একেবাৰেই বিশ্বাস নকৰিব,
হায়াৰ ছেকোণ্ডাৰী পৰীক্ষা দি ঘৰতেই আছো৷ ৰিজাল্টলৈও বহুত দিন বাকী৷ কৰিব লগীয়া বিশেষ কামো নাছিল৷ লগৰবোৰে পৰীক্ষা দি উঠিয়েই ডাঙৰ ডাঙৰ স্ক্ৰীণৰ মোবাইল লৈ ক্ৰিকেট ফিল্ডত তহল দিয়া আৰম্ভ কৰিলেই৷ মাজে মাজে ফোনত কথা পাতিও বাহাদুৰি মাৰিব পৰা হ'ল৷ ক'ৰবালৈ গলেও ফোনৰ লেঠাত বহু সময় যায়৷ ইংগিতেৰে বুজাই দিয়ে ইকনমিক্সৰ পৰীক্ষাৰ দিনা যে কথা পাতিছিলো, মৰতীজনীৰ বাপেকৰ মোবাইলত ঘিলৌ মিলৌ চলোৱাৰ৷ সেই মুহূৰ্তত নিজকে অপদাৰ্থ যেন অনুভৱ হৈছিল৷ একেলগেই পৰীক্ষা দিলো, অথচ সি চেটেল কৰিলেই মইহে নেচেটেল হৈ থাকিলো৷
নাই, নাই৷ এই কথাই কথা নহয়৷ মোবাইল এটা যোগাৰ কৰিবই লাগিব৷ (মোবাইল যোগাৰ কৰা কাহিনী আজি নকও বাৰু) কিবাকৰি মোবাইলটো যোগাৰ কৰিলো৷ প্ৰথম দুজনৰ হাত লগা মোবাইল৷ চাৰ্জাৰেৰে চাৰ্জ নলয়৷ বেটেৰী খুলি ইলাষ্টিক মেৰিয়াই ডাইৰেক্ট বেটেৰীত চাৰ্জ লগাব লাগে৷ (পিচত জনাম)৷
যি কি নহওক৷ মোবাইল যোগাৰ হ'ল৷ এতিয়া ফোন কৰিব পৰা নং লাগে৷ নংটো নাই৷ লগৰ জনক মেনেজ কৰি কৰি কিব্বাকৈ দুটা নং গোটালো৷ দিবই নোখোজো৷ যেন তাৰ কলিজাটো বিচাৰিছো৷ কিবা এটা চুক্তি কৰি (পিচত কম) নং আনিলো৷ নাম, ঠিকনা একো নকলে৷ তথাপি নিজৰ ওপৰত সাহস ৰাখি নং ডায়েল কৰিলো৷
ফোন ৰিচিভ কৰিলে৷ গলগলীয়া মাত৷ বুকু কপি গ'ল৷ লগে লগে গলৰ নেলুডালত হেচি ধৰি মাতটো গহীনাই কথা পাতিলো৷ মাজে মাজে হিংলামিছত কথা কব নোৱাৰিলে৷ বুজি নাপাই চিধাই জীয়েকক দিলে৷ জীয়েকৰ মাত শুনিয়েই মোৰ যত চব ইন্দ্ৰিয় সক্ৰিয় হৈ গ'ল৷ উৱাঃ,,, এইজনীচোন হিষ্টৰী পৰীক্ষাৰ দিনা উজুটি খাই নখৰপৰা তেজ ওলোৱাজনী দেখোন৷ যি কি নহওক৷ নখৰ কথা সুধিলো৷ ভাল পোৱা বুলি কলে৷
তাৰ পিছত ইলু মিলু দিব ধৰিলো৷ মোৰ ঠিকনাও কলো৷
মই ভী খুচ৷ তাই ভী খুচ৷ মোবাইল ভী খুচ৷
(প্ৰথম দিনৰ সমাপ্তি)
No comments:
Post a Comment