এখন বাংলা চিনেমা ৷ "বুঝেনা সেই বুঝেনা" ৷ সুন্দৰ কেইটিমান সৰু প্ৰেম কাহিনীক লৈ এখন টলীউডৰ চিনেমাৰ আধাৰত এটা বাছ এক্সিডেণ্টক লৈ নিৰ্মাণ কৰা চিনেমাখন মোৰ খুবেই প্ৰিয় ৷ 'না ৰে না', 'চাজনা লাগেনা' আৰু 'বুঝেনা সেই বুঝেনা' শীৰ্ষক গানকেইটা খুবেই ভাললগা ৷
চিনেমাখন মোৰ ভাল লগাৰ কেইটিমান কাৰণ কওঁ,
প্ৰথম, মই চোৱা প্ৰথম বাংলা চিনেমা ৷
দ্বিতীয়, বাংলা ভাষাৰ মোহত পেলোৱা চিনেমা ৷
তৃতীয়, কাহিনী-সংলাপ-চিত্ৰনাট্য খুবেই ভাল ৷
চতুৰ্থ, সমসাময়িক ভাবে মনোজৰ লগত মোৰ বন্ধুত্ব গভীৰ হোৱা হেতুকে চিনেমাখন চাই ভাষাটো বুজিবলৈ যথেষ্ট সুবিধা হৈছিল ৷
পঞ্চম, চিনেমাখনৰ কাহিনীত থকা ছাচপেঞ্চবোৰ সুন্দৰভাৱে শেষ হোৱালৈ থাকে ৷
ষষ্ঠ, বাংলা প্ৰেম কাহিনীবোৰ প্ৰায়ে সুন্দৰ বুলি মনে কয় ৷ (এতিয়ালৈ চোৱা)
সপ্তম, চিনেমাৰ লগতে কলকাতাৰ প্ৰেমতো পৰি গৈছোঁ ৷ কিন্তু যাবহে পৰা নাই ৷
মোৰ কেইটিমান ব্যক্তিগত অনুভৱ সেয়া কেৱল এখন বাংলা চিনেমাৰ ওপৰত ৷ বৰ বেছি চিনেমা নাচাও দিয়কচোন অনুভৱ লিখিব পৰাকৈ ৷ কিন্তু কিছুমান চিনেমা বা গানে মনটোত সাঁজ বহুৱাই যায় ৷ এই ধৰক, মান্না দেৰ 'কফি হাউচেৰ সেই আড্ডাটা' গানটো ৷ হোষ্টেলৰ পৰীক্ষিতদায়ে এদিন শুনোৱাৰ পাচতেই গানটো বৰ ভাল লগা হ'ল ৷ কফি হাউচ থাকি গ'ল 'সাতটা পিয়লা খালী ৰ'ল' আমাৰ কিন্তু আড্ডা দিবলৈ গুৱাহাটী ক্লাবৰ 'কেকচ্ এণ্ড বেকচ্' হেৰাই গ'ল ৷
এৰা,বাংলা গান চিনেমাৰ কথা ওলাইছে যেতিয়া চাকৰিৰ কথা ভাবিলেই অঞ্জন দত্তৰ 'বেলা বোস'লৈ মনত পৰে৷
"চাকৰিটা অামি পেই গেছে বেলা সত্যি/অাৰ মাত্ৰ কয়েসটা মাস পৰ/ ষ্টাৰ্টিঙে অৰা ১১০০ দেবে,তিন মাস পৰে কনৰ্ফাম/ চুপ কৰ কেন বেলা কিছ্যু বলস না ৷৷ "
No comments:
Post a Comment