-তুমি সুখীনে?
-কেতিয়াও নোসোধো নিজকে ৷ নাপাই হেৰুৱাতকৈ পাই হেৰুওৱাৰ বেদনা হয়তো সকলোৱে জানে ৷ তাৰ পাছতো যি অকণ সুখ থাকি যায় তাতেই মোৰ সুখ ৷
-ইমানৰ পাছতো তুমি কি বিচাৰা?
-এয়া কেৱল আৰম্ভণিহে ৷ বহুত বাকী আছে ৷ জীৱনৰ এবাট অকলেই খোজ দিবলৈ পৰি আছে ৷
-কিহক প্ৰাধান্য দিব খোজা জীৱনত?
- নিজকে ৷ মনটোক ৷ এই ধৰক ফুটপাথত অকলে খোজ কাঢ়ি থকা সময়খিনিত কাৰোবাক লগ পাই গ'লোঁ কিছুদূৰ তেওঁৰ স'তে একেলগে খোজ দিলোঁ ৷
-মানুহৰ ক্ষেত্ৰত স্থিতি?
-মানৱতাক বিশ্বাস কৰোঁ ৷ মানুহ ভাল পাওঁ ৷ বাৰে বাৰে বিশ্বাসঘাটকতা কৰাৰ পাছতো প্ৰতিজনকে বুজি চাব চেষ্টা কৰোঁ ৷ মোৰ খিৰিকীৰ সিপাৰৰ মানুহবোৰৰ মুখবোৰ ভাল লাগে ৷
-জীৱনটো কি?
- জীৱনটো এখন নৈ ৷ বৈ আছে বৈ থাকে ৷ চাকনৈয়াবোৰে শিকায় লাহে লাহে কি অনুসৰণ কৰিব লাগে-নালাগে ৷
-ভালপোৱা?
-জীৱনৰ আটাইতকৈ ডাঙৰ সাঁথৰ ৷ সম্পূৰ্ণ সুখী(!) মানুহবোৰেই উত্তৰ দিব নোৱাৰে ৷ কবিতা অনুভৱ কৰিব পৰালৈ মই ভালপাম ৷ আজন্ম প্ৰেমিক মই ৷
-প্ৰকৃতিৰ লগত সম্পৰ্ক?
-নদী,আকাশ,জোনাক,বৰষুণ ভালপাওঁ ৷ ষ্ট্ৰীটলাইটো ভালপাওঁ ৷
-পাবলৈ ইচ্ছা কৰি থকা বস্তু?
-অভিন্ন হৃদয়বোৰ ৷
-আজৰি সময়ত?
-অকলশৰীয়াকৈ থাকি ৷ সময়… আস্…!
-প্ৰেয়সী?
-ভালপাওঁ আনে নজনাকৈ ৷ হালধীয়া চুৰিদাৰযোৰেৰে তাইক ভাল লাগে ৷ খং-অভিমানবোৰে তাইৰ প্ৰতি ভাললগা বঢ়ায় ৷
-পৰিকল্পনা?
-স্বাৰ্থপৰ মই ৷ হ'ব নোখোজাকৈ হৈ গ'লোঁ হয়তোবা ৷
(এয়া এক আত্মানুসন্ধানহে)
No comments:
Post a Comment