁ ৷ পাই হেৰুৱাৰ দুখত ধোঁৱাবোৰ সোনকালেই এৰিছোঁ ৷ ক'ব নোৱাৰাকৈ ফোপাইছোঁ ৷ কি কৰিছোঁ নাজানোঁ ৷ হঠাৎ মনমিতাৰ ৰূমমেটক পালোঁ ৷ চিগাৰেটটো দলিয়াই তাইক লগ কৰিলোঁ৷
যিহেতু মই মনমিতাক একো ক'ব নোৱাৰোঁৱেই সমুখত থাকিলে,গতিকে ভাবিলোঁ সুবিধাটো এৰি দিব নোৱাৰি ৷ তাইক মানে মনমিতাৰ বান্ধৱীজনীকেই সকলো ক্ষোভ উজাৰিলোঁ ৷ বিনিময়ত বান্ধৱীৰ পৰা উভতি অহাৰ পৰত বাটতে অপেক্ষাৰত ফ'নক'লটো পালোঁ ৷ সিটো মূৰৰ পৰা চিঞৰি অাহিল, 'যদি দম আছে মোক ক' ৷ কিয় আমাৰ ভিতৰৰ কথাত বেলেগক টানিছ? '
মই-'নামি আহ তললৈ ৷ ময়ো কোন হয় গম পাবি আহ ৷' ফ'নটো কাট খাই গ'ল ৷ হোৱাটচ এপত মেচেজৰ ওপৰত মেচেজ ৷
অাকৌ কামৰূপ একাডেমীৰ কাষৰ সেই বিশেষ গাৰ্লচ হোষ্টেলটোৰ ফালে দিশ সলনি কৰিলোঁ ৷ পাচে যি দেখিলোঁ মইটো সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ ৷ আঠুৰ ওপৰত পৰাকৈ এটা চুটি ফ্ৰক ৷ জ্বলা জুইত কেৰাচিন ঢলা হেন খং ৷ (বুজিছেই চাগে আমাৰ দৰে বোৰ বেকাৰ মাতাল প্ৰেমিকবোৰে ঘি ঢলা কথাটো ভাবিবই নোৱাৰোঁ,যিহে দাম) যা হওঁক, মনমিতা-মোৰ বিভিন্ন তৰ্ক বিতৰ্কৰ অন্ত পৰালৈ ফুটপাথত মানুহৰ সৰু-সুৰা জাম লগাৰ দৰে পৰিস্থিতি হওঁ হওঁ ৷ ইফালে বিদ্যুতৰ অৱস্থা তথৈবচ ৷ অৱশেষত নিজেই আঁতৰি আহিলোঁ ৷ পিছফালৰ পৰা তাইৰ এটাই চিঞৰ ভাহি আহিল-"কাপুৰুষ" ৷ চিঞৰটোৱে আহি বুকুৰ কোনো এচুকত বাহ বান্ধিব ধৰিলে মোৰ অজানিতে ৷ শেষ হৈ গ'ল চাৰিটা বছৰৰ ৰোমাণ্টিক কিছু কল্পনা,কিছু সপোন ৷ সংগোপনে ৰৈ গ'ল কাৰোবাৰ শিৰৰ ৰঙা দাগ, কাৰোবাৰ হাতত প্ৰেমৰ নটা চিলাই আৰু বহুতো ৷
সময়ৰ বালিত খোজ মিলাই এদিন সকলোবোৰ যেন হেৰাই গ'ল ফুটপাথৰ মেনহোলৰ ভিতৰলৈ ৷ ক্ৰমাত গভীৰৰ পৰা গভীৰতৰলৈ ৷ মনমিতাও নতুন জীৱন অাৰম্ভ কৰিলে পুনে নে বেংলোৰৰ প্ৰতিভাৱান ভাগ্যৱানৰ লগত ৷ আৰু কেইটিমান মূহুৰ্তৰ ভিতৰত মেৰেজ এনিভাৰ্চেৰী ৷
(এৰা... যোৱা এটা বছৰৰ ভিতৰত বহুখিনিয়ে সলনি হ'ল ৷ কোনোবাই উচ্চশিক্ষাৰ্থে বাহিৰলৈ গ'ল ৷ কোনোবাই ভাল কোম্পেনীত জব পালে ৷ কাৰোবাৰ বিয়া হ'ল ৷ কোনোবাই চৰকাৰী চাকৰি পালে ৷ কোনোবাই হয়তো চুইচাইডো কৰিলে ৷ যোৱা তিনি-চাৰিটা বছৰত পোৱা বহু অভিজ্ঞতা লৈ ময়ো টুক্ টাক্ কৈ কিবা কিবি কৰি জীয়াই আছোঁ ৷ অৱশ্য জনাসকলে মোক জানে ৷ কিন্তু বহু নজনা বন্ধু বান্ধৱীক ভাৰ্চুৱেল দুনীয়াখনত লগ পালোঁ ৷ মনমিতা গৌতম ফেক আই ডি চিৰিজৰ জৰিয়তে মই যাক লগ পাইছোঁ তেওঁসৱক মই এটা কথা ক'ব খোজোঁ, অাপোনালোকে বহুতেই মোক প্ৰশ্ন কৰে যে এই কাহিনী মোৰ নিজা কাহিনী নেকি?
উত্তৰ: এয়া কেৱল মোৰ কাহিনী নহয় ৷ এয়া আমাৰ মাজতে সঘনে ঘটি থকা কাহিনী ৷ যাক আমি উপলুঙা কৰি পাহৰাই ৰাখিব খোজোঁ ৷ কিন্তু উপলব্ধি কৰোঁতে বহু পলম হৈ যায় ৷ যিহেতু জীৱনটোত সময় খুবেই তাকৰ গতিকে সিদ্ধান্তবোৰ সঠিক সময়ত লোৱাটো উচিত ৷ এইবোৰ ঘটনা প্ৰত্যেকৰে জীৱনত আহেই ৷ সহজভাবে লওঁক যদিও জীৱনৰ পথ একাঁ-বেকাঁ ৷ এদিন চাব পৃথিৱীখন আপুনি বিচৰাৰ দৰেই হৈছেগৈ ৷
ইমানবোৰ পঢ়াৰ পিছত আপুনি অলপ কামোৰ অনুভৱ কৰিছে নিশ্চয় ৷ গতিকে এটা বছৰৰ লগতে মোৰ লগতে আপোনালোকেও জনাব পাৰে তেখেতৰ প্ৰতি অকণ শ্ৰদ্ধাঞ্জলী ৷ মনমিতা গৌতমৰ প্ৰথম বিবাহ-বাৰ্ষিকিত আপোনালোকৰ(?) স'তে ময়ো জনাইছোঁ মোৰ সশ্ৰদ্ধ প্ৰণিপাত ৷ একাঁজলী শ্ৰদ্ধাঞ্জলী ৷ জয়তু বেকাৰ মাতাল প্ৰেমিক সন্থা ৷ জয় দেৱ প্ৰেম ৷ ৷ ৷ )
কৃষ্ণ আৰু দেই দায় দোষ মৰিষণ কইবা ৷ আও ৰাম আও হৰি ৷৷

No comments:
Post a Comment