Sunday, 23 August 2015

মিচ মনমিতা গৌতম, ফেক আই ডি, ভাৰ্ছন ২.১



স্নেপশ্বট: ১
স্থান : সতী ৰাধিকা উদ্যান,উজানবজাৰ ৷ ১৪ ছেপ্তেম্বৰ, সময় বিয়লি ৪ বাজি ৪০ মিনিট ৷ তাইৰ হাতত ব্লেডৰ ৰেপ ৷ নদীৰ ঢল কমি আহিছিল যদিও তাইৰ চকুত বাৰিষাৰ ঢল অাহিছিল ৷ শুকান ওঠ, আউলি বাউলি চুলি ৷মুখত ফিল্মী ডায়লগ, "মই তোৰ বাহিৰে কাকো ভালপাব নোৱাৰোঁ,মোক তোৰ লগত ৰাখ ৷ মই নোৱাৰোঁ আৰু এনেকৈ...! "

স্নেপশ্বট: ২
স্থান: হোষ্টেলৰ চাদ, একেদিনাই সময় নিশা ১১ বাজি ৪৭ মিনিট ৷
প্ৰথমে ভাবিলোঁ কিয় পিক্ আপ্ কৰা নাই ফ'নটো ৷ স্ক্ৰীণখন ভালকৈ চাই দেখোঁ, call is waiting...
কল বেক হ'ল ৷ ৰিচিভ কৰিলোঁ,
-"কি হ'ল waiting যে? কাৰ লগত বিজি?"
মই-" আৰে মইহে কল বিজি পাইছোঁ তোমাৰ ৷"
তাই-"হুহ, হ'ব মিচা ক'ব নালাগে গুড নাইট,বাই ৷"
তাই ৰকড্, মই শ্বকড্ ৷
এদিন গম পালোঁ কোনোবা মৰমৰ ভিনিহিয়েকে নিশা ১২ বজাত ফ'ন কৰে ৷ কাকনো দোষ দিব বায়েক চাইহে ভনীয়েক বুলি পাহৰিব ল'লোঁ ৷

সময় গতিশীল ৷
৩০ ডিচেম্বৰৰ নিশা পোহৰলৈ আহিল আচল সত্য ৷ নতুন মক্কেল তাইৰ জালত...
পাছে মিচ মনমিতা ৰুদ্ধ কণ্ঠই যেতিয়া আস্ফালন কৰে চৌদিশ উত্তাল হয় ৷ আমাৰ দৰে বেকাৰ প্ৰেমিক চৰাইবোৰে যেতিয়া চিঞৰে ড্ৰয়িং ৰূমত বহি 'নিউজ লাইভ'ত অখিল গগৈৰ লাইভ টেলিকাষ্ট চাব নালাগে ৷ সেই চিঞৰে তোমাৰ দৰে ছোৱালীৰ বুকু ভেদ নকৰিলেও অামাৰ দৰে বেইমান মক্কেলে মাজনিশা মনে মনে প্ৰায়ে চিঞৰে, তোমাক পাহৰাৰ সুখত... ৷ সেই সুখনিদ্ৰা তোমাৰ পৰা বহু যোজন নিলগত ৷ কি কৰিবা,মাহৰ শেষত পকেটত পইচা নাথাকিলেও তোমাক দিবলৈ মন যায় লেটেষ্ট মডেলৰ এনক্লেড, এটিএমত জিৰ' বেলেঞ্চ থাকিলেও গ'ল্ডত চিনেমা দেখুৱাবলৈ মন যায় ৷ বেইমান মন, উপায় নাই ৷ মন যায় মিচ মনমিতা গৌতম, মোৰো মন যায় ৷


(বিশেষ দ্ৰস্তব্য: আমাৰ লিখা সম্পূৰ্ণ কাল্পনিক আৰু মনেসজা৷ চৰিত্ৰসমূহ বাস্তৱৰ লগত কোনা সংযোগ নাই। -লেখক  )
-মানস প্ৰতিম।

No comments:

Post a Comment