Saturday, 29 August 2015

ৰং জীৱনৰ, ভাৰ্চন ৪.২

ষ্টেচনটো বিচাৰি পোৱাত তাৰ কিছু অসুবিধা নোহোৱা নহয় ৷ আচলতে সি তেনেকুৱাই ৷ কিবা এটা বেলেগ বিচাৰি ফুৰাটো তাৰ একপ্ৰকাৰ নিচা ৷ য'লৈ যায় তাতেই কিবা মনে বিচৰা বস্তু বিচাৰি থৈ আহেগৈ,যাতে পাচলৈ ঠাইটুকুৰালৈ আকৌ এবাৰ অহাৰ হেঁপাহ এটাই টানি ধৰে ৷ আজিও ব্যতিক্ৰম নহ'ল ৷ আল্ট্ৰা বাচ এখনত আহি আছিল আকাশ, পিছফালৰ চিটটোৰ পৰা কথাৰ টুকুৰাকেইটামান স্পষ্টকৈ ভাহি আহিল,'এইখিনিত এটা ষ্টেচনো আছে ৷ টাইমো হৈছে ট্ৰেইন অহাৰ ৷ '

সি ঘড়ীটোলৈ চালে ৷ এতিয়া সময় সন্ধ্যা ৭:১২ হৈছে ৷ ট্ৰেইনৰ সময় হেনো ৭:৫০ ৷ কিবা এটা ভাবি তৎক্ষণাত সি ৰৈ থকা ষ্টপেজটোত নামি পৰিল ৷ অচিনাকী যদিও আকাশৰ বাবে সকলো চিনাকী এইভাবত বাচখনৰ পৰা নামিয়েই ৰাস্তাটো পাৰ হৈ সি তললৈ নামি গ'ল ৷ এখন বজাৰ ৷ সম্ভৱ প্ৰতি সন্ধ্যা বহা দৈনিক এখন বজাৰ ৷ এজন প্ৰৌঢ় মানুহে ষ্টেচনলৈ যোৱা ৰাস্তাটোলৈ আঙুলিয়াই দিলে ৷ সি মানুহজনক ধন্যবাদ এটা দি বাট পোনালে ৷ কিছুদূৰ পাৰ হোৱাৰ পাছত দেখিলে এখন অলপ ডাঙৰ যেন  পথাৰ ৷ জোনৰ পোহৰে যেন শাওনৰ পথাৰখনত নিশাটো ৰহস্যময় কৰি তুলিছে ৷ চাৰিওফালে জিলিৰ মাত,জোনাকী পৰুৱাবোৰৰ লগতে মহানগৰীত কেতিয়াও প্ৰৱেশ কৰিবলৈ নোপোৱা শীতল এছাতি গা-মন জুৰ কৰা বতাহ ৷ সি কিছুসময়ৰ বাবে পৰিৱেশটো তধা লাগি চাই ৰ'ল ৷ পিঠিত ওলমাই ৰখা কেমেৰাৰ লেঞ্চত স্নেপটো কেপচাৰ কৰাৰ কথা ভাবিও সি ৰৈ গ'ল ৷ তাৰ মন নগ'ল ৷ পৰিৱেশটোৰ সৈতে তাৰ চিনাকী আজিয়েই প্ৰথম নহয় ৷ তেনে এটা পৰিৱেশৰ মাজতে সি হাইস্কুলীয়া জীৱন পাৰ কৰি আহিছিল ৷ কিন্তু সেই সময়খিনিত সি বুজিব পৰা নাছিল একো ৷ যিটোৰ বাবে এতিয়া সি সেই সময়খিনি বৰকৈ মিচ কৰে ৷ বহুদিনৰ অন্তত সি পৰিৱেশটো ঘুৰাই পাই আৰু সময়খিনি নিজৰ মতে উপভোগ কৰিবলৈ পাই ফটো তুলি কাৰো স'তে শ্বেয়াৰ কৰিব নুখুজি পুনৰ বাঙ্ময়তাত ডুব গ'ল ৷ কিমান মিনিট সি এইদৰে আছিল গমেই নাপালে ৷ হঠাৎ ক'ৰবাৰ পৰা উফৰি অহা ট্ৰেইনৰ উকিয়ে তাক বাস্তৱলৈ উভটাই আনিলে ৷ এতিয়াহে তাৰ টেনচন হ'ল ৷ কি হ'ব এতিয়া ট্ৰেইন আহিলেই চাগে! এতিয়ালৈ ষ্টেচনৰ মুখেই দেখা নাই ৷  যদি ট্ৰেইনখন সি ধৰিব নোৱাৰে তেন্তে গোটেই নিশাটো সি কিদৰে কটাব? এইবোৰ চিন্তা মনলৈ অহাত ততাতৈয়াকৈ সমুখৰ অচিনাকী পথটোৰে ট্ৰেইনৰ উকিটোক অনুসৰণ কৰি দৌৰিবলৈ ধৰিলে ৷

"ঝক্ ঝক্ ঝক্ ঝক্....." শব্দ কৰি ট্ৰেইনখনৰ শব্দবোৰ যেন কমি গ'ল ৷ ইতিমধ্যে সি আহি অাহি ষ্টেচনটো পাইছিলেহি ৷ কিন্তু ষ্টেচনটোত কেৱল সংকেত হিচাপে জ্বলি থকা ৰঙা লাইট কেইটাৰ বাহিৰে বেলেগ  কোনো লাইট জ্বলি থকা দৃষ্টিগোচৰ নহ'ল তাৰ ৷ চাৰিওফালে কিবা ঘিটমিটিয়া এন্ধাৰ ৷  অৱশেষত সি টিকট ঘৰটোৰ ফালে অগ্ৰসৰ হ'ল যদিও মনত এটা ভয়ে বাহ ল'বলৈ আৰম্ভ কৰিছিল ৷ কাৰণ অচিনাকী গাঁওখনৰ এফালে থকা ষ্টেচনটোত নিশাটো সমুখত লৈ কোনটো স'তে কটাব বাৰু সময়বোৰ?

চিন্তাবোৰৰ ভৰত সি কোঙা হৈ যোৱা যেন অনুভৱ কৰিলে ৷ তথাপিও সি পকেটৰ পৰা পাৰ্চটো উলিয়াই ল'লে,উদ্দেশ্য টিকট কটা ৷ চকুৰ পলকতে যেন কিবা এটা সলনি হ'ল ৷
এয়া কি?? ক্ষন্তেক আগতে এন্ধাৰ হৈ থকা ষ্টেচনটোত পোহৰৰ আগমন ৷ তাৰ মনটো কিছু পৰিমাণে ফৰকাল লাগিল যদিও ট্ৰেইনখন গুছি যোৱাৰ আশংকাই আকাশৰ মুখমণ্ডলত এটা টেনচনৰ চাপে আৱৰি ৰাখিলে ৷

আকৌ শুনিলে সেই একেই শব্দ ৷ জিলিৰ মাতবোৰক হেঁচুকি মোহাৰি 'ঝক ঝক ঝক ঝক....'কৈ অহা শব্দই তাৰ মনত এটা বিশ্বাসৰ ৰেঙনি আনিলে ৷ ষ্টেচনটোৰ অৱস্থা বৰ এটা সুবিধাজনক নহয় যদিও ঠিক-ঠাক ৷ টিকট ঘৰটোৰ ভিতৰত এজন ইউনিফৰ্ম পিন্ধা আদহীয়া মানুহ ৷ পলম নকৰি একে উশাহতে সুধিলে-"ট্ৰেইনখন গ'ল নেকি?"
সম্ভৱ মানুহজনে ভালদৰে নুশুনিলে আকাশৰ কথা ৷
"ক'ত যাব? ট্ৰেইন লেট অাছে ৷ ৰ'ব লাগিব অলপ সময় ৷"-মানুহজনে ক'লে ৷ সি যেন বিশ্বাসেই নকৰিলে কথাটো ৷ মুখৰ পৰা টেনচনৰ ভাবটো তেতিয়াহে আঁতৰিল ৷ আকাশে  টিকটটো লৈ ভালদৰে পৰীক্ষা কৰাৰ পাচতহে নিশ্চিত হ'ল যে সি যাব লগা ট্ৰেইনখন এতিয়াও আহি পোৱা নাই ৷ এটা স্বস্তিৰ নিশ্বাস লৈ সি প্লেটফৰ্ম বুলি নামাকৰণ কৰা নিৰ্দ্দিষ্ট ঠাই টুকুৰালৈ গতি ল'লে ৷

(আগলৈ)

No comments:

Post a Comment