আমিবোৰ মাতাল উদঙীয়া নষ্ট প্ৰেমিকে কি বুজিম বিৰহৰ কবিতা! বুজোঁ নো কি স'তে প্ৰেমৰ আধালিখা ডায়লগ? মা কচম,ভাল লাগিলে ডায়ৰেক্ট বিয়া পাতি লৈ আনিম ৷ কিন্তু, প্লীজ ভালপাবলৈ ন'কবা ৷ এই যে হোৱাই-নোহোৱাই হোৱাটচ এপত মেচেজ কৰিবা,ভয়চ ন'ট পঠিয়াবা, বিদ্যা শপত বৈদ্য কামোৰ ৷ আমিবোৰ উদঙীয়া নষ্ট প্ৰেমিকে তোমালোকৰ স'তে চি চি ডি ত বহি ঘণ্টাৰ পাছত ঘণ্টা আড্ডা দিব নোৱাৰোঁ ৷ দিনটোৰ শেষত ৰাতিবোৰ ৰঙীন কৰিবলৈও তোমালোকৰ স'তে 'নেহৰু-শ্ৰদ্ধাঞ্জলী'ত বহিবলৈ সময়ে নকুলায় ৷ ব্যস্ত পথৰ বেকাৰ প্ৰেমিক আমি ৷ নষ্ট হোৱাটো আমাৰ ধৰ্ম ৷ নহ'লেনো কিদৰে বুজিম তোমালোকৰ সুখ-দুখৰ পাক লগা মেথমেথিকচৰ ফৰ্মূলাবোৰ ! আমিবোৰ কেৱল নষ্ট যোৱা মাতাল উদঙীয়া প্ৰেমিক ৷ আমাৰ জীৱনটো উদযাপন হয় এঢোক ফটিকাত ৷ এটা গ'ল্ডফ্লেকৰ ধোঁৱাত সপোনবোৰ উৰাই পঠিয়াও কোনোবা অজান দেশলৈ ৷ প্লীজ প্ৰেমত পৰিব নক'বা....
-মানস প্ৰতিম
No comments:
Post a Comment