Saturday, 22 April 2017

হাউচ নম্বৰ:5(c)

(প্ৰথম খণ্ডৰ পৰা...)
“সেইখিনি সময়ত সকলোৱে মোক চাগে পাগল বুলিয়েই ভাবিছিল নেকি, নাজানো ! সকলোৱে কৈছিল, ‘তাৰ ৰূমলৈ অলপ ভালকৈ যাবি দেই’|” চিগাৰেটৰ শেষৰ অংশটো মোৰ ওচৰলৈ দি তাৰ স্বগত্যোক্তি |
চিগাৰেটটো হাতত লৈ মই উৎকণ্ঠিত ভাবে মই সুধিলো- “তাৰ পিছত?”
- “তাৰ পিছত আৰু কি ! এনেকৈয়ে ক’ব নোৱাৰাকৈ কেতিয়া জুনিয়ৰৰ পৰা ভাতৃসুলভ বন্ধুত্ব হৈ গ’ল গমেই নাপালো | হোষ্টেলৰ ছাদত মদৰ আড্ডা, শম্ভুদাৰ দোকানত ৰিজলাৰ পেপাৰৰ ঠিকনা বিছাৰি, বৰষুণৰ ফাকেৰে সৰকি যাব পৰাকৈ নতুন নতুন থিয়ৰী উলিওৱাত আমিবোৰ কেতিয়াযে সিদ্ধ-হস্তহৈ গলো | আস... লাইফটো কিবা যেন সিদিনাৰহে আছিল এনেকৈয়ে এদিন ৰূপমৰ লগত বি.বৰুৱাত থাকোতেই আমাৰ প্ৰথমখন কবিতাৰ এলবাম ‘কুহেলিকা’ খন কৰিলো সেইয়েই আৰম্ভনি ।”

- “অংশুমানক ?”
হাতত থকা চিগাৰেটটোৱে ইতিমধ্যে কেতিয়াবাই ইহলীলা সম্বৰণ কৰিলে আৰু নতুন এটা চিগাৰেটত অগ্নি সংযোগ কৰি লৈ মই সুধিলো
- “ই মালটোৱেই গান গায় কিন্তু তাৰ দেহত একো নাই খায়ো-খায় বৈদ্য খায় কিন্তু ই ভাল গান গায় অংশুমানক লগ পাই মই জীৱনটোত কিবা নতুন সোৱাদ পালো ল’ৰাটো কিবা এটা বেলেগ ধাতুৰে গঢ়া, তাৰ আচাৰ ব্যৱহাৰ অইনতকৈ কিছু বেলেগ, খুব কম সময়তে মানুহক আপোন কৰি ল’ব পৰাতো তাৰ এটা সহযোজী ধৰ্ম ।”
- “বনজিতক নো কেতিয়া লগ পালা আকৌ?”
- “সেইটো এটা আল্টিমেট কেছ।”
তৃতীয় পেগটোৰ শেষৰ খিনি গলাধঃকৰণ কৰি সি কিবা ভাবিবলৈ ধৰিলে...
কিবা ভাবত বিভোৰ হৈ সি বিৰ-বিৰাব ধৰিলে, -“চাল্লা ১৫০০ টকা বে ! জি. এছ. ৰ’ডৰ এটা ষ্ট’পেজ পাৰ হ’লেই দেখোন টকা পোন্ধৰশ পানী হৈ যায় তথাপিও পোন্ধৰশ টকা, এহেজাৰ পাচশ টকা, মোৰ বাবে সেইয়াই বহুত সেইখিনি কেবল টকাই নাছিল, মোৰ বাবে আছিল কিবা এটা বেলেগ, যাক মই একোৰেই বুজাব নোৱাৰো এনেকুৱাও নহয় যে মোৰ জীৱনৰ ফাৰ্ষ্ট ইনকাম কামখিনিত কষ্ট আছিল, আৱেগ আছিল, এটা ভাল লগা আছিল তাৰ মাজেৰেই আৰাম্ভ হৈছিল হয়তো এক নতুন সম্পৰ্ক সেইদিনা আবেলি সি আহিছিল মোৰ এজন চিনাকি বন্ধুৰ লগত, তাৰ জীৱনৰ প্ৰথম খন চুটি ছবিৰ এডিটিঙৰ কাম লৈ বৰ আগ্ৰহেৰে কামটো কৰিবলৈ ল’লো, শ্বুটিঙত থাকি  যোৱা ভুলবোৰ তাক বুজাই দিছিলো এপ্ৰিল মাহৰ তিনি তাৰিখে লোৱা কামটো পিছে ফাইনেলি অক্টোবৰ মাহৰ চাৰি তাৰিখেহে শেষ হৈছিল চাল্লা ভাবিলে হাঁহিয়েই উঠে যে সৰু কাম এটাৰ বাবে ইমান মাহ লগোৱাত কিন্তু আচল কথাটো বেলেগ আছিল, এপ্ৰিল মাহত জীৱনৰ প্ৰথম চাকৰি এটাত সোমাইছিল সি, টেলিক’মৰ চাকৰি, সময় একেবাৰে নাই, তাৰ পাছত তিনিটা দাত চিৰদিনৰ বাবে হেৰুৱাব লগা হোৱাকৈ এটা বাইক দূৰ্ঘটনা অৱশেষত টিহু দূৰ্গা পূজাত সপ্তমীৰ দিনাখন তাৰ চিনেমাখন ৰিলিজ দিয়াইছিল সি সুখী হৈছিল সিদিনা, ময়ো জীৱন এনেকুৱাই কাক ক’ত কেতিয়া লগ পোৱা যায় কোনেও ক’ব নোৱাৰে ।”

- “তেন্তে টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী চেভেজ ষ্টুডিঅ???”

(আগলৈ....)






No comments:

Post a Comment