Tuesday, 24 July 2018

প্ৰথম ম'বাইল আৰু মই -(ৰূপম নাথ) ২য়

কিবাকিবিকৈ মেনেজ কৰি ৰিচাৰ্জ এখন যোগাৰ কৰা দিনৰ কথা৷ নতুনকৈ ফোনত বাৰ্তালাপ হব পৰাকৈ নংবোৰ গোট খোৱালৰ পিছত ৰিচাৰ্জৰ সমস্যাটোই মূৰ দাঙি উঠিছিল৷ তথাপি ৭ নং হাৱাই চেণ্ডেলেৰে চাইকেলৰ পেডেলত ভৰি তুলি ৰিচাৰ্জখন যিকোনো প্ৰকাৰেই গোটাই লওৱেই৷

আন এদিনাখনৰ কথা৷ সেইদিনা আমাৰ ঘৰত কোনো নাছিল৷ ওচৰৰ বিয়া এখনত গোটেইবোৰ আছিল৷ গাৱত বিয়া বাৰু হলেই এটাই মোৰ হেভী দুখ, দুপৰীয়া সোনকালে ভাতগাল খাই ঘৰ ৰখিব লগীয়া৷ ঘণ্টা, টেমা গৰম হৈ যায়৷ একোডাল দেখিবই নাপাও পিছবেলাৰ সময়খিনি (বহু কথা, পিছত লিখিম)৷

সেইদিনা বিয়াৰ ভোজ-ভাত খাই ঘৰৰখীয়াৰ দায়িত্বত ন্যস্ত হলো৷ নতুনকৈ সংযোগ ঘটা মৰতীজনীৰ লগত কথা পতাৰ এইয়াই সুযোগ৷ নং ডায়েল কৰিলো৷ প্ৰথমবাৰ ৰিং হৈ কাট খাই গ'ল৷ ধপ্ ধপনি বাঢ়িবলৈ ধৰিলে৷ কালি পিঠি ফালি দিয়া নাইটো!!

তামোলৰ বস্তিখনত এপাক ঘূৰিলো৷ ঘৰৰখীয়াৰ দায়িত্বত থকা মানুহ৷ হেৰফেৰ হলেই কৈফিয়ৎ দিব লাগিব৷

অলপ সাহস গোটাই আকৌ এবাৰ ডায়েল কৰিলো৷ নাই ৰিচিভ নকৰিলে৷ মই চিয়ৰ,,,,, পিঠি ফলাটো খাটাং৷

ধিক্কাৰ ওপজিল৷ এদিনতেই চেলটেপ হবই লাগেনে !

মোবাইলটো একাষৰীয়া পেলাই থলো৷ কি কৰিম উৱাদিহ পোৱা নাই৷ সিহতৰ পদুলিত গৈ হুংকাৰ দি থৈ আহিম নেকি উৎপলক লৈ গৈ৷ উৎপলৰ মাতটো বৰ গলগলীয়া৷

অলপ সময় পাৰ হ'ল৷ হঠাৎ মোবাইলৰ স্ক্ৰীনখন উজলি উঠিল৷ বৰ বেছি গুৰুত্ব নিদিলো৷ তেতিয়া এনেও,এয়াৰছেলৰপৰা দিনটোত কুৰিটামান মেছেজ দিয়েই থাকে৷ এনেই টেমা গৰম হৈ আছে৷ ঘণ্টা মেছেজ চোৱাৰ মন নাই৷ মেছেজটো এফলীয়াকৈ থৈ আকৌ উৎপলৰ কথা ভাবিলো৷ তাক লগ কৰিবই লাগিছিল৷ পিছে ঘৰৰখীয়াৰ চাৰ্জটো কাক দি থৈ যাও, তাকেহে ভাবি পোৱা নাই৷ চিন্তাত দুইভুৱন দেখি আছো৷ ঘৰৰ চাৰ্জ দিব পৰা মানুহ এজন আৰু সিহতৰ পদুলিটো৷ অলপ পিছত আকৌ মেছেজৰ সংকেত শুনিলো৷  মেছেজৰ চিহ্নটো জপিয়াই আছে৷ এইবাৰ সময় বিলম্ব নকৰি মেছেজ বক্স খুলিলো৷ আৰে,,,,,,,,,,,পাগ্লীৰ মেছেজ দেখোন৷

তাইঃ osrt dta ase
(মোৰ ৰিপ্লাই পোৱা নাই)
আকৌ
beya pala neki o.....

(মই বোলো৷ হেৰেই৷ মানুহ হাৰ্টত এটেক কৰোৱা কিয়)
মইঃ free hle kba.......
তাইঃ  hbo
মইঃ thank u
(you have insufficient ballance. You can not send SMS)

ঘৰৰখীয়াৰ অপেক্ষাত দিতীয় দিনৰ সমাপ্তি...

No comments:

Post a Comment