মই নাটক চাই ভালপোৱা এজন ল'ৰা ৷ সৰুৰেপৰাই নাটক বুলিলে পগলা ৷ এদিন গুৱাহাটী আহিলোঁ,এটা ভাল পৰিৱেশ পাইছিলোঁ নাটক উপভোগ কৰিবলৈ ৷ সেয়া হৈছে ৰবীন্দ্ৰ-ভৱন ৷ সেই যে ২০১১ চনৰ নটসূৰ্য নাট-সমাৰোহ চাইছিলোঁ তাৰ পৰা আৰম্ভ কৰোঁ যদিও আজি পৰ্যন্ত বহুকেইখন নাট উপভোগ কৰাৰ সুযোগ পাইছোঁ ৷
এটা সময় আছিল আমি বহুকেইজন প্ৰায়ে ৰবীন্দ্ৰ ভৱনতেই সন্ধিয়া লগালগি হৈছিলোঁ ৷ কিন্তু নাজানোঁ সেই সময়ত আমি কি আছিলোঁ ৷ কিন্তু এইখিনি কাণ্ডজ্ঞান আছিল যে চিনেমা হল হওঁক বা নাটকৰ আখৰাগৃহই হওঁক আমি কাকো অসুবিধাত পেলাব নালাগে ৷ মানে এই ধৰক যথাসম্ভৱ নিম্নস্বৰত প্ৰেক্ষাগৃহৰ ভিতৰতকথা কোৱা, ম'বাইলটো ভাইব্ৰেট মূডত ৰখা এইবোৰ নিয়মমাফিক ঘটনাৰ দৰে হৈছিল ৷ ঘোষণা কৰাৰ পূৰ্বে এইখিনি কাম আমি কৰিছিলোঁ ৷ সময়বোৰ বাগৰাৰ লগে লগে নাটক চোৱা লগৰবোৰ সলনি হৈছিল যদিও নিয়মটো যেন ৰৈ গৈছিল ৷ ঠিক একেদৰে দিনটোৰ ব্যস্ততাবোৰ আঁতৰাই আজিও সময় পালেই ঢপলিয়াও ৰবীন্দ্ৰ-ভৱনৰ প্ৰেক্ষাগৃহলৈ ৷ কালিও গৈছিলোঁ এখন শিশু নাট 'কুণ্ডিল-কুঁৱৰী' চাবলৈ ৷ তাত গৈ পোৱাৰ পিছত প্ৰাঞ্জলদাক দেখিলোঁ বহি থকা ৷ তেওঁৰ কাষত খালী থকা দুটা চিট দেখি জ্যোতিষ্মান আৰু মই বহি পৰিলোঁ ৷ নাট আৰম্ভ হ'বলৈ তেতিয়াও কিছু পৰ আছিল ৷ চাৰিওফালে এটা উলহ-মালহ পৰিৱেশ বিৰাজমান ৷ দেখি বিৰাটেই ভাল লাগিল ৷ ঠিক নাট আৰম্ভ হোৱাৰ পূৰ্বে উদ্বোধনী অনুষ্ঠান এটা হ'ল সৰুকৈ ৷ দুলাল ৰয় দেৱৰ লগতে স্বপ্ননীল ছাৰৰ মৃদু ভাষণেৰে সুন্দৰকৈ আনুষ্ঠানিক ভাৱে নাট মুকলি হ'ল ৷ ইমানপৰে যদিও আমি অনুষ্ঠান উপভোগ কৰি অাছোঁ তথাপিও কিন্তু দৰ্শকৰ মাজৰ পৰা কাৰোবাৰ ম'বাইল বাজিছে, কোনোবাই উচ্চস্বৰত কথা পাতিছে, কোনোবা সৰু ল'ৰাৰ কান্দোন উফৰি আহিছে ৷ কিন্তু তাতোতকৈ ডাঙৰ কথা,নাটক আৰম্ভ হোৱাৰ পাচতো আমাৰ পিছফালে বহা এটা 'ফাইলে' উচ্চস্বৰত কথা পাতি হাঁহি মাতি আছে ৷ কিছু সময় অপেক্ষা কৰিলোঁ ৷ ভাবিলোঁ সৰু ল'ৰা-ছোৱালী প্ৰথমবাৰৰ বাবে চাগে আহিছে নাজানে বাবে তেনেকৈ কথা পাতি আছে ৷ কাণ এৰাই চলা ভাৱত একো নুশুনা যেন ধৰি চাই আছোঁ নাটক ৷ তাৰ মাজতে লক্ষ্য কৰিছোঁ দুই এজন দৰ্শকে বিৰক্তি পাই ইফালে সিফালে চাইছে যদিও একো নামাতি আকৌ মঞ্চৰ ফালে মুখ কৰিছে ৷ বহু সময় পিছফালৰ কথা শুনি শুনি ইফালে কাণ পকি গৈছিল ৷ নোৱাৰিলোঁ আৰু ৰ'বলৈ ৷ মাত দিলোঁ, "বেয়া নোপোৱা যদি অলপ সময় মনে মনে থাকিবা নেকি?" ৷ দুজনীয়ে ছ'ৰি বুলি কৈ চুপ হৈ থাকিল ৷ কিন্তু হ'লে কি হ'ব লগৰ কেইটাই নিজৰ কথাতেই মগ্ন ৷ মাজে মাজে তেওঁলোকৰ প্ৰেমালাপবোৰ বতাহত ভাঁহি আহে ৷ তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি চিপচ্ ৰ পেকেটৰ আৱাজ,ক'ল্ড্ৰিংকৰ বটল দলিওয়া দলি এইবোৰ ৷ মুঠৰ ওপৰত মঞ্চত 'কুণ্ডিল-কুঁৱৰী' যদিও দৰ্শকৰ শেষৰ শাৰীত 'মডাৰ্ণ-কুঁৱৰী' ৷ উপায় নাপায় ওলাই আহিলোঁ ৷ নহ'ল নাটখন সম্পূৰ্ণ কৰি চোৱা ৷ এয়া কেৱল মোৰেই নহয় আপোনালোকেও চাগে এনে তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছে ৷
এতিয়া মোৰ কথা সেইসকলৰ বাবে যিসকলে ফ্ৰী এচিৰ হাৱা খাই ৰবীন্দ্ৰ ভলনত ডেটিং মাৰিবলৈ যায় অথবা ফ্ৰী পাচ লৈ প্ৰৱেশ কৰে, আপোনালোকে অনুগ্ৰহ কৰি শুনক,ৰবীন্দ্ৰ ভৱন কোনো ডেটিং প্লেচ নহয় ৷ ইয়াৰ এটা সুকীয়া মান আছে ৷ ইয়াৰ পৰিৱেশ বিনষ্ট কৰিবলৈ ই কাৰো বাপেকৰ সম্পত্তি নহয় ৷ যদি নাটক চোৱাৰ কোনো হাবিয়াস নাথাকে তেন্তে মিছাকৈয়ে গৈ আসন দখল কৰি নাথাকিব ৷ বহুতে নাটক এখন থিয়ৈ থিয়ৈও উপভোগ কৰে ৷ কিন্তু এনেকুৱা সমস্যাৰ সৃষ্টি হ'লে ৰবীন্দ্ৰ ভৱনৰ পূৰ্বৰ মান নষ্ট হোৱাৰ সম্ভাৱনা প্ৰচুৰ ৷ লগতে নাটকৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে মানুহ ভিৰ কৰাই এখন নাট কেতিয়াও মঞ্চসফল বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব বুলি আশা কৰিলোঁ ৷ নাটক চোৱা মানুহএতিয়াও আছে আৰু থাকিব ৷ এতিয়াও আমাৰ দৰে নাটক ভালপোৱা মানুহো বহুত আছে ৷ যি কেৱল নাটক সচাঁ অৰ্থত চাবলৈ যায় ৷ অনুগ্ৰহ কৰি ৰবীন্দ্ৰ ভৱনৰ গৰিমাত কালিমা নাসানিব ৷
No comments:
Post a Comment