Monday, 24 August 2015

মিচ মনমিতা গৌতম, ফেক আই ডি, ভাৰ্ছন ২.২


নিশা ১ বাজি ৪৩ মিনিট,গাৰুৰ তলত থকা ছেমছাঙৰ চেলফ'নটো ভাইব্ৰেট হোৱাত ধহমহকৈ সাৰ পাই গ'লোঁ ৷ স্ক্ৰীণত ভাহি আহিল মেছেজৰ চিম্বল ৷ ইতিমধ্যে টাইটেল বাৰত মেচেজৰ লাইনবোৰ এটা এটাকৈ খোল খাইছেই ৷ মনতে ভাবিলোঁ, ছিংগল বেকাৰ ল'ৰা কোনেনো মেছেজ দিব ইমান ৰাতি যদিহে লগৰ কোনো পেট্ৰলিং ডিউটিত ঘূৰি ফুৰা চিটি পুলিচৰ টাটা ছুম'ৰ আগত পৰা নাই ৷ ভবাৰ লগে লগে এটা শিহৰণ বিদ্যুত বেগে পাৰ হৈ গ'ল ৷ ইফালে মাহৰ শেষ, পাৰ্চত দহ/বিশটকীয়া নোটদুখনমানে ফষ্টি মাৰি শুই আছে ৷ চিন্তা হ'ল তাৰমানে অাকৌ ধাৰ লাগিব ৷ উপায় নাই, কি কৰা যায় ৷ চাও নাচাওকৈ মোলৈ পৰম আগ্ৰহেৰে ম'বাইলৰ স্ক্ৰীণখনে লাইট অফ নকৰাকৈ থকা দেখি ছুইপ কৰি চকু দুটা মুদি দিলোঁ ৷ পানীৰ টোপাল এটা পৰাৰ দৰে শব্দ কৰি একেকোবে মেছেজ খোল খালে ৷ এটা আনন'ন নাম্বাৰৰ মেছেজ..
"বিয়ালৈ মোৰ বেছিদিন নাই তথাপিও কিয় নাজানো প্ৰতিটো মুহুৰ্তত তোমাৰ কথাই মনলৈ অাহি থাকে ৷ তোমাৰ লগত ষ্পেণ্ট কৰা টাইমবোৰৰ কথা ভাবি থাকোঁ ৷ নাজানো মই কি কৰিব গৈ আছোঁ ৷ মোক পাৰিলে ক্ষমা কৰি দিবা ৷ -মন"
একেটা উশাহতে লাইনকেইটা পঢ়ি শেষ কৰিলোঁ ৷ লাইটো অন কৰি টেবুলৰ ওপৰত পৰি ৰোৱা পেকেটটোৰ পৰা গ'ল্ডফ্লেকডাল জ্বলাই ল'লো ৷
কিবা এটা ভবাৰ অাগত চিগাৰেট এটা হুপি লোৱাটো বহু পুৰণি অভ্যাস ৷ ৰিলেচনটো ব্ৰেকআপ কৰাৰ পাচৰে পৰা চিগাৰেটটোৱে একমাত্ৰ প্ৰিয় বন্ধুৰ দৰে ৷ কোনোবাই এদিন সান্তনা দিয়াৰ পৰত কৈছিল, 'আব্বে ভাই বাদ দে না বে টিপটপ চিগাৰেট এটা টানি ধোঁৱাৰ লগতে তাইকো উলিয়াই দে, হেজাৰ হলেও চিগাৰেটটো তাইক লগ পোৱাৰ আগৰে পৰা পাই আহিছ ৷ এটলিষ্ট বিলিভেবেল হয় ৷'
একান্ত মনে লাইটটো অফ কৰি হুপি আছোঁ ৷
মনত ভাহি আহিল তাইক শেষ লগ পোৱাৰ দিনটো ৷ ফুটপাথত আমাৰ কাজিয়া দেখি ইভিনিং ৱাক কৰি থকা মানুহকেইজনেও পোন্দোৱাকৈ চাইছিল ৷ মই সিদিনা কেৱল গালি দিছিলোঁ৷ মোৰ এনেকুৱা খং আগতে নিজেই দেখা নাছিলোঁ ৷ বিদ্যুতে আতৰাই আনিবলৈ চেষ্টা কৰিছিল মোক ৷ বহু সময় মই অকলেই চিঞৰিছিলোঁ ৷ পানী খাবলৈ দিছিল সি মোক ৷ পিঠিত থকা গীটাৰখনো দলিয়াই দিছিলোঁ শেষত ৷ এনেকুৱা এটা অৱস্থাত মই মদ বিচাৰি গৈছিলোঁ৷
আৰু তাৰ পাছত মনমিতাৰ ছাঁটোকো চাবলৈ নিবিচাৰিছিলোঁ ৷ তথাপিও তাই কিন্তু মোক দেখুৱাবলৈয়ে চাগে প্ৰায়ে কোনোবা ধনী বাপেকৰ ধনৱান পুত্ৰৰ বাইকৰ বেকচিট শুৱনি কৰিছিল ৷
ইতিমধ্যেই গ'ল্ডফ্লেকটো ইহলীলা সম্বৰণ কৰিলে ৷ ততাতৈয়াকৈ টাইপিং কৰিলোঁ..."পাষ্ট ইজ পাষ্ট, ইউ জাষ্ট মুভ অন্ ৷ বেষ্ট উইছেজ ফৰ ইঅ'ৰ ব্ৰাইট ফিউচাৰ ৷ গুডবাই.."
চিগাৰেটৰ পেকেটটো খেপিয়ালোঁ ৷ অন্তিমটো চিগাৰেট...

(বিধিসন্মত সতৰ্কীকৰণ: ধপাঁত সেৱন স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক)

No comments:

Post a Comment