Wednesday, 26 August 2015

আপোনাৰ প্ৰশ্ন, মোৰ উত্তৰ..

এৰা অ, মানুহৰ প্ৰশ্নবোৰলৈ আজিকালি
খুউব ভয় হয় ৷ এই যে মই দুটা লাইন লিখিলোঁ,অাপুনি লাইক কৰিলে ৷ কিন্তু কমেণ্টবক্স
ব্যৱহাৰ নকৰি মেচেজ কৰে  ৷ জানেনে,মনত বৈদ্য টেনচন ৷
কিনো ক'ম! ভাব হয়
কেতিয়াবা আপুনি মোৰ প্ৰেয়সীয়ে আছিল নেকি? প্ৰেয়সী নোহোৱাকৈ ইমানবোৰ প্ৰশ্ন আপুনি কিয় কৰিলে? কোন আপুনি?
মোক ভালদৰে নজনাকৈ কিদৰে ক'ব
বিচাৰে যে নায়ক মই বুলিয়ে! কাৰণ
অাপুনিটো ভালদৰেই জানে আমিবোৰ নষ্ট প্ৰেমিক মাথোঁ ৷ নষ্ট প্ৰেমিকবোৰে
নিশাটো শান্তিৰে উদযাপন কৰিব খোজে৷
এন্ধাৰত গান গাব খোজে ৷ জোনাকত সপোন চাব বিচাৰে ৷ বন্ধ কোঠাত অট্টহাস্য কৰিব খোজে ৷ মনৰ বেজাৰত ৫১২ ৰেমৰ চেলফ'নটো কেতিয়াবা দলিয়াবও খোজে ৷ অথবা পুৰণি
প্ৰেমৰ আধালিখা কবিতাবোৰ আওৰাব
খোজে ৷ আপুনিয়েই ভাবকচোন প্ৰণৱদাৰ
ভাষাৰে"দুখ নথাকিলে ক'ত আহি
জিৰাবহি সুখৰ চৰাই"জাক ৷ এৰা, নষ্ট
মাতাল প্ৰেমিকবোৰে দুখত ডুবিব খোজে
অলপ ৷ পুৰণি কামোৰ কামোৰ লগা
বিষণ্ণতাৰ ভাববোৰ বুকুৰ এচুকত লৈ সৰাপাত বুটলিব খোজে এআকাশ ঠিকনা বিচাৰি ৷

ইমানবোৰ আশা লৈ জীয়াই থকা মাতাল নষ্ট প্ৰেমিকবোৰক কিদৰে ক'ব খোজে অাপুনি যে কাহিনীৰ নায়ক কেৱল 'মই' বুলি ৷

মা কচম, মেচেজটো অহাৰ লগে লগেই ফেচবুকত আপোনাৰ প্ৰ'ফাইল পিক্স চাম৷ এলি ১৮ ৰেড কালাৰৰ লিপষ্টিকেৰে বুলোৱা অাপোনাৰ
ওঠযুৰি দেখি কিছুসময় মিছা সপোনজাকৰ স'তে উৰি যাম আপোনাৰ কাষলৈ ৷ ঠিক সেই সময়তে আপুনি ব্যস্ত থাকিব অইন কোনোবা ফেচবুক ফ্ৰেণ্ডৰ স'তে অন্য এক দুনিয়াৰ কোনোবা ৰঙীন মায়াবী 'চাট'ৰূমত ৷ ৰেড ইয়েল' নেইল পলিচেৰে পলিচ কৰা দীঘল লাহি আঙুলিকেইটা ব্যস্ত থাকিব
'কিপেড'ত ৷ মই কিন্তু একো ডিষ্টাৰ্ব
নকৰাকৈ ঘুৰি আহি আপোনাক ৰিপ্লাই
কৰিম ৷ আপুনি মেচেজটো চিন কৰি থ'ব ৷ মই বাৰে বাৰে আপোনাৰ গৰুগাড়ীত উঠি অহা ৰিপ্লাইটোলৈ বাট চাম ৷ অৱশেষত আপোনাৰ স্মাইলী দুটামান পাম ৷ লগে লগে টাইপ কৰিবলৈ আৰম্ভ কৰিম আপোনালোকলৈ বুলি সাঁচি ৰখা মোৰ প্ৰিয় এটা চিনাকী উত্তৰ: "আমিবোৰ
নষ্ট যোৱা মাতাল প্ৰেমিক মাথোঁ ৷"

No comments:

Post a Comment