Monday, 24 August 2015

মিচ মনমিতা গৌতম, ফেক আই ডি, ভাৰ্ছন ২.৩


মনমিতা গৌতমলৈ মুকলি প্ৰশ্ন:

মনমিতা তুমিতো জানাই এই বেকাৰ এক্স প্ৰেমিক বন্ধুৰ নিজৰ বুলিবলে একো নাই ৷ এটায়ে মাত্ৰ চেমচাং গেলেক্সী ষ্টাৰ, তাৰো কিপেডখন অলপ বেয়া ৷ কি ক'বা নিশাবোৰ মোৰ বাবে খুউৱ হেপাহঁৰ, দিনৰ পোহৰত মই হেৰাই পেলাও নিজক অজানিতে ৷ পোহৰৰ সন্মুখীন হ'বলৈ মোৰ বেয়া লাগে ৷ যি ওঠেৰে স্পৰ্শ কৰিছিলো তোমাৰ মিছা দুহাত সেই পোহৰ মোৰ বাবে ঘৃণনীয় আজি ৷ মনমিতা তুমি তোমাৰ হাব্বীৰ স'তে সুখনিদ্ৰাত জাহ যোৱা সময়ত মই মাতাল হ'বলৈ আৰম্ভ কৰোঁ ৷ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰৰ পৰা আৰম্ভ কৰি পল্টনবজাৰৰ নেপালী মন্দিৰৰ কাষত ৰৈ থকা বেশ্যাবোৰলৈ কথাৰ শৰ এৰো ৷ কেতিয়াবা তোমাৰ নামত ৰৈ যাও আৰু ভাবোঁ কিছু কথা ... আমিবোৰ মাতাল ন'হলে তোমালোকৰ দৰে সতি-সাবিত্ৰীবোৰ কেতিয়াও সুখী হ'ব নোৱাৰিলাহেতেঁন ৷ কাৰণ তোমাৰ কাষত থকা হাব্বীৰো ওৱানচ আপন এ টাইম, ডেফিনেটলি হেভ এ জি ডট্ এফ্ ৷ অাফটাৰ অল তোমাৰ দৰে তেওঁতো কাৰোবাৰ এক্স বি ডট্ এফ্ ৷ তোমালৈ মুকলি প্ৰশ্ন, বুকুত কিমান ভালপোৱা থকালৈ সচাঁ প্ৰেমিকক প্ৰতাৰণা কৰাৰ চাঞ্চ থাকে ? অথবা কিমান বেংক বেলেঞ্চ থাকিলে তোমাৰ দৰে সুযোগসন্ধানী ছোৱালীৰ স'তে একেনিশাই উকীল বন্ধুৰ হতুৱাই ৰেজিষ্টাৰ কৰি দুদিনপাছতে হোমৰ জুইৰ ওচৰ চাপিব পাৰি ?
আমিবোৰ বেকাৰ মাতাল নিবনুৱা প্ৰেমিকৰ এনে সাম্ভাব্য প্ৰশ্নৰ উত্তৰ সজাই ৰখাটো ভাল মিচ মনমিতা ৷ অন্যথা জবাবদিহি হ'বই লাগিব ফেচবুকৰ কোনো পেজত অথবা কোনো চাজেষ্টেট ফ্ৰেণ্ডৰ মেচেজ ইনবক্সত ৷

No comments:

Post a Comment