Tuesday, 25 August 2015

মিচ মনমিতা গৌতম ফেক আই ডি ভাৰ্চন ২.৪ (বিহু স্পেচিয়েল)

চন ২০১১, এপ্ৰিল মাহৰ কোনো এটা দুপৰীয়া, স্থান: আমবাৰী লেম্বৰোডৰ ফুটপাথ ৷
-"ও এইটো ল, বিহু বুলি বেলেগ একো এটা দিব নোৱাৰিলোঁ ৷ বিহুৰ দিনাখন এবাৰ উলিয়াই মনত পেলাবি মোলে ৷ টেক্সট কৰিম বাৰু আকৌ৷ পাহৰি যাবি বুলি জানোঁ ৷"
তেতিয়া আকৌ আজিকালিৰ দৰে হোৱাটচ এপৰ ব্যৱহাৰ নাছিল ৷ টিপটপ পলিথিনটো লৈ হোষ্টেল পালোহি ৷ ৰূমৰ দুৱাৰ লক কৰি পলিথিনটো খুলিলোঁ ৷ দেখিলোঁ এখন গামোচা, আৰ্টফেড বা জাগৰণৰ নহ'লে প্ৰাগজ্যোতিকা এম্পৰিয়ামৰ ৷ যা হওঁক কংক্ৰীটৰ নগৰত প্ৰেম কৰিও যে বছৰৰ বিহুটোক এটলিষ্ট নেগলেক্ট কৰা নাই ৷ মনটোৱে ভাল লাগি গ'ল ৷

পাচে মিচ মনমিতা গৌতম, আজি তোমালৈ মনত এইবাবেই পৰিল যে পাৰিছা জানো মোৰ অবিহনে হৃদয়ৰ পৰা বিহু পাতিবলৈ ? ক'ৰ পৰা বিহুৱান যোগাৰ কৰিলা তোমাৰ হাব্বীক দিবলৈ!
এৰা, অৱশ্যে তুমি পাৰিবা মানুহক দেখুৱাই সুখী বুলি জীয়াই থাকিব অথবা তোমাৰ হাব্বীয়ে দিয়া পুণে-মুম্বাইৰ বিহু গিফট্ পিক্সআৰ্টত এডিট কৰি ফেচবুকত আপলোড দি তুমি সকলোকে সুখী বুলি জনাই দিব পাৰিবা ৷ এইবাবেই মোৰ তোমাক ভাল লাগিছিল মিচ মনমিতা ৷ তোমাৰ এই জেদী স্বভাৱটোক মোৰ দৰে প্ৰতিজন  বেকাৰ নিলাজ প্ৰেমিকে ৰেছপ্যেক্ট কৰে ৷ কিন্তু নিজকে কিমান লুকুৱাবা মনমিতা! অজানিতে বাৰে বাৰে একেবোৰ ভুল নকৰিবা ৷ ভুলতে মোৰ চেলত মেচেজ,ফোনক'ল ছ্যেণ্ড হোৱাৰ দৰে মাজনিশা ভুলতে কোনো আনন'ন নাম্বাৰৰ পৰা কল নকৰিবা প্লীজ.. ৷ এতিয়া তুমি কাৰোবাৰ পত্নী, দুদিন পাছতেই হয়তোবা জনচন এণ্ড জনচনজৰ বেবী ক্ৰীম লগাই থকা অৱস্থাত চেলফী আপলোড দিবা ৷ নিজকে শুধৰোৱা ৷ ভুল হৈ যায় ৷ কিন্তু তোমাৰ স'তে কথা হ'বলৈ যে মোৰ সময় নাই৷ কাৰণ মোৰ বাবে সেয়া ভুল আছিল ৷

-"আব্বে কি চাই আছ, জ্বলা আকৌ"- লগটোৰ মাতত হুচ আহিল৷ এৰা, বিহুলৈ বেছিদিন নাই..

No comments:

Post a Comment