শব্দহীন মই
ভাষাহীন মই
ধুলিয়ৰি ফুটপাথত স্তব্ধ সময়
ৰেলিঙত ওলমি ৰয় সপোন
কিং চাইজৰ ধোঁৱাত উৰে জীৱন,
নষ্ট হয় বহু কিছু পুৰণি কাগজ
কাগজৰ ভাঁজত নিঃশব্দে শুই পৰে
অশান্ত মন ৷
কবিতাত জীৱন জী উঠে
আৰম্ভ হয় সচাঁ-মিছাৰ যুঁজ
মিছা জয়ী হয়,সচাঁ লুকাই পৰে
ক্ষোভ নাথাকে
ক্ৰমান্বয়ে জীৱনে পূৰ্ণতা পায় ৷
প্ৰেমত স্বাৰ্থ থাকে
প্ৰেমত প্ৰয়োজন থাকে
প্ৰেমে ভোগ বিচাৰে
উপভোগ কৰে কদৰ্যতা,
নিকৃষ্ট মানসিকতা
ডাষ্টবিনৰ কোনো এচুকত পৰি ৰয় এটি শব্দ 'মা'৷
পুনৰ আৰম্ভ হয় হোৱাটচ্ এপ
মেচেঞ্জাৰ,হাইক অথবা লাইন
জীৱন ৰঙীন পানীয়ত ডুব যায়
ৰঙা-নীলা লাইটৰ পোহৰত
হালধীয়া হয়, মাইক্ৰ'-মিনি স্কাৰ্টে
সহাৰি পায়
মই হেৰাও মোৰ অজানিতে
জীৱনৰ চাকনৈয়াত
ঢৌবোৰে খুন্দিয়াই থকা-সৰকা কৰে মোক
পাহৰি যাঁও প্ৰেম কি!
বুকুত বিষ উঠে নষ্ট হোৱাৰ জ্বালাত
ধ্বংস উদ্গীৰনৰ আৰম্ভনি হয় ক্ৰমাত..
গীটাৰৰ সুৰো বেসুৰী হয়
উমি উমি জ্বলে জীৱন চাকি
দূৰৈত ৰিনিকি ৰিনিকি বাজি ৰয় জিলিৰ মাত..
No comments:
Post a Comment